Saturday 28 September 2013

প্ৰেট পৰীক্ষা.......(ব্যঙ্গ ৰচনা)









:::::প্ৰেট পৰীক্ষা:::::


কেইদিন মানৰ 
পৰা অফিছটো তেনেই সাৰ সুৰ নোহোৱা হৈ আছে ৷ দিনৰ দিনতো চাধা মোহাৰি ,চাহ তামোল খাই পূৱা ,এঘাৰ বজাৰ পৰা তিনি বজালৈকে নাযায় নোপোৱা সময় বোৰ পাৰ কৰা শইকীয়া, দত্ত হতে পুনৰ 
নিজা টেবুলবোৰত বহি হামিয়াই হিকতিয়াই দিন পাৰ কৰিছে ৷ সঁচা কবলৈ গ'লে এই বিসম্বাদ নাইকীয়া হোৱাৰে পৰা আড্ডা বোলা বস্তুটো একেবাৰে  নজমা হৈ গ'ল ৷ 
নিউজ চেনেল কেইটাও কিবা নিৰস নিৰস লগা হ'ল ৷সচাঁকৈ কবলৈ হ' লে কিবা মজাই নাইকীয়া হ'ল ৷ কিন্তু আজি দুদিন মানৰ পৰা বজাৰ গৰম ৷ বাজেট আকৌ,  
কালান্ত কৃষ্ণ যেই নিউজত ওলাল শইকীয়াৰ মুখলৈ আকৌ পানিটোপা আহিল, হওঁক তেঁও মৰা নাই ৷ দত্তইটো কালান্ত কৃষ্ণৰ নামৰ পিছত প্ৰাক্তন মন্ত্ৰী শব্দতো দেখি এসোতা কান্দিয়েই দিলে ৷ 
যি কি নহওক আজি অফিছ গৰম ৷ পুৱাই আহি কলিতাই যি আড্ডা আৰম্ভ কৰিলে এতিয়াও চলিয়েই আছে ৷ শুনিব নেকি ?  শুনক তেনেহলে,,,,,,,
কলিতা:  আজি পুৱে কি হ'ল জানেনা দত্ত, মোৰ তিৰিটো এক দম জকি ওথছে বোলে এই খন কি ঘেন্টাৰ বাজেট বনেলাক , পূজা আহি আছে চ'লি পলিক কাপাৰ কানি দিবা লাগে , হ' সেইগলাৰ দাম বঢেছি আৰু নাছা কিয়া নেপকিনৰ দাম কমেচি, নিজেতো দাৰমাহা বঢেই ল'লাক,  আমি কি নেপকিন পিন্ধিম নেকি অ'? 

দত্তই বোলে এইখন মোৰ মুৰৰ ওপৰেদিয়েই গ'ল বুজিবই নোৱাৰিলো ৷ তামোলৰ পিক খিনি পেলাই শইকীয়াই বোলে বাদ দিয়াহে , আমাৰ আঢৈ টকীয়া মন্ত্ৰীৰ কথাষাৰ শুনিলেনে নাই? শৰ্মাই বোলে কি কথা? শইকীয়াই বোলে ই ই ই এই বাৰ আবোল তাবোল মন্ত্ৰীয়ে প্ৰেত পৰীক্ষা পাতিব ৷ “টেট” হিট হোৱাৰ পাচত চকু টিপিওৱা মন্ত্ৰীয়ে ইয়ং চাৰক তেনে এক পৰীক্ষাৰ দ্বাৰা মন্ত্ৰীৰ টিকটৰ বাবে “প্ৰেট পৰীক্ষা” অনুষ্ঠিত কৰাৰ
পৰামৰ্শ দিছে ৷
“প্ৰেট পৰীক্ষা” অৰ্থাৎ “পাব্লিক ৰিপ্ৰেজেন্টেটিভ ইলিজিবিলিটি টেষ্ট”। আগতে ক’তো কাহানিও নোহোৱা নোপোজা কাম কৰি মানুহৰ চকু কপালত উথাব পৰা শক্তি থকা গৈ গৈ চাৰৰ এনে প্রদক্ষেপক  
দুই এক বুঢা বিধায়কে চকু টিপিয়াই সমৰ্থনো কৰিছে ৷
“প্ৰেট পৰীক্ষা”ৰ বাবে অন-লাইন প্ৰ-পত্ৰৰ অচিৰেই বিজ্ঞাপন প্ৰকাশ কৰা হ’ব।পৰিক্ষাত বহিবৰ বাবে বয়সৰ উচ্চতম সীমা নাই যদিও নিম্নতম সীমা বিসম্বাদী সকলৰ বয়সতকৈ অধিক কৰাৰ  
সম্ভাবনা আছে বুলি দিচপুৰত চৰাই উৰাৰ আগতে কনী  উৰাৰ খবৰ পোৱা গৈছে ৷ বয়সৰ উচ্চতম সীমা নিৰ্দ্ধাৰন নকৰাৰ কাৰন হিচাপে যুক্তি দৰ্শাই আঢৈ টকিয়া মন্ত্ৰীয়ে কয় যে ভাৰত বৰ্ষৰ দৰে এখন দেশত দুই-এজনক বাদ দি স্বাধিনতাৰ পিছৰে পৰা আজিলৈকে যিহেতু এজনো ডেকা প্ৰধান মন্ত্ৰী নোলাল, তাৰ অৰ্থ এয়ে যে তীৰ্থ ভ্ৰমন কৰাৰ বয়সত আৰু কথা পাহৰি যোৱা বয়সত  হে মানুহ নেতাৰ যোগ্য হয় ।

শিক্ষাগত অৰ্হতাৰ কোনো প্ৰয়োজন নাই যদিও পি…এ..ই লিখি দিয়া কাগজত চহী কৰিব পৰা সামৰ্থ থাকিব লাগিব । 

প্ৰেট পৰীক্ষাৰ ২০০ নম্বৰৰ দুখন প্ৰশ্ন কাকত থাকিব আৰু উত্তৰ বহীত নিদিষ্ট প্ৰশ্নৰ বিপৰিতে থকা সৰু সৰু বাকচ বোৰত ক’লা চিয়াহীৰে গোল গোল কৰিব লাগিব । বিষয় নিৰ্দ্ধাৰন এতিয়ালৈকে হোৱা নাই যদিও সকলোৰে সুবিধালৈ চাই “চিত্ৰাংকন আৰু কৰ্ম অভিজ্ঞতাৰ” এখন প্ৰশ্ন কাকত থাকিব বুলি জানিব পৰা গৈছে ।
বিসম্বাদী সকলক ভাইভাৰ সময়ত ৰঙা চকুৰে, আৰু মনে মিলা মেনেজ কৰিব পৰাৰ অৰ্হতা থকা প্ৰাৰ্থিক চকুত ক’লা কাপোৰ বান্ধি নম্বৰ দিয়া হ’ব আৰু উৰ্তীন্ন প্ৰাৰ্থিয়ে ৫ বছৰ পৰ্য্যন্ত কোনো ধৰনৰ ব্যক্তিগত চেনেলত, প্ৰেছৰ কেমেৰাৰ সন্মুখত আৰু গৈ গৈৰ বিৰুদ্ধে মাত মাতিব নোৱাৰিব বুলি বাপেক মাকৰ শপত খাই এখন চুক্তি পত্ৰত  সাক্ষৰ কৰিব লাগিব বুলিও অহু কানে পহু কানে শুনিব পৰা গৈছে ! !!!!!! ক্ৰমশ

No comments:

Post a Comment