Tuesday, 9 October 2018

চিকতা পুৰাণ (একাদশ খণ্ড)

দাদা আহি পালে? এওঁ আকৌ কৈয়েই আছিল, ইমান পৰে দাদা আহি পোৱা নাই৷ বেলিটো চাওঁকচোন কিমান সময় হ'ল?
মই বোলো বেলি চাই সময় কলি যে? কিয় ঘৰত ঘড়ী নাই নেকি?
এহ দাদা, বেলিটো চালেই হয় মিছাতেনো ঘড়ীৰ বেটাৰী কিয় লচ কৰো৷ মিনিট ছেকেণ্ডলৈকে চাবলৈটো আমি কিবা উপগ্ৰহ নিক্ষেপন নকৰো নহয়৷ পিছে আপোনাৰ আহি পোৱা ইমান পলম হ'ল যে? মৰমি ঐ, দাদা আহি পালেহি, বজাৰৰ বেগটো লৈ যাহি৷
ৰ' থুলুক তঁহতলৈ বেগত একো অনা নাই৷ বৌয়েৰৰ তেজ কমিছে অ'৷ সেয়ে ডাক্টৰৰ তাত সোমাই এওঁলৈ আইৰণ টেবলেট আৰু আইৰণ থকা চব্জি অলপহে কিনি আনিলো৷
চেহ মই আকৌ বজাৰৰ বেগটো দেখি কিবা অনা বুলি ভাবিছিলো৷ পিছে দাদা,আপুনি মিছাতে পইচা কেইটা লচ কৰিলে নহয়৷ মোৰো তেজ কমিছিল৷ ডাক্টৰে আইৰণযুক্ত খাদ্য খাব ক'লে৷ মই ডাক্টৰক বোলো থওঁক হেৰৌ৷ আইৰণ থকা খাদ্য বাদ দিয়ক আমাৰ ঘৰৰ দমকলৰ পানীটো আইৰণ আছে৷
মই বোলো ঠিকেই কলি পিছে মোক ঠিয়ই ঠিয়ই পথাবিনে? চকী এখন দে বহি লও৷
বুজিছে দাদা, আজি পুৱাৰে পৰা এই চকীখনতে লাগি আছো৷ পুৱাই মই সৰুপানী চুই দৌৰ মাৰি গৈ নিত্যকৰ্মভাগত বহিছিলো হে মাত্ৰ৷ দিলে নহয় মৰতিয়ে মাতি৷
ৰ' চোন ৰ' তই সৰুপানী চুই দৌৰি গ'লো বুলি ক'লি যে?
হে...হে, জানেই নহয় ইউৰীয়াৰ কিমান দাম৷ মানে সৰুপানীত ইউৰিয়া থাকে যে সেয়ে গেলেনত সংৰক্ষন কৰো৷ নহ'লে ইউৰিয়াখিনি অনিষ্ট হৈ যায় যে৷
মই বোলো সজ সজ৷ পিছে চকীখন দে আৰু মানুহজনীয়ে কিয় মাতিলে ক?
নক'ব আৰু বুজিছে৷ চকীখনৰ খুটা এটা ভাঙি আছিল৷ মই বহিলে ভঙা খুটাটোৰ ফালে চকীৰ তলত বাঁহ এটুকুৰ ভৰাই লৈ বহো৷ পিছে আপুনি আহিম বুলি ক'লে যে সেয়ে এওঁ বোলে খুটাটো লগাই দিয়কহি, দাদা আহি পাবহিয়েই৷
মই বোলো হেৰৌ মানুহক ভগবানে ভৰি দুখন দিছে নহয়৷ চকীৰ ওপৰত ককায়েৰে ভৰি উঠাই নবহে নহয়৷ ভৰি দুটাত অকন খোপনী লৈ লাহেকৈ বহো নবহোকৈ বহি থাকিলে নপৰে বুজিছ৷ চকীৰ এটা থুটাহে নাই, তিনিটা খুটা আছে নহয়৷
নাই তাই নামানে৷ মই বোলো হ'ব দে কিবা এটা চিন্তা কৰো৷ এই বুলি ভাবি মদনহঁতৰ অটোখনলৈ মনত পেলালো৷ তিনিটা চকাত দেখোন দহটালৈকে মানুহ বহাই৷
মইও সেয়ে চকীৰ অকলসৰীয়া খুটাটো এৰুৱাই মাজত দি গজাল মাৰি দিলো৷ মানে চাৰিচকীয়া গাড়ীৰ পৰা তিনিচকীয়া অট' বনাই দিলো৷
হে ভগবান, মই বহি থকা চকীখনৰ তললৈ চালো ৷ কৃষ্ণ তিনি খুটীয়া চকীত বহি আছো৷ মই বোলো হেৰৌ এইখনত বহাতকৈ মোক পীৰা এখনকে দে হেৰৌ৷
দাদা, পীৰাখনত আটা লাগি আছে৷ আপুনি বহিলে এঠা লাগি ধৰিব৷
পীৰাত আকৌ আটা কেনেকৈ লাগিল?
মানে দাদা, আপোনালৈ এওঁ লুচি বেলিছিলে৷
মই বোলো হেৰৌ পৰিম এতিয়া৷ কোন ক'ত আছ ধৰহি৷
থুলুকে বোলে নপৰে নপৰে৷ ঈশ্বৰ কিয় আছে? ঈশ্বৰক চিন্তি ভৰি দুখন মেলি বেলেঞ্চ কৰি বহক, নপৰে৷
দেৱজিত শইকীয়া
(আগলৈ)

Monday, 8 October 2018

চিন্তা


বান্ধৱী নিলাক্ষীৰ পষ্ট এটাত আজি "চিন্তা" শব্দতো দেখি কিয় জানো চিন্তাৰ বিষয়ে চিন্তা কৰিব মন গ'ল৷ প্ৰকৃততে এই "চিন্তা" বস্তুটোনো কি? ই বৰ চিন্তনীয় বিষয়৷ বহু চিন্তা চৰ্চা কৰি শেষত ভাৱিলো কিনো অযথা চিন্তাবোৰ কৰি আছো? কিন্তু সকলো চিন্তাই অযথা হয় জানো? বহু চিন্তাই মানুহক এজন চিন্তাশীল ব্যক্তিলৈ ৰূপান্তৰিত কৰে আনহাতে বহু চিন্তাই মানুহক মানুহৰ শাৰীতকৈও তললৈ নমাই দিয়ে৷
পিছে চিন্তা নকৰাকৈ জানো মানুহ থাকিব পাৰে? সেইটোও চিন্তনীয়৷ তেনেহ'লে "চিন্তাৰ" ওপৰত একো চিন্তা নকৰো বুলি নিচিন্ত ভাবে মনে মনে বহি থাকিম বুলি থাকিলেও পাৰিম জানো? চিন্তা নকৰো বুলি ভাবি থাকিলেও চিন্তাবোৰ আহি যায় নহয়৷ সেইটোও এতিয়া এটা ডাঙৰ চিন্তা৷ চিন্তা নকৰিও নোৱাৰি৷ চিন্তা কৰিলেও বিপদ, চিন্তা নকৰিলেও বিপদ৷ মুঠতে চিন্তাই খাই দিছে৷ কিছুমানে কেৱল নিজৰ বাবেহে চিন্তা কৰি আৰু কিছুমানে নিজতকৈও বেছি আনৰ বাবেহে চিন্তা কৰে৷
খেতিয়কৰে ভাতমুঠিৰ বাবে চিন্তা, নিবনুৱাৰ চাকৰি এটাৰ বাবে চিন্তা, বৰলাৰ বিয়াৰ বাবে চিন্তা, বুদ্ধিজীৱীৰ দেশৰ বাবে চিন্তা, ফেচবুকত লাইক কমেন্টৰ চিন্তা, পত্নী ধুনীয়া হ'লেও চিন্তা, ধুনীয়া নহ'লেও চিন্তা৷ গাড়ী যদি আছে পেট্ৰলৰ বৰ্ধিত দামকলৈ চিন্তা, ছোৱালীৰ বিয়াকলৈ চিন্তা৷ কেজিত পঢ়ি থকা ল'ৰাটোৰ ৰাইমচ মুখষ্ট নোহোৱাক লৈ চিন্তা, নাৰ্চাৰিত পঢ়ি থাকোতেই পিচলৈ ষ্টেণ্ড কৰিবনে নাই চিন্তা৷ কাষৰ ঘৰৰ ছোৱালীজনী কাৰ বাইকত বহি গ'ল সেইটোও চিন্তা, মুঠতে পুৱা সাৰ পোৱাৰ পৰা শুৱালৈকে সাংঘাটিক সাংঘাটিক বাৰে কুৰি বাৰতা চিন্তা৷
চিন্তা কৰি পাৰ নোপোৱা চিন্তা সমূহ কৰি কৰি আকৌ কিবা বেমাৰেই হ'ল নেকি মোৰ বুলি কৰাতো আকৌ তাতোকৈ ডাঙৰ চিন্তা৷ মুঠতে ক'বলৈ গ'লে চিন্তাই মানুহৰ মনটোক অনবৰতে ঘড়ীৰ কাঁটাডালৰ দৰে ব্যস্তই কৰাই ৰাখে৷
ইমান চিন্তাৰ মাজতো আকৌ কোনোবাই কাৰোবালৈ কেনে আছে, কিবা খালেনে নাই সেইটোও চিন্তা কৰে৷ ম'বাইলত লাষ্ট চিন নেদেখিলেও চিন্তা, ক'ল কৰি নাপালেও চিন্তা৷ দুদিনমান ভালদৰে কথা পতা নহ'লেও আকৌ নতুন কাৰোবাৰ পাল্লাত পৰিল নেকি চিন্তা৷ কাৰোবাৰ যদি কেতিয়ালৈ ডাঙৰ হম চিন্তা কাৰোবাৰ আকৌ বয়স বাঢ়িল নেকি চিন্তা৷
গডৰেজটো খুলি কোনজোৰ কাপোৰ পিন্ধিম সেইটো চিন্তা কাপোৰজোৰ পিন্ধি আকৌ ভাল লাগিছে নে নাই সেইটোও চিন্তা৷ মুঠতে চাৰিওফালে চিন্তা চিন্তা চিন্তা কেবল চিন্তা৷
নিলাক্ষীৰ চিন্তাই চিন্তাত পেলাই দিলে৷ চিন্তাৰ শেষ নাই সেয়ে আৰু অলপ চিন্তা কৰো৷ মইনো কিমান চিন্তা কৰিম সেয়ে আপুনিও চিন্তা কৰক৷ চিন্তাবোৰ ভগাই ল'লে বোলে ভাল৷ চিন্তা নকৰাকৈ কৰা কাম ভাল নহয়, সেয়ে আহক সকলোৱে চিন্তা কৰো৷ ভাল বেয়া এই সকলো চিন্তাৰ মাজতেই কিন্তু ভাল লাগে যেতিয়া কোনোবাই কয় "চিন্তা নকৰিবি মই আছো"......

