Friday, 9 August 2013

অন্ধ, মৌন, বধিৰ ৰজা......( অকবিতা)

বাটৰ ভিক্ষাৰি ভাতৰ বাবে
ভোটৰ ভিক্ষাৰি ন’টৰ বাবে
আজিৰ গনতন্ত্ৰত এজাক ৰজা থাকে
নিস্পেষিত জনতাক শোষন কৰে
প্ৰতিবাদি কন্ঠৰ থাকে নিজা নিজা অংক
পূজিবাদীৰ হাতত বিক্ৰি আজিৰ প্ৰজাতন্ত্ৰ
ৰামো নাই, অযোধ্যাও নাই
চৌদিশে পিছে ৰাবনৰ হুংকাৰ
চোৰ আজি পহৰাদাৰ
জোৰ যাৰ মুলুক তাৰ
বিশ্বায়নৰ যুগত বাঢিছে মনৰ সংকৃৰ্ণতা
সষ্টিয়া হ’ল মানবতা

ক্ষমতা লোভত বিছিন্নতাবাদৰ জয়গান

Saturday, 3 August 2013

চকুচৰহাৰ মৰ্নিংৱাক…….(ৰম্য ৰচনা)


যজ্ঞেশ্বৰ সভাপন্ডিত, আমাৰ যে ঘৰৰ একেবাৰে কাষতে ঘৰ ভাড়া কৰি আছে, মৰমতে যে আমি জগ্গুদা বুলি মাতো, তেওঁৰ কথাকে কৈছো ।মানুহজনৰ বয়স ৫০ৰ উৰ্দ্ধত, শীৰ্নকায় চেহেৰাটোৰ সৈতে বীৰৰদৰে বুকু ফিন্দাই, কপালত ৰঙা ফোট লৈ, কলা চচমা, জিনচ কুৰ্টাযোৰ পিন্ধি ৰাজদুট মটৰচাইকেল চলাই যেতিয়া আপোনাৰ কাষেদি পাৰহৈ যাব, আপুনি পামযোৱা সঞ্জয় দত্ত বুলি নকৈ পাৰে ।জগ্গুদাই আচলতে যৌৱনত ছোৱালীতকৈ সঞ্জয় দত্তৰ চিনেমা বেচিকৈ চালে আৰু দীঘলকৈ চুলিৰাখি এখন কানত ফুলি পিন্ধি পিচফালৰ পৰা একপ্ৰকাৰ জিনচ পিন্ধা সুন্দৰ ছোৱালীয়ে হৈয়ে পৰিল ।আপুনি চাগৈ ভাবিছে মই তেওঁৰ বিষয়ে কিয় ইমান বৰ্ণনা দি আছো । আছে কথা আছে ।জগ্গুদাই এটা সময়ত মোৰ অনিচ্ছা স্বত্তেও বডি বনাবলে কম লোহা সোপা দাঙিব দিছিলেনে ।আজি বোলে ৫ পাওন্ড কালিলৈ বোলে ৭ পাওন্ড । পাওন্ডহে বাঢিল, শৰীৰৰ কিন্ত মঙহ এপোৱাও নাবাঢিল ।মই বোলো ইশ্বৰৰ ইচ্ছা জগ্গুদা বহুত হল আৰু মোৰ দ্বাৰা নহব ।বাবাৰ প্রসাদকণ নাকে মুখে এৰি দি কলে তঁহতবোৰ একেবাৰে হেল্থ কনচিয়াচ নহয় ।মোক চা এই বয়ষতো মই কিমান ফিট ।এই বুলি কলা কুৰ্টাতো খুলিদি দীঘলকৈ উশাহ অলপ ভৰাই মুখখন টিপি যিহে এটা পজ দিলে গাঁতত সোমাই থকা পেটতো আমাৰ ফালে বেলুনতোৰ দৰে বাঢি আহিল লগতে বিপৰিত দিশৰ পৰা এটা প্ৰকান্ড গোন্ধযুক্ত শব্দ । বচ সেইযে জগ্গুদাৰ জিম এৰিলো আজিলৈকে আৰু ডাম্বেল দাঙি পোৱা নাই ।বিয়াৰ পিচত জগ্গুদাই প্ৰায় মোৰ লগ এৰিয়েই পেলালে, পিচে হঠাৎ যোৱা এসপ্তাহ মানৰ পৰা আকৌ আহি লম্ভিলহি । এইবাৰ প্ৰাতঃভ্ৰমন মানে মৰ্নিংৱাক ।