Friday, 5 October 2018

গনধোৱন

হঠাৎ ,এদিন ফটাঢোলত স্ৰয়ং ভগৱান প্ৰকট হৈ বোলে "মৰমৰ লেডিছ সকল আৰু মতা কেইটা" আজি তোমালোকৰ মনৰ আশা এটা পূৰন কৰিবৰ বাবে মই প্ৰকট হৈছো৷মৰমৰ ধুনীয়া লেডিছ সকল "তোমালোকৰ সদায় সদায় এটা কমন কপ্লেইন পাই থাকো যে আমাৰ এখেত এনেকুৱা হে আমাৰ তেখেত তেনেকুৱা হে, মুঠতে হাজাৰটা কমপ্লেইন ৷ সেয়ে আজি তোমালোকৰ কথা মানি মই সুবিধা দিছো যে তোমালোকে মনৰ পচন্দ মতে এজন পুৰুষ বাছি ল'ব পাৰিবা ৷ চিন্তা নকৰিবা, তোমালোকক মোৰ টাইম মেছিনত ভৰাই বিয়াৰ আগৰ দিনবোৰলৈ পঠাই দিম৷ এতিয়া সকলোৱে নিজৰ নিজৰ পচন্দৰ মানুহজনৰ নাম কোৱা ৷
প্ৰনীতা বা: নালাগে ঈশ্বৰ মোৰ বৰ্তমানৰ জনেই ভাল৷ লাগ বুলিলেই তামোলখন কাটি আনি হাততে যোগাৰ দিয়ে, এনেকুৱা মানুহ এজন ক'ত পাম, মোক নালাগে দেই এইটো অফাৰ৷
বন্দিতা: ইয়ে পাই নালাগে দেই বিয়া হৈ অহা পৰা মই খেনা বনায়ে পোৱা নাই৷ সদায় মানুহজনেই খেনা বনাই খুৱাই আছে, মই যদি এইবাৰ খেনা বনাব নজনা আৰু খৈনী খোৱা এটা পাও মোৰ কি হ'ব? নাই মোক নালাগে৷
পৰী: পৰী হু মে, অ' ভগৱান মোৰ মানুহজনে মোৰ বাৰ্থডেট ইমান ধুনীয়া গিফ্ট দিয়ে যদি কঞ্জুচ এটা পাও মোৰ কেৰালাত কৈ গুটি দীঘল হ'ব, নাই মোকো নালাগে৷
বৰ্ণালী: মোৰ প্লাষ্টিকৰ পোৰা কপাল ভাবিছে নেকি যিজন পাইছো সেইজন মই সাধি সাধি পাইছো,কেইটাই মানুহজনীৰ হেল্থৰ বাবে ফ্ৰেচ চব্জী খেতি কৰি খুৱাই, মোক নালাগে দেই৷
জীমনি: ন ৱে, মোৰ ঘৰৰ বাহুৱলীজনেই ভাল পাই ৷ মোকো নালাগে৷
জাহ্নৱী: নাই নাই, মোৰ ইমান হেনচু হাবি টো থাকোতে যে বেলেগ নলও দেই৷
এইদৰে সকলো ফটাঢোলৰ নাচনীয়ে ভগৱানৰ প্ৰপজেলটো পোনচাতেই নাকচ কৰি দিলে৷
ভগৱানে এইবাৰ ফটা ঢুলীয়া কেইজনক চাঞ্চটো দিলে আৰু ক'লে তোমালোকৰ মনৰ পচন্দৰ নাৰী গৰাকীৰ নাম লিখি দিয়া ৷ বৰলা কেইটাইও নাম দিব পাৰিবা৷ পূজা বুলি অফাৰ দি দিছো ৷
ফটা ঢুলীয়া সকলৰ আনন্দৰ সীমা নোহোৱা হ'ল৷ পিছে এসপ্তাহ গ'ল, এমাহ পাৰ হ'ল কোনো দেখা দেখি নাই৷ অৱশেষত ভগৱান আকৌ প্ৰকট হৈ ক'লে যে কি হ'ল, তোহঁতকো নালাগে নেকি? নাম দিয়া নাই যে ?
মহন্তই বোলে নহয় ভগৱান, ডিচিচন হে ল'ব পৰা নাই, বহীত এজনীৰ নাম লিখো, আকৌ বেলেগ এজনিলৈ মনত পৰি আগৰজনীৰ নামটো কাটি দিও, এজনী যদি মাতে কথাই ভাল আনজনী দেখিবলৈ ভাল, মুঠতে টুটেলি কনফিউজড৷
ভগৱানে বোলে হ'ব নাম খিনি দে মই তাৰ ভিতৰৰ পৰাই এজনি বাছি দিম৷ মাত্ৰ নামৰ কাষে কাষে কাক কিয় ভাল লাগে লিখি দিবলৈ নাপাহৰিবি৷
বৰুৱা দাই মনৰ পচন্দৰ নাৰীৰ নাম লিখা ক্লাচমেটৰ বহী দুখন আগবঢ়াই দিলে৷
হেকা দাই বোলে চাৰ, পেনড্ৰাইভটোতে দিছো,মাইক্ৰচপ্ট এক্সেলত টাইপ কৰা ফাইল তিনিটা চালেই হ'ল৷
মহন্তই বোলে চাৰ আপোনাক মই ৰাতিলৈ মেইল কৰি দিম আৰু অলপ ভৰাব আছে৷
উৎপল দাই বোলে সময় বৰ কম দিলে, বহুত থাকিয়ে গ'ল, যা যি ভাগ্যত আছে আৰু দেৰশ গৰাকীৰ নাম হে মনলৈ আহিল, তাৰ ভিতৰতে বাছি দিব৷
তালুকদাৰ দাই বোলে মোৰ কলেজৰ লগৰ আপী কেইজনীৰ নাম পাহৰি গেলো নহয়৷ যি মনত পৰল্লাক এই খাটা খনতে লিখি দিছু দক৷
দিম্পল, সোনটো আৰু যাজ্ঞই বোলে চাৰ আমাৰ চিলেকচন একেই, লাগে যদি জেৰক্স কৰি তিনিটা কপি দি দিও,
ভগবানে বোলে সকলোৰে পচন্দৰ নাম বোৰ লোৱা পিছত অন্তৰ্ধ্যান হ'ল৷ আকাশবানী এটা শুনা গ'ল৷ "তোমালোকৰ পচন্দৰ গৰাকী নিৰ্বাচন কৰিবলৈ মই বহী, পেনড্ৰাইভ সকলো তোমালোকৰ নিজৰ পত্নী সকললৈ পঠাই দিছো"
অলপ পিছতে সকলোৰে ম'বাইলত পত্নীৰ ফোন৷ কথাষাৰ পিছে একেই " হেল্লো... তোমাৰ লগত অলপ কথা আছে৷ আশা কৰো সোনকালে ঘৰ আহিবা" টট...... টট
শুনা মতে বৰুৱা দা নিৰুদ্দেশ, সন্যাস ল'লে৷
হেকা দা হস্পিতালত
মহন্তই পত্নীৰ ওচৰলৈ মৰ সাহ কৰি গৈ বৰ্তমান বিছনাৰ কাষত পেং লৈ শৰ্য্যাগত
উৎপল দাৰ বৰ্তমান ভালকৈ কাৰোবাক চাবলৈকো চচমা জোৰ বৌয়ে বাজেয়াপ্ত কৰিলে৷
তালুকদাৰ দাই ভ্ৰম বকি ফুৰিছে বোলে "ভগৱানৰ ওপৰত বিস্বাস উঠি গ'ল ৰে বাবা"
দিম্পল হঁতে বৰ্তমান যাকেই ফোন কৰিছে " দিজ নাম্বাৰ দাজ নট একজিষ্ট শুনিছে"
বিদ্ৰ: মই সম্পাদনাৰ কামত ব্যস্ত আছিলো৷

গনধোৱন 2
বাম্পাৰ অফাৰ এটা লৈ হঠাৎ ,এদিন আকৌ ফটাঢোলত স্ৰয়ং ভগৱান প্ৰকট হ'ল৷ "মৰমৰ লেডিছ সকল আৰু মতা কেইটা" বুলি কোৱাৰ লগে লগে যোৱাবাৰ মনৰ পচন্দৰ ছোৱালীৰ নাম লিখি শ্ৰীমতীৰ ধুলাই খোৱা কেইজন পলাই পত্ৰং দিলে৷ বিজয়ে বোলে এইটো আকৌ ওলালহি আজি কাক স্বৰ্গলৈ নিম বুলি তামোলগছৰ ওপৰত এৰি থৈ যায় ঠিক নাই৷ হেকাদাই তপা মুৰত গামোছাখন উৰণিৰ দৰে লৈ লাহেকৈ এইবাৰলৈ ক্ষমা কৰা প্ৰভূ, যোৱাবাৰৰ বিষ যোৱাই নাই বুলি আতৰি গ'ল৷
এজন এজনকৈ সকলো আতৰি যোৱা দেখি ভগৱানে বোলে যি কি নহওঁক আজি তোমালোকৰ মনৰ আশা এটা পূৰন কৰিমেই বুলি মই প্ৰকট হৈছো, চিন্তা নকৰিবা, যোৱাবাৰ "প্ৰাংক এটা কৰিলো কিন্তু এইবাৰ নকৰো, ডন্ট ৱৰি৷
মৰমৰ ধুনীয়া লেডিছ সকল আৰু মতা কেইটা "তোমালোকৰ সৰুৰে পৰা চিনেমাৰ হিৰ' হিৰ'য়িন হোৱাৰ যে মনতে আশা এটা পুহি ৰাখিছা মই জানো"৷
দিম্পলে চাউথ ইন্দিয়ান হিৰ' দৰে দাড়ী, হেকাই তামিল হিৰ'ৰ দৰে মোছ, খনিন্দ্ৰই চাহৰুখৰ দৰে চুট, ৰামানুজে চানি দেউলৰ দৰে কাওবয় কেপ মুঠতে সকলো হিৰ' মাফিক৷
লেডিছ সকলৰ কথা নকলোৱেইবা৷ চবিনাৰ বেলুন লৈ ৰেড ড্ৰেচত ফটোচুট, ৰঙা টুপি পিন্ধি পাৰবিন, ফুলৰ কাষত ৰৈ চাহিন, চান গ্লাছ লগাই ইন্দিমা, নাজমা মিনিটে মিনিটে ড্ৰেচ সলাই পুৰৱী, আৰু হিৰ'ৰ ফটো লগোৱা অসীমাৰ কথা নকলোৱেইবা৷
সকলোৱে মুঠতে হিৰ' হিৰ'ইন কায়দা৷ গতিকে মই এখন বিগবাজেটৰ চিনেমা বনাব বিছাৰিছো যত হিৰ' হিৰ'ইন ফটাঢোলৰ পৰাই নিৰ্বাচন কৰিম৷
ভগবানে বিগবাজেটৰ চিনেমা বনাব বুলি শুনি বিজয় মহন্ত লাহেকৈ ওচৰলৈ আহি বোলে আগতে নাটকত সৰু সুৰা দুই এটা ৰোল মই কৰিছিলো, ৰাসতো দুই এবাৰ শংখচূড় ওলাইছো৷ ভগবানে বোলে মই এবাৰ ভুলতে তোমাৰ এক্টিং চাইছিলো৷ চাই উঠি মোৰো মুখৰে ভুলতে "হে ভগবান" বুলি ওলাই গৈছিল৷
হেকা দাই মনতে ভাবিলে খুদ ভগবানে চিনেমা বনাব যেতিয়া হিট হোৱাটো খাটাং গতিকে হিৰ'ৰ ৰোল পালে বেয়া নহয়৷ হেকা দাই বোলে মই ৰাকুদাৰ পৰা কেৰেটি ডেঞ্চ গান সকলো ট্ৰেইনিং লোৱা আছে গতিকে আপোনাৰ টেনচন কম হ'ব, মোক হিৰ' লওঁক৷ ভগবানে হেকাদাক ভালদৰে চাই বোলে হ'ব মই অডিচন আৰম্ভ কৰিলে তোমাক মাতিম তেতিয়ালৈ তুমি পুটুককৈ তালুৰ ছুলিখিনি গজাই লোৱা৷
চুনটোৱে ঘপহকৈ লেঙুটিখনত খোছ এটা মাৰি বোলে চাৰ, মানে ভগবান মোকো যদি ৰোল এটা.....?
তথাষ্টু বৎস, তুমি ফেচবুকৰ মায়ামোহ ত্যাগ কৰি বাবা হোৱা দিনাৰ পৰাই মোৰ চকুত পৰিছা, তোমাক চিনেমাৰ ইন্টাৰভেলৰ সময়কনত কিবা এটা ৰ'ল দিমেই দিম৷
এনেতে সকলো লেডিজ আহি ভগৱানৰ আগত হিৰ'ইন হোৱাৰ আশাত ভিৰ কৰিলেহি৷ ভগবানে বোলে মোৰ চিনেমা ফাইনেঞ্চ কৰিব ৰিন্টুমনি দত্তই আৰু ডাইৰেক্ট কৰিব ভাস্কোয়ে৷ অডিচন সোনকালেই আৰম্ভ কৰিম ডন্ট ৱৰি৷ এই বুলি ভগৱান অন্ত্যধ্যান হ'ল৷
শুনামতে মহিলা সকলে হিৰ'ইন হোৱাৰ আশাত মন্দিৰে মন্দিৰে টিলিঙাত মুৰ মাৰি ঘুৰি ফুৰিছে, ব্ৰত ৰাখিছে, আৰু মতা কেইটাই জিমত জইন কৰিছে৷ তাকে দেখি মই বোলো ভগবানৰো যে কাম আৰু বুলি ক'ব লৈছিলো হে ভগবান আহি বোলে হেৰৌ মোক দৰকাৰত হে সকলোৱে বিছাৰে নহলে ক'ত মোক বিছাৰিব? টোপ এটা দি দিছো এতিয়া মোৰ পূজা কৰি থাক৷
মই বোলো নোহোৱা নুপোজা কথা এটা কৈ সকলোকে ঠগিছে কিয়? ভগবানে বোলে হেৰৌ "অচ্চে দিন আহিব বুলি কওঁতেই তহতে হ'লে বিস্বাস কৰি ললি আৰু খুদ ভগবানে চিনেমা বনাব বুলি কলেও বিস্বাস নকৰ" ৷

হেকা মহন্ত সংবাদ (১)