চিকতা পুৰাণ ( খণ্ড ১০)

হেৰি চাইকেলখন লৈ ক'ত যায়?
ৰ' অ'৷ আলহী আহি আছে, ফোন কৰিছিল৷ সেয়ে মই অহা দেখিলেই জৰুৰী ভাবে কৰবালৈ যাব লগা আছে বুলি ক'বলৈকে গেটত ৰখি আছো৷ তেতিয়া বেচি সময় নবহে আকৌ৷ তইও নতুন কাপোৰ এজোৰ মেৰিয়াই ল' গৈ, কথাৰ মাজতে কৈ দিবি গোটৰ মিটিঙত যাব লগিয়া আছিল৷
আপুনি কিন্তু তামাম ইচমাৰ্ট দেই৷
আৰু শুন, নতুন আলহি৷ গতিকে ৰসগোল্লা আনিব পাৰে৷ আলহীয়ে যদি ৰসগোল্লা আনে এটা কাম কৰিবি৷
কি?
আলহীয়ে অনা ৰসগোল্লা কেইটাৰ চেনী ৰস খিনি চেপি কিবা এটাত থৈ দিবি আৰু অকনমান গৰমপানী কৰি ৰসগোল্লা কেইটা ডুবাই দিবি৷ ৰসগোল্লা কেইটাও খাবলৈ গৰম গৰম হ'ব আৰু চেনী পানীখিনিত চাহো বনাব পাৰিবি৷
পিছে, চাহপাত নাই নহয়৷
হেই আকৰি৷ মই হোটেলৰ পৰা পকেটত ভৰাই অনা টিচুপেপাৰ বোৰৰে পুৰণি চাহপাতবোৰৰে চাহত ডুবাই খোৱা চাহপাতৰ পুৰিয়া বনাই "টি বেগ" বনাই থৈছো৷ সেইবোৰত এনেও ৰং নহয়৷ খোৱা মানুহে জানিবই গতিকে চাহত জুবুৰিয়াই জুবুৰিয়াই ভাগৰ লাগিলে তাকে খাব৷ তই মাত্ৰ যোৱাবাৰ বনোৱা পুৰিয়াবোৰৰ ৰচী কেইডাল দিবি মই লগাই দিম৷
চাহ খাই গ'লেই ভাল৷ যদি ভাত খাই যাও বুলি কয়?
যদি ভাত খাই যাও বুলি কয় এটা কাম কৰিবি৷ মই ডিমকে আনিম কিন্তু তই আলহীৰ লগত কথা পাতি থাকোতে আলহীক শুনাই মোক ডাঙৰকৈ কবি "হেৰি শুনিছে মুৰ্গী এটা লৈ আনিব, আৰু যদি মুৰ্গী নাপাই ডিমকে পাঁচটা লৈ আনিব৷
পিছে পাঁচটা ডিম কেলৈ লাগে? এটা ডিমৰে দেখোন চাৰিফাল কৰিলে চাৰিজনৰ হ'ব৷
হেই তোক ক'বলে হে কৈছো৷ চিন্তা নকৰিবি৷ ডিম মই পেন্টৰ পকেটত এটাই ভৰাই আনিম কিন্তু বজাৰৰ পৰা আহিয়েই চাইকেলখন ঠেকেচ কৈ পেলাই দিম৷ তই কবি ইচ্ ইচ্ কিবা ভাঙিলে নেকি? মই ক'ম ডিম সোপাকে ভাঙিল চাগৈ৷ তই সাউতকৈ বেগখন লৈ যাবি৷
হ'ব বাৰু কিন্তু ডিম এটাই আনিব৷
বাৰু আপুনি আলহী অহালৈ গেটতে ৰৈ থাকক৷ মই সাউতকৈ জলকীয়া কেইটামান চিঙি আনোগৈ৷ জোলত জ্বলা অলপ বেছি হ'লে কম কৈ খুজিব৷
শুনচোন,
কওঁক
আ লা ভিউ৷
হুহ চিকতাটো৷
দেবজিত শইকীয়া
আগলৈ....

চিকতা পুৰাণ (নৱম খণ্ড)

হেৰা, মোৰ হেৰিটো কি হ'ল?
কি হেৰা হেৰি কৰি চিঞৰি এনাৰ্জী লচ কৰি আছে? ওচৰত আহি কি লাগে নকয়নো কেলৈ?
মোক তোমালোকৰ ঘৰৰ পৰা বিয়াৰ দৰা বৰণত দিয়া জকি পেন্টটো লাগিছিল হে৷
আজি আকৌ হঠাতে আপোনাক জকি পেন্ট কিয় লগা হ'ল?
নহয় অ'৷ সোনটোৱে চিনেমা এখন দেখুৱাম বুলি কৈছে৷ চহৰলৈ লগ ধৰিছে যে, সেয়ে ইলাষ্টিক ডাল ধুই দিলো হয়৷
অ' খা আপুনি হ'বলা অকলে চাব? মোক নিনিয়ে?
নিম নিম অ'৷ পিছে টিকট এটাহে৷ মই ইন্টাৰভেলৰ আগৰ খিনি চাম তই ইন্টাৰভেলৰ পিছৰ খিনি চাই মোক কৈ দিবি৷ দে এতিয়া ইলাষ্টিক ডাল৷
কিয় মনত নাই, যোৱাবাৰ চহৰৰ পৰা আহি যে সন্ধিয়া মোৰ চাদৰখন মেৰিয়াই বাৰাণ্ডালৈ যাওতে বাৰে প্ৰতি ইলাষ্টিকডাল খহি খহি মাটিত পৰোতে আপুনি এইডাল দলিয়াম আৰু বুলি কোৱা নাছিল হ'বলা?
কি???
দলিয়াই দিলি নেকি? খালি খালি, চহৰলৈ মই কি পিন্ধি যাম?
নাই দলিওৱা ৷ বান্দৰ খেদিবলৈ কেটেপা এডাল বনালো৷
অহ ৰক্ষা তেওঁ৷ যা যা কেটেপাডাল লৈ আন৷ মই সাউতকৈ চাইকেল দোকানত গৈ যদি পাৰো চলিউচন মৰা এঠা অকন লগাই লংপেন্টৰ ককাঁলত জকি লিখা ইলাষ্টিকডাল অকন সকলোৱে দেখাকৈ লগাই আনোগৈ৷
চলিউচন এঠাত ৰখিব জানো? তাতকৈ মইয়েই দেখোন চিলাই দিব পাৰো৷
হেৰৌ, মোৰ ককাঁল দেখিছানে নাই?৷কিমান গুলি সূঁতা লাগিব খবৰ আছে? দে পলিথিনৰ মোনাটো দে মই গৈ আহো৷
ইলাষ্টিকডাল নিবলৈ আকৌ পলিথিন মোনা কেলৈ?
হেৰৌ ইলাষ্টিকডাল নিবলৈ নহয়৷ চেণ্ডেলযোৰ পিন্ধি ইমান দুৰ খোজ কাঢ়ি গ'লে ক্ষয় নাযাব নেকি? সেয়ে পলিথিনত ভৰাই নিও, দোকান পোৱাৰ আগত পিন্ধি ল'ম৷
চাব, পলিথিনটো আকৌ এৰি নাহিব৷ বাহিৰত দামি দোকানৰ নাম লিখা আছে৷
হ'ব দে এৰি নাহো৷ কথা কৈ কৈ এনাৰ্জী লচ কৰি নাথাক৷ কেটেপাৰ পৰা খুলি ইলাষ্টিক ডাল দে.....
দেৱজিত শইকীয়া
আগলৈ.....

