Wednesday, 2 October 2013

অনলাইন ফেকবুক ( ব্যঙ্গ ৰছনা)

আমাৰ ঘৰত ভাড়া লৈ থকা দেবুদাৰ কথা কৈছো ।দাদাক আজি কালি ফেচবুক পালে একো নালাগে । অফিচত বোলে এদিন ফেচবুক একাউন্ট নথকা কাৰনে কোনোবাই হাঁহিলে, পিছদিনাই চেকেন্ডহেন পিচি এটা আৰু ডংগল এটা কিনি আনি মোক পাচপৰ্ট ফটো তিনিকপি আৰু ড্ৰাইভিং লাইচেন্চ খন দি বোলে দে একাউন্ট খুলি ।

বহু শিকাই বুজাই যোৱা তিনি মাহত দেবুদাক পৈনত কৰি পেলালো ।আগতে সন্ধিয়া হ'লেই দিপুৰ দোকানত গৈ আড্ডা দিছিল, পিছে আজি কালি সকলো এৰিলে, এতিয়া কেবল ফেচবুক....এনিটাইম অনলাইন ।বন্ধুবৰ্গ প্ৰায় এৰিছে বুলিয়ে ক'ব পাৰি ।নেৰিবনো কেলৈ সন্ধিয়া হ'লেই যি কেইটাই আড্ডা দিছিল আজিকালি সকলো ফেচবুকত ব্যস্ত । দেবুদাৰ সন্ধিয়াৰ ফুৰ্টিপানিকন আগতে দত্তৰ লগত একেলগে বহি খাইছিল ।পিছে দত্তও আজি কালি ফেচবুকৰ এজন চেলিব্ৰেটি, ৫ টা মান গ্ৰুপৰ এডমিন।আমাৰ খাদৈচূক গাঁওৰ গ্ৰুপৰ পৰা ওলোৱা মেগাজিন খনৰো এডিটৰ, গতিকে টাইম দিব নোৱাৰা হ'ল ।আজি কালি তেঁওলোকে কাষৰ ঘৰৰ হলেও ফেচবুকৰ দ্বাৰাই ভাবৰ আদান প্ৰদান কৰে।

সিদিনাখনৰ কথা দেবুদাই পিচফালৰ খিড়িকি খন খুলিদি দত্তক চিঞৰিলে, বোলে অ’ দত্ত অফলাইন যে?মই বাকিব ধৰিছো সোনকালে ছিয়েৰ্চ কৰা ।বৌৱে বোলে হেৰি হাত ভৰি কেইটা ধুই লুঙি খন পিন্ধি লঁওকচোন প্ৰথমে ।বজাৰৰ পৰা আহিয়ে কাপোৰ জোৰ নোখোলাকৈয়ে তিতা দাহে বহি দিলে যে পিচিৰ সন্মুখত ? দাদাই বোলে ৰ’বাহে, বাটত বৰুৱাক লগ পাইছিলো কিবা স্টেটাছ এটা দিছে, মই শুধিলো, নক’লে বোলে নাই নঁকও,কৈ দিলে এটা কমেন্ট কমি যাব।তাকে চাঁও, সি বেটাইনো কি স্টেটাছ দিছে ।

ফেচবুক অন কৰি দেবুদাই পেগটো বাকি ল’লে। এনেটে সুনিল দত্ত নামৰ সেউজীয়া লাইট টো ছাত বস্কত জ্বলি উথিল । দেবুদাই লগত লগত মেচেজ দিলে “ছিয়েৰ্চ”।

টং:
ক্লিক এটা কৰি দেখিলে “ছিয়েৰ্চ”.... বচ দেবুদাই এক ঘোট গিলি দিলে ।ওচৰতে চানাচুৰ খিনিৰ কাৰণে বোন্দাপৰ দি থকা দেবুদাৰ তিনি নম্বৰ সম্পত্তিটোৱে বোলে দেতা দেতা মইও খাম । দেবুদাই তাৰ হাতত চানাচুৰ কেইটামান দি বোলে ধ্যেৎ এইয়া মই ঔষধহে খাইছো ।যা মাৰে মাছ ভাজিছে সেইয়া খা গৈ ।বেটাই বোলে নাই মইও ঔষধ খাম মোও চদি হৈ আছে ।হে হৰি বোলো হেৰা এইটোক নিলানে ওচৰৰ পৰা ।