যোৱা বহাগৰ কথা ৷ মহন্তই হেকাক বিহু খাবলৈ নিমন্ত্ৰন কৰিলে ৷ এনেই মহন্ত অলপ বৰকথিয়া বুলি হেকাই জানে তথাপি ফুল প্ৰিপিয়াৰেচনত গৈছিল, বোলে আজি মহন্তই যি ক'ব তাতকৈ দুগুন ওপৰত দিম ৷ কথা মতে কাম, গৈ দেখে মহন্ত পদুলীৰ পুখুৰীটো পাৰত বহি ম'বাইল টিপি আছে ৷
হেকাই বোলে আৰম্ভ কৰা যাওক, এই বুলি মাত দিলে বোলো, মহন্ত পুখুৰীটো কিমান দ জুখি আছা নেকি?
মহন্তৰ খাৰাংখাচ উত্তৰ "নহয় অ এই হাঁহ কেইটা কিয় ডুবা নাই তাকে গুগুলত চাই আছিলো ৷
হেকা নিমাত ৷
ভাত খাই থাকোতে হেকাই বোলে বুজিছা মহন্ত ভাত খালেই মোৰ শাহুৱে আঠমঙলাত বনোৱা বৰালী মাছৰ জোল খনলৈ মনত পৰে ৷ কি জুটি আছিল, উফ উফ ৷ আজি বিয়া হোৱা চল্লিছ বছৰেও জিভাত লাগিয়েই আছে ৷
মহন্তই বোলে খুড়া মোৰো সেই আঠমঙলাই বুজিছে ৷ তেৰই ছয়ে মোৰো হওঁতে ঊনৈশ বছৰেই হ'ল দিয়কচোন ৷ মই আগতে গান গাইছিলো নহয় ৷ টিলিকি বজায় বজায় কিমান গান গাই ছোৱালীৰ অন্তৰ খাইছিলো ৷ পিছে শাহুৱে যি এঠা দৈ খুৱালে, এইয়া চাওকচোন টিলিকি বজাবলৈ আঙুলিৰ এঠা নুগুছাই হ'ল ৷ এইয়া টিলিকি নাবাজেই ৷
হেকা নিমাত ৷
হেকাই বোলে আজি জোলত মাছৰ পিচটো চাই দেখিলো মাছৰ চাইজবোৰ তোমালোকৰ ফালৰ মানুহবোৰৰ দৰে একেই ৷
মহন্তই বোলে, আমি আলহিৰ চাইজ চাইহে মাছৰ পিচ কৰো ৷ এইটো যোৱাকালি মই জাল মাৰি অনা ৷ জাল মাৰি আনি মাছটো চোতালত পেলাই দিলো ৷ মানুহজনীয়ে ভুমিকম্প বুলি বাহিৰলৈ দৌৰ মাৰি আহিল ৷ মই বোলো চাকিটো লৈ আন মাছ আনিছো ৷ তাই বোলে আপুনী ক'ত? মই বোলো তই মাছৰ সিটো ফালে থাকি মোক ক'ত দেখিবি, চাকিটো লৈ এই ফালে আহ, মই মাছৰ ইটো ফালে আছো ৷
হেকা নিমাত ৷
হেকাই বোলে হওঁক বিহু বুলিনো কি আশিৰ্বাদ দিম ৷ মুৰৰ চুলি চিঙি আশিৰ্বাদ দিছো হাই কাজিয়া নোহোৱাকৈ দুইটা কুশঁলে থাকা ৷
মহন্তই বোলে আপোনাৰ তালুখন চাই আশিৰ্বাদ দিয়া যেন নালাগিল ৷ খং ডাল উঠাই নল'ব ৷ যোৱা কালিৰ কথা, শ্ৰীমতিয়ে আঞ্জাত নিমখ নিদিলে, খং উঠি কাঁহিখন দলিয়াই দিলো ৷ দুৱাৰেদি কাঁহি ওলাই গৈ পিছফালৰ তিনি বিঘা কুঁহিয়াৰ গুৰিতে কাটি পেলালে ৷ সেই কুঁহিয়াৰ পেৰি ষাঠি টিং গুড় পালো ৷ আজি দৈ লগত দিয়া গুড় খিনিৰ কথা কৈছো ৷
হেকা নিমাত ৷
হেকাই চাহপানী খাই ওলাই আহি দেখিলে মহন্তই লেৰেলা চেপেটা লাও পুলি এটা খুচৰি আছে ৷ হেকাই বোলে "লাওৰ সঁচটো ভাল, একদম তোমাৰ পেটটো লেখিয়া পানী লাও লাগিব, অলপ গোৱৰ চোৱৰ দিবা ৷
মহন্তৰ ইনষ্টেন্ট উত্তৰ "গোৱৰ দিয়াত কৈ হেকা কাই মই ভাবিছো গৰুৰ পোকৰটটোকে কাটি দি দিও নেকি?
হেকা নিমাত ৷
হেকাই বোলে নাই ইয়াক নোৱাৰি ৷ ঘৰলৈ বুলি চাইকেল খনত উঠি বোলে নাই লাষ্ট চাঞ্চ এটা ট্ৰাই কৰো ৷ হেকাই বোলে মহন্ত, জপনাখন গাঠি এটা মাৰি থবা, এনেও তোমাৰ তাতটো আলহি নাহেই ৷
মহন্তই বোলে মাৰিয়েই থও ৷ পুৱা হে খুলি দিছো ৷ যোৱা কালি ৰাতি জপনা বন্ধা ৰচি ডাল নাপাই কল মগুনা এডালকে মেৰিয়াই থৈছিলো ৷ পুৱা আপুনী অহাৰ আগত জপনাৰ ৰচী খুলিব গৈ শ্ৰীমতিয়ে চিঞৰ বাখৰ কৰিলে ৷ মই গৈ দেখো ক'লা ফেঁটি সাপ এডাল ৷ ৰাতি কল মগুনা বুলি ফেঁটি সাপ এডালকে বান্ধি থ'লো ৷ মই বোলো ৰ' চিঞৰ বাখৰ নকৰিবি এই বুলি সাপৰ গাঠিটো খুলি চেই চেই কৰি আপুনি আহিব বুলি জপনাখন খুলি থৈছিলো ৷
হেকা নিমাত ৷
এতিয়াও মাতটো ওলোৱা নাই ৷ কিবা ফুঁ ফুঁ জাতীয় শব্দহে ওলায় আছে ৷

গান্ধী চিটৰ অভিজ্ঞতা


অসম বন্ধ..বিশেষ কাৰনত গুৱাহাটি যাব লাগে ৷ যেন তেন ৰঙা বাছ এখন পাই জপিয়াই উঠি দিলো । চিট আছিল পিছে চিট বোৰত মানুহবোৰ বহি আছিল । ভাল মেনেজ কৰিব জানো বুলি মোৰ এটা নাম আছে ।কন্ডাক্তৰ জনক কানে কানে কিবা এটা ক'লো….তেঁও মোৰ চেহেৰাটোলৈ ভালদৰে দুবাৰমান লক্ষ কৰি ক'লে…আহঁক। মানুহৰ বেগ বোৰৰ ওপৰেদি বগলীৰ দৰে ঠেং অ'ত এটা ত'ত এটা দি গান্ধী চিট পালোগৈ।ভদ্ৰ মহিলা দুগৰাকীয়ে হেহুকা পিচোৱা কৰি ৬ ইঞ্চিমান ঠাই উলিয়াই দিলে । মইও বহিবলৈ ব্যৱহাৰ কৰা দেহৰ অংশটো ঠেলি হেচি…. এডজাষ্ট কৰি ল'লো। পিছে যি পাত হে ড্ৰাইভাৰে গাড়ীখন চলাইছিল…নক'ব আৰু….ডলাৰ ধান জৰাদি জাৰি জাৰি গৈ থাকিল আৰু মইও এটলিষ্ট যি কেইজন মান দেৱ দেৱতাৰ নাম সৰুৰে পৰা মুখষ্ট কৰি ৰাখিছিলো বা জানো মনতে আওৰাই গৈ থাকিলো ৷ মাজে মাজে স্পীড ব্ৰেকাৰত যি হে একোটা ব্ৰেক মাৰে….মোৰ ইচ্ছাৰ বিৰুদ্ধে দেহাটো ২ ফুট মান টেক অফ কৰাই …বায়ুত কিছু সময় ৰাখি মহিলা দুগৰাকীৰ কোছত লেন্ডিং কৰাই দিয়ে।
নাপাই দেই, নাপাই, শেষৰ চিটৰ মাজৰ অংশত বহিব নাপায়। যি কি নহওঁক দুবাৰ মানটো দেহাটো ক'ত উফৰি পৰে ঠিক নাই বুলিয়েই নেকি ….টেক অফ কৰাৰ আগতেই উমান পাই মহিলা দুগৰাকীয়ে মোৰ দুয়ো ফালে হাত দুখনত টানি ধৰি ৰাখিলে।
মই এটা কথা লক্ষ কৰিলো…জোকাৰনিত সকলো মানুহ বা বস্তু প্ৰায় নিজৰ জেগাতে থাকে…মইহে উফৰি পৰো….নিজৰ দেহাটো নহয় যেন টেনিছ বল হে ৷ এবাৰ দুইটা ভৰিৰে আগচিটত তলৰ লোহা দুডালত জোৰৰে হেচি হাতৰে দুইফালে থকা আগৰ চিট দুটাৰ পিঠিত খামুচি ধৰিলো ৷ নাই জোকাৰনীয়ে মোৰ সকলো চেষ্টা প্ৰচেষ্টাক পাট্টাই নিদিয়ে ৷ এবাৰটো মই জোকাৰিব পাৰে এতিয়া বুলি ভবাৰ আগতেই অহা জোকাৰনীত একো নাপাই আগচিটৰ মানুহজনৰ চুলিত ধৰিবলৈ হে বাকী থাকিলগৈ ৷
যি কি নহওঁক মোৰ দেহাটো আৰু দুৰ্দশা দেখি খিড়িকীৰ কাষত থকা জনে ক'লে…. বোলে বাইদেউ তেখেতৰ কোচত গধুৰ বেগ জাতীয় কিবা এটা দি দিয়ক হে অলপ জাৰ্কিংটো কমিব…..….শেষৰ বাৰটো এনেকুৱা ব্ৰেক মাৰিলে….মানুহ বহা চিটবোৰৰ মাজৰ বেগ পলিথিন সকলোৰে ওপৰেদি গাড়ীতকৈও বেগত জপিয়াই আহি দৰজামুখ পালোহি….
অসমৰ ৰাষ্টাত গাঁত বা গাঁততটো অলপ হ'লেও ৰাষ্টা থাকিবই….সেই বুলিয়েই সি বেটা ড্ৰাইভাৰে ইমান জোকাৰিব লাগেনে কওঁকচোন….গাড়ীখন ৰখাই লৈও টো সি ব্ৰেক মাৰিব পাৰে…………

চকুৰ ডাক্টৰ


কালি বিজয় আৰু মই চকুৰ ডাক্টৰৰ ওচৰত চকু পৰীক্ষা কৰাবলৈ গৈছিলো৷ মোক চচমা দিলে তাক নিদিলে৷ সেই খঙতে আজি পুৱাই মোৰ নামত যা তা লিখি পষ্ট কৰিলে৷ কিন্তু আচল কাহিনীটো কোনোবাই জানে জানো৷ নাজানে নহয়৷ শুনক তেন্তে৷
বিজয়ে সিদিনা মোক ফোন কৰিলে বোলে দেৱজিতদা তেজপুৰত ভাল চকু ডাক্টৰ আছেনে? মই বোলো কিয়? সি বোলে নহয় মই বস্তুবোৰ দুটা দুটা দেখো৷ যোৰহাটত ইমান ডাক্টৰক দেখালো কোনেও ঠিক কৰিব নোৱাৰিলে৷
মই বোলো হ'ব, তই আহিবি, মোৰো দেখাব লগিয়া আছে, একে লগে দেখাম৷ সেই বুলি সি কালি আহিল, আমি ডাক্টৰৰ তাত গ'লো৷
ডাক্টৰৰ তাত কি হ'ল পঢ়ক৷
ৰিচিপচন কাউন্টাৰত গৈ ধুনীয়া ৰিচিপচনিষ্ট এগৰাকী দেখি মোক পিচলৈ গতা মাৰি সি আগুৱাই গৈ বোলে তোমালোকৰ কোনজনীয়ে নাম লোৱা?
ৰিচিপচনিষ্ট গৰাকীয়ে ইফালে সিফালে চাই বোলে মই ইয়াত এগৰাকীয়েই বহি আছো আৰু নাম মইয়েই লও খুড়া৷ ৷৷৷৷৷৷
বিজয়ে বোলে তোমাৰ লগৰজনীও তোমাৰ দৰেই ধুনীয়া৷ বাৰু মোৰ নামটো লিখা
বিজয়...বিজয় দিন নাথ চৌহান ...পুৰা নাম৷ বাপ কা নাম দিন নাথ চৌহান, মা কা নাম চুহাচিনি চৌহান, গাঁও মান্দোৱা, ওমৰ চত্তিচ চাল, ন মহিনা, আঠ দিন অউৰ ইয়ে চৌল্লা ঘন্টা চালু হে ....অই......
এইবোৰ একো নহয়, মোৰ নাম বিজয়, বিজয় মহন্ত, ঘৰ বান্দৰচালিয়া ,যোৰহাট৷
ৰিচিপচনিষ্ট গৰাকীয়ে পোন্দোৱাকৈ চাই বোলে অলপ বহক ডাক্টৰে মাতিলে যাব৷
মই বিজয়ক বোলো তই যে দুটা দুটা দেখ প্ৰব্লেম কি পাইছ?
বিজয়ে বোলে আপুনি কি কয় দেৱজিত দা, এজনী ঘৈনিক দেখিলেই মোৰ ভয়ত হাত ভৰি কঁপে, তাতে দুজনী দুজনী দেখো, হাতত দুডাল বেলনা মাৰি, দুডাল জাৰু৷ ভাৱকচোন মোৰ কিমান প্ৰব্লেম হয়৷
এনেতে ডাক্টৰে মাতি তাৰ চকুত চচমাৰ ফ্ৰেম এটা পিন্ধাই বহাই লৈ বোলে মাতকচোন এতিয়া
বিজয়ে বোলে মই একো দেখা নাই৷
ডাক্টৰে আকৌ গ্লাচ লগাই ক'লে এতিয়া দেখিছেনে?
বিজয়ে বোলে নাই দেখা৷
আকৌ নতুন গ্লাচ লগাই বোলে এতিয়া আগতকৈ ভাল দেখিছেনে বেয়া দেখিছে?
বিজয়ে বোলে একো দেখা নাই৷
ডাক্টৰে বোলে আপুনি ডাঙৰ ডাঙৰ আখৰ কেইটাও দেখা নাই নে?
বিজয়ে বোলে দেখাত সৰু আখৰ কেইটালৈকে দেখিছো কিন্তু কি লিখা আছে পঢ়িব নাজানো নহয়৷
ডাক্টৰে বোলে তাকে নকয় কিয়? ৰ'ব, মই ইংৰাজী আখৰ কেইটা সলাই অসমীয়া আখৰ কেইটা দিও৷ এই বুলি অ আ ই ঈ কেইটা পঢ়িব দি বোলে এতিয়া মাতক
বিজয়ে বোলে দন্তিয়া অ, মুৰ্ধন্য আ, অন্তিয়াষ্ট ই,
দ্বিতীয়া ঈ, প্ৰথম উ, বৰ্গীয়া ঊ.....
ডাক্টৰে লগে লগে অসমীয়া আখৰ আতৰাই ডট ডট থকা সংখ্যা কেইটা উলিয়াই বোলে প্ৰতি শাৰীতে কেইটা কেইটা ডট আছে কৈ যাওক৷
বিজয়ে বোলে আগৰখনেই ভাল আছিল৷ গন্টি কৰিবলৈ খেলি মেলি লাগে নহয়৷ তিনিটা যোগ পাচটা যোগ সাতটা ...মুঠতে বাৰটা আছে৷
ডাক্টৰৰ উপাই নোপোৱা হ'ল৷ গোটেই কেইজনী ৰিচিপচনিষ্টক মাতি আনি বিজয়ৰ সন্মূখত খাৰা কৰি বোলে কেইগৰাকী দেখিছে?
বিজয়ে বোলে এতিয়া স্পষ্ট দেখিছো৷ মুখত ক'লা তিল থকা দুগৰাকী বৰ ধুনীয়া৷
আগৰ যিটো ডাক্টৰৰ তাত দেখাইছিলো ডাক্টৰটো দুৰৈত গৈ মোক আঙুলি দেখাই দেখাই কেইটা আঙুলি আছে সুধিছিল৷ মই দুবাৰ মান চকু জপায়ে এনেই গেছ কৰি দুই তিনি বুলি কৈ দিছিলো৷ কি ইন্টাৰেষ্টিং দুৱাৰ মান ব্লাফ মাৰোতেও লাগি গৈছিল৷ তিৰ খেলত তেনেকৈয়ে লাগি যায় মোৰ৷ পিছে আপুনি আঙুলি হিচাপ কৰিব নিদি ছোৱালী কেইজনী হিচাপ কৰিব দি ভাল কৰিলে, নহ'লে এইবাৰো মই ব্লাইণ্ড খেলিলো হয়৷
মই জনাত ডাক্টৰজনৰ আজি পুৱা অহালৈকে হুচ অহা নাই৷