Friday, 5 October 2018

বাম্পাৰ অফাৰ


এটা সময় আছিল কোনোবা দোকানত শাৰী চাদৰ জোটা চেণ্ডেল আদিৰ "ৰিডাকচন চেল" দিছে বুলি গাঁৱৰ এগৰাকীয়ে গম পাবহে লাগে, খবৰটো গাঁৱত বিয়পি পৰিবলৈ বেছি সময় নালাগিছিল৷ দুই তিনিগৰাকী মিলি টাউনলৈ বুলি যাত্ৰা কৰে কেৱল ৰিডাকচনৰ বস্তু কিনিবলৈ৷
"কলিতানিয়ে আনিলেনে? মই গম পোৱা দেৰি হ'ল যে সকলোৱে ঠপা ঠপে ভালৰ ভাল কেইখন নিলেই৷ দুখন মান হে পালো, তাকে আনিলো আপুনি কি ল'লে?"
" মই শাৰী তিনিখন আনিলো৷ দেখাম ৰ'ব"
"কিমানত আনিলে?"
"তিনিশ?? বহুত সস্তাতে পালে দেই৷ সিদিনা বৰুৱানীয়ে এনেকুৱা একেই এখন আনিছে সাতশ দি"
"মই আৰু দুখনমান আনিম বুলি ভাবিছিলো, পিছে ইমান ভিৰ, আৰু ভাল লগাবোৰ কলিতানীহঁতে আনিলেই"৷
এইয়া আছিল তাহানিৰ ৱাটচএপ ফেচবুক জমানাৰ আগৰ দুগৰাকী মহিলাৰ ৰিডাকচন সম্বন্ধীয় কথাবতৰা৷ সময় সলনি হ'ল৷ বহুতে অফিচ কাছাৰিত বাহিৰা দুপইচা বুটলিবলৈও ল'লে৷ গতিকে বহুতে ৰিডাকচনৰ বস্তু বিছাৰি যোৱা মানে ইজ্জত যোৱা বুলি ভাবিৱলৈ ল'লে৷ ফলত দোকানীবোৰৰো ৰিডাকচন চেলৰ ঠাইত আৰম্ভ কৰিলে দোকানৰ আগত ২০% , ৫০% ৭০% ৰেহাইৰ বৰ্ড৷ সেইটো অৱশ্যে ৰিডাকচন চেলতকৈ ষ্টেণ্ডাৰ্ড বুলিয়েই বহুতে গ্ৰহন কৰে৷ অৱশ্যে পিছলৈ ৰিডাকচন চেলে নিজৰ চৰিত্ৰ সলনি কৰিলে আৰু কবলৈ গ'লে পুৰনা বিক্ৰী নোহোৱা সামগ্ৰী কম দামত এৰি দি দোকান চাফা কৰা প্ৰচেষ্টা হিচাপে চলি থাকিল৷
ফিফ্টি পাৰ্চেন্ট, চেভেন্টি পাৰ্চেন্ট ডিচকাউন্ট বৰ্ড থকা দোকানত কাপোৰৰ টেগটো চাই প্ৰথমতে ভাবিবলৈ বাধ্য যে এইটো কোৱালিটিৰ কাপোৰত ইমান দাম নে? পিছে ডিচকাউন্ট দি মেলি কোৱা দামটো শুনি অলপ বিশ্বাস জন্মে৷ ডিচকাউন্ট শব্দটোৰ প্ৰতি দুৰ্বলতা থকা মোৰ শ্ৰীমতীয়ে "এনেই চাওচোন ব'লা" বুলি দোকানত সোমোৱাই দি " ভাল লাগিছেনে" বুলি সোধা প্ৰশ্নটোক "নাই লগা" বুলিটো ক'বলৈ যিহেতু অমুকাৰ সাহসৰ অভাৱ গতিকে শেষত দুহাতে ডাঙিব নোৱাৰালৈকে দোকানৰ নাম লিখিত পলিঠিন বেগ দুহাতত ওলমাই দোকানৰ পৰা ওলায় আহিব লগা হয়৷
সমসাময়িক ভাবে বজাৰলৈ এটাৰ লগত এটা ফ্ৰী অফাৰ বোৰো আহিব ধৰিলে৷ দুটা চাৰ্ট কিনিলে এটা ফ্ৰী ধৰনৰ৷ অফাৰটো কোৱাৰ ধৰনটো সলনি হ'লেও আপুনি মনতে ৫০% ডিচকাউন্ট বুলি মানি লৈ কিনিব পাৰে৷ দুই এটা চাৰ্ট পচন্দ নহ'লেও অফাৰ যেতিয়া মামা পেহা খুড়াকে দিব পাৰিবা ধৰনৰ কেলকুলেশ্চন এটা কৰি শ্ৰীমতীয়ে যেতিয়া ক'ব "লৈ লোৱা" যিমান পৰা যায় পকেট উদং নোহোৱালৈকে দুচকু টুকি শ্ৰীমতীক অফাৰৰ মজা লুটিবলৈ দিব পাৰি৷ শেষত কেৱল মনত এটাই ৰাখিব লাগে যে বেগ আপুনিয়েই কঢ়িয়াব লাগিব৷
কেৱল কাপোৰেই নে বিয়েৰ বাৰতো দুপেগত এপেগ ফ্ৰী অফাৰ টানিবলৈ গৈ শেষত বহুতৰে কেই পেগ পেটত পেলালে হিচাপ হেৰুৱাই লুটি বাগৰ মাৰি ঘৰলৈ অহাও দেখিছো৷ অৱশ্যে সেই বিধৰ অভ্যাস নথকা কাৰন বশত এই বাম্পাৰ অফাৰটোৰ প্ৰতি মহিলা সকলৰ দুৰ্বলতা নাই বুলিহে৷ নহ'লে এক ইশ্বৰে জানে কি হ'ল হয়৷ আৰু আপোনাৰো "অফাৰ দি আছে পুৰা দি দিও ৰ'বা " বুলি কবলৈ সাহৰ অভাৱ বুলিহে এই ক্ষেত্ৰত অলপ ৰক্ষা৷
বিপনীত দিয়া "লুট ল' অফাৰ" পালেটো কথাই নাই৷ মানুহে এনেদৰে দোকানত ভিৰ কৰে যেন সঁচাই দোকানীয়ে মাতিছে আহক মোক লুটি পুটি দেউলিয়া বনাই যাওক৷ অৱশ্যে এনে লুট ল' অফাৰৰ বিজ্ঞাপন দেখি শ্ৰীমতীৰ পাল্লাত পৰি বহুবাৰ নিজেই লুটন খাই অহা অমুকাৰো ৰেকৰ্ড নোহোৱা নহয়৷ পূজা বিহুৰ "ধামাকা অফাৰ" বোৰৰ কথা নকলোৱেই বা৷ ধমাকা অফাৰে পিঠিত কেনে ধামাকা দিয়ে জনাই জনে জানে৷
কাপোৰৰ কথা বাদ সদায় ব্যৱহিত সামগ্ৰী সমূহতো ২০ পাৰ্চেন্ট এক্সট্ৰা, ৩০% একস্ট্ৰা আহিব ধৰিলে৷ টুথপেষ্টটো কিনিলেও শ্ৰীমতীয়ে পেকেটো দীঘল আৰু ৰঙা ৰঙৰ এক্সট্ৰা শব্দটো চাই লোৱা হ'ল৷ লগতে ব্ৰাছ এডাল থাকিলেটো কথাই নাই৷ লাগিলে পুৰণি ব্যৱহাৰ কৰি থকা ডালৰ ম্যাদ থাকিলেও নতুন আনি থব৷ ধূপৰ পেকেটত ৰুমাল কলম ফ্ৰী৷ জেলীৰ লগত চেম্পো ফ্ৰী, স্ন পাউডাৰৰ লগত হাৰ্পিক ফ্ৰী৷ মুঠতে এটাৰ লগত এটা বিনামুল্যে শুনিলেই কিয় নাজানো শ্ৰীমতীয়ে ভাবে যে তেওঁতকৈ লাভজনক চিন্তা কৰা ব্যক্তি দ্বিতীয় গৰাকী যেন পৃথিৱীত নোলাবই৷
সেইখিনিলৈকেও ঠিকেই আছিল৷ আহি গ'ল ফ্লিপকাৰ্ট মিন্ট্ৰা জাবাংগৰ জমানা৷ হাতত ম'বাইল, চকুৰ আগত ফেচনেব'ল ড্ৰেছ৷ তাতে আকৌ "টুডেইজ স্পিচিয়েল অফাৰ 70% ডিচকাউন্ট, চেভেন আৱাৰ্চ লেফ্ট"৷ ক্লিক কৰিলেই হ'ম ডেলিভাৰী৷ গাড়ী কিনিবলৈ পূজা বিহুৰ বাম্পাৰ অফাৰলৈ ৰৈ থকাৰ দৰে থাকিবও নালাগে, প্ৰতিদিনেই প্ৰতি মহূৰ্ত্ততে অফাৰ, মুঠতে ক্লিক কৰিলেই হ'ল৷ অফাৰো এনে যে গোটেই জাবং ফ্লিপ কাৰ্ট কোম্পানীটোকেই কিনি পেলাম যেন লাগে৷ শ্ৰীমতীক বহু দিনলৈ শিকাই দিয়া নাচিলো যদিও এইবোৰ জানো শিকাব লাগে, অফিচত বহি থাকোতে ম'বাইলত অমুক অৰ্ডাৰ তমুক অৰ্ডাৰৰ কোম্পানীয়ে দাঁত নিকটাই দিয়া থেংক ইউ মেচেজ যেতিয়া ধাৰাসাৰে সোমাব ধৰিলে গম পালো যে এইবাৰ অন্তত হাতত দোকানৰ নাম লিখিত প্লাষ্টিকৰ বেগ আৰু মই কঢ়িয়াব নালাগে৷ সেইভাগ ৰডৱেজৰ পাৰ্চেল কঢ়িওৱা ল'ৰাটোৱেই তাঁত বাটি কৰি সম্পাদন কৰিব৷
বাম্পাৰ অফাৰ পাই একেদিনাই তিনিখন বিছনাৰ বাবে একৈশখন বেডচিট, দেহাৰ জোখ কাপোৰৰ জোখৰ অমিলমিল হ'লেও একাউন্টৰ শেষ বিন্দু শূন্য নহালৈকে সকলো কিনি পেলালে৷ শেষত উপায়ন্তৰ হৈ মই বোলো হেৰা অহা মাহত অফিচৰ ফালৰ পৰা বাম্পাৰ অফাৰ এটা দিছে হে৷ "অহা মাহত যদি অনলাইন একো শ্বপিং কৰা নাযায় চেলাৰি ১৫% বঢ়াব বোলে"৷ এনি টাইম বাম্পাৰ অফাৰৰ আশাত জীয়াই থকা শ্ৰীমতীয়ে পিছৰ খিনি কি শুনিলে নাজানো কিন্তু একে জাপেই বোলে ভালে হ'ব দিয়া অফাৰৰ পইচাৰে ভাল অফাৰ আহিলে ডাইনিংৰ চেট কেইটামান কিনি থম মই কিবা বাম্পাৰ অফাৰ আছে নেকি চাও ৰ'বা৷
পুৱাই কিবা বাম্পাৰ অফাৰৰ বিজ্ঞাপন আছে নেকি বুলি পেপাৰখন চকু ফুৰাই শ্ৰীমতীয়ে চিঞৰ মাৰি দিলে৷ মই দৌৰ মাৰি আহি দেখো মূৰে কপালে হাতদি মাটিত বহি শ্ৰীমতীয়ে পেপাৰখন চাই ভোৰভোৰাই আছে৷ মই বোলো কি হ'ল, কি অফাৰ মিছ কৰিলা৷ হাতত পেপাৰ খন দি শ্ৰীমতীয়ে বোলে এপি এচ ছি৷ পেপাৰখন মেলি দেখিলো ৰাহু কেতু শনীৰ (ৰা কে শ) পালত পৰা জনে তিনিজন প্ৰাৰ্থী দিলে এটা পদ ফ্ৰী অফাৰ দিছিল৷

পিকনিকৰ পাৰ্শ্বজ্যোতি (5)


