Wednesday 25 September 2013

যমৰজাৰ বিলৈ.......(ব্যংগ ৰচনা)


(দিনৰ ১১ বাজিছে ।যম ৰজাৰ অফিচৰ বাহিৰত কোলাহল । মি:চিত্ৰগুপ্ত কম্পিউটাৰত ব্যস্ত, যম ৰজাৰ আসন খালি)
*মি: চিত্ৰ:: আস নোৱাৰি আৰু দেই । কেৰানী চাকৰি হ’ল বুলিয়েইনো ইমান গেবাৰি খাতিব পাৰিনে ? (এনেতে মোবাইল বাজে) অ’ মেডাম, নাই চাৰ আহি পোৱা নাই ।হয়, ট্ৰেফিক জাম চাগৈ।আজি কালি যিহে দিন কাল পৰিল এটা দুটা নমৰেই । নিউজ চাবচোন শ হাজাৰৰ তলত মৰাৰ নামেই নলয় প্ৰাণীচামে ।নাই মই ক’ম আজি চিন্তা নকৰিব ।এই চাৰ আহি পালেই, দিম নেকি ফোনটো । হ’ব আপুনি চিন্তাই নকৰিব ।

*মি:যম:: উফ নকবা বুজিছা, অলপ দেৰিহৈ গ’ল ।


*চিত্ৰ:: দেৰি মানে? এঘাৰ বাজিল, এইটো আপুনি কি দিশপুৰৰ সচিবালয় বুলি ভাবিছেনেকি ?24X7 অফিচ এইটো, ইমান দেৰিকৈ আহিলে মই অকলে কেনেকৈ কাম চলাম কউকচোন?আৰু মই টেট পাচ কৰা নাই নহয় যে অকলেই এল পি স্কুল এখন চলাম । নতুন এপইন্টমেন্টো বন্ধ কৰি ৰাখিছে আপুনি, এৰিয়াৰ নাই, ডি এ বঢোৱা নাই, কিমান সমস্যাত যেন তেন অফিচটো চলাই আছো আপুনি কি বুজিব ?


*মি:যম:: হেৰা ৰ’বাচোন ৰ’বা এই পূৰণি কেচেটখন কিমান বজোৱা আৰু, কিবা এটা কৰিম ৰ’বা । এনেই দেৰিনো ক’ত হয় মোৰ? পোৱালিকেইটাক টিউচনৰ পৰা আনি স্কুলত থৈ আহি ভাত কেইটা খাঁও মানেই ১০ বাজেই, তাতে যোৱা কেইদিন মানৰ পৰা ম’হ আই মিন মোৰ বাহনটোৰো গা ভাল নহয় । অসম ট’ৰত যাঁওতে বেটাই কি খালে নাজানো, গোবৰত কেবল পৰীক্ষাৰ বহিৰ দৰে কিবা বাহিৰ হয় ।মাজে মাজে কিবা শান্তি শান্তি চিঞৰি থাকে ।


*মি:চিত্ৰ:: সেইকাৰনেইতো মই চিঞৰি থাকো বোলো এই বনৰীয়া ম’হটো এৰক, প্ৰেচটিজ বুলিওটো কিবা বস্তু এটা আছে । নতুন বাহন এখন লঁওক, পূজা অফাৰৰে মাৰকেট ভৰি আছে ।আনৰ ওচৰত মুখ দেখাবলৈকে লাজ লগা হৈছে আৰু। ইমান ডাঙৰ ডিপাৰ্টমেন্ট এটাৰ অফিচাৰ হৈ ম’হ গুৱালৰ দৰে আত্মা বিচাৰি ঘুৰি ফুৰে ।এডুকেশ্চন ডিপাৰ্টমেন্ট চাঁওক, এলাৰ্জি চৰি এনাৰ্জি ডিপাৰ্টমেন্ট চাঁওক বছৰত এবাৰ ভিজিত দিয়ে তথাপি মৰ্ত্যৰ মানুহে দেইলি পূজা দিয়ে । আৰু আপোনাক ? আজি কালি আঙ্গু পাঙ্গু সকলোৱেই ক’লা গ্লাচৰ গাড়িত ঘুৰে আৰু আপুনি ক’লা মহত ।সেই কাৰনেই ৰেচপেক্ট নিদিয়ে কোনেও আপোনাক ।আজিৰ যুগ হৈছে শ্ব’-বাজিৰ যুগ । এনেকৈ হ’লে দুদিন মান পিছত যম বুলি ক’লে “সৰু পোৱালি এটাইও ৰ’ তোক গোহালিত বান্ধি থম বুলি ক’ব” ।