শ্ৰীমতীৰ আগত প্ৰাতঃভ্ৰমনৰ যিমানখিনি উপকাৰৰ কথা বখানিলে, মোৰ বাহিৰে পৃথিৱীৰ সকলোকে জ্ঞানী বুলি ভবা, মোৰ সুখৰ চকুচৰহা শ্ৰীমতীয়ে পিচদিনাইগৈ বগা হাফ পেন্ট আৰু বগা কাপোৰৰ জোটা এযোৰ কিনি আনিলেগৈ । আৰু জগ্গুদা, বেটাই কাউৰীমৰ্নিংতে আহি হাজিৰ। মোক বিচনাতে বিদায়দি শ্ৰীমতীয়ে ফষ্টিমাৰি শুই থাকিল ।প্ৰথমতে জগ্গুদাই লাহে লাহেই খোজ দিছিল, পিচে অলপ চাৰ্জ হোৱাৰ পিচতেই যি বেগ দিলে মই এক প্ৰকাৰ দৌৰিবললৈ বাধ্য হলো । এবাৰ জগ্গুদা আগবাঢে এবাৰ মই । শেষলৈ মোৰ খোজৰ অবস্হা বহু বছৰ পিছত গোহালীৰ পৰা ওলায় অহা যাৰ্চি গৰুজনীৰ খোজৰ দৰে হবলৈ ধৰিলে, তথাপি আত্মসন্মান বুলিওতো এটা বস্তু আছে ।হাৰ নামানিলো, বিনা নিচাত লৰক ফৰক খোজদি গৈ থাকিলো ।বাটত বৰুৱানী আৰু অচিনাকি দুই এজনক বিলাতি আৰু ভটুৱা চাৰিঠেঙিয়াৰ ২নং কামতো কৰা একান্তমনে চাই তৃপ্তি লভি থকা দেখা পালো ।বৰুৱানী্য়েতো কৈ্য়ে পেলালে জানো এওঁ আনিলে ডনে কিয় ইমান টাইম লই হে হে হে।মোৰ কাষেদি ডাঙৰ চাৰিঠেঙিয়াৰ সৰু সংস্কৰন এটাই জিভা মেলি হেফাই ফোফাই পাৰহৈ গল ।দেখা পালো কমেও ১৫ জন মান মানুহে হাত এবাৰ তললৈ এবাৰ ওপৰলৈ কৰি খুব জোৰে জোৰে হাঁহি আছে । ওচৰলৈ যাব অলপ ভয়ো লাগিল । দুজনমানে ৰাষ্টাৰ দাতিঁৰ চাহ বিস্কুট খাই ডায়েবেটিছ ৰোগ উপষমৰ সুন্দৰ বত্তৃতা দি থকা শুনা পালো ।ভৰি কেইটাই কিমান দুৰ পোৱালেগৈ নাজানো কিন্ত হঠাৎ এৰাল এৰি প্ৰেমিকা বিছাৰি দৌৰ মৰা চাৰিঠেঙিয়া এটা আৰু ৰাষ্টাৰ এপাল একে প্ৰজাতিৰ চাৰিঠেঙিয়াই যিহে চোঁচালৈ আহিল একে জাঁপে মই ৰেল ক্ৰচিংৰ লোহাডালত উঠি দিলো । এড়াল ছিঙাটোৰ মালিকে সাম্ভাব্য বিপদৰ পৰা মোক আৰু ৰাষ্টাৰ পালটোক বচালে । জগ্গুদা ইতিমধ্যে বহুদুৰ পাইছিলগৈ । মই বোলো এইটোৱে সুযোগ ।পিচে খোজদিবলৈ চাও ভৰি লৰ চৰেই নকৰে । লগালো শ্ৰীমতীলৈ ফোন বোলো মোৰ ভৰি দুখন বেহুছ হৈ গল স্কুটিখনলৈ সোনকালে আহা ……
(Don’t take it otherwise…Its Just a story… Everybody should go for a walk in the Morning for a healthy life…start it today..Jagguda is still walking and you…..)