গা গা আজি গাই যা, গা এই গীতকে গা...
(পিকনিকৰ আগদিনা নিশা দহ বজাত পতি-পত্নীৰ কথোপকথন.....)
হেৰা দাড়ীখিনি এতিয়াই চুচি লও নেকি?
এতিয়াই? হেৰৌ কালিলৈহে পিকনিক৷ পুৱা উঠি কাটিলেও হয় দেখোন৷
নহয় হে, মই অভিজিতলৈ জাষ্ট ফোন কৰিছিলো, পল্লুৱে ক'লে বোলে তেওঁ দাড়ী খুড়াই আছে৷ মই বোলো এতিয়াই দাড়ী কাটিলে যে? পল্লুৱে ক'লে বোলে ৰাতিয়ে খুড়াই থলে পুৱা অলপ অলপ গজে , দেখাত খুৱ হেনচু লাগে বোলে৷ তাতে মোৰ লগত এই দিম্পল বোলাটোও ওলাইছে নহয়৷
থওক হেৰি, আপোনাৰ পকা দাড়ীকেইডাল জিলিকি থাকিব৷ পুৱা খুড়াব৷ আৰু দিম্পলৰ লগত নিজকে ৰিজাইছে যে?
হেহ থোৱা হে সি নো কিমান হেনচু৷ মোৰ লগত তাক কমপেয়াৰেই নহয়৷
হ'ব৷ ইমান এৰিব নালাগে৷ এতিয়া শুই থাকক৷ মোক নিনিলে যেতিয়া পুৱা কিন্তু মই জগাই নিদিও৷
এহ তোমাক যোৱাবাৰ যোৰহাট মিটলৈ লৈ গ'লো৷ এগদম তোমাৰ ষ্টুডেন্টৰ দৰে বহাই ৰাখিলা৷ এইবাৰ সেয়ে অকলে যাম৷ নিনিও তোমাক৷ তেজপুৰ পিকনিকৰ পৰা আহি লৈ বাৰু উমৰাংচু ফুৰাব লৈ যাম দিয়া ৷
(ৰাতি 12 বাজিছে)
মোৰ গান হওঁক.... বহু আস্থাহীনতাৰ বিপৰিতে.....
হেৰি.....হেৰি.....উঠক৷ সপোনতে গান গাই আছে আপুনি ৷
খক মককৈ সাৰ পাই "হেৰা ছয় বাজিল নেকি? দিম্পল আহি পালেই চাগে, ৰ'বা মই ফটকৈ দাড়ীখিনি চুচি লও"
হে ভগৱান৷ এই মানুহটোও যে৷ হেৰৌ 12 টা বাজিছেহে৷ আপুনি টোপনিতে গান গাই আছিল৷
অহ হয় নেকি? ভাল গাইচিলো নে? কোনোবাই ক্লেপচ বজোৱা শুনিছিলা নেকি?
(পুৱা 6 বজাত)
দিম্পল তই কি পাৰফিউম মাৰিছা অ?
দাদা, এক্স এফেক্ট৷
পাৰফৰমে়ঞ্চ কেনেকুৱা?
ভালেই দাদা৷ চব চাপি আহে ৷
অলপ দি চোন এ' বাচা৷ মইও লগাই লও৷
(পুৱা 7 বজাত)
স্নেহে আমাৰ শতশ্ৰাৱনৰ ......
পল পল দিল কে পাচ.......
গাড়ীৰ টেপটো বন্ধ কৰি গানৰ প্ৰেকটিচ আৰম্ভ হ'ল৷ দিম্পলে হেডফোনটো লগাই ল'লে৷
( বিদ্ৰ:: কাৰ কথা কৈছো নিজে ভাবি ল'ব৷ মাত্ৰ মহিলা সকলৰ ফটোৰ মাজত দেখা নোপোৱা কাকতি দাৰ কথা কৈছো বুলি নকব)

*****************
পিকনিকৰ পাৰ্শ্বজ্যোতি (7)
ভেকুলীক নেওঁতা শিকোৱা মাষ্টৰনী গৰাকী
------------------------------------------------------------
বাৰিষা কালত পতা যোৰহাট মিটত যাবলৈ নাপাই খৰালী যদি কিবা পাতে মই যামেই বুলি কথা দিয়া তিমি পোৱালীটোৱে পুৱাই আহি বনভোজ থলি পালেহি৷
বাৰিষা কালত তেওঁ বৰ ব্যস্ত৷ বাৰিষা তেওঁ কিয় ইমান ব্যস্ত পিকনিক অহা সকলোৱেই ইতিমধ্যে গম পাইছেই৷ ভেকুলীক নেওঁতা কি দৰে শিকাই ভেকুলীৰ মাততে সিদিনা পিকনিকত সকলোৰে আগত ডেম' দিছিল৷
ভেকুলীক অ আ ক খৰ পৰা একৰ পৰা এশলৈ নেওঁতা শিকাই অৰ্থাৎ পঢ়া শুনা কৰোৱাই বিয়া বাৰু পাতি দি আজৰি হয় মানেই খৰালী পায়েহিয়েই৷ গতিকে বাৰিষাকালত তিমি পুখুৰীতে ব্যস্ত থাকে৷
বৰশী মাৰি মাৰি পঢ়া শুনা নকৰা গাধা ভেকুলী কেইটা ধৰি পঢ়াই শুনাই ডাঙৰ ভেকুলী বনাই বিয়াবাৰু পাতি দি আকৌ পুখুৰীত এৰি দিয়ে৷
চতিয়াৰ পৰা কলিয়াভোমোৰা দলংৰ পিকনিক স্পটলৈ তিমি নদীয়েদিয়েই আহিছিল৷ তিমি মাছক দেখি পিকনিকত দুই এজন বৰলা মাচুৱৈয়ে জাল পেলাব চেষ্টা কৰিছিল যদিও সেই জালৰ ফুটাৰে তিমি অনায়াসে ওলায় আহে৷
নিজৰ তিমি সদৃশ চেহেৰাটো মেইনটেইন কৰিবৰ বাবে পিকনিকত থালত চাৰিটামান ভাত আৰু অকনমান পনীৰৰ টুকুৰা লৈ বতাহৰ লগত খাদ্য সেৱন কৰা সকলোৰে দৃষ্টিগোচৰ হয়৷
ফটাঢোলত তিমিয়েই সেইগৰাকী ঢুলিয়া যিয়ে দিম্পলৰ দৰে নাচনীক বিহুগীত গাই নচুৱাবলৈ সক্ষম হ'ল৷
কমেও এহেজাৰ তিনিশখনমান চেল্ফী তোলাৰ পিছতো মোৰ এখনো ফটো উঠা নহল বুলি দুখ প্ৰকাশ কৰা তিমিয়ে সকলো ফটোতে "বত্ৰিশদন্তি টুথপেষ্ট" কোম্পানীৰ হৈ বিজ্ঞাপন দিয়া বুলি কোৱা চকু চৰহা সন্থাক আমি আয়োজক দুচকীয়াই জনাই দিও যে তিমিয়ে ভেকুলীক ট্ৰেইনআপ কৰাৰ ওপৰিও "বত্ৰিশদন্তি বিকশিত টুথপেষ্ট" কোম্পানীৰ ব্ৰেণ্ড এম্বেচাদৰো হয়৷ গতিকে এইবোৰ কথাকৈ তিমিক যাতে কোনেও খং নুঠাই কাৰন খং উঠিলে দেৰ পোৱা ওজনৰ হাতৰ তিমি চানি দেউলতকৈও সাংঘাটিক৷
************
পিকনিকৰ পাৰ্শ্বজ্যোতি (৮)
গোলাপী গেং .........
কংকনে পুৱা পাঁচ মান বজাত ৰচীডাল টানি দিলে৷
অহ বুজা নাই ন'? প্ৰকৃততে চাহিন শুৱাত ভাল৷ ভাল মানে শুম বুলি ভাবিলে তেওঁ দুই তিনিদিনলৈ ওচৰত হাতীয়ে চিঞৰি থাকিলেও নুঠে৷ স্কুলীয়া দিনত শিক্ষকে পঢ়াই থাকোতে শুৱে, এতিয়া আকৌ শিক্ষয়ত্ৰী হোৱাৰ পিছত ক্লাচত নিজে পঢ়াই থাকোতে শুৱে৷ বজাৰত পাচলী কিনিব গ'লে বেপাৰীয়ে পাচলি জুখি থকা সময়কনো শুই লয়৷ ভাত খাওতে ভাত চোবাই থকা সময়তো অকনমান শুই লয়৷ মুঠতে এনেই সময় অনিষ্ট নকৰে আৰু শুৱাৰ বাহিৰে বেলেগত সময় খৰচ নকৰে৷
যি কি নহওঁক চাহিনে কংকনৰ লগত আহিম বুলি কোৱাৰ পিছৰ পৰাই কংকনৰ চিন্তা৷ এইজনিক পুৱা উঠাও কি দৰে৷ কাৰন জগাই নিদিলে আমি তেজপুৰৰ পৰা পিকনিক খাই অহালৈকে শুয়েই থাকিব৷
ভাগ্যলক্ষ্মীয়ে বোলে কংকনদা চাহিনক পুৱা জগাবলৈ অনা বহু কেইটা এলাৰ্ম ক্লকে তাইক জগাব নোৱাৰি হাৰ মানিছে৷ তাইৰ ঘৰৰ ওচৰৰ পৰা পূৱা ডাক দিয়া মুৰ্গীকেইটাও পলাল বোলে আমাৰ ডাকত গোটেই পৃথিৱী সাৰ পাই পিছে চাহিনক জগাব নোৱাৰো৷ মুৰ্গী হ'লো বুলি ইমান অপমান সহ্য নহয়৷
কংকনে বোলে কি কৰা যায়? ভাগ্যলক্ষ্মীয়ে বোলে তাইৰ ভৰিত ৰচী বান্ধি থম, পুৱা এফালে আপুনি টানিব ঘৰৰ পৰা আৰু এফালে মই টানি দিম৷
বাৰু যি কি নহওঁক কংকন আৰু ভাগ্যলক্ষ্মীৰ এঘন্টাজোৰা প্ৰচেষ্টাৰ অন্তত চাহিন সাৰ পালে৷ সাৰ পাই বাৰাণ্ডালৈ ওলায় আহিল৷ ইমান পুৱাই তাইক বাৰাণ্ডাত দেখা পাই বহুতে হাতৰ ঘড়ীটো চালে, দুজনমানটো "ইয়া আল্লা কি দেখিছো, চাহিন ইমান জল্ডি সাৰ পালে বুলি বেহুচেই হৈ গ'ল৷
চাহিন উঠিয়েই বোলে ইছ আজি সকলোৱে মোৰ দুইখন গাল দেখা পাব৷ টোপনীয়াই টোপনীয়াই এখন গালৰ দাড়ীখিনি চুচি ল'লে৷ এতিয়া চিন্তা হ'ল কাপোৰৰ৷ সকলো পিংক কালাৰ ড্ৰেচ উলিয়াই ললে৷ জেকেটৰ পৰা লিপস্টিক আইলাইনাৰলৈকে৷ পিছে পিংক জিনচটো বিচাৰি নাপালে৷ শেষত নীলা জীনচটো পিন্ধি তাত পিংক বুলি কাগজ এটুকুৰ লিখি লৈ আকৌ অলপ শুই ললে৷
শুনামতে গোটেই বাটটো তাই শুইয়েই আহিল৷ আহি পায়ে কংকনে বোলে বাকীবোৰ মানুহ আহি পোৱাৰ আগতেই তোমাক চেল্ফী কেনেকৈ উঠাব লাগে শিকাম আহা বুলি কৈ কমেও দেৰ হাজাৰমান চেল্ফী উঠালে৷ মিছা কৈছো যদি চাই লওঁক পিকনিকৰ প্ৰথম চেল্ফী চাহিন আৰু কংকনৰে৷ য'ত কংকনে চাহিনক দুইখন গালৰ সৈতে কি দৰে চেল্ফী উঠাব লাগে শিকাই থকা স্পষ্ট ভাবে দেখা পোৱা যায়৷