টং:
চচমা যোৰ কপালত উঠাই মুৰটো সামান্য মনিটৰৰ ওচৰলৈ নি দেবুদাই পঢিলে “আজি লগত এঁও বনোৱা চিকেন আছে, তোমাৰ কি?” দেবুদাই বোলে ইচ বেটা ফাঁকি দিবলৈ জেগা নাপালি? উদৰ সাত পুৰুষ গ'ল কেচা মাছ খাই তই টনিকৰ লগত চিকেন খাইছ? কি বৰ্ডখনত বগলীয়ে মাছ বিছাৰি ফুৰাৰ দৰে আখৰবোৰ বিছাৰি বিছাৰি টাইপ কৰিলে “বন্ধু চিকেনৰ ফটো এখন আপল’ড কৰি দিয়ক” ।
দেবুদাই নতুন পেগ এটা বাকি ল’লে। নাই ৰিপ্লাই নাই । হুম বেটা মোক বুৰ্বক বনাব আহে, চিকেনৰ ফটো বিছাৰি খুব গুগুল চাৰ্চ কৰি আছে চাগৈ ।


চানা অলপ মুখলে গলিয়াই দি লুঙিত হাতখন মচি মাউচটোৰে ফেচবুকৰ হ’ম বুটামটো টিপি দিলে ।এনেই দুই এটা স্টেটাচত লাইক মাৰি বৰুৱাৰ স্টেটাচটো পঢিব ধৰিলে ।ধ্যেৎ বৰুৱাই আকৌ কেতিয়াৰ পৰা কবিতা লিখিব পৰা হ’ল? নামঘৰৰ বছৰেকীয়া সম্পাদকৰ প্ৰতিবেদনখনো চালা মোৰ হঁতুৱাই লিখাই সি আজি কবি হৈ গ’ল? কমেন্ট নিদিলেও নহয় ৰাষ্টাত লগ পাই নিজেই কৈছে আৰু তাতে বৰুৱা নামৰ সেউজীয়া লাইটটোও ছাত বস্কত ট ট কৰি জ্বলি
আছে । বৰ মস্কিল তথাপি ওপৰৰ কমেন্ট এটা কপি পেষ্ট কৰি (y)এটা মাৰি দিলে

টং:
দত্তৰ মেচেজ : মোৰ ম’বাইলৰ পৰা ফটোখন আপল’ড কৰিব পৰা নাই ।দেবুদাই বৌক মাত লগালে বোলো হেৰা দেখিছা দত্তৰ ফাঁকি কেনেকৈ ধৰা পেলালো । ভিতৰৰ পৰা বৌয়ে মাত লগালে বোলে দত্তক বাদ দিয়া দত্তনি আৰু এখোপ চ'ৰা ।দত্তনিয়ে দিয়া পোষ্টবোৰ ইমান লাইক হয় যে কাৰনটো কি জানেনে নাই? সিদিনাখন সিঁহতৰ মাজনীয়ে ক'লে বোলে দত্তনিৰ কমেও ২০ টা মান একাউন্ট আছে ।লাইক যদি কম হোৱা যেন পাই সেইবোৰ এাউন্টৰ পৰা লাইক মাৰি দিয়ে ।বাৰু বাদ দিয়া তোমাৰ শাহুৱেৰে ৰাতিপূৱা দিয়া গুদমৰ্নিং টেগটো চাগে তুমি লাইক মৰাই নাই, মাৰি দিয়া আৰু যা তা কমেন্ট নামাৰিবা ।ধ্যেৎ সকলোৱেটো টেগায়েই শাহু বুৰিয়েও নেৰে।বাহ ফটোখন ৬০ টা মানক টেগ কৰিছে। হাইদ ফ্ৰম টাইমলাইন কৰিব লঁওতেই

টং:
মেচেজ এটা আহিল, খুলি চাই দেখে সদা গগৈৰ
গগৈৰ মেচেজ: হালৈৰ ঘৰটে থকা পেহীয়েকজনিৰ টান পৰ দব লাগিব। এই মাত্ৰ আপদেট দিছে ।আপুনি আনফ্ৰেন্ড কৰি থৈছে বুলি জানি মেচেজটো দিলো । হালৈক ৰিপ্লাই এটা দিব হাজাৰ হলেও একে গাঁওৰে মানুহ ।
দেবুদাই আকৌ খেপিয়াই খেপিয়াই লিখিব ধৰিলে “ পৰ দিব যাবা নেকি? মই ১২ টা ১ টা মানলৈকে অনলাইনত পৰ দি থাকিমেই ।কিবা হ’লে মেচেজ এটা 
দিবা”