হাঁহ ভোজন


স্মিতা বৰদলৈৰ এদিন হাঁহ খাব মন গ'ল৷ হিচাপী মহিলা হিচাপে তেখেতৰ এটা নাম আছে৷ গতিকে মন গ'ল বুলিয়েই ইমানবোৰ টকা পানীত পেলাই হাঁহ কিনি খাবনে? পিছে শেষৰবাৰ কেতিয়া হাঁহ কিনি খাইছিল বহু চেষ্টা কৰিও মনত নপৰাত পূৰণী ডায়েৰিবোৰ উলিয়াই ল'লে৷ তেওঁ আকৌ যি দিনা মাছ বা মাংস খাই ডায়েৰিত লিখি থয়৷ 2005 চনৰ ডায়েৰিখনলৈকে প্ৰতিটো পাত ফা ফা কৈ মুকালি চালে পিছে শেষৰবাৰ কেতিয়া হাঁহ খাইছিল বিছাৰি নাপাই অৱশেষত মানুহজনকে সুধিলে৷
হেৰা, আমি লাষ্ট টাইম হাঁহ কেতিয়া খাইছিলো?
মানুহজনে বোলে কিয় শইকীয়াই যে আমাক এদিন ৰাতি ভাত খাবলৈ নিমন্ত্ৰণ দিছিল সেইদিনা তুমি "পাৰে যদি হাঁহকে খুৱাব, আমাৰ বৰ ফেভাৰেট" বুলি কোৱা নাছিলা?
হেই, মই আনৰ ঘৰত নহৈ অ' নিজে কিনি খোৱাৰ কথা কৈছো৷
মানুহজনে বোলে যিমানদুৰ মোৰ মনত আছে গাড়ীৰ চেপাত মৰা হাঁহ এটা যে আমি বিয়াৰ কেইদিনমান পিচতে ত্ৰিশ টকাত কিনি আনি ফ্ৰীজত থৈ থৈ দেৰ মাহ মান খাইছিলো৷ সেইটোৱেই চাগৈ লাষ্ট কিনি আনি হাঁহ খোৱা৷
স্মিতাই বোলে অ' মনত পৰিল পৰিল৷ শেষত যে আমি হাঁহৰ ঠোতটো পুৰি পাওডাৰ বনাই টেমাত থৈছিলো আৰু কিবা জোল বনালে সেই পাওডাৰ অকন দি হাঁহ খোৱাৰ জুটি লৈছিলো এতিয়া মনত পৰিল৷
মানুহজনে বোলে পিছে আজি হঠাত হাঁহ খোৱাৰ কথা উলিয়ালা যে? গা ভালে আছেনে তোমাৰ?
স্মিতাই বোলে বিয়াৰ পিচতে এদিন খোৱা আজি খুৱ হাঁহ খাব মন গৈছে৷
মানুহজনে বোলে ৰ'বা কেইদিনমান পিচত ফটাঢোলৰ গুৱাহাটী মিটত হাঁহ খুৱাবই, ধৈৰ্য ধৰা৷
স্মিতাই বোলে নাই আজি হাঁহ খামেই৷ বজাৰত গৈ কিবা এটা বুদ্ধি কৰি কমতে হাঁহ আনিব পাৰো নেকি চাও৷ এইবুলি স্মিতা বান্দৰচলিয়াত বহা সোমবৰীয়া হাটলৈ গ'ল৷
হাটত গৈ দেখে বিজয় মহন্তই লেৰেলা চালবাকলী নোহোৱা হাঁহ এজোৰ লৈ বহি আছে৷ স্মিতাই ডিমাগ খটালে৷ বিজয়ক বোলে দাদা আপুনি হাঁহক কি খুৱাই?
বিজয়ে বোলে কিনো খুৱাম আৰু? পুখুৰীত যি পাই তাকেই খাই৷
স্মিতাই মনতে বোলে মুফ্টত হাঁহ খোৱাৰ এইটোৱেই ভাল চাঞ্চ৷ বিজয়ক পকেটৰ পৰা কাৰ্ড এখন উলিয়াই দেখুৱাই বোলে মই জীৱজন্তু শোষণ প্ৰতিৰোধ শাখাৰ পৰা আহিছো৷ হাঁহক উপযুক্ত প্ৰতিপালন নকৰাৰ বাবে তোমাৰ পাঁচহাজাৰ টকা ফাইন৷
বিজয়ে ভয়তে বোলে ইমান ফাইন মই কৰ পৰা দিম, তাতকৈ হাঁহজোৰকে লৈ যাওক৷
স্মিতাই হাঁহজোৰ নি এমাহ মান ফ্ৰীজত থৈ থৈ দগৰি খালে৷ এমাহৰ পিচত আকৌ সোমবৰীয়া হাঁতলৈ গ'ল৷ এইবাৰু বিজয়ে হাঁহ এজোৰ লৈ বহি আছিল৷ স্মিতাই আকৌ সুধিলে হাঁহক কি খুৱাই?
বিজয়ৰ আগৰবাৰৰ কথা মনত পৰি বোলে হাঁহক ঘৰতে বান্ধি থৈ দানা, খুদ চাউল চব খোৱাও, বৰ প্ৰতিপাল কৰো৷
স্মিতাই বোলে তাৰমানে হাঁহক গড়ালত বান্ধি থয়৷ হাঁহক কৰা অত্যাচাৰৰ বাবে পাঁচ হাজাৰ টকা ফাইন৷
বিজয়ে এইবাৰু হাঁহজোৰ দি যেন তেন ফাইনৰ পৰা হাত সাৰিলে৷ ইফালে স্মিতাৰ মুফ্টততে হাঁহ খাবলৈ পাই পাই নতা লাগিল৷ আকৌ এমাহ পিছত সোমবৰীয়া হাতলৈ গ'ল৷ বিজয়ে এইবাৰু হাঁহ এজোৰ লৈ বহি আছিল৷ স্মিতাই গৈ বোলে হাঁহক কি খুৱাই?
বিজয়ে দাঁত কেইটা নিকটাই বোলে না মই হাঁহ বান্ধি থও না সিহঁতৰ প্ৰতিপালন নকৰাকৈ থাকো৷ পুৱাই উঠি হাঁহৰ ডিঙিত গোটা টকা এটা বান্ধি দিও সিহঁতে যি মন যায় নিজৰ মনৰ পচন্দত কিনি খাই৷
স্মিতা চকচ বিজয় ৰকচ.....
(সাত পুৰণী হাঁহৰ জকচ লিখা স্মিতালৈ মোৰ আঠ পুৰণি হাঁহৰেই জকচ এটা আগবঢ়ালো)৷

চন্দ্ৰ যাত্ৰা


সৰুৰে পৰা বৈজ্ঞানিক হ'ম বুলি মনতে আশা পুহি ৰখা গাওঁবুঢ়া কাইটিয়ে অৱশেষত নিজৰ আশা হৰণ কৰিলে ৷ ৰ'ব, আশা মানে "মন হিৰা দৈ চাইকেল নহয় টিলিঙা" শীৰ্ষক গীতটো গাই যি গৰাকীৰ পিছফালে হাফ পেডেল মাৰি মাৰি শেষত চাইকেলৰ কেৰিয়াৰত বঢ়াই বিহু দেখাবলৈ নিম বুলি ঘৰ পোৱালেহি, সেইগৰাকীৰ কথা কৈছো ৷ আই মিন আমাৰ বৌৰ কথা ৷ বৌ নমস্কাৰ দেই ৷
বাৰু যি কি নহওঁক বৌক হৰণ কৰি অনাৰ পিছত ফটা ঢোল কোবাই সকলোকে কৈ দিলে নহয় বোলে আমি হনিমুনত চন্দ্ৰ যাম ৷ বৌৱে উচপ খাই উথিল বোলে চন্দ্ৰত ষ্টাৰ হোটেল নাই গতিকে মই নাযাও ৷ কাইটিয়ে বোলে হেৰৌ কাঁচি জোনৰ কাষৰ ষ্টাৰটো দেখা নাই নেকি, তাতে থাকিম আমি ৷ দাৰ্জিলিং , কাশ্মীৰ চুইজাৰলেন্ড সকলো যায়, আমি বৈজ্ঞানিক মানুহ যেতিয়া অলপ আনকমন ঠাইত যাওঁ ৷ মুঠতে হনিক মুন নিবলৈ দাদা সাজু ৷ সৰুৰে পৰা দেৱালীত নুফুটা ফটকা বোৰ পুৱাই গোটাই থোৱা দাদাৰ এটা সৰুকালৰে পৰা স্বভাৱ আছিল ৷ তাৰে ভলুকা বাঁহৰ আগত ৰকেট বান্ধি দুই এবাৰ দহ বিশ ফুট উপৰলৈ উৰি দুই এক সফল পৰীক্ষাও কৰি থৈছে ৷ যি কি নহওক পূৰ্ণীমাৰ দিনা চাইকেল খনৰ আগচকা চন্দ্ৰপৃষ্ঠলৈ টোৱাই পিছফালে ৰকেট সমুহ বান্ধি দিয়া হ'ল ৷ ৰেইনকোট, হেলমেট আদি পিন্ধি দুয়ো সাজু ৷ ৰকেটৰ নেগুৰত জুই দিবলৈ চম্পাদকক কোৱা হ'ল আৰু হনিমুন যাত্ৰাৰ লাইভ টেলিকাষ্ট কৰাৰো সম্পুৰ্ণ ব্যৱস্থা কৰা হ'ল ৷ পৃথিৱীৰ সকলো নিউজচেনেল পেপাৰত ডাঙৰ ডাঙৰ হৰফৰে নিউজ ওলাল " অসমৰ প্ৰখ্যাত বিজ্ঞানী হনিমুনৰ বাবে চন্দ্ৰলৈ" ৷ লাজতে ৰঙাপৰা আমেৰিকাৰ ৰাষ্ট্ৰপতীয়ে চন্দ্ৰ পৃষ্ঠৰ সবিশেষ জনাবলৈ গাওবুঢ়া কাইটিৰ লগত নাচাৰ দুজন মান বৈজ্ঞানিকো লগতে পঠোৱাৰ ব্যৱস্থা কৰিম বুলি কৈছিল যদিও হনিমুনৰ গোপনীয়তা ৰক্ষাৰ স্বাৰ্থত সেই প্ৰস্তাৱ পোন চাতেই গাওঁবুঢ়া কাইটিয়ে নাকচ কৰিলে যদিও সবিশেষ খবৰ ফেচবুকত লাইভ দেখুৱাম বুলি প্ৰতিশ্ৰুতি দিলে ৷ অৱশেষত খোবাহিৰ দিনা ৰাতি দুয়ো চাইকেলত বহি চন্দ্ৰপৃষ্ঠলৈ যাবলৈ সাজু হ'ল ৷ ৰকেটৰ নেগুৰত জুই দিয়াৰ কিছু সময় পিছতে সকলো ধুৱলি কুঁৱলী হ'ল ৷ দুই একে আকাশলৈ বুলি কিবা এটা উৰি যোৱা দেখি ঈশ্বৰৰ কিবা লীলা বুলি সেৱাও কৰিলে ৷ অলপ পিছতে ফেচবুকত ষ্টেটাছ আহিল "চেফ্টলি লেন্ডেড অন মুন " ৷ লাইক আৰু কমেন্টৰ বাবে ফেচবুক চাৰ্ভাৰ হেং মাৰি যোৱাত পুৰ্ণিমা নিশা কি ঘটিলে খবৰ পোৱা ন'গল ৷ পিছ দিনা পুৱা বৈজ্ঞানিক গাওবুঢ়া কাইটি আৰু বৌক লাইভ দেখা গ'ল ৷ সকলোকে চন্দ্ৰ পৃষ্ঠৰ বৰ্ণনা দিব ধৰিলে ৷
সকলোৰে প্ৰশ্ন : চন্দ্ৰপৃষ্ঠৰ বৰ্তমান পৰিবেশ কেনেকুৱা ৷ অভাৰ টু গাওবুঢ়া কাইটি
গাওবুঢ়া কাইটি: পুৱা চাৰি মান বজাতে ইয়াত সুৰ্য্য উদয় হয় ৷ অসমৰ লগত পৰিবেশ প্ৰায় একেই ৷ খাল ডোং হাবি বন জংঘলৰে ভৰ্তি ৷ আৰু সকলোকে জনাও যে চন্দ্ৰত মানুহ জন্তু বায়ু পানী নাই বুলি কোৱা কথাবোৰ সম্পুৰ্ণ ভিত্তিহীন মিছা কথা ৷ আমি দুয়োৱে এশিঙীয়া গড় দেখিব পাইছো তথা নিলা লুঙী বগা টুপি পিন্ধা কেইজনমানক পুৱাই হাতত ঘটি লৈ জোপোহাৰ মাজত বাহি কাম কৰাও দেখিবলৈ পাইছো ৷ এই কথাই অবৈধ বাংলাদেশী চন্দ্ৰ পৃষ্ঠতো আছে বুলি প্ৰমানিত হৈছে ৷
লাইভ টেলিকাষ্ট দেখি প্ৰায় সকলো বেহুছ হ'ল যদিও নাছাৰ বৈজ্ঞানিক কেইজনমানে চেটেলাইট যোগে জি পি এচ পৰিক্ষন কৰি গ'ম পালে যে কাইটিৰ ৰকেট গৈ 26.5775° N, 93.1711° E ত লেন্ডিং কৰিলে অৰ্থাৎ আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৷ লগে লগে তেওঁলৈ ঘৰৰ মানুহে ৱাটচ আপত মেচেজ কৰিলে বোলে বোপাই তিনিটা বজাত এ এচ টি ছি খন চন্দ্ৰৰ পৰা গুৱাহাটি আহে, তাতে বহি বোৱাৰীক লৈ ঘৰৰ ল'ৰা ঘৰলৈ আহ বোপাই ৷

