Wednesday 25 September 2013

“মহিষাসুৰৰ সংবাদ’’...... দূৰ্গা পূজাৰ স্পেচিয়েল ব্যঙ্গ ৰচনা)


“মহিষাসুৰৰ সংবাদ’’ 
দূৰ্গা পূজা মণ্ডপত ৰাতি শুই থকা বিশ্ব দেউৱে সৰুপানী চুবলৈ গৈ ঘূৰি আহি দেখে মণ্ডপত মহিষাসুৰ দেখোন নাই । চকুদুটা ভালদৰে মোহাৰি চাই দেখে হয়তো, এইয়া কি হ’ল ? পূজা কমিটিৰ ল’ৰা কেইটাই পানীৰ লগত কিবা মিহলাই দিয়া নাছিলটো ? পেটে পেটে অলপ ভয়ও খাইছিল পিছে যিমান বোৰ ভগৱানৰ নাম দেউৱে জানে সকলোৰে নাম লৈ ইফালে সিফালে মহিষাসুৰক বিচাৰিব লাগিল । এনেতে দেখিলে খালি গা, হাফপেন্ট পিন্ধি মহিষাসুৰ দেউৰ আগত হাজিৰ । ভাগ্য ভাল দেউৱে অলপ আগত সৰুপানি চুই আহিছিল, ন’হলেতো ??? দেউৱে কিবা কোৱাৰ আগতেই মহিষাসুৰে মাত ল’গালে “বোলে দেউ ভয় নাখাবা” । মই তোমালোকে ভবাৰ দৰে ইমান বেয়া নহয় । দেৱতা বোৰৰ লগত মোৰ অলপ মতানৈক্য আছে সেইবোৰ আমাৰ পাৰ্চনেল প্ৰ’ব্লেম । আৰু মতানৈক্য ক’ত নাই দিছপুৰতো আছে, আমাৰ স্বৰ্গতো আছে । এইবোৰ কন্টিনোৱাছ প্ৰছেচ । মই সেই বুলি কাকো বেয়া বুলি কোৱা নাই, ডেট ইচ অলচ’ ইম্পৰটেন্ট মেটাৰ । মানুহক আমি ইমান বেয়া নাপাঁও, বিশেষকৈ কলি যুগৰ মানুহক আৰু তাতে আচামৰ মানুহক । ফুল দেউৱে এইবাৰ সঁচাকে কনফিউছড হৈ গ’ল । এনেকুৱা ডাইলগটো আমাৰ চাৰেহে কয় । কিবা সুধাৰ আগতেই মহিষাসুৰে ক’লে হাঃ হাঃ হাঃ দেউ তুমি মোৰ কথাবোৰ শুনি আচৰিত হৈছা, নহয় জানো ? যোৱা ১০-১২ বছৰে অসমত আহি কেৱল ডাইলগেই শুনি আছো, এইবোৰ শুনি শুনি এতিয়াটো মোৰো কথা বতৰা সলনিয়েই হৈ গৈছে । এইবাৰ দেউৰ অলপ মনতো পাতল পাতল লাগিল । তোমালোকৰ চাৰক মেডামে ভাল পায় আৰু মোক আমাৰ দূৰ্গা মেডামে । ন’হলেনো মেডামে প্ৰত্যেক বাৰ মোক লগত লৈ আহেনে ? আচলতে আমাৰ মাজত এটা আন্দাৰষ্টেণ্ডিং আছে । তেঁও ভালদৰে জানে যে মোক প্ৰদৰ্শন নকৰিলে আপোনালোকে তেখেতৰ শক্তিৰ ওপৰত সন্দেহ কৰিব । আৰু এটা কথা আপোনালোকে নাজানে মেডামে মোক কেতিয়াও বেয়া নাপায় । তেঁও আনক দেখুৱাই হে ত্ৰিশুল পাত দি মোক অকণ মান আঘাত কৰে,কিন্তু মই দেখোন দা জোকাৰি ৰখিয়ে থাকো ? আৰু ৰাইজে পূজা কৰোতেও ফুল-তুলসী মেডামৰ গাত নপৰি মোৰ গাত হে পৰে, তুলসীৰ লগতে কলপতুৱাৰো মুক্তি দৰে । হাঃ হাঃ হাঃ এতিয়া আপুনিয়েই কওকচোন মইনো মৰো কি দৰে ? আপোনালোকেই চোন মোক জীয়াই ৰাখিছে । আৰু এটা কথা লক্ষ্য কৰিব আমাৰ মাজতো বিসম্বাদী বহুত আছে । মেডাম আৰু মোৰ বাহিৰে বাকী সকলক বিশ্বাসত ল’ব নোৱাৰি কিয়নো আমাৰ লগত তেওঁলোক থাকিও বিনা কাৰণত নিজৰ নিজৰ পূজাভাগ লবলৈ লক্ষ্মী, সৰস্বতী, গনেশ, কাৰ্তিক সকলোৱে অকলে অকলে আকৌ মৰ্ত্যলৈ আহে । তেঁওলোকক বিসম্বাদী নকৈ কি ক’ম দেউ আপুনিয়ে কওকচোন ? আমাৰ গনেশ ইমানেই খকুৱা যে কেইদিন মান আগত বুণ্ডিয়া লাডু এগালমান খাই গৈ আকৌ মাকক কয় “ নাই