Wednesday, 31 July 2013

ফাৰ্ষ্ট লাভ লেটাৰ (ব্যংগ ৰচনা)

মাই ফাৰ্ষ্ট লাভ লেটাৰ (ব্যংগ ৰচনা)

মাই এইম ইন লাইফ লিখাৰ বয়সত শ্ৰেনী কোঠাৰ শেষৰ বেন্সত বহি, খৰচি মাৰি আৰু এবছৰ একেটা শ্ৰেনীতে পঢি লও বুলি ভবা আমাৰ এটা চাৰিজনীয়া গ্রুপ আছিল ।ভাল বেয়া সকলো কামতে ইয়ে দোষ্টি হম নেহি তোৰেংগে টাইপ । পিছে মাৰ খাব লগিয়া হলে দোষ্ট দোষ্ট না ৰহা হৈ যা্য়।গ্ৰুপত বিবেক ভোলা ৰাহুল আৰু শান্ত শিষ্ট ক্ষিন মিন মহা দুষ্ট মই।বিবেক আৰু মই স্কুল সদায় একে লগে যাঁও।এদিন আমি স্কুল গৈ থাকোতে হঠাৎ সি কলে সখা পথৰ দাঁতিত চকু দিয়া ।দেখিলো সাইলাখ মাধুৰী ডিক্সিত কান্ধত বেগ উলোমাই সমনীয়াৰ লগত স্কুল গৈ আছে । কলডিলিয়া হৃদয় খনৰ আধা ফাল যেন মৰককৈ কোনোবাই খাই পেলালে তেনেকুৱা লাগিল।পিছে লেঠা লাগিল সেইখিনিতেই । বিবেকৰ বিবেকে কাম নকৰা হল । বন্ধুৰ ভাল লগা গৰাকী তাৰো ভাল লগা হৈ পৰিল। কথাতো গ্রুপৰ আন দুগৰাকীক নো নোকো্ৱাকে থাকো কি দৰে ? কবলেহে পালো পিছদিনা আমি সঠিক সময়ত গৈ দেখো….. কথা গুৰুতৰ…. আন দুই বন্ধু আমাতকৈও আগতেই গৈ যুদ্ধ ক্ষেত্ৰত উপষ্ঠিত। চুলি মেলি পাৰ্বতী যেই আমাৰ আগত দেখা দিলে ফাঁট মেলা বসুমতি পাতালে লুকাও….. বাকি দুজনৰো হৃদয়ত ডম্বৰু বাজিল ডুম ডুম ডুম ডুম….. বাজীকৰৰ পিচে পিচে পোকৰ হিলাই খেল দেখু্ৱা বান্দৰ কেইটাৰ দৰে আমি চাৰিটাইও হাফ পেডেল মাৰি মাৰি পিচ ললো। প্ৰেম কি নাজানো কিন্ত মাধুৰীক পঢা টেবুলৰ কিতাপৰ ক’লা আখৰবোৰৰ মাজতো ১ ২ ৩ গানৰ তালে তালে নাচি থকা দেখা পো্ৱা হলো। সঘনাই স্কুল ক্ষতি কৰাৰ ৰেকৰ্ড থকা আমিবোৰৰ উপষ্ঠিতি ৰেকৰ্ড ব্ৰেক কৰি বাঢনী পানী বঢাদি বাঢিব ধৰিলে, লগতে বাঢিল চাৰিটাৰ মাজত বৰষি মৰাৰ প্ৰেকট্ৰিছ অৰ্থাৎ কোনে প্ৰথমে চেঙেলীজনি ধৰিব পাৰে। ভোলাই এটা পৰামৰ্ষ দিলে….. বোলে যিহেতু এইটো সৰ্বজন বিদিত যে আমি একেটা ঘাটতে পানী খাবলৈ মনন্থ কৰিছো গতিকে আমাৰ মাজত প্ৰতিযোগিতা কৰাতকৈ সয়ম্বৰৰ দৰে তাইকে দায়িত্ব দিয়া যাওক, যাৰ ডিঙিতে মালা পিন্ধাব সিয়েই হব তাইৰ আচলি হিৰো । আমি হয়ভৰ দিলো আৰু চিঠি এখনৰ দাৰা মনৰ কথাবোৰ জনো্ৱাৰ সিদ্ধান্ত ললো। আমি আছিলো কুৰবাণ, খুন ভৰি মাংগ চিনেমা চাই মেইনে প্যাৰ কিয়া কৰিবলে মন মেলা মানুহ গতিকে চিঠিখন তেজৰে লিখাৰ বাবে মনন্থ কৰিলো । কথা মতে কাম……… এদিন ৰাহুলৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ সকলো তাৰ ঘৰত উপষ্ঠিত হলো । পিছে গন্দগোল লাগিল সেইখিনিতেই……….