*মি:যম: হেৰা কথা বোৰ মইও নভবা নহয় কিন্তু কৰিবা কি ? “জন্ম মৃত্যু পঞ্জীয়নৰ” কাৰ্য্যালয়ৰ দৰে আমাৰ লাল বাতি জ্বলা ডিপাৰ্টমেন্ট ,দৰমহাৰ পইচা কেইটাৰে মাহটোৱেই নুজুৰে গাড়িৰ কথা কি ভাবিবা ? আৰু ই এম আই দিব নোৱাৰিলে যদি গাড়ি টানি লৈ যায় কাৰ বোকোছাত বহি মৰ্ত্যলে যাবা? 


*মি:চিত্ৰ:: সেই বোৰ আপুনি মোৰ ওপৰত এৰি দিয়ক, চাব এমাহৰ ভিতৰত আপোনাক বনাই দিম । মই মাজতে অসমত গৈ ট্ৰেইনিং লৈ আহিছো নহয়।


*মি:যম:: যি কৰা সোনকালে কৰা, মাৰ্চ এন্দিং পালেহিয়েই, টাৰগেটৰ কথা আছে।


*মি:চিত্ৰ:: তেনেহলে চাৰ বাহিৰত ৰখি থকা কেইতাক মাতি দিও (বাহিৰত কোলাহল কৰি থকা আত্মা বোৰক এটা এটাকৈ মাতিবলৈ লাগিল)
::::::মাষ্টৰ কেৰপাই তামুলী আহিব লাগে (কেৰপাইৰ প্ৰবেশ):::


*কেৰপাই :: নমস্কাৰ, পিছে যমনো কোনজন ? ইমানদিনে নামটোহে শুনি আছিলো, দেখা সাক্ষ্যাত হোৱাই নাছিল নহয় ।তাতে আপোনালোকৰ ফটো-চটোও পাবলৈ নাই যে ।


*মি:যম:: ঘোৰ অপমান ঘোৰ অপমান, দেখিছা চিত্ৰ কিবা ধেৎতেৰি ধেৎতেৰি লাগি গৈছে ।শিৱ বিষ্ণুকে আদিকৰি সকলোৰে ফটো ঘৰে ঘৰে কিন্তু আমাৰ ? নমৰালৈকে বেটাহঁতে আমিনো দেখিবলৈ কেনেকুৱা বেটাহঁতে দেখাই নাপাই ।ইয়াৰ কেচ কি ?


*মি:চিত্ৰ:: ছাৰ কেচ গহীন, মানে চুইচাইড ।


*মি:যম:: পিচে কেৰপাই কাৰ প্ৰেমত চুইচাইড কৰা হ’ল? চিত্ৰ ইয়াৰ ফেচবুক একাউন্ট চাৰ্চ কৰা ।ছাত্ৰীক অশালিন ব্যবহাৰ কৰা মালটো ইয়েই হ’বলা । ইয়াক নৰকত প্লেচ কৰা ইমিডিয়েট ।


*মি:চিত্ৰ:: (কেৰপাইৰ কাণত ফুচফুচাই)শুনিলিটো,এতিয়াও সময় আছে, মই মেনেজ কৰি দিম কিবা এটা কৰ


*কেৰপাই :: চাৰ কিবা এটা কেনেকৈনো কৰো, লোকৰ পোৱালি মানুহ 
ৰা চাকৰি মানে মাষ্টৰৰ চাকৰিৰ কথা কইছো, তাকো প্লেনৰ, চৰকাৰে চাকৰি নিয়মিয়া কৰিম বুলি কোৱাৰে পৰা বাকি দোকানিও বাকি নিদিয়া হ’ল, বোলে আগৰ বাকি মাৰ পিছত নতুন খাটা খুলিবি ।দৰমহাৰ পইচা পাম পাম বুলি দুবছৰ হ’ল, শেষত উপায় নাপাই তৰুনৰ ঘৰৰ কুঁৱাৰ ৰচি দাল........