টং টং টং:
জুনমনিৰ নটিফিকেশ্চন : জোনমনি শইকীয়া এডেড এ লাইফ ইভেন্ট টু হাৰ টাইম লাইন “কম্প্লিকেটেড ৰিলেশ্চন টু চিংগেল এগেইন”

দেবুদাই চিঞৰি বোলে জোনমনি তই পঢা নাই, আকৌ ফেচবুক খুলিছ, ৰ’ গৈ আছো ।

                    ::::ক্ৰমশ:::

Monday, 30 September 2013

আচাম বন্ধ বাই সীতাৰাম.......(ৰস ৰছনা)

:::::আচাম বন্ধ বাই সীতাৰাম:::::

সীতাৰামে সিদিনা চুলি কাটি থাকোতে আচৰিত প্ৰশ্ন এটা কৰিলে । বোলে চকীয়া বাবু পহিলে পহিলে আচাম বন্ধ মানে পুৰা আচাম বন্ধ হৈছিল । ৮৩/৯৩ ৰ কথা কহিছু, আজকল আচাম বন্ধ হ’লে আপনি ফিৰ ফোন ঘুমাই কিনে মানে বুটাম টিপিকেনে সুধিব লাগিব “ভাই কোন খন অচম বন্ধ আছে হ’” ? কতিয়াবা কতিয়াবাটো আপনি আধা ৰাষ্টাৰ পৰাই ফিৰি আহিব লাগিব, বোলে “আগত আচাম বন্ধ আছে” । হাৰে ভাই হামি ট’ আচামৰ পৰাই আহি আছো, আগত ফিৰ কোনখন আচাম আছে ? হামনিকেটো কনফিউচড হৈ যাঁও ভাই কি কোনখন অচম আছে আৰু কোনখন অচম নাই আছে ।

পহিলে যেতিয়া অচম বন্ধ দিয়ে পুলিচ আহি কেনে দোকানকে তলা ভাঙিছে, দোকানী কহে কি ভাই অচম বন্ধ আছে হামি মৰি গ’লে ভি দোকান নাই খুলিব, আৰু আজকল বাইকমে ১০ -১২ লড়কা আহি ক’ব এই দোকানী তলা বন্ধ ক’ৰ হামি অচম বন্ধ দিছো ত’হত নাজান’ নেকি ?পহিলে যেতিয়া অচমীয়া আন্দোলন কৰিছে চিহঁত পৈদাই হোৱা নাচিল, চিহঁতৰ পিতাজি হামাক কহিছে কি হাতত মসাল লৈ কিনে প্ৰতিবাদ কৰিচিলে,জেল যাব লগা হ’লেভি গৈছিল, পুলিচকে মাৰ খাইচিল, মানুচ ছহিদ হৈছিল । আৰু আজকল এৰা গেৰা পাৰ্টি যি ভি বন্ধ দিব নেতা বনি যাব ।

চকীয়া বাবু, পহিলে পহিলে লিডাৰ একটা বা দুইটা আছিল, চব মানুহ চনমান কৰিছিল, এতিয়া চব মানুচ লিডাৰ বনি গ’ল, চনমান কোন কাক কৰিব?  পহিলে একটা কাৰন আচিল, অচম বন্ধ কৰাৰ, আজকল কোনো কাৰন নাই হ’লে ভি অচম বন্ধ হৈ যায় । ফেচবুক মে কোনোবা ছোৱালীক বেয়া কমেন্ট কৰিব অচম বন্ধ, কৰবাত চুলাই খাই কিনে ১০ আদমি মৰিব অচম বন্ধ ।।কতিয়াবা ডিমাগ ফিৰি যাব হামনিকে ভি অচম বন্ধৰ প্ৰতিবাদত একটা অচম বন্ধ দি দিম ।চব পাৰ্টি অলগ অলগ বন্ধ কৰনেচেটো আটচ্চা আছে চব পাৰ্টি মিলিকিনে দু-তিন মহিনাকে লিয়ে একচাথ অচমটো বন্ধ কৰি দিব লাগে।