চিলিণ্ডাৰ আখ্যান


পূজাৰ দুদিনমান আগৰ কথা ৷ পুৱাই শ্ৰীমতীয়ে ৰঙা চাহৰ গিলাচটো বিচনাৰ কাষতে থেকেচকৈ থৈ কৈ দিলে নহয় বোলে সোনকালে উঠক আৰু ক'ত কেনেকৈ গেছ পাই আনকগৈ,গেছ শেষ৷
গেছ শেষ বুলি কথাষাৰ শুনিবলৈ হে পালো, মুখত থকা অক্সিজেনৰ পাইপ ডাল হে যেন কোনোবাই খুলি দিলে ৷ ইফালে গেছ বেলুনৰ দৰে ফুলি উঠা শ্ৰীমতীৰ মুখ খনলৈ চাই একান্ত বাধ্য ছাত্ৰৰ দৰে গৈ পাকঘৰ পালো ৷ হয়টো, যোৱা মাহৰ ৮ তাৰিখেই লগোৱা, হিচাপ এটা কৰি দেখিলো এমাহ দুদিন গ'ল ৷ ধ্যেৎ এই পূজাটো সৰকি যোৱা হ'লেও, খংটো গেষ্ট্ৰিক বঢ়াদি বাঢ়ি আহিল ৷
এও লোকে গেছ হিচাপ কৰি চলাব নাজানে ৷গেছৰ ওপৰত পানী উঠাই বৰুৱানীৰ লগত " আমাৰ যে এও, নক'ব আৰু...." শীৰ্ষক আড্ডা মাৰি থাকোতে কেতিয়া চচপেনৰ পানী শুকাই শেষ হয় গমকে নাপাই ৷ কেৰাহী বহাই চব্জী কটা মানুহ হে ৷ দুআষাৰ মান ভালকৈ শুনাবলৈ মন আছিল বাপ্পেকে পিছে শুনাবলৈ গলে মোক যে একে ফৰ্টি চেভেন মুখৰে থকা সৰকা কৰিব জানি শুনিয়েই একো নক'লো ৷
দোষটো মোৰেই ২১ দিনৰ পিছতো চিলিণ্ডাৰ বুক কৰিবলৈ পাহৰি থাকিলো, তাতে আনটো চিলিণ্ডাৰ সিদিনা দত্তনীয়ে খোজাত দি দিলো ৷ ৱালৰ সিফালৰ পৰা দত্তনীয়ে মিচিকিয়া হাঁহি এটা বেৰিয়া দাঁতৰ মাজেৰে এৰি দি আকৌ ঘপকৈ মনটো সেমেকা কৰি বোলে শইকীয়া দা আমাৰ চিলিণ্ডাৰ শেষ হ'ল, কালিলৈহে পাম, আজি যেন তেন চলিবলৈ দিয়ক না বুলি ক'লে, মইও না কৰিব নোৱাৰি এওঁক ডাইৰেক্ট কৈ দিলো বোলো দি দিয়া হে, আয়ু বেচেৰিৰ কম কষ্ট হৈছেনে চাগৈ ৷
শ্ৰীমতিয়ে ঘোপাকৈ চাই বোলো যোৱা পাৰিলে নিজেই দি আহা আৰু ফুলা লুচিৰে সৈত্যে দত্তনীৰ হাতৰ চাহ একাপো খাই আহা ৷ এই মাইকী মানুহবোৰ একদম চচিয়েল নহয় ৷ যি কি নহওক গেছ শেষ হোৱাৰ লগে লগে যে দত্তনীক চিলিণ্ডাৰ দিয়া কথাটোও যে শ্ৰীমতীৰ মনত পৰিছে মুখৰ এপিয়াৰেঞ্চ চাইয়েই গম পালো ৷
ৰুমৰ পৰা বাহিৰলৈ ওলাই আহি ফোনটো লৈ ওচৰ চুবুৰীয়া বন্ধু বান্ধৱ সকলোলৈকে ফোন লগালো ৷ সকলোৰে এটাই উত্তৰ " ইচ শইকীয়া ,যোৱাকালি নতুনটো লগাইছোহে" দত্তনীয়ে বোলে দাদা এজেঞ্চিত ইমান ফোন কৰি আছো জানেনে গেছৰ গাড়ী অহা নাই বুলি কৈ আজি দিম কালিলৈ দিম কৈ আছে ৷ এইটোকে খুলি দিও নেকি? নাই নাই গেছ পাম তোমালোকে পালে দিলেই হল বুলি মিহিকৈ ক'লো ৷ হাজাৰ হওঁক ওচৰ চুবুৰিয়া ৷
ষ্টৰ ৰুমত আহি পুৰনা ষ্টভটো উলিয়াই চালো তেল নাই ৷ ইণ্ডাক্সন কুকাৰটোৱেও আই ছি ইউত মানে মেকানিকৰ তাত পৰি আছে ৷ আগতে জেউৰা ভাঙিও এসাঁজ ভাত যেন তেন জুইত ৰান্ধিছিলো, পকী ৱাল দিয়াৰ পৰা সেইটোৰো মুদা মৰিল ৷ কি কৰা যাই ৷ এনেতে দেখিলো লৰা ছোৱালী কেইটাক কাপোৰ কানি পিন্ধাই এও ৰেডি ৷ বোলে ঘৰলৈ যাও, গেছ পালে মাতি দিবা ৷ তুমি এই কেইদিন দত্তনীৰ ঘৰতে খাবা ৷ মই খৰিত ফুৱাই ভাত বনাব নোৱাৰো ৷ ধোৱা লাগিলে এলাৰ্জী হয় তাতে যোৱাকালিহে পাৰ্লাৰৰ পৰা আহিছো ৷
মই পেটে পেটে বোলো যোৱা দুদিন মান মাৰাৰ ঘৰতে থাকি আহা, মই হোটেলতে মাছে মঙহে দকহি খাম ৷ সন্ধিয়া বৰুৱাৰ লগত বহি বিন্দাচ কেক কেকনী নুশুনাকৈ ফুৰ্টি পানীকনৰ লগতে ৰামী খেলিবলৈও পাৰিম ৷ আগৰ দিনৰ দৰে কথাই প্ৰতি মাৰ ঘৰত যাও দম দেখাই লাভ নাই ৷ জমানা সলনি হল ৷ তথাপি মৰম দেখাই বোলো নালাগে যাব গেছ আনি আছো ৰ'বা৷ হাতৰ কুঠাৰ খন নিজৰ ভৰিত হে যেন মাৰিলো, শ্ৰীমতীয়েও বোলে ঠিক আছে ৷
ধেই এনেই ফুৰ্তি কৰিলো ৷ চিলিণ্ডাৰটো বাইকৰ পিছত চাইকেলৰ টিউবৰে ভালদৰে বান্ধি এজেঞ্চী পালোগৈ ৷ দোকানৰ আগত "ষ্টক নিল" বৰ্ড ৷ খংটো ছুলিৰ আগ পালেগৈ ৷ আগতে ব্লেকত দিয়া আমাৰ ওচৰৰে গজেনলৈ ফোন কৰিলো ৷ সি কলে দাদা যোৱা কালি শৰ্মাদাৰ ঘৰত দুটা চিলিণ্ডাৰ দি আহিলো নহয়, নহ'লে আপুনি এটা পালে হেতেঁন ৷
ক'তো একো নাপাই শেন টো হৈ গৈ ফেঁচাটোৰ দৰে ঘৰ পালোহি ৷ মনতে বোলো গেছ নেদেখিলে আজি শ্ৰীমতীয়ে এসাঁজ ভালকৈয়ে খুৱাব ৷ পিছে উৱা ঘৰত আহি দেখিলো কাষৰ ঘৰৰ কলিতাই ডাইনিং টেবুলত বহি টামাম ফুলা লুচি চাহৰ সৈতে দি আছে ৷ মই ভিতৰলৈ আহি শ্ৰীমতীক সুধিলো বোলো কেচ কি? গেছ ক'ত পালা ৷ শ্ৰীমতীয়ে বোলে দত্তনীক যি দৰে চিলিণ্ডাৰ দিছিলা মইও তেনেদৰে কলিতাৰ পৰা ল'লো .......

কাজিৰঙা দৰ্শন


বৈত্ৰিশ দন্ত বিকশিত জিমি আৰু পিছফালৰ এন আৰ চিত নাম নহা বাংলাদেশৰ পৰা কাঁটা তাঁৰ পাৰ হৈ অহা মুখত কাপোৰধাৰী নাৰী মুৰ্তি কেইগৰাকী সিদিনা কাজিৰঙা চাবলৈ আহিছিল৷
কাজিৰঙাত আহি পাই কহঁৰা গেটৰ সন্মুখতে চিমেন্টৰে বনাই থোৱা গড়টো দেখি জিমিয়ে "অ মা এইটো কি?" বুলি মুচকচ গ'ল৷ পিছত যেনিবা ফৰেষ্ট গাৰ্ড জনে ভন্টি এইটো চিমেন্টৰ হে অৰিজিনেল নহয় বুলি মুখত পানী এচলু ধালি দিওতে যেন তেন হুচ আহিল৷
যি কি নহওঁক জিমি আৰু বাকী নৰা বগৰী মানে নাৰী কেইগৰাকীক লৈ জীপচি আগবাঢ়িব ধৰিলে৷ গাড়ী গৈ আছে, জিমিৰ আনন্দৰ সীমা নাই৷ হঠাতে ফৰেস্ট গাৰ্ডজনক বোলে দাদা জীৰাফ থকা ফালে গাড়ীখন লৈ যাওঁকচোন৷
ফৰেষ্টগাৰ্ড জনে হিকটি এটা মাৰি বোলে বাইদেউ জীৰাফবোৰ বৰ ওখ যে দিনৰ দিনটো ঠিয় হৈ থাকি ভৰি বিষায় সেয়ে এইখিনি সময়ত মাটিত লেপেটা কাঢ়ি বহি অলপ শুৱে৷
জিমিয়ে বোলে অহ ন'৷ তেন্তে জেব্ৰা থকা ফালে গাড়ী ঘুৰাওক৷ কাজিৰঙা আহি যদি জেব্ৰা এটা নেদেখো ঘৰত গৈ কি কমগৈ৷
গাৰ্ড জনে বোলে বাইদেউ হাতি গড় এইবোৰ নাচাই আপুনি চিধা জিৰাফ আৰু জেব্ৰাত ধৰিলে যে?
জিমিয়ে বোলে এ এচ টি চিৰ গাড়ীত দৌৰি থকা গড়টো দেখিয়েই থাকো আৰু হাতি কিয় চাম? আমি এজিপিৰ মানুহ৷
জিমিয়ে বোলে ইয়াত টাইগাৰ পাইনে?
গাৰ্ডজনে বোলে পাই বাইদেউ৷ পিছে আপোনাৰ যিটোহে চেহেৰা টাইগাৰে ভয় খাই পলাব৷
জিমিয়ে বোলে তেনেহ'লে কি দাল চাম?
গাৰ্ডজনে বোলে ম'হ চাওঁক, হৰিনা চাওঁক৷
জিমিয়ে বোলে হেৰৌ, মই মহৰ পিঠিত বহি বিহু গোৱা ছোৱালী৷
গাৰ্ডজনে বোলে আপোনাক দেখি লাগিছে বাইদেউ৷ মহে চাগৈ পিঠিত বগলি বহিছে বুলি চিকৰা গুচাব দিয়ে৷
সিংহ চাব নেকি বাইদেউ?
জিমিয়ে বোলে ক'ত ক'ত?
গাৰ্ডজনে দুৰৈত থকা বনৰীয়া মেকুৰী এটা দেখাই বোলে এইটো৷
জিমিয়ে বোলে এইটো দেখোন দেখিবলৈ মেকুৰী নিচিনা?
গাৰ্ডজনে বোলে গুজৰাটৰ পৰা আহোতে আহোতে বেছেৰাটো শুকাই ক্ষিনাই গ'ল৷ তাতে আজি আপুনি আহিব বুলি সিংহই কেশৰ চেশৰ বোৰ চেভ কৰি মিলমিলিয়া হৈ আহিছে ৷
জিমিয়ে ম'বাইলটো উলিয়াই মেকুৰীটোকে সিংহ বুলি ফটো দুখনমান ল'লে৷
জিপচি গৈ আছে ৷ এনেতে আগ ফালে বান্দৰ এটা জিপচিত জপিয়াই দিলে৷
জিমিয়ে বোলে চাল্লা, তই ইয়ালৈকো আহিলি?
গাৰ্ডজনে বোলে বাইদেউ আপুনি বান্দৰটোক চিনি পাই?
জিমিয়ে বোলে কিয় নাপাম? মই স্কুললৈ গ'লে, গাওঁৰ চাৰিয়ালিটোৰ ঔটেঙা জোপাৰ পৰা সদায় ই বেটাই মোক জোকাই লাইন দিয়ে৷
গাৰ্ডজনে পানী এচলু নিজৰ মুখতে চতিয়াই ল'লে৷
গাড়ী গৈ আছে, এনেতে অলপ দুৰৈত গৈ জিমিয়ে দুৰৈৰ পৰা অ' মা সেইটো সেইটো বুলি চিঞৰ মাৰি দিলে৷ ফৰেষ্ট গাৰ্ডজনে আকৌ মুখত পানী এচলু ধালি কি কি বুলি সুধিলে৷
জিমিয়ে বোলে ডাইন'চৰ ডাইন'চৰ.....
ফৰেষ্টগাৰ্ড জনে বোলে বাইদেউ এইখন কাজিৰঙা নেচনেল পাৰ্ক হে জুৰাচিক পাৰ্ক নহয়৷ সেইটো ডাইনচৰ নহয় হাতীহে৷

********************
গাওঁবুঢ়া কাইটিৰ চন্দ্ৰ যাত্ৰা
সৰুৰে পৰা বৈজ্ঞানিক হ'ম বুলি মনতে আশা পুহি ৰখা গাওঁবুঢ়া কাইটিয়ে অৱশেষত নিজৰ আশা হৰণ কৰিলে ৷ ৰ'ব, আশা মানে "মন হিৰা দৈ চাইকেল নহয় টিলিঙা" শীৰ্ষক গীতটো গাই যি গৰাকীৰ পিছফালে হাফ পেডেল মাৰি মাৰি শেষত চাইকেলৰ কেৰিয়াৰত বঢ়াই বিহু দেখাবলৈ নিম বুলি ঘৰ পোৱালেহি, সেইগৰাকীৰ কথা কৈছো ৷ আই মিন আমাৰ বৌৰ কথা ৷ বৌ নমস্কাৰ দেই ৷
বাৰু যি কি নহওঁক বৌক হৰণ কৰি অনাৰ পিছত ফটা ঢোল কোবাই সকলোকে কৈ দিলে নহয় বোলে আমি হনিমুনত চন্দ্ৰ যাম ৷ বৌৱে উচপ খাই উথিল বোলে চন্দ্ৰত ষ্টাৰ হোটেল নাই গতিকে মই নাযাও ৷ কাইটিয়ে বোলে হেৰৌ কাঁচি জোনৰ কাষৰ ষ্টাৰটো দেখা নাই নেকি, তাতে থাকিম আমি ৷ দাৰ্জিলিং , কাশ্মীৰ চুইজাৰলেন্ড সকলো যায়, আমি বৈজ্ঞানিক মানুহ যেতিয়া অলপ আনকমন ঠাইত যাওঁ ৷ মুঠতে হনিক মুন নিবলৈ দাদা সাজু ৷ সৰুৰে পৰা দেৱালীত নুফুটা ফটকা বোৰ পুৱাই গোটাই থোৱা দাদাৰ এটা সৰুকালৰে পৰা স্বভাৱ আছিল ৷ তাৰে ভলুকা বাঁহৰ আগত ৰকেট বান্ধি দুই এবাৰ দহ বিশ ফুট উপৰলৈ উৰি দুই এক সফল পৰীক্ষাও কৰি থৈছে ৷ যি কি নহওক পূৰ্ণীমাৰ দিনা চাইকেল খনৰ আগচকা চন্দ্ৰপৃষ্ঠলৈ টোৱাই পিছফালে ৰকেট সমুহ বান্ধি দিয়া হ'ল ৷ ৰেইনকোট, হেলমেট আদি পিন্ধি দুয়ো সাজু ৷ ৰকেটৰ নেগুৰত জুই দিবলৈ চম্পাদকক কোৱা হ'ল আৰু হনিমুন যাত্ৰাৰ লাইভ টেলিকাষ্ট কৰাৰো সম্পুৰ্ণ ব্যৱস্থা কৰা হ'ল ৷ পৃথিৱীৰ সকলো নিউজচেনেল পেপাৰত ডাঙৰ ডাঙৰ হৰফৰে নিউজ ওলাল " অসমৰ প্ৰখ্যাত বিজ্ঞানী হনিমুনৰ বাবে চন্দ্ৰলৈ" ৷ লাজতে ৰঙাপৰা আমেৰিকাৰ ৰাষ্ট্ৰপতীয়ে চন্দ্ৰ পৃষ্ঠৰ সবিশেষ জনাবলৈ গাওবুঢ়া কাইটিৰ লগত নাচাৰ দুজন মান বৈজ্ঞানিকো লগতে পঠোৱাৰ ব্যৱস্থা কৰিম বুলি কৈছিল যদিও হনিমুনৰ গোপনীয়তা ৰক্ষাৰ স্বাৰ্থত সেই প্ৰস্তাৱ পোন চাতেই গাওঁবুঢ়া কাইটিয়ে নাকচ কৰিলে যদিও সবিশেষ খবৰ ফেচবুকত লাইভ দেখুৱাম বুলি প্ৰতিশ্ৰুতি দিলে ৷ অৱশেষত খোবাহিৰ দিনা ৰাতি দুয়ো চাইকেলত বহি চন্দ্ৰপৃষ্ঠলৈ যাবলৈ সাজু হ'ল ৷ ৰকেটৰ নেগুৰত জুই দিয়াৰ কিছু সময় পিছতে সকলো ধুৱলি কুঁৱলী হ'ল ৷ দুই একে আকাশলৈ বুলি কিবা এটা উৰি যোৱা দেখি ঈশ্বৰৰ কিবা লীলা বুলি সেৱাও কৰিলে ৷ অলপ পিছতে ফেচবুকত ষ্টেটাছ আহিল "চেফ্টলি লেন্ডেড অন মুন " ৷ লাইক আৰু কমেন্টৰ বাবে ফেচবুক চাৰ্ভাৰ হেং মাৰি যোৱাত পুৰ্ণিমা নিশা কি ঘটিলে খবৰ পোৱা ন'গল ৷ পিছ দিনা পুৱা বৈজ্ঞানিক গাওবুঢ়া কাইটি আৰু বৌক লাইভ দেখা গ'ল ৷ সকলোকে চন্দ্ৰ পৃষ্ঠৰ বৰ্ণনা দিব ধৰিলে ৷
সকলোৰে প্ৰশ্ন : চন্দ্ৰপৃষ্ঠৰ বৰ্তমান পৰিবেশ কেনেকুৱা ৷ অভাৰ টু গাওবুঢ়া কাইটি
গাওবুঢ়া কাইটি: পুৱা চাৰি মান বজাতে ইয়াত সুৰ্য্য উদয় হয় ৷ অসমৰ লগত পৰিবেশ প্ৰায় একেই ৷ খাল ডোং হাবি বন জংঘলৰে ভৰ্তি ৷ আৰু সকলোকে জনাও যে চন্দ্ৰত মানুহ জন্তু বায়ু পানী নাই বুলি কোৱা কথাবোৰ সম্পুৰ্ণ ভিত্তিহীন মিছা কথা ৷ আমি দুয়োৱে এশিঙীয়া গড় দেখিব পাইছো তথা নিলা লুঙী বগা টুপি পিন্ধা কেইজনমানক পুৱাই হাতত ঘটি লৈ জোপোহাৰ মাজত বাহি কাম কৰাও দেখিবলৈ পাইছো ৷ এই কথাই অবৈধ বাংলাদেশী চন্দ্ৰ পৃষ্ঠতো আছে বুলি প্ৰমানিত হৈছে ৷
লাইভ টেলিকাষ্ট দেখি প্ৰায় সকলো বেহুছ হ'ল যদিও নাছাৰ বৈজ্ঞানিক কেইজনমানে চেটেলাইট যোগে জি পি এচ পৰিক্ষন কৰি গ'ম পালে যে কাইটিৰ ৰকেট গৈ 26.5775° N, 93.1711° E ত লেন্ডিং কৰিলে অৰ্থাৎ আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৷ লগে লগে তেওঁলৈ ঘৰৰ মানুহে ৱাটচ আপত মেচেজ কৰিলে বোলে বোপাই তিনিটা বজাত এ এচ টি ছি খন চন্দ্ৰৰ পৰা গুৱাহাটি আহে, তাতে বহি বোৱাৰীক লৈ ঘৰৰ ল'ৰা ঘৰলৈ আহ বোপাই ৷