তেজ দিবলৈ ভয়ত কোনো এজনেই ৰাজি নহল । উপায় নাপায় ৰাহুলৰ ঘৰৰ ভটু্ৱা ভুলুক আমাৰ বাবে এক চিৰিঞ্জ ৰক্তদান কৰিবলে একপেকেট বিস্কুট খো্ৱাই যেন তেন সন্মত কৰিলো। ছুটি বিছাৰি প্ৰধান শিক্ষকলৈ লিখা আবেদন খনো বেলেগৰ দ্বাৰা লিখাব লাগে তেনে স্হলত প্ৰেম পত্ৰনো নিজে লিখো কেনেকৈ ? বহু কিতাপ মেলি পাত পাত কৰিও যেতিয়া এখনো প্ৰেম পত্ৰ বিচাৰি নাপালো। অৱশেষত আমাৰ কেইটাৰ ভিতৰত আতাইতকৈ ইন্টেলিজেন্ট বুলি খ্যাত ভোলাই কিবা এখন বিচাৰি আনিলে । লিখা হল আমাৰ জীৱনৰ প্ৰথম প্ৰেম পত্ৰ বা এক কথাত কবলৈ গ’লে প্ৰেম খুজি সমুহীয়া আবেদন পত্ৰ।
        শ্ৰী প্ৰজাপতেয় নমঃ
প্ৰতি
শ্ৰীমতী, নাম নজনা মৰমৰ মানুহজনি,
জয়জয়তে সমুহ বন্ধু্ বৰ্গৰ তৰফৰ পৰা তোমালৈ মোৰ আন্তৰিক মৰম যাছিলো ।সবিনয় নিবেদন এইযে তোমাক দেখাৰ পৰা মোৰ ৰাতিৰ টোপনি দিনৰ বেচেইনি নোহো্ৱা হইছে । তোমাক বৰ ভাল লাগে। নেদেখিলে এদিনো থাকিব নো্ৱাৰো । কিমান হাফ পেডেল মাৰিম । সোনকালে কিবা এটা সিদ্ধান্ত লৈ মোক জনাবা… অ.. আৰু এটা কথা, মোৰ বাহিৰেও তোমাক মোৰ বাকি তিনিজন বন্ধু্ৱেও ভাল পায় । পিছে তুমি আমাৰ সকলোলৈকে চাই মিচিকিয়াকৈ হাঁহা, গতিকে আমি নাজানো প্ৰকৃততে তুমি কাক ভাল পো্ৱা । গতিকে চিঠিখন পো্ৱাৰ পিচত যিটোকে ভাল লাগে সেইটোৰ নামত অহা ১৫ জেঠ বুধবাৰে (ইংৰাজী 30 মে ৱেডনেছ ডে) ডেকা চাৰৰ টিউচন যাওতে উত্তৰটো সহ এখন্তেক দেখাদি কৃতার্থ কৰা যেন ।
স্হান: ৰেলগেট
সময়: পূৱা ৬ বজাৰ পৰা ৮ বজালৈ
বি:দ্ৰ: ঘৰত নকবা কিন্ত মোৰে শপত ।আই লাভ ইউ
                       শেষত বিনয়াবনত
                  ভোলা (চচমা পিন্ধা জন)
ৰাহুল (অলপ চাপৰকৈ ৰেঞ্জাৰ চাইকেল চলো্ৱাজন)
বিবেক (কলা, কেকুৰা চুলিৰ, ডিঙিত ৰুমাল বান্ধে যে সেইজন)আৰু বাকি থকাজন মই
(প্ৰিয় পাঠক সকল, চেগ বুজি এদিন আমি চিঠি খন দিলো কিন্ত অধিৰ অপেক্ষাৰ পিছতো উত্তৰ নাহিল । পিছে এদিন স্কুলত প্ৰথম পিৰিয়ডতে পিয়নজনে হেডচাৰৰ ৰুমলে আমাক নিমন্ত্ৰণ জনোৱা পত্ৰ এখন লৈ আহিছিল । সুদিৰ্ঘ এঘন্টা গালি, পিটন আৰু কানত ধৰি আঠুকঢাৰ পিছত হে পিয়নৰ মুখত গম পাইছিলো….. ভুলুৰ তেজৰে লিখি জীৱনৰ প্ৰথম প্ৰেমপত্ৰ দিয়া চুলি মেলি স্কুল যোৱা ছোৱালীজনি আন কোনো নহয়….. নতুনকৈ বদলি হৈ অহা আমাৰ স্কুলৰ প্ৰধান শিক্ষকৰ হে ছোৱালী আছিল)


                       দেৱজিৎ শইকীয়া