::টক টক টক
শব্দৰ অনুসৰন কৰি দুৱাৰ খনৰ দিশত আগবঢি গ’লো ।
::অৰিন্দম গোস্বামী?
::হয় ময়েই ।
পিয়নজনে পাৰ্চেল এটা হাতত তুলি দিলে ।ডাকঘৰৰ কাগজখনত চহী কৰি পিয়নজনক বিদায় দিলো । পাৰ্চেলটো খুলি চাবলৈ মন ন’গল ।পাৰ্চেলৰ ওপৰত চিলংৰ মোহৰটো আৰু আইতাৰ চহী দেখিয়েই গম পালো আইতাই পঠাইছে মোৰ জন্ম দিনৰ উপহাৰ ।মই পাহৰাই ৰাখিব খোজা এটা সত্যক প্ৰতি বছৰে এই পাৰ্চেলবোৰে পূনৰ মনত পেলাই মোক আঘাট হানে ।মোৰ মতে পৃথিৱীৰ প্ৰতিজন সন্তান যাৰ জন্মই মাতৃৰ মৃত্যুৰ কাৰন হৈ পৰে, তেনে সন্তানৰ বাবে জন্মদিনটো হয়তো হৈ পৰে এক জীৱন্ত অভিশাপ, যাক শিৰোগত কৰি মই জীৱনৰ একৈশটা বছৰ অতিবাহিত কৰিছো ।দেউতাকো সৰুতেই হেৰুৱাইছো ।আইতাৰ পৰা হৃদয়ৰ আকুলতা ভৰা মৰম বিছাৰো যদিও আজি পৰ্য্যন্ত নাপালো ।সৌজ্যন্যতা সূচক চিঠি পত্ৰ, কৃটিমতা ভৰা উপহাৰ আৰু মোৰ দৈনন্দিন প্ৰয়োজনীয় তালিকাখন পূৰণ কৰাৰ বাহিৰে আইতাৰ লগত বিশেষ একো সম্বন্ধ নাই বুলিয়ে ক’ব পাৰি ।
চিগেৰেট এটা জ্বলাই ল’লো । চিগেৰেটৰ কুন্ডলী পকোৱা ধুঁৱাৰ মাজত মই প্ৰায়ে বিচাৰি ফুৰো জীৱনৰ বিবৰ্ণময় সময় বোৰৰ সতেজ মাদকতা। সেয়েহে নিসঙ্গ মূহুৰ্তবোৰত সিয়েই মোৰ চিৰ সঙ্গী । খলাবমাত বৰষুণৰ পানী জমা হোৱাৰ দৰে মোৰ জীৱনৰ ঘাত প্ৰতিঘাতৰ খলা বমা বোৰতো কেবল জমা হ’ল দুসময়ৰ স্মৃতি ।সুখ আৰু আনন্দই জীবনৰ প্ৰতিটো মুহুৰ্ত উশৃংখলতাৰে যিমানেই প্লাবিত কৰি নাৰাখক কিয় এনেকুৱা কিছুমান মুহৰর্ত নামে, গোট মাৰি বৰফ হৈ যোৱা স্বপ্নও গলি গলি বিষন্নতাৰ টোপালহৈ ওলায় আহিব খোজে হৃদয়ৰ পৰা ।আৰু তেনে মুহুৰ্ত বোৰত মই প্ৰয়োজন অনুভৱ কৰো এজন বিশেষ বন্ধুৰ উপস্হিতি । গণিতৰ দিশত চাবলৈ গ’লে আমাৰ দুয়োৰে বয়সৰ যথেষ্ঠ পাৰ্থক্য থাকিলেও দুয়োৰে নিসংগতাৰ সমীকৰনটোৱে আমাক দুয়ো দুয়োৰ কাষ চপাই আনে । অকনো সময় অনিষ্ট নকৰি খোজ দিলো সেই বন্ধুৰ গৃহাভিমুখে ।পদুলীৰ পৰা পিৰালিকে ক্ৰমান্বয়ে বাঢি আহিল ভিতৰৰ পৰা ভাঁহি অহা পিয়ানোৰ সুৰ এটি ।তেখেতক বজোৱাত অকনো অসুবিধা নকৰি মেলি থোৱা দুৱাৰ খনৰে ভিতৰত প্ৰবেশ কৰিলো ।
বহা অৰিন্দম, মনত ভাব হৈছিল তুমি আহিবা বুলি সেয়ে দুৱাৰ খন খুলি ৰাখিছিলো । জানানে এই গীতটি মোৰ ল’ৰাটোৰ জন্ম দিনত বজাও মই ।
::আপোনাৰ ল’ৰা ?পিচে আপুনিযে অবিবাহিত ।