বিজয় পূৰাণ


বিজয়, বৰ সহজ সৰল মানুহ৷ পিছে আনৰ লগত নঘটা ভয়ানক ভয়ানক দূৰ্ঘটনাবোৰ সদায় তাৰ লগতেই ঘটে৷ ঘৈনিয়েক বন্দিতাৰ মতে সি কোনখন দুনিয়াত থাকে ভগবানেহে জানে৷
সৌ সিদিনাখনৰ কথা৷ বিজয়ৰ হঠাত ঘৰ চাফা কৰাৰ ভূত লম্ভিল৷ বন্দিতাক বোলে তোমালোকে ঘৰটো অলপো চাফা কৰি নাৰাখা, অত লেতেৰা ত'ত লেতেৰা৷ এইবুলি গামোছাখন ককালত মেৰিয়াই যিমান পাৰে মকৰাজালৰ পৰা ধৰি ঘৰৰ চূককাণ চাফা কৰাত লাগিল৷ মাজে মাজে ঘৰৰ বাহিৰত ওলায় বৰুৱা কলিতানিহঁতকো অলপ কাম কৰা দেখুৱালে৷
শৰ্মানী ,মানে আমাৰ ৰাজশ্ৰী শৰ্মা আকৌ বিজয়ৰ তামাম ফেন৷ বন্দিতাক মাজে মাজে আহি ৰাজশ্ৰীয়ে কৈয়েই থাকে "দাদা যে ইমান ভাল, আপোনাক কামত ইমান সহায় কৰে৷ আমাৰজনে যে পৰি থকা কুটা এটাও হাতেৰে নুতুলে"৷ বিজয়ে সেই কথাকেইষাৰ শুনিবলৈকে এনেদৰে মাজে সময়ে ঘৰৰ দুই এটা কাম কৰি দেখুৱাই৷
যি কি নহওঁক কাম কৰি থাকোতেই ঘৰত ৰাজশ্ৰীৰ মাত শুনি বিজয়ে ঘৰৰ কাম তাতেই এৰি গাটো তিয়াই লও বুলি ককালৰ গামোছাখন ৱাচিং মেছিনত দি সাউতকৈ আনে দেখাৰ আগতেই বাথৰুমত সোমাল৷
দুৰ্ঘটনাটো ঘটিল সেইখিনিতেই৷ গা চিকচিকাবলৈ চাবোনখিনি ঘঁহি লৈছিলহে৷ মনত পৰিল টাৱেল দেখোন আনিবলৈকে পাহৰিলে৷ গা মুছি ৰুমলৈ যাব কি দৰে?
বাথৰুমৰ দৰ্জাখন সামান্য খুলি বন্দিতাক মাত দিবলৈ ধৰি দেখে বাথৰুমৰ কাষৰ কৰিডৰতে ৰাজশ্ৰী আৰু বন্দিতাই কথা পতাত ব্যস্ত৷ তথাপি আনে শুনো নুশুনোকৈ লাহেকৈ বাথৰুমৰ দৰ্জাখন অকনমান ফাঁক কৰি "হেৰা শুনিছা" বুলি মাত দিলে... নাই বন্দিতাই শুনা নাই৷ আকৌ মাতিলে, নাই এই বাৰু নুশুনিলে৷
কাষতে কাম কৰি থকা বাইগৰাকীয়ে বাথৰুমৰ পৰা কি মাত ওলায় আছে বুলি উঠি আহি চাই দেখিলে বাথৰুমৰ দৰ্জাৰ ফাঁকৰে বিজয়ে চকুটিপ মাৰি আছে আৰু কিবা কিবি শুনো নুশুনোকৈ কৈ আছে৷
বায়ে ইফালে সিফালে চাই গাত লোৱা চাদৰখন অলপ ঠিক ঠাক কৰি ল'লে৷ মনতে বোলে মানুহটোটো এনেকুৱা নহয়, আজি দিনদুপৰতে কিহে পালে? বায়ে পোন্দোৱাকৈ চায় লাহেকৈ আতৰি গ'ল৷
বিজয়ে অৱশেষত একো উপায় নাপায় দেহাটোৰ আধাফাল বাথৰুমৰ ভিতৰতে ঠেলি হেচি থৈ হাত দুটা যিমান পাৰে মেলি হাকুতি লগোৱা দি ৱাচিং মেচিনৰ পৰা অলপ আগত খুলি থৈ যোৱা গামোছাখন খেপিয়াই মেলি হ'লেও আনিবলৈ চেষ্টা কৰিলে৷
ইফালে ৰাজশ্ৰী-বন্দিতাৰ কথা আৰু হাঁহিৰ খিলখিলনি সেই ফাললৈকে বাঢ়ি আহিব ধৰিলে৷ সাম্ভাব্য বিপদৰ সম্ভেদ পাই বিজয়ে বাথৰুমৰ ভিতৰত থকা দেহাকনো ওলিয়ায় আনি ৱাচিং মেছিনত ধুবলৈ থোৱা গামোছাখন ককালত মেৰিয়াই ল'লে৷
হেৰি, সেইটো কি পিন্ধি গা ধুইছে? সেইটো দেখোন মোৰ ধুৱলৈ থোৱা নাইটিটো৷ আপুনি আৰু তিয়নি কাপোৰ বিছাৰি নাপালে?
গোটেই গাত ফেনাই থকা চাবোন আৰু ককালত নাইটি দেখি বন্দিতা জকজকাই উঠি ভোৰভোৰাই ভিতৰলৈ সোমায় গ'ল৷
বাইজনীয়েও চব্জীৰ বাকলীৰ পেলাবলৈ নিওতে বিজয়ৰ ফালে পোন্দোৱাকৈ চাই গ'ল৷
ৰাজশ্ৰীয়ে বিজয়ৰ মাত শুনি কিবা কাম কৰি আছে বুলি ওলায় আহি দেখে চাবোনৰ ফেনেৰে লুতুৰি পুতুৰি বিজয়ে ককালত নাইটি মেৰিয়াই ৰৈ আছে৷
ৰাজশ্ৰীয়ে বোলে বিজয় দা কি কৰিছে?
বিজয়ে ৰাজশ্ৰীক দেখি এটা হাতৰে আগফাল আৰু আনটো হাতৰে পিচফাল ধাকি ৱাচিংমেচিনৰ পৰা গামোছাখন উলিয়াই চলমনখানৰ দৰে দুই ভৰিৰ মাজৰে গামোছাখন ভৰাই "জিনে কা হে চাৰ দিন..." গান গাই বোলে wheel detergent powder ৰ এডভাৰ্টাইজটো প্ৰেকটিছ কৰি আছো৷

বছৰৰ শেষৰটো বাজন৷
ঢোল পুৰনাটোৱেই, মানে বিজয়৷
কালি হেকাদাই বিজয়ক সুধিলে বোলে বিজয় 31st পাৰ্টিৰ কি আয়োজন?
বিজয়ে বোলে দাদা, ছাগলী৷
হেকা দাই বোলে বাঃ তুমি ইমান চিপচটোৱে ছাগলী মাংস কিনিবা?
বিজয়ে বোলে মই আপোনাৰ দৰে এপোৱা মাংস কিনি চৈধ্য চুবুৰীক নুখোৱাও৷ কালিয়েই এটা গোটা ছাগলী আনি পালেংৰ খুঁটাত বান্ধি থৈছো৷
হেকাদাৰ সন্দেহ হ'ল৷ হেকাদাই বিজয়ৰ ফোনটো কাটি লগে লগে সোনটোলৈ ফোন লগালে৷
সোনটো বিজয়ে বোলে ছাগলী আনি বান্ধি ৰাখিছে 31stৰ বাবে৷
সোনটোৱে বোলে দাদা কি কয়, বিজয় চিপচে ছাগলী কিনিব৷ এইটো কলগছৰে কাণ খজুৱা কথা ৷ মোৰ বগী ছাগলীজনী কালিৰ পৰা নাই৷ ৰ'ব মই এতিয়াই গৈ চাই আহোগৈ৷
কিন্তু, সোনটোৱে আহি দেখে ক'লা ছাগলী এজনী বিজয়ে শোৱা পালেংৰ খুঁটাত বান্ধি থৈছে৷ ক'লা ছাগলী দেখি সোনটো যাব লৈছিল যদিও, বগী বুলি মাতোতে ছাগলীয়ে "বে" বুলি মাতোতেহে উৰহী গছৰ ওৰটো ওলাল ৷
বিজয়ে পথাৰত চৰি থকা সোনটোৰ বগা মাইকী ছাগলী এজনী আনি জোটাত মৰা চেৰি ব্লচম ঘঁহি ক'লা ছাগলী বনাই বান্ধি থৈছিল৷
শুনা মতে বিজয়ে এতিয়া ছাগলীৰ ফটো এখনকে আগত লৈ ভাত খাই আছে৷

漢字汉字漢字汉字


এবাৰ এজন চাইনিজ ফটাঢোললৈ আহিল৷ চাইনিজ জনে সকলোকে সুধিলে যে চীনা ভাষাটো যদি শিকাব বিছাৰো কিমান দিন মানত আপোনালোকে আয়ত্ব কৰিব পাৰিব?
কাকতিদাই বোলে বাপ্পাহাৰে আৰু আকটা জনম পালিও ন'ৰো দে৷
ৰিন্টুদাঃ দিনত শিকাব নে ৰাতি৷ ৰাতি শিকালে সোনকালে পাৰিম৷ তথাপি মই যি হে এলেহুৱা দহ বছৰ মান লাগিব৷
সোনটোঃ ভাষা শিকি থোৱাতো ভাল কোনে জানে কাৰ ভাগ্যত চাইনিজ মাল লিখা আছে৷ পাচ বছৰ মান পালে এৰা পুৰা শিকি মেলি চাইনিজত কবিতাই লিখিব পৰা হৈ যাম৷
দিম্পলঃ চাইনিজ কেইজনী প্ৰথমতেই চকুত পৰে পিছে ভাষাটো নাজানো বাবেহে৷ এনেই মোৰ নিজৰ ভাষাটো,লিখিলেও অলপ চলপ বানান ভুল হয় গতিকে অন্যতকৈ দুবছৰমান বেছি লাগিব৷ চাই লওচোন আন সকলে কি কয়৷
মানসদাঃ চেষ্টা এটা কৰি চাব পাৰি৷ লেক অফ ন" ৰিটাৰ্ণৰ পৰা অহা মানুহ৷ পাচ ছবছৰ মানত পাৰিব লাগে, নে কি কোৱা বিজয়?
বিজয়ঃ ধেই কি দহ বছৰ লাগিব পাচ বছৰ লাগিব কৈ আছে? পৰীক্ষা কেতিয়া ল'ব কওঁক৷ কালিলৈ যদি পৰীক্ষা লয়, চাইনিজ ভাষা শিকিবলৈ আজি ৰাতিটোৱেই মোৰ বাবে কাফি৷ হেৰৌ পাছ হে কৰিব লাগে৷ খুব বেছি বেক লাগিব, অহাবছৰ আকৌ দিম আগদিনা পঢ়ি৷
(এতিয়া আপোনালোকে মোক নুসুধিব বিজয় কোন? সেইজনেই বিজয় মহন্ত যিয়ে "মিছন চাইনা চাব গৈ চাইনিজ ভাষা নুশুনি হ'লৰ পৰা ওলায় আহি কাউন্টাৰত টিকটৰ দাম ঘুৰাই বিছাৰিছিল)

বিজয়ে মহৰ পৰা পৰিত্ৰাণ পাবলৈ ব্যৱহাৰ কৰা বাকী উপায় সমূহ....
মহক ভয় খুৱাবলৈ সি
১, আঠুৱাৰ বাহিৰত ফলকত লিখি থয় "কইল আৰু লিকুইডেটৰৰ পৰা সাৱধান"৷
২, ৰাতি শুওতে বগা এপ্ৰন পিন্ধি পকেটতত নামটো এনেদৰে লিখি লয়" বিজয় মহন্ত, ডিডিটি স্প্ৰেয়াৰ মেন, মেলেৰিয়া কন্ট্ৰল ডিপাৰ্টমেন্ট"৷ তাৰ নামটো পঢ়া পিছত বোলে মহে তেজ খাবলৈ দহবাৰ ভাবে৷
৩, ৰাতি শুওতে গুনগুনাই থাকে "মই মহৰ চিৰিয়েল কিলাৰ, মই মহৰ চিৰিয়েল কিলাৰ"
৪, মৰা মহ ১০ টা মান আঠুৱাত সুঁতাৰে বান্ধি লিখি থয় ১১ নম্বৰটোৰ অপেক্ষাত৷
৫, মচকিউত' কইলৰ দৰকাৰেই নাই কাগজ এখনত বিজয় মহন্ত বুলি লিখি নুৰা কৰি পুৰি দিয়ে৷ তাৰ নাম লিখা কাগজৰ ধোঁৱাতেই মহ বেহুছ হয়৷
৬, ৰঙা কাড় চিন এডাল দি সি শুৱাৰ বিপৰিত ফালে "খাটি মানুহৰ তেজ এই পিনে পোৱা যায় বুলি লিখি থয়"
৭, পকেটত " কষ্ট নকৰিব এইজন মানুহৰ হিমগ্লবিন নিল" বুলি লেৱৰটৰিৰ পৰা লিখাই অনা ৰিপৰ্টখন পকেটত লৈ শুৱে৷
এই গোটেইখিনি কৰি শেষত মানুহটোকে নিজে "মামি বোৰৰ দৰে" কাপোৰৰে মেৰিয়াই কেৱল উশাহ লবলৈ নাকৰ পাইপ এডাল লগায় শুই থাকে৷
বাঘে তানত পৰিলে ঘাঁহো খাব পিছে বিজয় মহন্তই মহ খেদিবলৈ আঠুৱা নতৰে৷