আলহী


ইংৰাজী মাধ্যমৰ "ইউ কেজি"ত পঢ়ি থকা ঋষিকাই (ৰিচিকা) অসমীয়া বিষয়টো "ইমান টান" পাই বুলি মিচেছ চলিহানীয়ে আনৰ ওচৰত অলপ গৌৰৱবোধ কৰে৷ তেখেতৰ মতে অসমীয়া বিষয়টো অলপ "টান" আৰু ভৱিষ্যতে ডক্টৰ ইঞ্জিনিয়েৰ যিয়েই নপঢ়ক সকলোতে যিহেতু ইংৰাজী মাধ্যমতে পঢ়িব লাগিব আৰু ইংলিছত "টকিং" কৰিব নাজানিলে মাল্টি নেশ্চনেল কোম্পানী নালাগে সাধাৰন শ্বপিংমল বোৰতো চাকৰি নাপায় গতিকে অসমীয়া নাজানিলেও ইমান ক্ষতি নহয়৷ চলিহাই অৱশ্যে ডিগ্ৰীৰ পৰা বুলি উচ্চ শিক্ষাত অসমীয়া মাধ্যমৰ কোনো পাঠ্যপুথি নথকা বাবেহে ইংৰাজী মাধ্যমত পঢ়ুৱাব লগিয়া হ'ল বুলি মিহি জাতীয়তাবাদী ভাৱ এটাও প্ৰকাশ কৰে৷
ইংৰাজী ভাষা সহজ পোৱা "ৰিচিকা"ক অলপ সময় উলিয়াই মিচেছ চলিহানীয়ে নিজেই অশেষ কষ্ট কৰি অসমীয়া পঢ়াই৷ কেতিয়াবা দুই এটা শব্দৰ অৰ্থ সৰলকৈ বুজাবলৈ গৈ অসুবিধাৰ সন্মুখীন হয় যদিও আজি ঋষিকাৰ কিতাপত থকা "আলহী-দুলহী" শব্দৰ অৰ্থ বুজাবলৈ গৈ বিপাঙত পৰিল মিচেছ চলিহানী৷ আলহী কাক কয়? বহু ভাবি অৱশেষত "ৰিচিকা"ক কোৱা হ'ল যে "কাৰোবাক যেতিয়া আমি নিমন্ত্ৰন কৰো বা কোনোবা চিনাকী সম্বন্ধীয় মানুহ কম সময়ৰ বাবে আমাৰ ঘৰলৈ আহে তেওঁলোকক আলহী বোলে, ইংৰাজীত গেষ্ট বুলি কয়৷"
ঋষিকাৰ প্ৰশ্ন " গ্ৰেণ্ড মা যে অল্ডেজ হ'মৰ পৰা আহি কেতিয়াবা দুদিন থাকে আলহী বুলি কম নে?"

বিজয় চুনটো চংবাদ


পুৱাই পুৱাই চুনটোৱে ভোটোৰা গছৰ ঠাৰি ডালৰে দাঁত মাজি মাজি বিজয়ৰ ঘৰ ওলালগৈ৷
বিজয়: হেৰা শুনিছা, বোলো শুনিছানে? ক'ত আছা হে? এই চাহ কাপ জল্দি ভিতৰলৈ লৈ যোৱা৷ এইপাত আহি ওলাল, পুৱাই চাহ একাপৰ শ্ৰাদ্ধ কৰিব৷ মোক পিছত গৰমাই দিবা৷
সোনটো: খেক.....খু....বুজিছে বিজয় দা, এই চকীয়াই বৰ ঠগিলে?
বিজয়:: কিয়? কি হ'ল?
চুনটো:: কি হ'ল মানে? তেজপুৰত পিকনিক পাতিম কৈ এতিয়া পিকনিক নহ'ব বুলি কৈছে৷ স্বৰ্গলৈ নিম বুলি কৈ তামোলগছতে এৰি থৈ গ'ল৷
বিজয়: ভাল হে পিকনিকৰ নামত খৰচ হ'ব লগিয়া পইচা কেইটা বাচিল৷
চুনটো:: আপুনি কিমান পইচাৰ কথা ভাবে হে? গোটৰ গোটেই আপী বোৰক পিকনিকত লগ পালো হয়৷ আৰু অকস্ স্ত্কাক ়্চচে ল্ৰেৰেক ৰককক
বিজয়:: হয় তই থু খিনি গিল নহ'লে পেলাই ল', তাৰ পিছত কথা কবি৷
চুনটো:: তৰ্ৰ্ততে ৰেকেত ৰকেৰৰ কেত ...থু....নহয় মানে তেজপুৰ পিকনিক যাম বুলি ইমান আশা কৰিলো৷ চব চেচ৷, আশাত চেঁচা পানী পৰিল
বিজয়: বেছেৰা চকীয়া দা আৰু মানস দা মাত্ৰ দুটা মানুহ হে পিকনিকৰ বাবে লাগিব পৰা তেজপুৰৰ আছে, তাতে সিদিনা মানস দাই তেজপুৰৰ সদস্য সমূহক মাতিলে, এজনো নগল৷ এনেকৈ কেনেকৈ পিকনিক হ'ব৷
চুনটো:: আৰে মোৰ ক'ব লাগিচিল না৷ মই চব মেৰ্দ্ৰেককেতে ক্তিৰ্কেকে হয়৷
বিজয়:: ৰ' ৰ' টুলখনত নবহিবি৷ এইখনত বহি বহি তই ডেৰ ইঞ্চি কমাই দিলি৷
চুনটো: কিবা এটা কৰক দেই বিজয় দা, পিকনিক কিন্তু হবই লাগিব৷
বিজয়:: ৰ' ভাবিম বাৰু কিবা৷
চুনটো:: বৌ নাই নেকি? চাহ একাপো অনা নাই যে?
বিজয়:: নাই বৌয়েৰৰ গা বেয়া৷
চুনটো:: তেন্তে আপুনিয়ে একাপ আনক৷ পুৱাৰ আলহী সাক্ষাৎ বৃকোদৰ৷
বিজয়:: বৃকোদৰ নহয়, দামোদৰ তাকো পুৱা নহয় সন্ধীয়াৰ৷ সন্ধীয়া আহিবি যা৷ বৌয়েৰৰ দৰে মোৰো দেখোন কিবা ককালটো বিষাই আছে পুৱাৰে পৰা৷
চুনটো:: পিকনিক কি হ'ব?
বিজয়:: যামটো পিকনিক৷ তই পইচা কালেকচন কৰ৷
চুনটো: : ক'ত যাব?
বিজয়:: মই যদি লিড লওঁ, হয় থাইলেণ্ড যাম নহ'লে জাপান৷
চুনটো:: অ' বিজয় দা, পুৱাই পুৱাই দিলে নি?
বিজয়:: কি হ'ল? চকু অমৰা গুটিৰ দৰে মেলিলি যে৷ সচাঁই কৈছো৷ হয় থাইলেণ্ড নহ'লে জাপান যাম৷
চুনটো:: পুৱাই পুৱাই ইমান নেৰিব হে, কেতিয়াবা শৰাইঘাট ব্ৰীজৰ সিফাল পাৰ হৈছে নে? জাপান, থাইলেণ্ড যায়, তাকো পিকনিক খাবলৈ৷
বিজয়:: হেৰৌ, শৰাইঘাট কিয় পাৰ হ'ব লাগে? থাইলেণ্ড, জাপান দেখোন আমাৰ তিতাবৰতে আছে?
চুনটো:: তিতাবৰত?? জাপান থাইলেণ্ড আছে??
বিজয়:: কিয়, সোমকান্ত খুড়াৰ বাৰীৰ ঢাপৰ পুখুৰিটোত থাইলেণ্ড মাগুৰ মাছ নাই জানো? আৰু সোমেশ্বৰ খুড়াৰ পুখুৰীটোত? তাত দেখোন জাপানিজ কাৱৈ জপিয়াই থাকে৷ পুখুৰিটোৰ পাৰৰ পথাৰখনতে খাম আকৌ৷ জাপানিজ কাৱৌ য'ত থাকিব পাৰে, সেইখনটো জাপানেই হ'ব৷
চুনটো:: ঠিকেই আছে৷ মইও যাও দিয়ক৷
বিজয়:: ক'ত যাও?
চুনটো:: কেৰেলা যাওঁ৷
বিজয়:: পুৱাই পুৱাই কেৰেলা যাও যে?
চুনটো:: নাই ৰাজদ্বীপ ভিনিৰ ঘৰৰ বাৰীচুকৰ পুখুৰীটোৰ পাৰত নাৰিকল গছ ঢেৰ আছে যে, তাতেই প্ৰাতঃকৰ্মকন কৰি চাহ একাপ খাই আহো৷

