Tuesday 17 September 2013

ছাত্ৰ জীৱনৰ পৰীক্ষা সম্বন্ধীয় কেইটামান চালুকীয়া নীতি (হাস্য ব্যংগ)



আচৰিত নহ’ব, দুই এজনৰ হয়তো এইবোৰ অভিজ্ঞতা আছেই,  বা আনে কোৱা মনত পৰিবই কথাবোৰ....

১. পৰীক্ষাৰ বাবে কিবা প্ৰশ্ন পঢ়ি থকাৰ সময়ত যদি হাঁচি আহে বা জেঠিয়ে টিক টিক কৰে প্ৰশ্নটোত টিক চিন মাৰি থোৱা হয়, (পৰীক্ষাত প্ৰশ্নটো অহাৰ সম্ভাৱনা থকা বুলি)!

২. পৰীক্ষাৰ বাবে ঘৰৰ পৰা ওলাই যোৱা সময়ত ডিম বা আলুগুটি খোৱা নাযায় । ফলাফলত ডিম বা আলু পোৱাৰ ভয়ত!

৩. ৰিজাল্ট দিয়াৰ কেইদিন মান আগত এটা সপোন দেখা হয় য’ত ৰিজাল্ট লিষ্টত নিজৰ নামটো দেখা পোৱা নাযায় আৰু সপোনতে খুব কন্দা-কটা হয় । সাৰ পায় উঠি সপোন বুলি গম পায় ভাল লাগে। ঘৰত কয় সপোনত হেনো কন্দা দেখাটো ভাল !

৪. পৰীক্ষালৈ প্ৰয়োজনতকৈ অধিক কলম লৈ যোৱা হয়, যি খিনি কলমৰে হয়তো গোটেই কেইটা বিষয়ৰ পৰীক্ষা চলি যোৱাৰ উপৰিও পিছৰ পৰীক্ষাটোও চলিবহে!

৫. “তইটো ফালি দিছ’, “ভবা মতে হোৱা নাই”, “ভবা মতে নহ’ল", "এটাও কমন নাহিল" আদি বন্ধুবৰ্গৰ ৰেডিমেড ডাইল’গ!

৬. “পৰীক্ষালৈ বেছি দিন নাই”, “পৰীক্ষাৰ নম্বৰেহে ক’ব কিমান পঢ়িছ”, “এতিয়াৰ পৰা খেলা ধূলা বন্ধ পৰীক্ষা শেষ নোহোৱালৈকে”, অভিভাৱকৰ কমন ডাইল’গ ।

৭. ঘৰত পৰীক্ষা কেনেকুৱা হ’ল সুধিলে কোৱা হয়, পূৰা লিখি আহিছো, এটা ভুল হ’ব পাৰে, পিছে বহীত এটাতকৈ বেছি ভুল ওলা্য় কথা বোৰ খেলি মেলি লগাই দিয়ে ।

৮. ছমহীয়া পৰীক্ষাৰ বহীবোৰ হাততলৈ চাৰ-বাইদেউ সকল যেতিয়া শ্ৰেণী কোঠাৰ অভিমুখে আহি থাকে হৃদযন্ত্ৰ নামৰ মেচিনটোৰ শব্দই ভয়ংকৰ ৰুপ ধাৰণ কৰে ।

৯. শেষৰ পৰীক্ষা সাধাৰণতে ইংৰাজী বা অসমীয়া থাকে, গণিত, বিজ্ঞান, সমাজবিদ্যা পৰীক্ষা পাৰ হৈ যোৱা মানে পৰীক্ষা শেষ হোৱা যেনেই লাগে

১০. “মই জানিছিলোৱেই এইটো খাটাং আহিব, কিয় যে নপঢ়িলো” পৰীক্ষা হলৰ বাহিৰত ওলায়ে প্ৰথম প্ৰতিক্ৰিয়া ।

১১. ছমহীয়া পৰীক্ষাতকৈ বছৰেকীয়া পৰীক্ষাটোৱে ভাল লাগে কাৰণ, ছমহীয়া পৰীক্ষাত বহী ঘুৰাই দিয়াৰ সময়ত প্ৰতিটো ভুল উত্তৰৰ প্ৰতি গাইমূৰি ২ বা ৩ বেত খোৱাৰ সম্ভাবনা বেছিকৈ থাকে ।

১১. “আনে বুলে সৰস্বতী আমি বুলো আই, যি খিনি পাহৰিছো দিবা শুধৰায়” ।
মনদি পঢ়িলেও নপঢ়িলেও পঢ়ি উঠি সৰস্বতী আইক তেল মৰাটো এটা ধৰা বন্ধা নিয়ম!

আপোনাৰ জীৱনটো এই নীতিবোৰ মানি পাইছেনে?

No comments:

Post a Comment