আত্মজীৱনী


বিজয়ে ভাবিলে "বিজয় মহন্ত এজ আই ন' হিম" টাইপৰ বিজয় পূৰাণ এভাগ দেৱজিতদাই লিখাৰ আগতেই মই নিজে নিজৰ আত্মজীৱনী এখন লিখা ভাল৷
কথা মতে কাম৷ তিনি দিষ্টা কাগজ আৰু দুটা কলম কিনি আনি বিজয় বহি গ'ল আত্মজীৱনী লিখিবলৈ৷
".......এক্সুৱেলী সোঁৱৰণী বা জন্মপত্ৰিকা, কুষ্ঠি বা বাৰ্থ চাৰ্টিফিকেট নথকা বাবে কোন দিনা কোন সময়ত কি তিথিত আবিৰ্ভাৱ হ'লো মই নাজানো৷ মানুহে কোৱা মতে বৰদেউতা হঁতৰ ঘৰত সেইদিনা হাঁহজনীয়ে এবাৰতে তিনিটা কণী পাৰিছিল৷ তাকে দেখি সকলোৱে কৈছিল ইয়াৰ জন্মৰ দিনা ইমান আচৰিত কথা এটা হৈছে গতিকে ই বস্তু ডাইল হ'ব৷
.....একেবাৰে সৰু কালৰ কথাবোৰ মনত পৰা নাই৷ গতিকে লিখিব নোৱাৰিম৷ মাত্ৰ মনত পৰে সৰুতে মোক আনৰ দৰে দবা হকা দি স্কুল পঠাব লগিয়া হোৱা নাছিল৷ আমাৰ গাঁৱৰে মোৰ লগৰ জোনমনি বুলি এজনী ধুনীয়া ছোৱালী আছিল৷ তাই এদিন দেউতাকৰ চাইকেলত বহি স্কুল যোৱা দেখি মই সিহঁতৰ পিছে পিছে তাইক চাই চাই স্কুল পাইছিলোগৈ৷
ইয়াৰ পিচত বিজয়ে ভাবিলে মানুহে আত্মজীৱনীত ভাল ভাল কথাবোৰহে লিখে কিন্তু মই যদি স্কুলত বৰ ভাল ছাত্ৰ আছিলো বুলি লিখো মোৰ আত্মজীৱনী নামৰ কিতাপখন পঢ়ি তিলেশ্বৰ মাষ্টৰে এচাৰি লৈ আহি মোক ঘৰতে দুপিতন দিব৷ গতিকে স্কুলৰ কথাবোৰ নিলিখো, ডাইৰেক্ট কলেজৰ কথা লিখো৷
কলেজৰ কথা লিখিবলৈ লৈয়ে মনত পৰিল মই দেখোন এতিয়া বিবাহিত৷ কলেজৰ কথাবোৰ লিখিলে এও যদি বেয়া পাই৷ নাই নাই মোক পাট্টা নিদি বেলেগলৈ বিয়া হৈ যোৱা সেই কেইজনীৰ কথা লিখি এওৰ পৰা বেলনাবাৰীৰ মাৰ খাব মন নাই৷ নিলিখো বাপ্পেকে৷
তাৰ পিচত বিজয়ে ভাবিলে ডাইৰেক্ট বিয়াৰ কথাই লিখো৷ পিছে চবেই দেখোন বিয়া পাতে৷ মইনো আত্মজীৱনীত লিখিবলৈ কি একেবাৰে আনে নকৰা কাম এডাল কৰিলো৷ নিলিখো থাকক৷
আৰু কিনো লিখিম আত্মজীৱনীত? বহু ভাবি ভাবি বিজয়ে মনতে আইডিয়া এটা পালে বোলে এতিয়া এইখিনিকে লিখি প্ৰকাশ কৰি দিও, পিছৰ খিনি অহা সংখ্যাত বুলি দি থম৷ এই বুলি বিজয়ে তাৰ আত্মজীৱনীৰ প্ৰকাশক বিছাৰি গ'ল৷
প্ৰকাশকে প্ৰথমতে এটা পৃষ্ঠাৰ আত্মজীৱনী খন কিবা দৰ্খাষ্ট বুলি লুটিয়াই বগৰাই পঢ়ি লৈ বোলে "এইখন হালধীয়া ৰঙৰ কাগজত প্ৰিন্ট কৰিম নে পিংক কালাৰৰ পেপাৰত?
বিজয়ে বোলে কালাৰ পেপাৰত মোৰ ফটোখন জিলিকিব জানো? মই অলপ ডাৰ্ক টল হেণ্ডচাম যে?
প্ৰকাশকে বোলে হালধীয়া ৰঙতে চপাই দিও, কিতাপৰ দোকানত দিব নালাগে আৰু তেতিয়া৷ ডাইৰেক্ট পুৱাৰ বাতৰি কাকতৰ মাজত এখিলাকৈ ভৰাই দিলেই হৈ যাব৷
বিজয়ে বোলে হ'ব, মাত্ৰ এডভাৰ্টাইজ হিচাপে গছৰ ডালত নিৰ্বাচনৰ বেনাৰ টাইপত মানুহ এটা লগাই আঠা মাৰি দুথনমান ডাঙৰ চাইজৰ তিতাবৰ চাৰিয়ালিত লগাব লাগিব৷ বাকী এডভাৰ্টাইজ বাৰু মই ফেচবুকতে কৰিম৷
এতিয়া কওঁক প্ৰকাশক হিচাপে মোৰ আত্মজীৱনীখনত কিমান দিব?
বিজয় খুচ
প্ৰকাশক বেহুচ

সমিপেষু


যিমানেই গুৱাহাটীৰ ফটাঢোল মিট কাষ চাপি আহিছে সিমানেই কাকতিদাৰ চিন্তা বাঢ়ি আহিছে৷ কি দৰে পাৰ্মিশ্চন লোৱা যায় বৌৰ পৰা তাকে দিনে নিশাই চিন্তা কৰিব ধৰিলে৷
পূৱা বৌ উঠাৰ আগতেই লিকাৰ ওলোৱা চাহ একাপ বনাই বৌৰ কাষ পালেগৈ৷
গুড মৰ্ণিং.....উঠা উঠা মৰ্ণিং হৈ গ'ল৷ চোৱা তোমালৈ মই কি আনিছো?
বৌয়ে চাহৰ কাপটো দেখি বোলে তুমি নাজানা নেকি মই চাহ এৰা আজি দুমাহ হ'ল৷
কাকতিদাই ভোৰভোৰাই বোলে চেহ৷ কালি কলিতানীয়ে দিয়া আইডিয়াটো পূৱাতেই ফ্লপ মাৰিলে৷
বৌয়ে বোলে কি? কোন কলিতানী?
কাকতিদাই বোলে নহয় মানে মোৰ লগৰ সেই ওমৰাংচুত থকা কলিতাই আপাতানী ছোৱালী বিয়া পাতিছে যে সেয়ে তাক কলিতানী বুলি মাতো মৰমতে৷
পূৱাৰ আইডিয়া ফ্লপ হোৱা পিচত অফিচত গৈ কাকতিদাই চিন্তা কৰি কৰি বৌৰ নম্বৰলৈ ফোন লগালে৷
দুবাৰ মান বাজি বাজি কাট খালে৷
কাকতিদাৰ মেজাচটো গৰম হৈ উঠি বোলে আজি কাকতি কোন মইও দেখাম৷ এই বুলি মুডত কল লগালে৷ মনতে "ফোন কিয় ডঙা নাই হা? মোৰ ফোন এটা ৰিংত ডাঙিবা নহ'লে মই কেনেকুৱা তুমি গম পাবা" এনেবোৰ ডায়লগ ৰিং হৈ থকা সময় কনত মনতে আউৰাই ল'লে৷
হেল্ল৷ সিফালৰ পৰা বৌ
কাকতিদাৰ হাতৰ পৰা ভয়তে খপজপত ম'বাইলটো সৰি পৰিল৷
এটা হাতে ম'বাইলটো ডাঙি অফিচত থকা হনুমানৰ ফটোখনৰ সন্মূখত ৰৈ...সেৱা এটা কৰি
মানে...হেল্লৌ৷ তুমি নেকি?
বৌঃ কি তুমি নেকি? কি কথা আছে সোনকালে কোৱা৷
কাকতিদাঃ তুমি সোন বুলি ক'লে বৰ ভাল লাগে৷ জা.....ন
থেকেচ...........
সিফালৰ পৰা বৌয়ে ফোনটো কাটি দিলে৷
এই মাইকী মানুহবোৰে একদম মৰম চৰম বুজি নাপায়৷
চাহ দিবলৈ অহা পিয়নজনে বোলে হয় চাৰ একদম সঁচা কথা৷ পিছে মোৰজনীয়ে মোক তামাম ভয় কৰে নহয়৷
কাকতিদাই বোলে তই কি কৰ অ'? তোক যে ইমান ভয় কৰ?
পিয়নজনে বোলে মৰমৰত মৰম আৰু গৰমত গৰম দেখাই দিও৷
কাকতিদাই বোলে মোক অলপ আইডিয়া দে অ গংগাধৰ৷ 31 তাৰিখলৈ ফটাঢোলৰ মিটিং আৰু মই এতিয়ালৈকে এওঁৰ পৰা পাৰ্মিশ্চনটোকে উলিয়াব পৰা নাই৷
গংগাধৰে মোছৰ তলত মিচিককৈ হাঁহি এটা মাৰি বোলে চাৰ গিফ্ট৷ বাইদেউক চাৰপ্ৰাইজ গিফ্ট এটা দি দিয়ক৷ খুচহৈ পাৰ্মিশ্চন দি দিব৷ গিফ্ট পালে সকলো মহিলাই কুমলি যায়৷
কাকতিদাই বোলে ঠিক কৈছ গংগাধৰ৷ তই জিনিয়াচ৷ এই আইডিয়াটোকে মোৰ মূৰত কিয় অহা নাছিল? এই বুলি গংগাধৰৰ কপালত টুপুককৈ চুমা এটা খাব লৈ ৰৈ দিলে৷
পিছে গংগাধৰ গিফ্ট কি দিম? তই আইডিয়া দিছ যেতিয়া এইটোও কৈ দে, মই মিছাতে বিৰেণটোক কষ্ট নিদিও৷
গংগাধৰে বোলে চাৰ শাৰী এখনকে দি দিয়ক৷ চব চিনেমাতে শাৰী গিফ্ট কৰাই দেখো৷
কাকতি দাই বোলে ইউ আৰ চিমপ্লি গ্ৰেট গংগাধৰ৷
গংগাধৰে বোলে মেনচন ইট চাৰ৷
সন্ধিয়া কাকতিদাই শাৰী এখন লৈ বৌৰ ওচৰ পালেগৈ৷ অলপ নিজৰ আইদিয়া খটুৱাই কাছাৰিৰ ওচৰৰ শুক্ৰেশ্বৰ মন্দিৰৰ সন্মূখৰ পৰা টিকটিকিয়া ৰঙা গোলাপ এটাও লৈ ল'লে৷
ঘৰৰ কলিং বেল বজালে৷
দৰ্জা খোল খালে৷
সদায় বৌয়ে দৰ্জা খোলে আৰু কাকতিদা মাতবোল নকৰাকৈ চিধা সোমাই আহে৷ পিছে আজি.....
দৰ্জা খোলাৰ লগে লগেই দৰ্জা সন্মূখত এটা ভৰি আঠু কাঢ়ি দাঁতৰ ফাঁকত গোলাপটো লৈ এটা হাতে শাৰীৰ পেকেটটো লৈ শ্বাহৰুখ খানৰ দৰে " আই লাভ ইউ...........
কাম কৰা বাইগৰাকীয়ে দৰ্জা খুলিয়েই কাকতিদাৰ সেইটো পজ দেখিয়েই "বা ই দে উ......বুলি চিঞৰ এটা মাৰি বেহুচ৷
বাইদেউ ওলাই আহি গোলাপ মূখত লৈ থকা কাকতিদাৰ প'জ দেখি বোলে৷ এইবোৰ এক্টিং কৰি থাকি লাভ নাই৷ বাইগৰাকীৰ হুচ নাহিলে ভাত তুমিয়েই বনাব লাগিব৷
সেইটো আইডিয়াও ফ্লপ হোৱাত চিধা ওজা বিজয় মহন্তলৈ ফোন লগালে৷
বিজয় আইডিয়া এটা দে না ভাই৷ তই যে গ্ৰুপত ফালি থাক যে বন্দিতাই তোৰ আগত ভয়ত কঁপি থাকে৷ মোকো আইডিয়া দে না ভাই৷
বিজয়ে বোলে কথাটো চিৰিয়াচ৷ আপুনি মোতকৈ এক ষ্টেপ ওপৰত দিব লাগিব৷ এটা কাম কৰক৷ বিয়েৰ এটা খাই আহককৈ৷ আহিয়েই দেখুৱাই দিয়ক যে আপুনী মৰ্দ হয় মৰ্দ৷
কাকতিদাই বোলে ঠিক কৈছ৷ বিয়েৰ নাখালেও হ'ব, মই এক্টিংত কলেজত থাকোতে প্ৰাইজ পাই থোৱা আছে৷ তই চাই থাক আজি হয় ৰঙা মাটি নহয় গুৱাহাটী....
এই বুলি কাকতিদাই পিচফালৰ দৰ্জাই দি ওলায় আগফালে দৰ্জাত কলিংবেল বজালেগৈ৷ পাক খোৱা ভৰি পাক খোৱা কথা, চক তেলেকা৷
বৌয়ে দৰ্জা খুলিলে৷
কাকতিদাঃ হাই
মই আজি মোৰ মনৰ কথা কম৷ ফুল গিয়েৰত আছো৷
বৌয়ে বোলে এক্টিং ভাল হোৱা নাই৷ কষ্টিউম ভুল৷ টাৱেলখন খুলি লংপেন্টটো আৰু বুটাম খোলা চাৰ্ট এটা পিন্ধি আকৌ পিছ দুৱাৰেদি গৈ আগফালে আহি কলিংবেল বজোৱাহি৷ মই ৰৈ আছো৷
কাকতিদাই বোলে মে মৰ্দ হু মৰ্দ
বৌয়ে বোলে সেইটো তোমাৰ প্ৰব্লেম৷
কাকতিদাই তলমূৰ কৰি কোবাকোবিকৈ গৈ নিজৰ ৰুমৰ বিচনাখনত ধাচ কৈ পৰি দি তলপেট কৰি শুই গাৰুটোত মূৰটো গুজি উচুপিব লাগিল৷
অলপ পিচত বৌয়ে আহি বোলে উঠা উঠা ৰাকুদাৰ লগত থাকি অলপ তোমাৰ এক্টিং ইম্প্ৰোভ হৈছে বাৰু৷ ইমান কান্দিব নালাগে৷ দেৱজিতে ফোন কৰিচিল৷ 31 তাৰিখে মিট আছে বোলে৷ তোমাক যাবলৈ পাৰ্মিশ্চন লবলৈ ফোন কৰিছিল৷ মই যাব দিম বুলি কৈ দিছো৷
এতিয়া যোৱা আৰু ৰাতিৰ ভাতৰ যোগাৰ কৰা৷
কাকতিদাই পুতুককৈ উঠি বোলে "সঁচা"? তুমি ইমান ভাল ৷ আই ....
এই বুলি কাষ চাপিব লওতেই বৌ উঠি গৈ বোলে মোক থেংক ইউ দিব নালাগে৷ দেৱজিতক দিয়া৷ তাৰ বাবেই মিটত যাবলৈ পাৰ্মিশ্চন পালা৷ থেংকচ তু হিম........

হেৰা, এতিয়াও মই চফল ডেকা বুজিছা৷
থওক হেৰৌ, পুৱা ইণ্ডিকা নাসানিলে মোছকোচা সৰু পোৱালীৰ ওঠৰ ওপৰত গিলাচত খালে লগা গাখীৰ যেন লাগে৷
হেৰা মোছ পকিব পাৰে কিন্তু কলিজা এতিয়াও তেজাল৷
সেইবোৰ বাদ দিয়ক, বজাৰৰ পৰা আমুল তাজা এপেকেত, হালধী, অৰ্ন্নপূৰ্না ঘিউ এবটল আৰু পিয়াজ লৈ আনক গৈ৷
বাৰু, মোনাখন দিয়া৷ মই ইউ গেয়া ইউ আয়া৷ তুমি গাড়ীৰ চাবিটো দিয়া৷
গাড়ী চলাই যাওতে.....আমুল তাজা এপেকেত, হালধী, অৰ্ন্নপূৰ্না ঘিউ এবটল , আলু
আমুল তাজা এপেকেত, হালধী, অৰ্ন্নপূৰ্না ঘিউ এবটল ....আৰু
আমুল তাজা, হালধী, অৰ্ন্নপূৰ্না ঘিউ
গাখীৰ.....অৰ্ন্নপূৰ্না ঘিউ
অৰ্ন্নপূৰ্না ......চেহ বাকী কেইটা বা কি আছিল৷
অৰ্ন্নপূৰ্না, চাহৰ লগত খোৱা কিবা....চাহপাত নে চেনী কৈছিল??
চাহপাত...নিমখ আৰু ডাইল৷ ওহো
চাহপাত, গাখীৰ চেনী৷
দোকানত গৈ .......চাহপাত এক কেজী, ভিমবাৰ এটা আৰু শুকান জলকীয়াৰ গুড়ি এপেকেট দিয়ক৷
শুনা মতে কাকতি দা ঘৰত অহা পিচত বস্তু কেইপদ দেখি বৌয়ে সুধিছে "মোৰ নাম কি আছিল"
কাকতিদাঃ ৰ'বা হে যেতিয়াই তেতিয়াই টান টান প্ৰশ্নবোৰ সুধি নাথাকিবা৷ তুমি দেখোন মোক মিঠাতেল আনিব কোৱাই নাছিলা৷ চাহপাত, চেনী আৰু দাইল আনিছোটো৷