সোঁৱৰণি মোৰ সোনালী দিনৰ


(১)
চাইকেল নহয় টিলিঙা
সেইদিনা আবেলি পল'ফিল্ডত ক্ৰিকেট মেচ আছিল৷ স্কুলত গৈ গম পালো বিবেকে গাৰ্ড আৰু গ্লোবচ ঘৰৰ পৰা নিবলৈ পাহৰিলে৷ ঘৰলৈ আনিব গলেও মাকৰ গালি খাব গতিকে ভোলা আৰু মোক দায়িত্ব দিলে যে লেজাৰত যাতে আমি গৈ তাৰ ঘৰৰ পৰা লৈ আনো৷ মানে গালি খালেও তহতে খা৷ ভোলাই এটা চৰ্ত দিলে যে বিবেকৰ "হিৰ' ৰেঞ্জাৰ" চাইকেলখন দিলে হে সি যাব৷ বিবেক মান্তি হ'ল৷ শুকুৰবাৰে এঘন্টাৰ লেজাৰ৷ লেজাৰত ভোলা আৰু মই বিবেকৰ হিৰ' ৰেঞ্জাৰ চাইকেল লৈ তাৰ ঘৰলৈ বুলি ওলালো৷ সেই সময়ত "হিৰ' ৰেঞ্জাৰ" আৰু "স্ট্ৰিট কেট" চাইকেলৰ টামাম ডিমাণ্ড৷ আজিৰ দিনৰ KTM বাইক বুলিলেও ভুল কোৱা নহ'ব৷ বিবেকে কৰবাৰ পৰা আনে চলাই ঘেগেলা কৰা চেকেণ্ড হেণ্ড হিৰ' ৰেঞ্জাৰ এখন গোটাব পাৰিছিল যদিও আমাৰ কিনিবলৈ সৌভাগ্য হোৱা নাচিল৷ গতিকে সুবিধা পালে আনৰ চলাইয়ে আশা পুৰণ কৰিছিলো৷ যি কি নহওঁক ভোলাই চলাইছে মই কেৰিয়াৰত বহিছো৷ চৰ্ত হ'ল যে ঘুৰি আহোতে মই চলাম৷ ৰেঞ্জাৰ চলাবলৈ পাই আমি তাৰ ঘৰলৈ যোৱা দীঘল বাটটোকে বাচি ল'লো৷ তেজপুৰৰ ৰাষ্টা ঘাটত স্লপিং বহুত৷ ট্ৰিবেনী চাৰিয়ালিৰ পৰা ডাউনটোলৈ নামিব লৈছোহে, কটিয়া ভোলাৰ ষ্টেৰিং টেৰেং বেৰেং হ'ব ধৰিলে৷ " অই ব্ৰেক ফেল, জপিয়া জপিয়া" বুলি ভোলাই চিঞৰিব হে পালে, মই চিটত ধৰি তাক আগলৈ আৰু ঠেলি জপিয়াই নামি দিলো৷ কটিয়া ভোলাই চিটৰ পৰা আগফালৰ লোহা ডাললৈ নামি দুই ভৰিৰে চাইকেল ৰখাবলৈ অপ্ৰান চেষ্টা কৰিও বিফল হৈ স্পিডত গৈ এঠাইত খুন্দিয়াই চাইকেল সহ ঠিয় হৈ এক ঠাইত ৰৈ থাকিল ৷ প্ৰকৃততে আগত গৈ থকা লুঙি পিন্ধা বিহাৰী ঠেলা আলা এজনৰ পিচফালৰ পৰা দুইভৰিৰ মাজত আগচকা ভৰাই দি ৰখি গ'ল৷ লুঙিয়ে চাইকেল ৰখালে আৰু ঠেলাআলা জনেও পিচফালৰ পৰা হঠাতে নেদেখাকৈ দুইভৰিৰ মাজত হোৱা এটেক টোৰ বিষত হিন্দীতে চিঞৰ মাৰি আগফালৰ মাদগাৰত বহি ল'লে৷
(২)
চেফটি পিন
তেতিয়া আমি ষষ্ঠমান শ্ৰেনীৰ ছাত্ৰ ৷ আমি পঢ়া বিদ্যালয়খনৰ দাঁতিতে বৰ্তমানৰ ক'ল পাৰ্ক বা চিত্ৰলেখা উদ্যান ৷ আম লিচু আদিৰে মোক খা মোক খা কৰি থকা পাৰ্কখন আমাৰ টিফিনৰ সময়ৰ খেলা ধুলাৰ সুন্দৰ স্থান ৷ লেজাৰ হোৱাৰ লগে লগে গৈ গছৰ ওপৰত ৷ এদিনাখন লিচু পাৰিবলৈ গছত উঠিছোহে, কিয় নাজানো ছুটিৰ বেল চকিদাৰে বজাই দিলে ৷চুটিৰ বেলৰ শব্দতো লেজাৰৰ বেলতকৈও সুমধুৰ ৷ যি য'তেই আছিল বেগ লৈ ঘৰলৈ যাবলৈ দৌৰ মাৰিব ধৰিলে ৷ তেতিয়াও গছৰ ওপৰত মই, বিবেক আৰু কটিয়া ভোলা ৷ মই যেন তেন নামিলো আৰু মোৰ পিছত বিবেক ৷ কিন্তু হঠাৎ কি হ'ল জানো বিবেকৰ এটা হাত গছৰ পৰা এৰি পৰিব ধৰিলে ৷ মৰাৰ সময়ত কুটা দালকে ধৰাৰ দৰে বিবেকে কিবা এটাত ধৰি পেৰাচুট লৈ নমা মানুহৰ দৰে নামি মাটিত ধুপুচকৈ পৰিল ৷ মই তাক উঠাব গৈ দেখো তাৰ বাও হাতত বগা ইউনিফৰ্মৰ হাফপেন্ট এটা ৷ গছৰ ওপৰলৈ চাই দেখো দিগম্বৰ ভোলাই দুটা হাতেৰে চিম্পাঞ্জীবোৰে গছৰ ডালত ওলমি থকা দি ওলমি আছে৷ ইফালে সিফালে চাই "পেন্ট দে মোৰ পেন্ট দে" বুলি কোবা কুবিকৈ গছৰ ওপৰলৈ উঠি চিঞৰিব লাগিল৷ তাক পেন্টটো দিবলৈ ভাল দৰে চাই দেখো বকলেচ আৰু চেইনটো নায়েই, তল খনো জৰাসন্ধ দুফালে হোৱাৰ দৰে ৷ আগৰ দিনত বকলেচৰ বুটাম এৰিলে, বুটামৰ ফুটাটোত বকলেচ ডাল ভৰাই গাঠি দি বা "চেফটি পিন" এটা মাৰি লোৱা যায়৷ বেচেৰাই সেইদিনা বকলেচত চেফটি পিন মাৰি আহিছিল কিন্তু চেফটি পিনে তাক চেফটি দিব নোৱাৰিলে৷ বিবেকে বোলে তই আৰু ওপৰত উঠি পাতৰ মাজত লুকাই থাক, আমি বেলেগ পেন্ট এটা লৈ আনো তই মুঠতে নানানিবি ৷ বৰ বিস্বাসত সিও মান্তি হ'ল ৷ কিন্তু জীৱনৰ তিনিঘন্টা সময় গছৰ ওপৰত "জংগল বয়"ৰ দৰে বহি থাকিল৷

ফেকবুকৰ বাতৰি


এইয়া ফেকবুকৰ বাতৰি পঢ়িছো মহন্তৰ খুলখালীয়েকে৷ বাতৰি শুনিছে মহৎ বাণী , খাৰখোৱা কেন্দ্ৰৰ মাইক্ৰ'ৱেভৰ ১২০ ডিগ্ৰী তাপমাত্ৰাৰ যোগেদি৷
আজিৰ প্ৰধান প্ৰধান বাতৰি সমূহ হ'ল...
ফেকবুকত ইলিছ মাছৰ এফ আৰ পি কমাৰ লগে লগে ফলৰ নামৰ লগতে শাকপাচলিৰ নামে সকলোৰে ফেকবুকৰ বেৰত স্থান পাবলৈ সক্ষম হ'ল৷ যি সকলে ফেকবুকত ফলমুল শাকপাচলিৰ নামৰ উজান উঠাৰ ভু ভা নাপালে সেই সকলে বজাৰত উক্ত সামগ্ৰীৰ দাম কমিছে বুলি বেগ লৈ বজাৰলৈ দৌৰ মৰা বুলিও স্থানীয় সংবাদদাতাৰ পৰা জানিব পৰা গৈছে৷
চৰাহাঁহৰ প্ৰতি ৰাইজৰ আস্থা কমি অহাত "হুইজ ফ্ৰেণ্ড ইজ ইউৰ ৰিয়েল টুইন" নামৰ এপ্লিকেশ্চ্যনৰ যোগেদি ফেকবুকৰ বহুতে সৰুতে কুম্ভ মেলাত হেৰাই যোৱা ভাতৃভগ্নীক বন্ধু হিচাপে ঘুৰাই পোৱাৰো আমালৈ বাতৰি আহিছে৷ এই ক্ষেত্ৰত পাভৈচুকৰ এজন অখ্যাত ব্যক্তি হঠাত প্ৰখ্যাত হৈ পৰে ৷ তেওঁ উক্ত এপ্লিকেশ্যচনটটো ব্যৱহাৰ কৰি এতিয়ালৈ এশজন টুইন বিছাৰি পোৱাত পুৰ্বজন্মত তেওঁ কৌৰৱৰ বংশৰ আছিল নেকি বুলিও দুই এক চকুচৰহাই সংশয় প্ৰকাশ কৰিছে৷
চৰকাৰে ঘোষনা কৰা চথপূজাৰ বন্ধতো বহুতে শীতকালে ভুমুকি মৰা বাবে ঠাণ্ডাত পুৱাই নদীলৈ যাবলৈ নোৱাৰা বাবে ফেকবুকত ফটো পষ্ট কৰিব নোৱাৰিলে বুলি সংবাদদাতাক জানিব দিছে৷ বহুতে আকৌ ভাল ফ্লাছ থকা কেমেৰা নথকা বাবেহে সন্ধিয়া আৰু পুৱা ক্লিক কৰা ফটো বিউটি এপচ ব্যৱহাৰ কৰিও ঠিক কৰিবলৈ অসমৰ্থ হোৱাৰ বাবেহে উক্ত দিনা ফেকবুকত ফটো পষ্ট কৰিব নোৱাৰিলে বুলি দুখ প্ৰকাশ কৰিছে৷
অসমৰ এটা নাম পাৰ্টিয়ে দিহা নামৰ লগত দেহা উঠি যোৱা বলিউডৰ বল্লে বল্লে ডেঞ্চৰ ফিউজন কৰি সকলোৰে চকু কপালত উঠাইছে আৰু ফেকবুকত ইয়াৰ তীব্ৰ প্ৰতিবাদ আৰম্ভ হৈছে৷ পিছে প্ৰতিবাদ মন্তব্য আৰু লাইকতে সীমাবদ্ধ হৈ আছে নে তেনে ধৰনৰ দিহানাম বিকৃত কৰা পাৰ্টিৰ বিৰুদ্ধে কিবা ব্যৱস্থাও গ্ৰহন কৰিছে সেই বিষয়ে বাতৰি প্ৰস্তুত কৰা সময়লৈকে আমালৈ খৱৰ অহা নাই৷
প্ৰতি সপ্তাহৰ দৰে আজিও সকলোৰে বেৰত দেখিয়েই জীভাৰ পানী ৰখাব নোৱাৰা খাদ্যৰ ফটোৱে ইতিমধ্যে ভিৰ লাগিব ধৰিছে৷ উক্ত ৰেচিপিত মৃত্যুবৰন কৰা হাঁহ কুকুৰা গাহৰি ছাগলী সমূহৰ আত্মাৰ সদগতিৰ বাবে দুই এজনে মৌন প্ৰাৰ্থনা কৰাৰ উপৰিও সেই ৰেচিপি দিয়া ব্যক্তি সকলে কিছুদিনৰ পুৰ্বে বলিবিধানৰ বিপক্ষে ষ্টেটাছ দিছিল নেকি বুলি দুই এজনে মুৰ্গীয়ে খুচৰা দি খুচৰি খুচৰি তথ্য উৎঘাটন কৰি থকা বুলিও জানিব পৰা গৈছে৷
আজিৰ ফেকবুকৰ বাতৰি ইমানতে অন্ত পৰিল৷
******

