Thursday 26 September 2013

পিকচাৰ অভি বাকি হে মেৰে দোষ্ট...........(ব্যংগ ৰচনা)


পেলেক চন বৰি, অৰ্থাৎ পুলক চন্দ্ৰ বৰা, আমি মৰমতে পেলেক বুলি মাতো । তাৰো এটা কাহিনী আছে, ক্লাচ ফাইভত পঢি থাকোতে ইংৰাজি শিক্ষক সোমেন্দ্র শৰ্মা চাৰে বৰ্ডত পুলকৰ নামটো লিখিব দিছিল । ভয়ত কঁপা কঁপা হাতেৰে ইংৰাজি ভাৱেল বোৰ আগ পিছ কৰি সি যি লিখিলে সেইটো নামৰেই পুলক চন্দ্ৰ বৰা বিখ্যাত হৈ পৰিল “পেলেক চন বৰি” হিচাপে । সি অবশ্যে বেয়া নাপায়, তাৰ মতে নামটো হেনো হলিউদ চিনেমাৰ ডাইৰেক্টৰৰ লগত মিল আছে ।যি কি নহ’ওক কিয় পেলেকে হিন্দী চিনেমাৰ দৰে অসমীয়া চিনেমা এখন বনাবলৈ যো যা কৰিছে । তাৰ বাবে ৯০ৰ দশকৰ হিন্দী চিনেমাৰ ওপৰত এক গভীৰ ৰিচাৰ্ছ কৰি তলত উল্লেখ কৰা সিদ্ধান্ত সমুহত উপনিত হৈছে ।
১।
হিন্দী চিনেমাৰ নায়ক বি পি এল কাৰ্ডৰ সদস্য আৰু মাকে চিলাই মেছিন চলাই হিৰো’ক ডাঙৰ-দীঘল কৰে ।মাজে মাজে দেউতাকৰ ফুলৰ মালা আৰি থোৱা ফটো খন দেখুৱাই দি দৰ্শকৰ পৰা আৰু সহানুভুতি আদা্য  কৰে ।
২।
নায়ক-নায়িকা জনশূন্য পথেৰে ৰাতি অকলে আহি আছে যদি, সাবধান বিজুলী ধেৰেকণিৰে প্ৰচন্ড বৰষুণ অহাৰ সম্ভাবনা আছে ।
৩।
দুটা ফুল বতাহত গাত গা লাগি হালি আছে যদি, আপুনি যি বুজিছে, শুদ্ধই বুজিছে ।
৪।
প্ৰতি গৰাকী নায়ক-নায়িকাৰ সংগীতৰ ডিগ্ৰী লোৱা থাকে, যাৰ বাবে সকলো চিনেমাতেই গান গাব পাৰে। গানৰ সুৰ আৰম্ভ হ’ল মানে আপুনি গম পাব তেঁওলোক এতিয়া নদীৰ পাৰলৈ দৌৰ মাৰিব ।
৫।
চিনেমাত দুই এটা গীতে দৰ্শকক বাহিৰত গৈ চিগেৰেট হুঁপাৰ সুবিধা প্ৰদান কৰে ।
৬।
নায়কৰ ভায়েক আছে মানে খাটাং হয় সি ভিলেইনৰ লগ লাগিব ন’হলে চিনেমাৰ আধাতে মৰিব ।ভনিয়েক আছে যদিটো কথাই নাই হিৰোৰ মাৰ খাবলৈ ভিলেইনে এবাৰ হ’লেও কিডনেপ কৰি নি গুদামত ৰাখিবই ।
৭।
ৰামু কাকা চিনেমাৰ আটাইতকৈ বিস্বাসক্সোগ্য চৰিত্ৰ তেঁওক কেতিয়াও সন্দেহ নকৰিব।
৮।
ভিলেইনে নায়কৰ চৰ লাঠি ঘোচা খাইও মৰি যাব পিছে নায়কৰ গোটেই গা গুলিবিদ্ধ হৈ ফুটা ফুটা হৈ গ’লেও বাছি যোৱাৰ সম্ভাবনা ১০০% কনফাৰ্ম থাকে, আৰু ডাক্টৰে যদি বচাৰ ছান্স কম আছে বুলি কৈছে চিন্তা নকৰিব নায়কৰ মাকক বা প্ৰে্যসীক শিৱ মন্দিৰৰ ঘন্টা বজাবলৈ কওক, বাছি যাব ।
৯।
পুলিচ আহি পালেহি মানে ভিলেইন চেটেপ, পুলিচে আচলতে নায়কক ধন্যবাদ দিবৰ বাবেহে শেষ সময়ত আহি উপস্হিত হয় ।
১০।
ভাত খাই থকা চিন আছে যদি ১০০% কনফাৰ্ম আপুনাৰ ভূল হৈছে, আপুনি হিন্দী নহয় অসমীয়া চিনেমাহে চাই আছে ।

No comments:

Post a Comment