অচমীয়া মানুচ এলহুৱা আছে চব জানে । কই নহয় “অচম ইজ এ লেন্ড অফ লাহে লাহে” আৰু ই অচম বন্ধই মানুচ বোৰক আৰু এলহুৱা কৰি দিছে ।অচম বন্ধ যদি চুকুৰবাৰ হ’ল, চনিবাৰ আউৰ ৰবিবাৰ তিন দিন বন্ধ মানি লয় ।অফিচ গৈ কিনেই পহিলা প্ৰশ্ন কৰিব “ বৰুৱা কালি কিবা বন্ধ-চন্ধ চুনিছে নেকি, বহু দিন হ’ল চচুৰ বাৰি নোযোৱা”।

নিউজ চেনেল পেপাৰ কুচ দিন পহিলে কহিছিল কি যি ভি পাৰ্টি বন্ধ দিব, হামনি নিউজ নাই দেখাব ।চব ফুটুকাকে ফেন ভৈল ।গৰ্মেন্ট ক’হিছিল খি যি ভি পাৰ্টি বন্ধ দিব, ঐ পাৰ্টিকে লিডাৰক ধৰি কিনে তপিনা লাল কৰিব ।চেইটো ভি ফুটুকাকে ফেন ভৈল । আপনি চমঝিচেটো হামনি কি কহিব খুজিছে? মই বোলো বুজি আছো কৈ থাক পেটে পেটে  বোলো বন্ধ এটা হঁওক হঁওক বুলি কিমান ভাবি আছো তই ক’ত বুজিবি? অফিছৰ কামত লাগি থাকোতে শ্ৰীমতিৰ নামত খোলা ইঞ্চুৰেঞ্চৰ এজেঞ্চিৰ কামত লাগিবই পৰা নাই, তাতে মাৰ্চ এন্ডিং পালেহিয়েই ।


মই বোলো তই যে আজি ইমান অসম বন্ধৰ ওপৰত লেকচাৰ দিলি কি অচম বন্ধ আছে নেকি এই কেইদিনত ? সি বোলে একটা নাপিত হামনিকে কুচদেৰ পহিলে ফোন কৰিছে কি একটা পাৰ্টি ৩৬০০ ঘন্টা বন্ধ দিছে হামনিকে কব লাগে ৩৬০০ ঘন্টাকে কিমান দিন হয়? আঙুলি মুৰতে হিচাপ এটা মাৰি লগত লগত ফোন কৰিলো বোলো হেৰা চাউথত ফুৰিব যাম বুলি কৈ আছিলা যে ভগবানে কৰিলে হৈ যাব পাৰে দেই কৈ থলো ।সীতা ৰামৰ দোকানত আৰি থোৱা হনুমান শিৱ দূৰ্গা সকলোৰে ফটোবোৰত মুৰটো দোঁৱাই দিলো বোলো প্লিজ ভগবান চাবা যাতে যি পাৰ্টিয়ে বন্ধ নিদিয়ক লাগিলে সিহঁতৰ ডিমান্দবোৰ চৰকাৰে মানি নলয় যাতে ।হে জগন্নাথ বাবা, মন্দিৰতগৈ গাখীৰ দুই লিটাৰ ধালি দিম কিন্তু প্লীজ প্লীজ ডিমান্দবোৰ যাতে এনেকুৱা হয় চৰকাৰ কি ভগৱানেও যাতে মানি লব নোৱাৰে ।

Sunday, 29 September 2013

যি কম মিছা কম মিছাৰ বাহিৰে একো নকঁও...........( ৰস ৰচনা)

:::::যি কম মিছা কম মিছাৰ বাহিৰে একো নকঁও::::