কাকতিদা আৰু বৌ বিভিন্ন অনুষ্ঠানৰ লগত জড়িত বাবে প্ৰায়ে অত তত ভাষণ দিব লগা হয়৷ দুয়োৰে ডায়েৰিত সেয়ে ৰেডিমেড কিছু ভাষণ লিখাই থাকে৷ ভাষণ দিয়াৰ আগত অলপ চকু ফুৰাই চাই লয় আৰু ভাষণ দি যায়৷
সিদিনাখন ৰামানুজদাৰ ঘৰত সকলো আয়োজক বহি মিটিং কৰি থাকোতে সকলোৱে কাকতিদাক বোলে এইবাৰ ফটাঢোলৰ গুৱাহাটি মিটত কিন্তু আদৰণী ভাষণ আপুনি দিব লাগিব বুলি আয়োজক সকলে কবলৈহে পালে৷ কাকতিদাই সাউতকৈ বোলে ৰ'বা ৰ'বা মোৰ এটা ৰেডিমেড আদৰণী ভাষণ লিখাই আছে৷ সাউতকৈ চকু ফুৰাই চাই কৈ আছো কেনে হ'ব ক'বা৷
এনেও আগতে এবাৰ সদায় দ্ৰেচিং আইনাৰ সন্মূখত মই ভাষণটো প্ৰেকটিচ কৰিয়েই লও, আজি তোমালোক কেইজন আছা যেতিয়া ভালেই হ'ল৷ প্ৰেকটিচটো কৰি লও৷
এই বুলি ডায়েৰিত " আদৰণী ভাষণ" বুলি লিখা ভাষণ এটা চাই পঢ়িব ধৰিলে....
শ্ৰদ্ধাৰ মঞ্চত উপবিষ্ট সন্মানীয় ব্যক্তি সকল তথা মোৰ অতিকৈ মৰমৰ মহিলা সদস্যা সকল....
আজি মোক দুৱাষাৰ কবলৈ সুযোগ দিয়াৰ বাবে কমিটিৰ সমূহ সদস্যাকে পোন প্ৰথমেই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলো৷
ৰাইজ, আমাৰ জীৱনটোনো কি? পুৱা উঠাৰ পৰা সন্ধিয়া বিচনাত পৰালৈকে গেবাৰি উকতোতেই যায়৷ নিজৰ বুলিবলৈ অকনো সময় নাপাও৷ বাচন ধোৱা, কাপোৰ ধোৱা কামৰ মাজতে অফিচৰো কাম বোৰ থাকেই.....(কাকতিদাৰ ভাষণ শুনি চলচলিয়া হোৱা চকু দুটা মোহাৰি ৰামানুজদাই হিমাংশু ভাগৱতিৰ পিঠিত সাবটি ধৰিলে৷ ভাগৱতীৰ চোলা তিতিব ধৰাত জি এচটি দাই নিজৰ চকুহাল মোহাৰী ৰুমালখন ৰামানুজদাৰ ফালে আগুৱাই দিলে)
শ্ৰদ্ধেয় ৰাইজ, এইখিনি মোৰেই নহয়, আমাৰ সকলোৰে জীৱনৰ দৈনন্দিন ঘটনা৷ তাৰ মাজতে যদি অকনমান ফেচবুক কৰিলো তাকো চকু দিয়ে, পাচৱৰ্ড কি? কাক মেচেজ দিছা? মুঠতে নিজৰ বুলিবলৈ আমাৰ কি অকনো স্বাধীনতা নাই নেকি?
(পিচত বহি থকা এজনে ঠিয় হৈ অকলে অকলে হাত চাপৰি বজাব ধৰিলে৷ সকলোৱে পিচলৈ ঘুৰি চাই দেখে বিজয়ে পিন্ধি থকা চোলাৰ সোঁহাতৰ বাহুৰে চকুপানী মুচি অনগল হাতচাপৰি বজায়েই আছে৷ কাষতে বহি থকা নাজিমদাই তাৰ হাতত ধৰি বহাই দিলে৷ নাই সি হাতচাপৰি বজায়ে থাকিল)৷
পূৱা সকলোৰে ব্ৰেকফাষ্ট বনাই, পোৱালীক স্কুললৈ থৈ দৌৰাদৌৰিকৈ অফিচলৈ যাও৷ আহিয়েই কাপোৰজোৰ সলায়েই কামত লাগো৷ আমাৰ কি জীৱন বুলিবলৈ এইয়াই নেকি....
সোমেশ্বৰ বৰাদাই হাতচাপৰি বজাই বোলে অন্তৰত শোকে খুন্দা মাৰি ধৰিছে, হৃদয় চুই গৈছে ৷......
কাকতিদাই মনতে বোলে সকলোৱে বৰ ভাল পাইছে যেতিয়া আৰু অলপ বেলেগ ভাষণৰ লগত মিলাই কন্টিনিও কৰা ভাল হ'ব৷ এই বুলি ডায়েৰিখনৰ পাতবোৰ লুটিয়াবলৈ ধৰিলে৷ "ধাৰাপুৰ মহিলা বহাগী বিদায় ভাষণ......সামাজিক জীৱনত মহিলা....বৈদিক যুগত ভাৰতীয় মহিলাৰ স্থান.... মহিলাৰ জনকল্যান মহিলা সমিতিৰ বাৰ্ষিক মিটিং.....
কাকতিদাই মনতে বোলে হে হৰি ইমান পৰে মানে মই এওঁৰ ডায়েৰিৰ মহিলাৰ বাবে লিখা ভাষণ হে পঢ়ি আছিলো৷ কিন্তু বিজয়ে ইমান হাত চাপৰি বজালে কিয়?

অপহৰণ


পূৱাই খালি গাত ধুটিখন ককালত মেৰিয়াই ডিঙিত গামোছাখন লৈ পল্টুৰ গেৰেজত বিশ্বকৰ্মা পূজাৰ খিচিৰিকন খাই অলপ ঘৰলৈকো লৈ আনো বুলি হাতত প্লাষ্টিকৰ মোনাটোত টিফিন বাতি দুটা ভৰাই দৌৰাদৌৰিকৈ খোজ কাঢ়ি যোৱা বিজয়ক ৰিক্সাত আহি থকা দুজন ফুলমাস্ক পৰিহিত যুৱকে "দাদা আপোনাৰ ধুটিৰ পোন খুলি আছে" বুলি কোৱাত পিছফাললৈ ঘুৰি চাওতেই ধুটিৰ পোনখুলি মুখত সোপা দি ৰিক্সাত বহাই অপহৰণ কৰি লৈ গ'ল৷
নতুনকৈ কিনা বলধটোক মালিকে ডিঙিত ৰচী লগাই টানি থাকিলেও যাবলৈ নিবিছৰা বলধটোৰ দৰেই হাত ভৰি আচাৰি থাকিলেও অৱশেষত বিজয়ে আত্মসমৰ্পণ কৰি যলৈ নিয় নে আৰু বুলি দুই ফুলমাস্ক পিন্ধা যুবকৰ মাজত দেহাটো এৰি দি মনতে ভাবিলে 377 অহাৰ পৰা ধুটি পিন্ধি অহাটোৱেই মোৰ কাল হ'ল৷
মনত নানা প্ৰকাৰৰ দুঃচিন্তা লৈ "মে লুট গয়া, বৰবাদ হৌ গয়া, কিচি কৌ মূখ দেখানেকা লায়ক না ৰহা" আদি ডায়লগবোৰ কি দৰে মাৰিব তাকে কল্পনা কৰি কৰি গৈ থাকোতেই অলপ পিচত ৰিক্সাখন ৰখিল৷
জিলে লে লে জিলে লে
আয়ৌ আয়ৌ জিলে লে
মষ্টি মে মষ্টি মে
আয়ৌ আয়ৌ জিলে লে
বুবা বুবা বুবা মেহবুবা
নয়ি নয়ি মস্টি মে দিল ডুবা
কভি কভি পল ইয়ে মিলে মস্টি কে
আঔ ঝুমৌ নাছৌ গাৱৌ মষ্টি মে
তীব্ৰ ভলিউমত বাজিব লাগিল৷ নয়ি নয়ি মষ্টি মে দিল ডুবা, কভি কভি পল ইয়ে মিলে মস্টি কে ...বিজয়ৰ আৰু ভয় লাগিব ধৰিলে৷ যোৱাবছৰ গোসানীলৈ বুলি বলি দিবলৈ নিয়া পঠা ছাগলীটোলৈ তাৰ বৰকৈ মনত পৰিল৷
এনেতে এজনে বিজয়ৰ চকুৰ পৰা কাপোৰৰ গাঠিটো খুলি দি বোলে তাৰাতাৰি কৰক৷ বিজয়ে দুইহাতে যিমান পাৰে ধুটিখনৰে নিজকে যিমান পাৰে মেৰিয়াই ইফালে সিফালে চাই দেখে সন্মূখত বাবা বিশ্বকৰ্মাই মোছত তাও দি বিজয়লৈ পোন্দোৱাকৈ চাই আছে৷
বিজয়লৈ চাই বিশ্বকৰ্মাৰ চাৱনীটো এনেকুৱা যেন "কটা নিধক মানুহ বিছাৰি নাপালে আৰু৷৷৷৷ পুৱাৰে পৰা এই কেইটাই দেউ বিছাৰি বিছাৰি তোক হে পালেগৈ" Thug life ৷
বিজয়ে শুকান মূখত যেন তেন অলপ পানী ইফাল সিফালৰ পৰা টানি সেপকন গিলি বোলে মই দেউ পুৰোহিত নহয়, মই মহন্ত মানুহ হে...
ফুলমাস্ক পিন্ধাজনে বোলে "মনে মনে কওঁক, মালিকে শুনিলে মোৰ কলিজা খাব৷ বহুত বিছাৰি বিছাৰি ধুটি পিন্ধা লগুন থকা এজন বিছাৰি পাইছো, আপুনিয়েই যেন তেন চলাই দিয়ক আৰু ৷
বিজয়ে বোলে মই মন্ত্ৰ জানিলেহে৷
নাই কোনোপধ্যে নামানে৷ অৱশেষত বিজয়ে আৰম্ভ কৰিলে
দেৱ দেৱ মহাদেৱ নীলগ্ৰীৱ জঁটাধৰ,
বাতবৃষ্টি হৰং দেৱ মহাদেৱ নমত্তুতে......
ইয়াত দক্ষিনা এটা দি সেৱা লোৱা আৰু মোৰ প্লাষ্টিকৰ পেকেটটোতে টিফিন দুটা আছে.....
মাই নেম ইজ চিলা....চিলা কি জৱানী......
গীতটো গুনগুনাই গুনগুনাই বিজয় ৰুমৰ বাহিৰলৈ ওলায় আহিল৷
বিজয়ে ফুৰ্তিটে আজি কবই নোৱাৰে৷ তিনিটাকৈ বাজন খাইছে ইমান দিনৰ পিচত, ফুৰ্তি নহয় পাৰেনে? পিছে ...
বাহিৰত আহি দেখে বন্দিতা৷
গানৰ ট্ৰেক লগে লগে আপুনা আপুনি সলনি....
নন্না মুন্না ৰাহি হু
দেচ কা চিপাহী হু
ব'ল' মেৰে চংগ ...জেই হিন্দ...জেই হিন্দ
বন্দিতাই পোন্দোৱাকৈ চালে.....
ট্ৰেক চেঞ্জ
বুকু হম হম কৰে মোৰ আই
কোনে নিদ্ৰা হৰে, মোৰ আই
দেশৰে চন্দ্ৰমা...#@₹ অকনি কালি মা..*&% ক'তে ক'তে চৰে
বন্দিতা আতৰি গ'ল৷
মুন্নি বদনাম হুই ডাৰ্লিং তেৰে লিয়ে .....
মৰেলঃ
Men are always men নহ'ব পাৰে but বিজয় ইজ অলৱেজ বিজয়৷

সিদিনাখন বিজয়ৰ এইটো ষ্টেটাছ পঢ়ি প্ৰকৃত কথাখিনি লিখিম বুলি ভাবিছিলো পিছে বিজয়ক একেবাৰে নবজাও বুলি বিজয়ৰ প্ৰমিজ খোৱা বাবেহে নিলিখাকৈ আছিলো৷
মই লিখিম বুলি ভবা বিজয়ৰ সেই ফেচবুকৰ লিলিমাইৰ কথা বোৰো নিলিখো৷ মই নিলিখো যে তাৰ শুকান ইনবক্সত কেইদিনমান আগত এজন বন্ধুৱে তাক "হাই কি ক্ৰিছা" বুলি মেছেজ দিয়াৰ লগে লগে বন্দিতাক আহি চিঞৰি চিঞৰি কৈছিল "দেখিছা, তুমিহে মই কি কৰিছো, কিবা খাইছোনে নাই নোসোধা, এইয়া চোৱা এজন অচিনাকী বন্ধুৰ মোৰ প্ৰতি কিমান মৰম, মই কি কৰিছো, চাহ খালোনে নাই, ভাত খালোনে নাই পুৱাৰ পৰা গধুলিলৈকে সকলো খৱৰ সোধে "৷
বন্দিতাই বোলে ভালেই হৈছে আপোনাৰ চাহ খোৱা ভাত খোৱা খৱৰ লোৱা মানুহ পাইছে যেতিয়া সেইজনকে ঘৰত আনি চপাই লওক৷
মই নিলিখো যে সি প্ৰায় এসপ্তাহ মান কেৱল বন্ধুজনৰ মেচেজলৈকে অপেক্ষা কৰি থকা হৈছিল৷ মেচেজ অহা সময়ত বন্দিতাই কিবা ক'লেও গুৰুত্ব নিদিয়ে৷ আফ্টাৰঅল তাৰ ইমান সময়ে সময়ে খৱৰ লোৱা এজন বন্ধু পাইছে৷ এনেকুৱা বন্ধু আজিৰ দিনত ক'ত পোৱা যায়?
বিজয়ে লাহে লাহে তাক মনৰ কথা কোৱা আৰম্ভ কৰিছিল বুলি মই কিন্তু নিলিখো৷
মই নিলিখো যে এদিন সি বন্ধুক কৈছিল যে " এই মাইকী মানুহবোৰে আমাৰ মতা মানুহবোৰৰ মনৰ কথা একদম বুজি নাপায়"৷
বন্ধুৱে মেছেজত ৰিপ্লাই বোলে হয় হয় একদম সঁচা কথা কৈছে৷ মই সেয়ে মাইকী মানুহবোৰক একদম দেখিব নোৱাৰো৷ আমি মতা মানুহবোৰে যিমান ইজনে আনজনক বুজি পাও, মহিলাবোৰে একদম নুবুজে৷
বিজয়ে বোলে একদম ঠিক কৈছা৷ এতিয়া চোৱাচোন তুমিয়েই যি দৰে মোৰ প্ৰতিটো কথাৰ খৱৰ ৰাখা,মোৰ মানুহজনীয়েও নাৰাখে৷
বন্ধুৱে বোলে "সঁচা"? বিজয় দা তোমাক এটা কথা কম কম বুলি ভাবি আছিলো৷
বিজয়ে বোলে কোৱা আকৌ৷
বন্ধুৱে মেছেজ দিছিল "আই লাভ ইউ বিজয় দা,আই ৰিয়েলি লাভ ইউ"
মই লিখিম বুলি ভাবিও নিলিখো যে বন্ধুৰ "আই লাভ ইউ বিজয়দা" মেচেজটো বিজয়ৰ চকুত আৰু মূৰত এক্টা কাপুৰৰ চিৰিয়েলৰ দৰে "বিজয় দা আই লাভ ইউ ....আই লাভ ইউ " বুলি কমেও দহবাৰ মান ইক' হৈছিল৷
মই নিলিখো যে বিজয়ে ধপহকৈ বিচনাৰ পৰা পৰাত বন্দিতাই তাৰ মেচেজত "বিজয় দা আই লাভ ইউ" দেখি তাঙোন ডাল আনি "অ' এইটোক পাই মোলৈ কাতি কৰিও নোচোৱা হৈছিল আপুনি বুলি কাটোপ কৈ এচাত লগাইছিল৷
মই বিজয়ক নবজাও বুলি ভৱাৰ বাবে এইবোৰ নিলিখাকৈ আছো৷ বিজয়ৰ প্ৰমিজ, বিজয়ক একদম নবজাও আৰু৷