*মি:চিত্ৰ:: হ’ব হ’ব ,  চাৰ, এখেতে বৰ ভাল কাম কৰি আহিছে,বিনা পইচাত স্বৰ্গতেই দি দিও, এনেও যোৱা বহু বছৰ ধৰি তাত প্লেচমেন্ট দিবই পৰা নাই । স্বৰ্গত বহি গান্ধীৰ লগত অহিংসা, অন্নশন আৰু অসহযোগৰ ওপৰত কথা পাতি থাকক । বুজিছে চাৰ প্ৰথমটো কেচ পূণ্য কৰোতেই গ’ল । আজি কাৰ মুখ দেখি আহিছিলো ঠিক নাই বহনিয়ে বেয়া।

*মি:যম:: চিন্তা নকৰিবা পিচৰ কেইটাক মাতা


*মি:চিত্ৰ:: ছাৰ এই বাৰ টাগৰা মাল এটা আহিছে, মিনিষ্টাৰ এটা, বম ব্লাষ্টত মৰা, পি এ সহ মুঠ ৫টা
(এনেতে বাহিৰত এক হুলস্হূলীয়া পৰিবেশৰ সৃষ্টি হয়, আৰু নাম মতাৰ আগতেই উৰ্মিলা নামৰ মহিলা এগৰাকী হাতত জাপি আৰু গামোচা লৈ সোমায় আহে)


*উৰ্মিলা :: এচকিউজ মি, মই উৰ্মিলা, উৰ্মিলা কাশ্যপ, পি এ টু মিনিষ্টাৰ ।আপোনালোকৰ লগত পিছত চিনাকি হ’ম । আপোনালোকে এই জাপি আৰু গামোচাখন লওক আৰু চাৰ সোমাই আহিলে পিন্ধাই দিব দেই, অ’ আৰু এটা কথা চাৰ বৰ বিজি মানুহ কিবা ক’ব লগীয়া থাকিলে এপ্লিকেশ্চন মোৰ হাতত দি দিলেই হ’ল, মানে জানেইতো এইবোৰ মইয়ে হেন্দেল ক’ৰো । আমাৰ চাৰ ফুলাম গামোচা আৰু জাপি নাপালে ক’লৈকো নাযায় ।ইয়াত বাৰু ফিউজ লাইভ আৰু বাই ডি বাই ৩৬৫ আছেনে? মানে ৰিপৰ্টাৰ নাথাকিলে কথা কৈ লাভ নাইটো ।


*মি:চিত্ৰ:: (অলপ খঙেৰে)হেৰি পি এ টু মিনিষ্টাৰ আপুনি বৰ্তমান নিজৰ সমষ্টিত নাই যম ৰজাৰ আদালতত আছে । আৰু এই খন চকুত ক'লা কাপোৰ বন্ধা আদালত নহয় । আপোনাৰ চাৰে কেতিয়া কাৰ পকেট মাৰিছিল, কিমানক চাকৰি আৰু ঠিকা দিম বুলি কিমান হাজাৰ পকেটত ভৰাইছিল, কিমান গৰাকি মহিলাক, নকও আৰু দিয়ক, সকলো দিন বাৰ মিনিট হিচাপ কৰিম আমি, ইয়াত নাটক দেখুৱাই লাভ নাই ।
(এনেতে মুখত হাঁহি আৰু নমস্কাৰ জনাই আগে আগে মিনিষ্টাৰ আৰু পিছে পিছে তিনিটা মানে চাৰৰ জিন্দাবাদ গাই সোমায় আহে)


*মি:চিত্ৰ:: এই নেঙুৰ ধৰা কেইটা ইয়াত জিন্দাবাদ নেচেল । তঁহতৰ জিন্দাবাদত চাৰ এতিয়া জি নুঠে । মনে মনে থাক, মনে মনে থাক ।


*মিনিষ্টাৰ:: নমস্কাৰ ৰাইজ, যোৱা পাঁচ বছৰে মই কি কৰিলো, কি নকৰিলো সেইটো একো ডাঙৰ কথা নহয়, কথা হৈছে মোৰ উন্নতিৰ কথাটো (উৰ্মিলাই চিকুট মাৰি দিয়ে) ।ক্ষমা কৰিব, মোৰ মানে মোৰ দেশৰ উন্নতিৰ কথাটো ।যোৱা পাঁচ বছৰে আমাৰ দেশৰ সৰু সৰু ল’ৰা বোৰে সৰগতে যোৱাকৈ (উৰ্মিলাই চিকুট মাৰি দিয়ে), মানে সহজতে পোৱাকৈ স্বৰ্গীয় ফুৰ্টি পানীকনৰ মই ব্যৱস্হা কৰি দিছো ।য’তে ততএ পৰি থকা মৃতদেহ বোৰক মই অসম চৰকাৰৰ ব্যবস্হা কৰি দিছো(উৰ্মিলাই চিকুট মাৰি দিয়ে)ক্ষমা কৰিব অসম চৰকাৰ নহয় অন্তিম সৎকাৰৰ ব্যবস্হা কৰি দিছো।আৰু মই বঁটা দিছো মানে কথা দিছো আপোনালোকে মোক ভোট দিলে অহা পাঁচ বছৰত মই এই খন দেশেই নাইকিয়া কৰি দিম (উৰ্মিলাই বোলে চাৰ)মানে এই খন দেশৰ সমস্যাই নাইকিয়া কৰি দিম ।