মানুহে কয় “মিছা কথাৰ ঠেং চুটি” সেইটোও এটা গোকাত মিছা। আপুনি কঁওকচোন মানুহৰ ঠেং থাকে নে ভৰি? আৰু এনে এটা মানুহ মোক দেখুৱাই দিয়কচোন যাৰ মিছা কোৱাৰ বাবে ঠেং চুটি হৈছে?
আচলতে মিছাৰ লগত আমাৰ সম্বন্ধ জন্মৰ আগৰ পৰাই । মোৰ জীৱনত শুনা প্ৰথম মিছা কথাটো আছিল, মোক জন্ম দিয়া ডক্টৰজনৰ । “নৰ্মেল নহয় ছিজাৰিন কৰিব লাগিব” বুলি মিছাকৈয়ে মাৰ পেতটো ফালি মোক ওলিয়াই আনিলে ।নাৰ্চিং হোমত মোৰ জন্ডিজ হৈছে বুলি মিছাকৈয়ে এসোপামান মোক চেলাইন খুৱালে ।খুৰা এজনে হস্পিতালত দেউতাক সুধিলে “কিমান খৰছ পৰিল?” দেউতাও লেবেল দিবলৈ কৈ দিলে নহয় ৪০০০ হাজাৰ মান মিছাকৈয়ে বঢাই ।ঘৰ আহি পাইছো ডাঙৰ দাদাই সুধিলে “মা মা ভাইটি কেনেকৈ জন্ম হ’ল?” বেচেৰাক দিলে নহয় মায়ে গোকাত মিছা কৈ “হস্পিতালৰ পৰা কিনি আনিছো” বুলি ।মুঠতে সব মিছা মিছা মিছা ।
বুট চোবাব নোৱাৰা মোক ককাই নামঘৰলৈ লৈ যায় মিছাকৈয়ে এখন প্ৰসাদৰ পাত বেচিকৈ লয় ।কান খোৱা আহিব বুলি, শিয়াল আহিব বুলি  সৰুতে আইতাই কম খিনি মিছা কথা ক’লে নে মোক শুৱাব আৰু ভাত খুৱাবৰ সময়ত ?
স্কুলত নাম লগাবলৈ গৈ দিলে দেউতাই মিছাকৈয়ে মোৰ বয়স কমাই দিলে। স্কুলতো পেট বিষাইছে বুলি মিছাকৈয়ে কম ছুটি ল’লোনে? আৰু যে ক’ত কি মিছা কথা মাতিলো চাৰ বাইদেউৰ আগত হোমৱৰ্ক নকৰা বাবে ।আৰু পৰীক্ষাত? লগৰ বোৰে মোতকৈ কম মাৰ্কচ পাইছে বুলি ঘৰতকোৱা মিছাবোৰ?
যৌৱন কালত প্ৰেয়সীৰ আগত কম মিছা মাতিলোনে? মিছা শপত কচম কম খালোনে?  আৰু বিয়া পাতিব গৈ ছোৱালীক আগতে কাকো ভাল পোৱা নাই, তোমাকে প্ৰথম ছোৱালী চাইছো বুলি কম গোকাত মিছা মাতিছিলোনে ?
মই মৰাৰ পিছতো মানুহে শ্মশানত মই ভাল মানুহ আছিলো বুলি মেলে-মিটিঙে কম মিছা মাতিবনে?।মোৰ কথা বাদ দিয়ক মইটো সৰু সুৰা মিছা কথা কোৱা মানুহ, ডাঙৰ ডাঙৰ নেতা, মন্ত্ৰী বিধায়ক সকলৰ কথা ভাবকচোন, কিমান মিছলীয়া ।

