Wednesday 25 September 2013

সীতাৰাম ৰকচ চকীয়া বাবু চকচ (ব্যংগ ৰচনা)



কানৰ কাষৰ চুলি কেইডাল দীঘল হৈ মাইকী মানুহৰ দৰে বতাহত যেই উৰিব লাগিল, আৰু পিচ ফালৰ কেইডাল কেকুৰা হৈ ভাওনাৰ ভাৱৰিয়াৰ মুকুটৰ পিচ ফালে লাগি থকাৰ দৰে যেতিয়া উলমিবলৈ লাগিল মই বোলো নাই সীতাৰামৰ দ্বাৰা গুৰি চপায় কটোৱাই লোৱাই ভাল কথামতে কাম, গৈ বহি দিলো সীতাৰামৰ ওখ চকি খনত সীতাৰামে বোলে চকীয়াবাবু আজকলটো আপনি ফেচবুকত হিৰবনি গৈছে, দে ধনাধন কাহানি কে কাহানি লিখি আছে মই বোলো তই কেনেকৈ জানিলি ? খৈনি খিনি মুখত ভৰাই লে, হামৰা ভি একাউন্ট আছে না মই বোলো তই ফেচবুকত কি কৰ’? সি লে চকীয়াবাবু জমানা বহুত চলনি হৈ , আজকল পেপাৰ উপাৰত নিউজ পঢি কি লাভ , আগৰদিনা টিভিমে যি নিউজ দিব চেই বিলাকে পিছদিনা আকৌ পেপাৰ ভি দিব অউৰ টিভিকাটো কথাই নাই হিব, চিৰিয়েল মাফিক মুজিক দি কেনে একতা কথা চিল্লাই চিল্লাই দচ বাৰ হিব, এনকা লাগে কি টিভিৰ পৰা উলাই কিনে আহি চুলত ধৰি জকাৰি জকাৰি শুনাব, চুন চুন, আমাৰ নিউজ চুন আৰু একটা অচমীয়া নিউজ চেনেলমে যদি কহে কি শৰ্মাচাহাব ভাল আছে আন চেনেল কহিবনাই খাৰাব আছে একটা মে যদি কহে কি গগে চাহাব ভাল আছে আন চেনেল কহিবনাই খাৰাব আছে হামি কি মন্দিৰ কে ঘন্টা আছে, যিহেভি যি কহিব মানি , নিউজ দেখিলৈ ফিৰ আপনিকে ডিমাগ গাব লাগিব কি কোনটো চহি আচে আৰু কোনটো গলত, কনফিউজড হৈ যাও চকীয়া বাবু, উচচেটো আটছা  হামাৰ ফেচবুক আছে, হাটি মে ভু কম্প আহিব টো তেজপুৰ পহিচনে চে পহিলে পহিলে ফেচবুকমে স্টেটাচ পাই যাব কি ভুকম্প আগেল’,আৰু কিচকা ঘৰ মে চুড়াকৰন হে, মুণ্ডন হে চব টাজা খবৰ পাই যাও না অউৰ চুলি কে কি ডিজাইন মাৰকেটমে চলি আছে ফেচবুকমে ফটো দেখি কিনে চমজি যাও না, টেকনলজি আছে ইচটেমাল কৰিব লাগে মই বোলো বাহ দুনিয়া বাহ, বাৰু সীতাৰাম তই মোৰ কাহানি লিখা কথা কেনেকৈ জানিলি ? সি বোলে হাৰে আপনি কি মানুচ আছে ’? দু মহিনা পহিলেটো আপনিয়ে মোক ফ্ৰেন্দ ৰিকুৱেষ্ট ভেজিছিল মই ভেবা লাগি মুৰটো বেকা কৰি তাৰ ফালে চালো, সি আকৌ জোৰৰে মোৰ মুৰটো চিধা কৰি চুলি কতাত লাগিল মই বোলো  কিন্ত মোৰ কোনো সীতাৰাম বুলি বন্ধু নাই সি লে সেই কথা…. আপনি হামনিকে ধৰিবপৰা নাই, অই যে একটা ছোৱালী ফুল লৈ কিনে দিয়া ফটো আছে, “চুইট ৰিয়া”, সেইটো টো হামনিয়েই হ্য় একটা দষ্ট বনাই দিছে হামি ইমান কহিছে কি ভাই লড়কি কে ফটো কিয় দিছআৰু দিছ দিছ ভাই হামাৰ সীতাৰাম নাম দে,…. সি কহিছে কি,… অই বিহাৰি, লড়কি কে ফটো নিদিলে আৰু তোৰ সীতাৰাম নাম দিলে তোৰ মাইকি ভি তোক লাইক নাই মাৰিব, অউৰ কোনে ভি তোৰ ৱালত মুটিব ভি নাই আহিব, তেতিয়া তই চমজিভি মৰদ হৈ কিনে ফেচবুকত মাইকি বনি হামনিকে পহিলে পহিলে অলপ বেয়া ভি লাগিছিল, চব চালা মৰদ বোৰে হামাক আই লাভ ইউ হে, পৰন্ত পিছত দেখিলো বহুত আটচা আচে, হামাৰ দেচত থকা ছোতা ৱালা জোৱাই ভি এক দিন হামনিকে একাউন্টমে আই লাভ ইউ কহিছিল, দেচ গৈ কিনে কান কে নিছে বৰা বৰা দুটা দিছো নহয় চকীয়া বাবু, বোলো দহেজ মে দিয়া হাজাৰ ৰুপিয়া বাইলকে ইস্টেমাল কৰিছ’? মইও তাৰ কথা শুনি অলপ পেটে পেটে ভয় খালো অসমীয়াত কবিতা লিখি লিখি ইমানচুইট ৰিয়া টেগাই থাকো, উত্তৰ নোপোৱাৰ কাৰনটো আজিহে পালো তাৰ কেচি খন আনি তাৰেই চুলি কেইডাল কাটি দিব মন গৈছিল পিছে তাৰ আগতেই তাৰ কথা খিনিৰেই মোৰ নাকটো কটা সি মোৰ কথা কি ভাবিছে চাগৈ ? নাকটো মোহাৰি মই লো মই নহয় টোৰ ভৌজিয়ে ছোৱালী বুলি তোলৈ ৰিকুৱেস্ট পঠাইছিল চাগে আৰু তেঁওৱেই কবিতা লিখি ষ্ট কৰে মোৰ একাউন্টত সি বোলে কি কয় চকীয়া বাবু ভৌজি কবিতা উবিতা ভাল নাই পাই, হামনি জানেটো, মোৰ অউৰ একটা এচ. ৰামনাম কে মৰদৱালা  একাউন্ট আচিল পহিলে পহিলে, , ভৌজি হামাৰ ফ্রেন্ড আছিলটো, একবাৰ একটা ইংলিছ মে লিখা কবিতা লাল গোলাপ কে চাথ ভৌজিক দিছিলো, ইটনা গালি দিলে, ইটনা গালি দিলে, হামনি উচ দিন চে আজটক একাউন্ট ইস্টেমাল কৰা নাই বাদ মে কই হামনিকে লা কি উচ দিন ছোটা ছোটা বাট্চাকে কই ট্যহাৰ থা মই বোলো ভেলেন্টাইন ডে……ফেচবুকত লগত লগত এটা স্টেটাচ আপডেট কৰিলো সীতাৰাম ৰকচ চকীয়া বাবু চকচফিলিং ৰিলিফ…….. 

No comments:

Post a Comment