Thursday 26 September 2013

বিজিনেচ...... (ব্যংগ ৰচনা)

পহুমৰা চুবুৰীৰ নিৰু জেঠাইৰ ল’ৰাটো । সৰুৰে পৰা লক্ষ্য কৰি আহিছো, বৰ টেলেন্টড ল’ৰা । একেবাৰে সৰু হৈ থাকোতে ১০ টকীয়া বা ২০ টকীয়া নোট দি কোন খন লাগিব সুধিলে, বেতাই সদায় ডাঙৰ নোট খনতে হাত দিছিল, খুচুৰা পইচা দিলে কেৰাহিকৈয়ো নাচায় । আমি বৰ ৰস পাইছিলো । যেতিয়া অলপ জনাবুজা হ’ল সি ইমানেই কৰাইচ হ’ল যে সিঁহতৰ ঘৰত তাৰ ভয়ত ভিক্ষাৰিও আহিবলৈ ভয় কৰা হ’ল, জানোছো ওলোটাই কিবা দি আহিব লগিয়া হ্য় বুলি। নেওতা শিকিয়ে পঢা শুনা বাদ দিলে ।জমা খৰচৰ অংক শিকাই নহ’ল পিছে এইটোও সত্য যে “জমা খৰছৰ” অংক নিশিকিলেও তাৰ সকলো জমাৰ ঘৰতেই থাকে খৰছ হয় দেউতাকৰ বা তাৰ লগৰ কেইজনৰহে হয় ।যি কি নহওক কিয়, চকুৰেই অংক কৰি লাভৰ হিচাপ উলিয়াই লব পৰা টেটোনে আজি লৈকে কোনো “লাভ” নোহোৱা কাম কৰা নাই ।

সিদিনাখন হঠাৎ মোৰ ওচৰত আহি সি উপস্হিত। হাতত এখন চান্দাৰ বহি আৰু এখন দিঘল লিষ্ট, মই কিবা কোৱাৰ আগতেই ৫০১ টকাৰ ৰচিদ এখন হাতত গুজি দি সি ক’লে বোলে দাদা এইবাৰ গাঁওৰ পুজা ভাগৰ মই সম্পাদক ।চহৰত থকা গাঁওৰ সকলোৰে পৰা চাঁন্দা উঠাব আহিছো ।মই বোলো তই ৰাজহুৱা কামত ধৰিলি যে, কিবা প্ৰফিট হয় জানো তোৰ? সেমেনা সেমেনিকৈ সি ক’লে বোলে অলপ চলপ হয় আৰু । যোৱা বাৰ বিহুত চেকেন্ডহেন বাইক এখন ল’লো । মই বোলো সুন্দৰ ।তাৰ কথাৰ পৰা যি বুজিলো গোটেই বছৰটো সি “চাইড বিজিনেচ” ত লাগি থাকে ।March-April ত “বিহু মেলা”, May-june লৈকে “বহাগী বিদায়”, July-August “অফ চিজন”, September-October “বিশ্বকৰ্মা-দূৰ্গা পূজা” November December” “কালি পূজা, মাঘৰ বিহু” January February “স্বৰস্বতি পূজা”, তাৰ মাজতেই ডেন্চ কম্পিদিছন, নানা প্ৰকাৰৰ দিবস উৎযাপন সমুহটো আছেই । মুঠতে ক’বলৈ গ’লে চাইড বিজিনেছ জিন্দাবাদ ।

সুবিধা পাই মই সুধিলো বোলো মানুহবোৰে দান-বৰঙণি থিকে থাকে দিয়ে জানো? সি বোলে দাদা আইডিয়া লাগিব ।ধৰক, কোনোবা এজনক বিহুৰ কিবা এটা অনুষ্ঠানত সভাপতি পাতি দিলো হাজাৰ টকীয়া চাঁন্দা পাই গ’লো, কৰবাত খুড়ী মাহি পেহী বুলি ধুনীয়াকৈ সম্বোধন এটা দি কিবা কিবি গুণ গাই দিলো, পাই গ’লো ন’হয় ২০০ ৰ পৰা ৫০০ টকীয়া চান্দা ।কাৰোবাৰ পুতেক জীয়েকৰ গুন গাই দিও, ১০০-২০০ ৰ বাবে। আৰু অন ৰ’ড কালেকচন মানে ৰাষ্টাত গাড়ি ৰখাই কৰা কালেকচন সমুহটো আছেই ।আৰু আপোনাৰ দৰে চাকৰিয়াল সমুহৰ বাবে এখন বেলেগ লিষ্টটো আমি বনায়ে ল’ও ।মই বোলো শেষত অ’ডিত কৰি জমা-খৰচৰ হিচাপ ৰাজহুৱা ক’ৰনে নাই ?সি বোলে দাদা কি কয় আপুনি, ইয়াত সদায় লোকচানৰ ঘৰতে হিচাপ দেখুৱা যায় আৰু আপোনালোকৰ দৰে জনা শুনা মানুহসকলেনো ক’ত আৰু সেইবোৰ হিচাপ ল’বলৈ যাব ?
অনিচ্ছা স্বত্বেও শেষৰ প্ৰশ্নতো কৰিলো, বোলো টেটোন, তই যে মোক সকলো গুমুৰফাঁক কৈ দিলি ইয়াৰ পাচত জানো তই মোৰ পৰা আৰু কিবা বৰঙণী পাম বুলি আশা কৰিবি? তামোলখন মুখত ভৰাই সি বোলে, দাদা আপুনি যে আকৌ দিব মই খাটাং জানো, কাৰন চাঁওকচোন বিহু, উৎসৱ-পাৰ্বন, নানা ধৰনৰ দিৱস এইবোৰ উৎযাপন কৰি জাতিটোৰ কৃষ্টিক জীয়াই ৰাখিবলৈ আৰু আগুৱাই নিবলৈ আপুনালোকৰ দৰে মানুহে জানো সময় দিয়ে, নিজৰ কাম পৰিয়ালৰ মাজতেইটো সীমাবদ্ধ থাকে, গতিকে আমাৰ দৰে মানুহে দেহা খাটি কিবা এটা কৰিলে নিশ্চয় দুটকা দি সহায় নকৰাকৈ নাথাকে । আপোনাৰো লাভ, আমাৰো লাভ আৰু কবলৈ গ’লে জাতিটোৰো লাভ ।মই মনতে বোলো থিক মই যি দেখিছো তোৰ নেক্সট “বিজিনেচ” জনসাধাৰনৰ প্ৰতিনিধি এম পি বা এম এল এই হ’ব ।

No comments:

Post a Comment