বাৰু বাদ দিয়ক সেইবোৰ বজাৰত গৈ আপুনি বস্তুৰ দাম কিয় কমায় ? কাৰন আপুনিও জানে বেপাৰিয়ে মিছাকৈ দাম বঢাই কৈছে বুলি । পূৱাতে আপোনাৰ ঘৰত গাখিৰ দিয়া গুৱালটোৰ পৰা, মাছ-শাক পাচলিৰ বেপাৰিটো লৈকে কিমানে আপোনাক মিছা মাতে আৰু কিমানক দিনটোত আপুনি মিছা কথা ক’ব লগীয়া হয় ভাবি চাইছেনে?পাব্লিচিতিৰ বাবে বা বিজ্ঞাপনত কোম্পানীবোৰৰ হৈ অভিনেতা –অভিনেত্ৰী সকলে কম মিছা কথা কইনে?7 দিনত ফেয়াৰ এন্ড লাভলী ঘহি আপুনি বাৰু এয়াৰ হোষ্টেজৰ দৰে বা ফ্লিম ফেয়াৰ এৱাৰ্ড লৈ পাইছেনে? অমিতাভ বচ্চনে বাৰু হাজমোলা খাইনে আৰু গায়ত্ৰীৰ পেট ইমান বেয়ানে যে লিভচিন নাখালে একো হজমেই নহয়?
আচলতে মানুহৰ জীৱনটো চলি থাকে মিছাৰ ওপৰতেই ।  এই ধৰক পুৱা আপোনাৰ শ্ৰীমতিৰ লগত কাইজীয়া লাগি মনটো বেয়া হৈ আছে, লগৰ বন্ধু এজনৰ ফোন আহিল, কৈ দিলে নে পুৱাই পুৱাই ভালে আছো বুলি মিছা কথাষাৰ ।
ধৰক আপোনাৰ আজি অফিছ যাব মন যোৱা নাই, এপ্লিকেশ্চনত লিখিব লাগিব, জ্বৰ হৈ আছে বা শ্ৰীমতিৰ বেমাৰ, বা ৰুটিন মেডিকেল চেক আপ । সঁচা কথা লিখি দিবচোন “এনেই মন ন’গল বুলি”।আপুনালৈ অহা ফোনটো কাৰ বুলি শ্ৰীমতিয়ে শুধিলে কৈ চাবচোন, মোৰ লগৰ ধুনিয়া ছোৱালী এজনিৰ বুলি । মোবাইলৰ কচম মোবাইল এঠাইত চিম এঠাইত হ’বলৈ বেচি পৰ নালাগিব ।
ঘৰতে বহি আড্ডা দি থাকোতে যদি অপ্ৰয়োজনীয় এজনৰ ম’বাইল বাজে মিছাকৈয়ে কৈ নিদিয়েনে মিটিঙত ব্যস্ত আছো, পিছত কৰিব বুলি । গুৱাহাটিত থকাজনক, আপুনি তেজপুৰত থাকোতেই নগাঁও পালোহি্যে আৰু অলপ সময় পিছত পাই আছোগৈ বুলি নকইনে ?
বাৰু আপোনাক কোনোবাই নিমন্ত্ৰন জনালে আপোনাৰ যাবলৈ মন নাই, আপুনি শ্ৰীমতিৰ অসুবিধা বুলি মিছাৰ আশ্ৰয় নলয়নে ?এৰাব নোৱাৰা পৰিস্হিতিত আপুনি গ’ল আৰু আলহীৰ ঘৰত দিয়া চাহকাপ আপোনাৰ পচন্দ হোৱা নাই, তথাপি আপুনি নকয় জানো বৰ ধুনীয়া হৈছে বুলি মিছা মাতি? ধৰক লগৰ এজনৰ বিয়াত আপুনি যাব নোৱাৰিলে, পিছত লগ পালে তেঁওক মিছাকৈয়ে কিবা এটা অজুহাত দেখুৱাই নে নাই?

আচলতে কি জানে মিছাৰ আশ্ৰয় নোলোৱাকে বা সত্য কথা কৈ আপুনি ৫ মিনিটো চলিব নোৱাৰে ।মিছা কথা ক’ব পৰাটোও এটা আৰ্ট, যি মিছা কৈ ধৰা পৰে তেনে মিছলীয়াক ধিক্কাৰ ।প্ৰকৃততে মিছা মতাত সিদ্ধহস্ত হবলৈ একো ডিগ্ৰীৰ প্ৰয়োজন নহয়,কিতাপ পঢাৰ প্ৰয়োজন নাই। মুঠতে মিছা বোৰ আমাৰ জিভাৰ আগতেই থাকে, ভাবিবলৈ মগজুৱে কষ্টই নাপায় । আৰু বহু মিছা কথা ক’বলৈ থাকিয়ে গ’ল ।সময় সুবিধা পালে আকৌ কেতিয়াবা মিছা কথা কম আপোনাৰ শপত (মিছাকৈয়ে খাইছো) পিছে যি কম মিছা কম মিছাৰ বাহিৰে একো নকঁও ।কাৰন সৰুৰে পৰা মানে জন্মৰে পৰা জীৱনত ইমান হকে বিহকে মিছা শুনিলো, মিছা মাতিলো, এতিয়ানো সঁচা মুখৰ পৰা ওলায় কিদৰে ?
সদৌ শেষত ৫ টা সকলোৱে কোৱা মিছা
1, মোৰ ভাল, আপোনাৰ?
2, 5 মিনিট ৰ’বা আহি আছো ।
3, তোমাক সঁচাই বিৰাট ধুনিয়া লাগিছে ।
৪, ধন্যবাদ, পিছে গিফ্ট নানিলেও হ’ল হেঁতেন ।
৫, মই কেতিয়াও মিছা কথা কৈ পোৱা নাই আৰু নকঁও ।