খেনা


যোৱা কেইদিন মানৰ পৰা মানে গাওবুঢ়া দাইটিয়ে ঢোল বজোৱাৰ মাহেকীয়া ৰিজাল্ট চিট খন দিয়াৰ পৰা বুলি আমাৰ ফটাঢুলীয়া সংস্থাৰ সদস্য সমুহৰ মাজত কথাই প্ৰতি খেনা এটা খোৱাৰ কথা চলি আছিল ৷ চেপ্টেম্বৰ মাহত খেনাৰ আয়োজন কৰা কথা আছিল যদিও তাৰ আগতেই পাৰ্লে জি মনি গগৈয়ে ঘৰত এটা খেনাৰ আয়োজন কৰে য'ত কমেন্ট আৰু লাইকৰ ভিত্তিত হে খেনা খোৱাব বুলি নটিছ বৰ্ডত জাননী আঁৰি দিয়ে ৷ তাকে দেখি খেনাৰ আশাত সকলোৱে লাইক কমেন্টৰে জাননী খন উপচাই দিয়ে কিন্তু দুৰ্ভাগ্য যে চকীয়াক নিমন্ত্ৰনৰ 50-50 চাঞ হে আছে বুলি কোৱাত চকীয়াৰ খেনা খেনা বুলি ইমান দিনে ওলায় থকা জীভাৰ পানী সমুহ চ'ত ফাগুনৰ পানী শুকুৱাদি মুখতে শুকাব ধৰে ৷
যি কি নহওঁক বেন্দিতা গগৈ বৰুৱা আৰু পাৰ্লে জি মনি গগৈ দুয়োগৰাকীয়ে গোটেই ফটাঢোল বাসী ৰাইজক মাতি খেনাৰ আয়োজন কৰিলে ৷ কাকডোঙাৰ বৰালী ,ভৰলীৰ শিলঘৰীয়া, মেধিৰ ঘৰৰ পাথা ছাগলী , চাবিনা বাইদেউৱে দিয়া লোকেল চিকেন, মুঠতে ভোজ আৰু ৷ সকলোকে মাতিলে পিছে চকীয়াক নিমন্ত্ৰন নিদিলে ৷
মনিষা, মেঘালী, তৃপ্তী , চাহিন সকলোৱে কটা বচা কামত, জাহ্নৱী,মযুৰাক্ষী পেকেট মচলা পিছাত, পৰি আৰু শইকীয়ানি গোন্ধোৱা বুঢ়া তামোল কটাত, পুৰৱী ডায়েৰী চাহৰ দায়িত্বত তথা মহন্ত আৰু বৰকাকতি খেনা ৰন্ধাত ব্যস্ত ৷
চকীয়া আকৌ বৰ টেঙৰ আৰু খটৰনাক মানুহ দেই, এই চেগতে কৈ থৈছো ৷ ভোজলৈ নিমন্ত্ৰন নিদিলে কি কৰি দিব পাৰে ঠিক নাই ৷ সিদিনা খেনা পাৰ্লে জি মনি গগৈয়ে নিমন্ত্ৰন নিদিয়াত মনতে পাঙিলে বোলে খেনা খোৱাই আছো ৷
এই বুলি সৰুটো ভায়েক হেন্দচাম ইম্পলক মাতি ক'লে বোলে বাচা তোকো সকলোৱে চাঞ্চ পালেই ধুৱে, আজিয়েই চাঞ্চ ৷ মৰাৰ ভাও ধৰ ৷ কথামতে কাম ৷ চকীয়াই বুকুত চপৰীয়াই চপৰীয়াই হাঐ বিঐ কৈ ৰাউচি জোৰাত লাগিল ৷ ৰাইজে দেখিলে কথা সৰ্বনাশ ৷ ফটাঢোলৰ আটাইতকৈ হেনচু জনে এৰি গলে আমাৰ বৰালী আপি বোৰৰ কি হ'ব বুলি সকলোৱে ভোজ ভাত তাতেই পেলাই চকীয়াৰ ঘৰ পালেগৈ ৷
কেইগৰাকী মান বৰালীয়ে তাতেই কান্দি কাটি ফ্লেট হ'ল ৷ দুগৰাকীমানক চেলাইন দিওতেহে জীউ আহিল ৷ চকীয়াৰ ঘৰ গৈ দেখে যে ইম্পল আৰু চকীয়াই ফেচবুক কৰি আছে ৷
মেধি, মহন্ত, বৰঠাকুৰ, দত্ত, ভট্ট সকলোৰে খং চুলিৰ আগ পালেগৈ ৷ আৰু চকীয়াৰ গোচৰ লৈ গাওঁবুঢ়া হে কাৰ ওচৰ পালেগৈ ৷ হেকাই কথাবোৰ চালি জাৰি চাই চকীয়াক গোটেই ফটাঢোলৰ সদস্যক এসাঁজ খুওৱাৰ আদেশ দিলে ৷ চকীয়াই বোলে আমি হলো দুখীয়া মানুহ যিমান ঘটো সকলো ইনকাম টেক্স দিওতেই যায় ৷ যেন তেন চলি আছো, মাছে মঙহে গোটেই সদস্যক কেনেকৈ খুৱাম ৷ গাওবুঢ়া হে কাই বোলে হব " সুদাই নিকাই " এসাঁজ খুৱালেই হ'ল ৷
কথামতে কাম, নিদিষ্ট দিনা ৰাইজ গৈ চকীয়াৰ ঘৰত হাজিৰ ৷ মেধী, মহন্তই বোলে সোনকালে দিয়ক হে চকীয়া পেতে কাওত কাওত মাতিছে ৷ খেনা খাম বুলি যোৱা একসপ্তাহ একো খোৱা নাই ৷ চকীয়াই পাত পাৰিলে, পাত খিনি ধুনীয়াকে ধুইও দিলে আৰু ৰাইজক কলে, ৰাইজ খাওক ৷ ৰাইজে বোলে কি খাম পাতত দেখোন একোৱেই নাই ৷ চকীয়াই বোলে মোক গাওঁবুঢ়া হে কাই "সুদাই নিকাই" হে খুৱাব দিছিল ৷ মইও সুদা পাত নিকাকৈ ধুই দিছো খাওক ৷
মৰেল: ::চকীয়াক যেন খেনাৰ কথা আৰু কোনেও নকয় ৷ খুৱালেও সুদাই নিকাই হে খুৱাব