*************
ধুনীয়া ডিপিৰ এগৰাকীয়ে সিদিনা বিজয়ক "সুপ্ৰভাত, দিনটো মংগলময় হওঁক" বুলি মেচেজ দিলে,
বিজয়ে ভাবিলে মংগলময় হ'বলৈ কিয় ক'লে?
বহু ভাবি ভাবি গম পালে যে আজি মঙ্গলবাৰ, সেয়ে মংগলময় হ'ব দিছে৷
ইচমাৰ্ট বিজয়ে শনিবাৰৰ দিনা ৰিপ্লায় দিলে "সুপ্ৰভাত, দিনটো শনি লাগক"
.
.
.
মেচেজৰ ৰিপ্লায় নহাত আজি পুৱা আকৌ দিলে "সুপ্ৰভাত দিনটো দেও লাগক"

Thursday, 4 October 2018

চিকতা পুৰাণ (খণ্ড-8)

ভৌ ভৌ ভৌঔঔঔ ভৌ.....
গেটখন খুলিছিলোহে মাত্ৰ৷ ভিতৰৰ পৰা অহা ভৌ ভৌ মাতটোত আকৌ গেটখন বন্ধ কৰি দিলো৷ মনতে ভাবিলো, ইমান চিকতা এটাই কুকুৰ পুহিছে৷ কাহিনী কি?
টৰ্চটো মাৰি গেটখনত চালো.....হয়৷ ডাঠকাগজ এখনত এঙাৰৰে ডাঙৰ ডাঙৰকৈ লিখা আছে "কুকুৰৰ পৰা সাৱধান"৷ গেটত শিকলী এডালো উলমি আছে৷
মই গেটখনত ঘটঘটাই দিলো৷
ভৌ ভৌ ভৌঔঔঔ ভৌ....ও ভৌ
এইবাৰ আৰু খঙত ভুকিব ধৰিলে৷ মই বোলো হেৰৌ এইটোক বান্ধি থোৱা আছেনে? মই আহিছিলো অ'...
এনেতে দৰ্জাখন খুলি বোলে অ' দাদা আপুনিহে, আহক আহক৷ মই আকৌ বেলেগ বুলিহে ভুকি আছিলো৷
মই ভুকি আছিলো মানে??
হে হে দাদা কুকুৰ পোহা কিমান খৰচি কাম৷ সেয়ে মইয়েই ভিতৰৰ পৰা মানে....
মই বোলো বুজিলো৷ পিছে এই ফুট গধুলীতে দৰ্জাঘৰ মাৰি আন্ধাৰে মুন্ধাৰে সোমায় আছ যে?
নাই পূৰ্নীমা যে, সেয়ে ভেন্টিলেচন আৰু খিৰিকীখিনি খুলি থৈছো৷ চন্দ্ৰৰ পোহৰত আকৌ লাইট জ্বলাইনো পইচাকেইটা কিয় খৰচ কৰো৷ আমি মাহটোৰ এসপ্তাহ লাইট নজ্বলাৱে৷
মই বোলো ভালেই কৰিছ৷ পিছে আজিৰ খানা কি বনাইছে ?
খানা মানে আমাৰটো মাছ সদায় থাকেই জানেই আৰু৷
মই বোলো তোৰ দৰে চিকতা এটাই সদায় মাছ খাৱনে?
আমাৰ মানে মাছ খোৱাৰ এটা নিয়ম আছে৷ শনিবৰীয়া বজাৰৰ পৰা শুকান মাছ ছয়টা কিনি আনো৷ প্ৰতিটোৰ নাম দি লও ক্ৰমে সোম, মংগল বুধ এনেকৈ৷ সোমবাৰে জোল বনাই মাছ টোক ৰচিৰে বান্ধি জোলত অলপ সময়ৰ বাবে ডুবাই দিও৷ জোলত অলপ মাছৰ গোন্ধ আহিলেই সেইটোক জোলৰ পৰা ডাঙি আনি আকৌ কলপাতত নুৰিয়াই থৈ দিও৷ ফ্ৰীজত নথও, আফ্টাৰ অল কাৰেন্টৰ কথা আছে যে ৷ মংগলবাৰে মংগল নামৰ মাছটো, বুধবাৰে বুধ বুলি মাছটো৷ এনেকৈই প্ৰতিদিনে আমি ফ্ৰেচ মাছ খাও৷
ছয়টা কলি যে? সপ্তাহৰ বাৰ দেখোন সাতটা?
সেইদিনা আমি মূৰ্গী মাংস খাও৷
বাহঃ তই মূৰ্গী মাংসও খাৱ?
মাংস মানে সোনটোহঁতৰ মূৰ্গীজনীক কনী পাৰিবলৈ আমাৰ জুহালৰ কাষতে ভাল ঠাই এডোখৰ দি দিছো৷ কনীবোৰ থৈ দিও ৰবিবাৰে খাও৷
হেৰৌ মূৰ্গী মাংস খাও বুলিহে কৈছিলি? তই দেখোন মুৰ্গীৰ ডিম হে খাৱ?
অ' দাদা, ডিম মানে মূৰ্গীৰ "চন'গ্ৰাফী ষ্টেজ" নহয় জানো? গতিকে দেখোন মূৰ্গী খোৱাই হ'ল৷৷৷৷৷
অৱশ্যে হাঁহৰ মাংস খাব মন গ'লে, হাঁহৰ কনী দুটা কিনি আনি মই নিজেই উমনি দি লও৷ 

চিকতা পুৰাণ (খণ্ড-7)

হে ৰি বেৰত পিঠিখন ঘঁহি আছে কেলৈ?
ৰ'বা হে পিঠিখন খজুৱাই আছিল৷ হৰেণৰ দোকানতগৈ বোলো হৰেণ বিছাই ডাকিলে হ'বলা অ' , চূন অকন পিঠিত লগাই দেছোন৷ সি এলেপা লগাই দিলে৷ খজুৱতিটো কমিল পিছে ভাবিলো চূনকননো কিয় অবাৱত যাব দিও৷ সেয়ে বেৰখনত ঘঁহি আছিলো৷
হ'ব দিয়ক খজুৱতি মৰিল যদি সাউতকৈ দোকানৰ পৰা নিমখ অলপ কিনি আনকগৈ৷ আঞ্জাত দিবলৈ নিমখ নাই৷
হেই মৰতি এই গৰমৰ দিনখনতো ঘৰত নিমখৰ অভাৱ হ'ল নে হেৰৌ?
গৰমৰ দিনৰ লগত আকৌ নিমখৰ কি সম্বন্ধ৷
সম্বন্ধ আছে আকৌ৷ আজি ভাত খাওতে বিচনী নোলোৱাকৈ জুহালতে ভাত দিবি মোক৷ মাজে মাজে হাতত চেলেক দুটা মাৰি দিলেই চলি যাব৷
ভগবানে সকলো দিছে বুজিছ৷ আমি চলিব নাজানো বাবেহে৷ এই জীৱজন্তু বোৰেনো ক'ত কন্ট্ৰলৰ দোকানৰ পৰা নিমখ কিনি খোৱা দেখিছ? প্ৰকৃতিত কেৱল আমি মানুহবোৰেহে নিমখ কিনি খাও৷
ইয়ে পাই, মই আজিহে গম পালো সিহঁতে গাটো কিয় চেলেকি থাকে৷ হ'ব দিয়ক গৰমৰ দিন কেইটা নিমখ নিকিনিলেও চলি যাব এতিয়াৰে পৰা৷
পিছে পুৱা দাঁত মাজিবলৈ কলগেট নাই যে?
উফ উফ উফ৷ কেৱল ইটো নাই সিটো নাই৷ হেৰৌ এদিন দাঁত কেইটা এনেও সৰিবই৷ দাঁত ব্ৰাছ কৰিলেই বুলি কোনটো মানুহক তই দাঁত নসৰাকৈ থকা দেখিছ? হেৰৌ বাঘৰ দাত দেখিছ? হাতীৰ দাঁত? সিহঁতে কিমান কলগেট দি দাঁত মাজে অ? আমাৰ ককা আজুককাহঁতেনো কৰ কলগেট ডাল দেখা পাইছিল?
অ' খা তেনেহ'লে কিহৰে ধুৱ?
হেৰৌ ভোতোৰা ঠাৰি অলপ চিঙি থৈছো৷ চিন্তা নকৰিবি৷ কলগেটৰ বাপেক হয়৷
যা যা সাউতকৈ ভাত কেইটা দেগৈ৷ সোনটোহঁতৰ ঘৰৰ মাছৰ জোলৰ গোন্ধ ইয়ালৈকে আহিছে৷ গোন্ধটো আহি থাকোতেই ভাত কেইটা খাই লও৷

চিকতা পুৰাণ (খণ্ড-6)

হে ৰি শুনিছে? আপুনি যে কৈছিল, চাউল দাইল নহয়, প্ৰথমতে দোকানীক দাইল লাগে ক'বা, তাৰ পিচত চাউল লাগে ক'বা৷
প্ৰথমতে দাইল জুখাটোৰে চাউল জুখিলে চাউলৰ লগতে দাইল কেইটামানো আহি যায়৷ আৰু এককেজী যদি দাইল কিনা কমেও পাঁচখন দোকানৰ পৰা কিনিবা, তেতিয়া প্ৰতিবাৰ জোখোতে অলপকৈ হ'লেও বেছিকৈ আহে, এককেজী দাইলত কমেও এককেজি এশগ্ৰাম পাবা৷
আজি মই তেনেদৰেই কিনি এতিয়া চাউল বাচোতে এবাটি দাইল পালো৷
ভালেই হ'ল দে এমাহলৈ তই এতিয়া আৰু মোক দাইল নাই নাই বুলি কেটকেটাই এনাৰ্জী লচ কৰি থাকিব নালাগে৷
তোৰ চাউল বচা হ'ল যদি চচমাজোৰ দেচোন মই দিয়াচলাই কেইটা কাটো৷
কোনটো চকুৰে কাটিব?
চকুৰে কাটে নেকি হেৰৌ, সীতাৰামৰ চেলুনৰ পৰা ব্লেড এখন আনিছো, ব্লেডৰেহে কাটিম৷
নহয় অ' আপুনিযে যে কই একেটা বস্তুকে দুইটা চকুৰে চাই কিয় দুগুন এনাৰ্জী লচ কৰিব লাগে ....সেয়ে ক'লো৷ এটা চকু বন্ধ কৰি যদি এটা চকুৰে চাই তেন্তে চচমাৰ সোফালৰ গ্লাছখন আপুনি পিন্ধক, বাওফালৰখন মই পিন্ধি দাইল বান্ধি দিয়া খৱৰ কাগজৰ টুকুৰাকেইটা পঢ়ো৷ অলপ দেশ দুনীয়াৰ খবৰো ৰাখিব লাগে নহয়৷
ঠিকে আছে তই পঢ়ি মোক কৈ দিবি, মই আকৌ পঢ়ি চচমাজোৰৰ পাৱাৰ নকমাও৷
পিচে দিয়াচলাই কেইটা কাটি কি কৰেনো?
হেৰৌ তইয়েই দেখোন কৈছিলি চলাই নাই বুলি সেয়ে মই অথনি হৰেণৰ দোকানতগৈ বোলো হৰেণ কানখন বৰ খজুৱাইছে অ' চলাই কাঠি দুটা দেচোন৷ সি বোলে চিগেৰেট জ্বলাবলৈ ৰখা টেমাটোতে আছে লৈ লওক৷ মই ইটো বেকা সিটো বেকা বুলি চাৰিটা কাঠি আনিলো৷
পিছে চলাই মাৰোতে কাঠিটোৰ এটা চাইড হে ঘঁহনি খাই , আনটো চাইড এনেই মিছাতে অনিষ্ট হয়৷ সেয়ে আহোতে সীতাৰামৰ চেলুনৰ পৰা ব্লেড এখন লৈ আনিলো বোলো চলাই কাঠি কেইটা দীঘলে সমানে সমানে ভাগ কৰিলে এটা কাঠিৰ পৰাই দুটা হ'ব৷
আপুনিযে ইমান ইচমাৰ্ট৷
হ'ব হ'ব এতিয়া দিন দুপৰতে তোক টুপুকটো দিব নোৱাৰো৷ তাৰ সলনি তোক আৰু এটা সুবিধাহে কৰি দিও ৰ'
কি সুবিধা?
সিদিনা দোকানৰ পৰা ফুটা থকা ফটা বস্তা এটা আনোতে যে তই সুধিছিলি এইটো আকৌ কিয় আনিলে? মৰাপাটৰ আঁহখিনি উলিয়াই বেনি গুঠি ৰচী এডাল বনাই আগটো জ্বলাই দিও৷ দুদিনমান জ্বলি থাকিব৷ তই আৰু প্ৰতিবাৰ চলাই মাৰি মাৰি এনাৰ্জী লচ কৰি থাকিব নালাগে৷
এইখন লওঁক আপোনাৰ চচমাৰ বাও ফালৰ গ্লাছখন আৰু চাও গালখন
আপুনি ইমান ইচমাৰ্ট.....টুপুক
(আগলৈ....)

চিকতা পুৰাণ (খণ্ড-5)

হেৰা, যোৱাবাৰ দেৱালীত গোটোৱা মিঠাতেলখিনি আছে নে শেষ হ'ল?
অলপ আছেগৈ, দেৱালীলৈকে যেন তেন যাব৷
ঠিকে আছে, এইবাৰ ডাঙৰ বটল আৰু কেইটামান বেছিকৈ দিবা৷ সন্ধিয়াৰ পৰাই আৰম্ভ কৰিম৷
আগৰ ভাল আছিল বুজিছা, দেৱালীত মানুহে বাউণ্ডেৰী ৱালত, কলগছত কেৱল মিঠাতেল দি মাটি চাকী লগাইছিল৷ কলগছৰ কাষত বা ৱালৰ কাষত ৰখি এফালৰ পৰা এন্ধাৰত জুপুকামাৰি থাকি চাকীৰ তেলবোৰ বটলত ভৰাই লৈ আনিব পাৰিছিলো৷ চাকী নুমুৱা দেখি মানুহবোৰে আকৌ তেল ঢালি ঢালি যায়৷ এঘৰতে এবটলকৈ ভৰ্তি হৈছিল৷ পিছে আজি কালি এই টিপ টপ লাইট বোৰ অহাৰ পৰা বৰ বেয়া হ'ল হে৷
পিছে দেৱালী পালেহিয়েই , বেছিবলৈ থোৱা হাঁহ কেইটাৰ চেহেৰাকেইটা অলপ নোদোকা কৰিব পৰা হয় দাম ভাল পালে হেতেন বুজিছেনে?
কথাটো হয়৷ ৰ' কালিৰে পৰা কাম এটা কৰিবি, পতান সোপা খাব দিয়াৰ আগত হাঁহ কেইটাৰ চকুত কাপোৰ এখন বান্ধি লবি৷ নহ'লে পতান দেখি নাখাব৷
অ শুনিছে, এইবাৰ কিন্তু মই দেৱালীত ফটকা ফুটামেই বহু বছৰ হ'ল ফটকা নুফুটোৱা৷ পিলিজ পিলিজ পিলিজ
ধেই আকৰী, ফটকা মানে পইচা পোৰা হে৷ তাতে পৰিবেশো প্ৰদুষণ কৰে তই হ'বলা নাজান?
হ'লেও মই ফুটামেই৷
হ'ব দে যোৱাবাৰ দেৱালীত পুৱা মৰ্ণিং ৱাক কৰিব গৈ মই নিয়ৰত সেমেকি নুফুটি পৰি থকা বম বোৰ লৈ আনিছিলো৷ কালিলৈ ৰ'দত দি দিবি অলপ৷ যিমান মন যায় ফুটাই থাকিবি দেৱালীত৷
মই অকলে ক'ত ফুটাম, আপুনি হ'বলা নুফুটাই!
হেৰৌ তই ফুটুৱা বম খিনিৰ চাউণ্ডবোৰ ম'বাইলত মই ৰেকৰ্ডিং কৰি থৈ চাওণ্ড বক্সত লগাই ৰিউৱাইণ্ড কৰি কৰি বজাই থাকিম আকৌ৷
মানুহে ভাবিব আমি বহুত ফটকা কিনি ফুটাইছো আকৌ৷
আপুনি যে ইমান স্মাৰ্ট৷
হেই এইজনী, চাঞ্চ পালেই কাষ চাপি আহ৷ এইয়া দেখিছনে মোৰ চাৰ্টৰ বুটামত লাগি তোৰ এই দীঘল চুলি এডাল সৰিলেই৷ যা যা যা টেমাটোত ভৰাই থৈ আহ৷ এইবাৰ সাঁচি থোৱা সৰা চুলিসোপা দি বেপাৰিটোৰ পৰা চচপেন এটা ল'ব লাগিব৷
আগলৈ.....