মা মই আকৌ যাম প্লিজ, প্লিজ, প্লিজ মোৰ হেল্থটো চোৱা, ভালদৰে খাবলৈকে পোৱা নাই” । লক্ষ্মীৰ টো কথাই নকও, পূজাৰ এমাহ হ’বলৈকে নাপাই আকৌ অকলশৰে আহে । আৰু সৰস্বতীটো এখোপ চ’ৰা, কণ কণ লৰা-ছোৱালীবোৰৰ মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰি পৰীক্ষাৰ আগত ভয় দেখুৱাই পূজা এভাগ দকচি খাই যায়হি । কাৰ্টিকৰ কথা নকও, ধূনীয়া ল’ৰা, এনাৰজেতিক ল’ৰা, এনেও বেচেৰাক কোনেও বেলেগে পূজা পাতল নিদিয়ে, গতিকে এই চেগতে মেডামৰ লগতে অলপ চাল(দেহ-ৰূপ) দিবলৈ আহে, সেয়ে বেয়া নাপাও। কিন্তু কি ক’ম দুখৰ কথা পূজা খাই মেলি যেতিয়া আমাক ভাষানত লৈ যায় তেতিয়া জীৱটো কেলধোপ কেলধোপ কৰি থাকে । ঠিক ৰাজনীতিত নিৰ্বাচনৰ কাউন্টিংত হোৱা অবস্থাৰ দৰে । ৰাইজে কোনে কাক কেতিয়া কেনেকৈ ভাষানত বিসৰ্জন দিয়ে বা মোৰ লেঙুটিখন টান মাৰি দিয়ে সেয়া ভাবি ভয়েই লাগে । ইমানপৰে মহিষাসুৰে বহু কথাই কলে । আমাৰ বিশ্ব দেউৱে কিবা এটা সুধিম বুলি ভাবি ৰৈ গ’ল, মহিষাসুৰক কি বুলি সম্বোধন কৰিব ভাবিকে নাপালে । প্ৰভু বুলি মাতিলেও লাগিব দেৱতাৰ জগৰ আৰু অসুৰ বুলি কলেও যদি জাঙুৰ খাই উঠে ? সেয়ে বহু ভাৱি চাৰ বুলিয়ে মাতি দিলে, এনেও চাৰ বুলি মাতিলে সকলোৱেই ভাল পায় । ফুল দেউৱে বোলে চাৰ আপুনি এইদৰে হঠাৎ মোৰ আগত প্ৰকত হ’ল যে ? মহিষাসুৰে বোলে ন’হম কিয় হে ? এম এল এ, মিনিষ্টাৰে যদি হ’কে বিহকে সকলোতে বিনা কাৰণত প্ৰকত হৈ থাকিব পাৰে আমি কিয় নোৱাৰিমহে ? আৰু তোমালোকে আজিকালি আমাতকৈ তেঁওলোককহে বেছি গুৰুত্ব দিয়া । নিজে পূজা দিব নাহি লাইভ টিভিতে পূজা কৰা, পূজাৰ ৰিল কাটি কাটি পূজা দিয়া, তাৰ প্ৰতিবাদ কৰিবলৈকে মই প্ৰকট হৈছো । লাগিলে মই আন্দোলন কৰিম, তোমালোকেহে আন্দোলন কৰিব জানা নেকি ? ফুল দেউৱে বোলে হয় চাৰ আপোনালোকৰ লীলা অপাৰ পিছে দেৱতা অসুৰৰ যুদ্ধত আমাৰ নৰমনিচ বোৰৰহে বৰ বেয়া অবস্থা হয় । মহিষাসুৰে বোলে বহু হ’ল আজিলৈ এৰিছো, কোন সময়ত নিউজ চেনেলৰ মানুহ আহি যায় ঠিক নাই, ন’হলে কালিলৈ আমাৰ পূজা এৰি সকলোৱে ব্ৰেকিং নিউজ চাইহে থাকিব, দেউ তুমিও যোৱা সাউতকৈ গাটো তিঁয়াই আহি পূজাত বহা ।মইও মেডামৰ ওচৰলৈ যাঁও । ফুল দেউৱে সেৱা এটা ল’বলৈ খোজোতেই জানো কি হ’ল ইলেক্চনত জয়হৈ এম এল এ, এম পি অন্তৰ্ধ্যান হোৱাৰ দৰে মহিষাসুৰ অদৃশ্য হৈ গ’ল । এনেতে গাঁত পানী পৰাত বিশ্বদেউ জপিয়াই উঠিল, সমুখত দেখে পানীৰ ঘতিটো লৈ এচিষ্টেন্ট সেন দেউ । আমাৰ বিশ্ব দেউৱে দেৱীলৈ প্ৰণাম এটি জনাই সেন দেউক ক’বলৈ লাগিল, জানা সেনদেউ আজি চিলমিলকৈ টোপনিটো আহিছিলহে এনেতে দেখিলো মহিষাসুৰ….. ( এই লিখনি হাস্যৰসৰ বাবেহে, কাৰো ধৰ্মীয় আস্থাক আঘাত দিয়া বা কোনো ব্যক্তিৰ লগত প্ৰতক্ষ বা পৰোক্ষ ভাবে জড়িত নহয়-- লেখক)

No comments:

Post a Comment