*মি:যম:: হেৰা চিত্ৰ এইটোক বন্ধ কৰা ।ক’তা নিধক, পাপী, নৰাধম, অসভ্য, অভদ্ৰ, ফক্কৰ, ফটুৱা, নিৰক্ষৰ, হেৰা চিত্ৰ আৰু দুটামান গালি কোৱাচোন ইয়াতকৈ বেচি মই আৰু নাজানো


*মি:চিত্ৰ:: চাৰ মই জনা কেইটা পাব্লিক প্লেচত ক’ব নোৱাৰো ।চাৰ এইটোক কি ক’ৰো ।অলপ কিবা লৈ স্বৰ্গ দি দিও নেকি?


*মি:যম:: নিদিবা নিদিবা, বাদ দিয়া তোমাৰ টেবুলৰ তলৰ টকা, এইটোক ৰৌ ৰৌ নৰকত দিয়া, তেহে মই শান্তি পাম 


*মি:চিত্ৰ:: মিনিষ্টাৰ তোমাক আৰু ৰহিমলা, মানে উৰমিলা তোমালোকক নৰকত দিয়া হৈছে, তাতগৈ ভাষন দি থাকা যোৱা ।
নৰকত থকা পাপী বোৰৰ বাবে তোমালোকৰ ভাষনো এটা ভাল  শাষ্টিতে হ'ব ।

*মিনিষ্টাৰ:: একো নাই, মোক মাত্ৰ য’তেই ভোটাৰ বেছি তাতেই দিলে হ’ল।মোৰ নিজৰ স্বৰ্গ মই নিজেই বনাই ল’ম। মাত্ৰ ডি ভোটাৰ বেছি থাকিলে অলপ সুবিধা হয়।(গোটেই কেইজন নৰক যায়)


*মি:চিত্ৰ:: ছাৰ এইটোৱো বহনি ন’হল, পিছৰটোক মাতো নেকি?পিছে আপুনি অলপ সাবধান । (মিচ দিবাকৰ ডাৰ্লিং আহিব লাগে)


*মি:যম:: হেৰা চিত্ৰ তুমি মতা মানুহটোক মিচ বুলি মাতিলা যে?


*মি:চিত্ৰ:: ছাৰ নকব’ ব্ৰক্ষ্মা দেৱে স্ৰজোতে মতাই আছিল পিছে হঠাতে কিহে উকালে নাজানো যন্ত্ৰ পাতিবোৰ সলনি কৰি পেলালে ।


*মিচ দিবাকৰ ডাৰ্লিং:: ইচ কেনেকৈ চাইছে চা । ইয়াৰ আগতে ধুনিয়া ছোৱালী দেখা নাই নেকি? অ’ মা আপুনি যম নেকি? ইম্মান কিউট ।মই মৰি যাঁও ।


*মি:যম:: হেৰা কি কৰা কি কৰা হে ভাকূট কুটাইছে, কি লেটি পেটি খন কৰিছা মই বিবাহিত । হে ভগৱান বছোৱা । হেৰা তুমি কথাই প্ৰতি মৰি যাঁও মৰি যাঁও কৰি থকা কাৰনেহে মাৰি আনিলো ।হেৰা চিত্ৰ কি হে এইপাত । এই পনিয়া মেটেলটোক চিধা নৰকত দিয়া ই ব্ৰক্ষ্মা দেৱৰ যন্ত্ৰ পাতি মেনুপুলেত কৰাৰ দোষত নৰকত দিয়া ।আৰু কোন ক’ত আছে একেলগে মাতা ।(ক্ৰমশ)

No comments:

Post a Comment