::ঠিকেই কৈছা । পিচে মোৰ এটা পূত্ৰ সন্তান নথকাও নহয় ।
::কিন্তু কোনোদিনে এই কথা আপুনি মোক অবগত কৰা নাচিল । প্ৰতিটো কাৰ্য্যৰ একোটা সময় নিদিষ্ট থাকে । ধৰি লোৱা তোমাক নজনোৱাৰ অন্তৰালতো সময়ে জড়িত ।বুজিবলৈ কঠিন হৈছে নহয়নে? ৰ’বা, অলপ আগৰ পৰা আৰম্ভ কৰো ।মোৰ কলেজীয়া জীৱনৰ পৰাই আৰম্ভ কৰিলে কেনে হয়? আজিৰ পৰা প্ৰায় পচিঁশ বছৰ আগত অগতানুগতিক ভাবে মোৰ জীৱনত আগমন হৈছিল কুঁৱলীৰ অৰ্থাৎ কুহেলিকা গোস্বামীৰ । পিচে কুহেলিকা গোস্বামী আৰু প্ৰশান্ত দাসৰ নামৰ মাজত থকা সেই সাংঘাটিক অমিলটোৰ বাবে আমি নতশিৰ কৰিছিলো সমাজৰ নিষ্ঠুৰতাৰ ওচৰত ।অনিচ্ছা স্বত্তেও মৃত্যুমুখী বিধবা মাকৰ শেষ ইচ্ছাক শিৰোগত কৰি তেঁও বিয়া হৈছিল উপাধীৰ মিল থকা এজনৰ ওচৰত । পিচে নিয়তিৰ নিষ্ঠুৰ পৰিহাস, স্বামিক অকালতে হেৰুৱাৰ দুখ মাৰ নৌ যাওতেই লাঞ্চিতা হৈ স্বামী গৃহ ত্যাগ কৰিছিল তাই ।অতি নাটকীয় ভাবে শেষৰ বাৰৰ বাবে মই কুঁৱলীক লগ পাইছিলো মোৰ চিকিৎসালয়ত ।এক নৱজাতকক মোৰ হাতত তুলি দি মৃত্যুমুখি কুঁৱলীয়ে শেষ প্ৰতিশ্ৰুতি বিচাৰিছিল মোৰ পৰা যাতে মোৰ সন্তানৰ দৰে এই সন্তানটিক প্ৰতিপালন কৰো ।কুঁৱলীৰ শেষ ইচ্ছাক হৃদয়ে সন্মতি দিছিল, ভবাও ন’হল অবিবাহিত মই সন্তানটিক কি দৰে প্ৰতিপালন কৰিম ? পিচে মোৰ মৰমৰ আবেষ্টনীত সন্তানটিয়ে দুবছৰ অতিক্ৰম কৰিছিল ।পিচে হঠাৎ এদিন মোৰ হাতত পৰিছিল এখন চমন ‘ লোকৰ সন্তানক পৰিয়ালৰ পৰা বঞ্চিত কৰি অবৈধ্য ভাবে ৰখাৰ অজুহাতত পৰিয়ালৰ লোকে আদালতত মোকৰ্দমা ৰুজু কৰিছিল ।দ্বিতীয় বাৰৰ বাবে কুঁৱলী আৰু মই হাৰ মানিব লগা হৈছিল সমাজ ব্যবস্হাৰ ওচৰত ।প্ৰাপ্তবয়স্ক নোহোৱা প্রৰ্য্যন্ত সন্তানটিৰ পৰা আতৰি থকাৰ আদালতৰ নিৰ্দেশত সাক্ষ্যৰ কৰি আইতাকৰ হাতত তুলি দিছিলো সন্তানটি ।সকলোৰে অগোছৰে পিচে মই কুঁৱলীৰ শেষ বাক্য মই ৰক্ষা কৰি আহিছো ।অৰিন্দম এতিয়া যদি মই কঁও ভুলবশত হলেও এদিন ঠুনুক ঠানাক মাতেৰে তুমি দেউতা বুলি সম্বোধন কৰা মইয়ে সেই মানুহজন বিশ্বাস কৰিবানে ?
বিশ্বাস আৰু অবিশ্বাসৰ আলি দোমোজাত দাদ্যুল্যমান মোৰ দুহাতত তেঁও তুলি দিছিল আদালতৰ এখন চমন য’ত আইতাৰ হস্তাক্ষৰটো তেতিয়াও জিলিকি আছিল স্পষ্টভাবে...................

No comments:
Post a Comment