কাহানী পাকঘৰ কি


ঘৰৰ একলৌতা অমুকাই বিয়াৰ বহু বছৰ পিচত যেতিয়া চাকৰি সুত্ৰে ঘৰৰ পৰা দুৰৈত অকলে ভাড়াঘৰ কৰি থাকিব লগিয়া হ'ল তেতিয়াৰ পৰাই বৰ্তমানে লিখিব ওলোৱা এই কাহিনীটোৰো আকাৰ দুপত দুপে বাঢ়িব ধৰিলে ৷ বদলি হোৱাৰ বহুদিনলৈকে পাকঘৰ শব্দটোৰ পৰা নিজকে আতৰাই ৰাখিবৰ বাবেই বিভিন্ন অজুহাত দেখুৱাই দৈনিক কৰ্মস্থানৰ পৰা জন্মস্থানলৈ অহা যোৱা কৰি আছিলো যদিও গেস্ট্ৰিক, স্পন্ডলাইচিচ, বেক পেইনৰ দৰে লগত যোৱা বেমাৰ বোৰৰ লগত চিনাকী হোৱাৰ পিছত শ্ৰী মতীৰ কেতকেতনি খেচখেচনি শুনি শুনি অৱশেষত কৰ্মস্থলীতে ভাড়াঘৰ কৰি থকাৰ সিদ্ধান্ত ল'লো আৰু উইকেণ্ড হাজবেণ্ডৰ দায়িত্ব পালনৰ প্ৰতিশ্ৰুতিৰে হাফ বেচেলৰ জীৱনৰ পাতনি মেলিলো ৷
পাকঘৰ নামৰ ফবিয়াটো মোৰ মনৰ পৰা আতৰ কৰিবৰ বাবে শ্ৰী মতীয়ে অলপ অলপকৈ ট্ৰেইনিং দিয়া আৰম্ভ কৰিলে ৷ ট্ৰেইনিং এবিচিডিৰ পৰা আৰম্ভ কৰিলে অৰ্থাৎ গেছ জ্বলোৱা নুমুৱাৰ পৰা, চাহ বনোৱাৰ পৰা ভাত ভাজি ডাইল লৈকে ৷ মোটা মুটি ডিগ্ৰী নহলেও ৰন্ধন প্ৰকৰনৰ ডিপ্লমা কৰ্চৰ চাৰ্টিফিকেট শ্ৰী মতীৰ পৰা নোপোৱালৈকে মোৰ ট্ৰেইনিং,চলি থাকিল ৷ থিঅৰি পাচ কৰিলেও প্ৰেকটিকেল ক্লাচ বোৰত বাৰে প্ৰতি বেক লাগে ৷
ফাৰ্মত মুখৰ আগত কটা ঘাঁহ যতনাই দিলেহে খাব জনা জাৰ্চি সিন্ধ্ৰী জাতীয় গৰু বোৰে ঘাঁহনিত এৰি দিলেও যি দৰে ঘাঁহ চোবাই খাব নাজানে ঠিক তেনেকুৱাই আছিল মোৰ অৱস্থা ৷
প্ৰথম দিনাৰ প্ৰেকটিকেল আৰম্ভ হ'ল শুৱা পাটিৰ পৰা উঠি বনোৱা চাহ কাপৰে ৷ ইনগ্ৰেডিয়েন্ট খিনি জানো যদিও ইনষ্ট্ৰাকচন মেনুৱেল ফ'ল কৰিয়েই আগবাঢ়িলো ৷ গেছত চচপেনটো বহাই চাৰি কাপ পানী বাকিলো, একাপ এক্সট্ৰা দিলো কাৰন উতলি শুকাই যোৱাৰ সম্ভাৱনা আছে যিহেতু লাৰ্নাৰ হে ৷ জোখমতে চাহপাত চেনী গাখীৰ দিবা বুলি বিচনাৰ পৰা শ্ৰী মতীৰ চিঞৰি কোৱা অৰ্ডাৰটো ফ'ল' কৰি প্ৰতি বিধৰে কাপে প্ৰতি এচামুচ কৈ দিলো ৷ মিঠাৰ প্ৰতি থকা অদম্য দুৰ্বলতাক দমাব নোৱাৰি এচামুচ নিজৰ ফালৰ পৰা আনে নেদেখাকৈ এড কৰিলো ৷
তেনেতে মনত পৰিল ৰাধেশ্যাম হোটেলৰ ইলাচি দিয়া চাহ কাপলৈ ৷ পলম নকৰি দহটা মান ইলাচি চচপেনলৈ দলিয়াই দিলো ৷ আদা দিলেও চাহকাপৰ সোৱাদ যে ধুনীয়া হয় কথাষাৰ জানো কিন্তু প্ৰেকটিকেলি আগতে দি পোৱা নাই যদিও এক্সপেৰিমেন্ট এটা কৰি চাবলৈ বৰকৈ মন গ'ল ৷ গেছৰ চুইচটো বন্ধ কৰি চচপেনত উফন্দি উঠা চাহ খিনি নমাই থৈ আদা বিছাৰিলো ৷ যিহেতু খুন্দি হে দিম গতিকে বাকলি গুচাই সময় খৰচ নকৰি মিক্সাৰ গ্ৰাইণ্ডাৰত দি দিলো ৷ সুন্দৰ পেষ্টটো চাহৰ চচপেনত দি ভালদৰে মিক্স হ'বলৈ ঘুটি দিলো ৷ তেতিয়ালৈ চচপেনটো হাতেৰে ধৰিব পৰা উষ্ণতালৈ পৰিবৰ্তন হৈছিল ৷ গতিকে মগ এটাত চেকনী এখনৰে অসংপৃক্ত সমূহ পৰিশ্ৰাৱন কৰি লৈ কাপত বাকিলো ৷ প্ৰিকিউচনেৰি মেজাৰ হিচাপে গেছটো বন্ধ কৰিলো নে নাই পুনৰ নিৰিক্ষন কৰি ট্ৰে এখনত সজাই শ্ৰী মতীক পৰিবেশন কৰিলো ৷
ৱাকককক থু ৷
অত্যধিক নিমখীয়া গাখীৰ চাহ তাতে , চাহপাতৰ তিতা, আদাৰ লগত মিক্সাৰত লাগি থকা নহৰু জলকীয়াৰ সামান্য সংমিশ্ৰনৰ বাবে শ্ৰী মতীৰ মুখৰ পৰা প্ৰচণ্ড গতিত জ্বালামুখীৰ দৰে নিৰ্গৰিত হোৱা চাহৰ টোপালে মোৰ গালে মুখে পৰাত আস্বস্থ হ'লো যে এই বাৰো প্ৰেকটিকেল ফেইল মৰাতো খাটাং ৷
দুপৰীয়ালৈ চেকেণ্ড পেপাৰ ৷ ভাত, দাইল আৰু ভাজি ৷ পুৱা চেনী বুলি নিমখ দিয়াৰ ভুলটো পুনৰাবৃতি নকৰিবৰ বাবে ইতিমধ্যে প্ৰেকটিকেল পৰীক্ষাৰ নিৰিক্ষক পত্নীয়ে টেমাবোৰত কাগজত "হালধী, নিমখ, চেনী, দাইল, চাউল" ইত্যাদি ফলকবোৰ লগাই দিলে ৷ চাউলৰ টিনত চাউল বুলি লিখি ৰখা ফলক খন দেখি মোৰ বুজিবলৈ বাকী নাথাকিল যে শ্ৰী মতীৰ মোৰ ওপৰত কিমান অগাধ বিশ্বাস ৷
যি কি নহওঁক কুকাৰত চাউল দি চাৰি পাঁচবাৰ ভালদৰে ধুই ল'লো ৷ ইনস্ট্ৰাকচন মতে চাউলৰ ওপৰত এক আঙুল পানী জোখ মতে হৈছে নে নাই চাই কুকাৰৰ ঢাকনী খন কুকাৰত ভৰাবলৈ অপ্ৰান চেষ্টা চলালো ৷ ইফালে সিফালে আৰু বেলেগ ঢাকনী আছে নেকি নিৰিক্ষন কৰি নেদেখাত আস্বস্থ হ'লো যে সৰু কুকাৰত ডাঙৰ ঢাকনী দি মোৰ পৰীক্ষা চোৱা হৈছে ৷ ইমান পৰে মোৰ আলেখ লেখ চাই থাকি মাকক গৈ ডাঁৰৰ বাতৰি ডাঁৰৰে দিয়া সৰুজনীয়ে নিজে আহি কুকাৰত এটা এংগোলত ঢাকনীখন পুতুক কৈ ভৰাই দিলে ৷
গেছত কুকাৰটো বহাই পাচলিৰ চিন্তা কৰিলো ৷ পাকঘৰত যিমান প্ৰকাৰৰ পাচলি চকুৰ আগত দৃষ্টিগোচৰ হ'ল সকলোৰে এবিধকৈ সামৰি সুতৰি লৈ বাকলী গুচাব ল'লো ৷ ইতিমধ্যে ভাতৰ কুকাৰটোৱে চৰ্দী লগা মানুহৰ দৰে সোঁতসোঁতাব ধৰিলে ৷ উপায়ন্তৰ হৈ পকেটৰ ৰুমাল খনৰে হুচেইলৰ চৰ্দি মোহাৰাৰ প্ৰচেষ্টা হাতত ল'লো ৷ এই দৰে বহু সময় পাৰ কৰাৰ পিছতো হুচেল নমৰা দেখি মানুহৰ নাকৰ ফুটা চৰ্দি লাগি বন্ধ হোৱাৰ দৰে কুকাৰৰ হুচেইলৰো ফুটা বন্ধ হ'ল বুলি ভাবি ফুটা চাফা কৰাৰ মানসৰে হুচেইলটো ৰুমালৰে ধৰি খুলি দিলো ৷
ফুইচচচচচচ ৷
দুই এটা ভাত চিলিঙতো লাগি খকা দেখা পালো ৷ হেতা কেৰাহী কাপোৰ সকলোৰে ঢাকিও কুকাৰৰ উদ্গিৰন বন্ধ কৰিব নোৱাৰি সাম্ভাব্য বিপদৰ পৰা নিজৰ জীৱন বচাবলৈ পাকঘৰৰ পৰা দৌৰ মাৰি ওলাই আহিলো ৷
আবেলী পুনৰ বেক পেপাৰ, চাহ আৰু পাপৰ ভাজি ৷ মগজুৰ সকলো কোষ সক্ৰীয় কৰি সামান্যতমে ভুল নকৰাকৈ চাহ কাপ বনালো ৷ কেৰাহীত তেল দি পাপৰৰ পেকেটটো খুলি ল'লো ৷ গৰম তেলত পাপৰ দিয়াৰ লগে লগে আকৃতিৰ পৰিবৰ্তন ঘটে যদিও হেতাৰে হেচেকি চাই মৰমৰিয়া হোৱা বা কৰকৰিয়া হোৱা শব্দ নুশুনিলো বা নেদেখিলো ৷ সম্পুৰ্ণ পেকেটৰ পাপৰ সমুহক এঙাৰলৈ ৰুপান্তৰিত কৰিও কেৰাহীত মৰক কৈ হোৱা শব্দটো হেতাৰে হেচুকি কানৰে নুশুনাত আস্বস্থ হ'লো যে পাপৰবোৰ হয়তো সেমেকি আছিল ৷
ইয়াৰ উপৰিও দুই এটা সৰু সুৰা প্ৰেকটিকেল চলি থাকিল ৷ চাগু গুৰৰে সিজাই সিজোৱা পাত্ৰটো শেষত এঠা এৰুৱাব নোৱাৰি পেলাই দিয়া, দাইলত তেল মাৰি ফোনত ব্যস্ত থাকি কাষৰ ঘৰৰ মানুহে ধোঁৱা দেখি দৌৰ মাৰি অহা বা চচপেনত ডিমৰ জোল বনাবলৈ ডিম আলু সিজাই পাহৰি শেষত ডিম ফুটাৰ শব্দত পাকঘৰলৈ দৌৰ মাৰি অহা আৰু কলা পৰা চচপেন বাৰী চুকত আনে নেদেখাকৈ পেলাই দিয়া ইত্যাদি প্ৰকাৰৰ বিভিন্ন পৰ্য্যবেক্ষন দেখি শেষত হোটেল বা পেয়িং গেষ্ট বুলি শ্ৰী মতীয়ে মোৰ ৰন্ধন প্ৰকৰনৰ চাৰ্টিফিকেটত স্টাম্প মাৰি দিলে ৷
দেৱজিত শইকীয়া 

আংকোল মহন্ত সংবাদ (২)


পুৱাই পুৱাই মহন্তনীয়ে টেটু ফালি হায়ৈ বিয়ৈ কৈ চিঞৰিব লাগিল ৷ মহন্তনীৰ মুখত বিয়ৈ বুলি শুনিবলৈ হে পালে ৷ মহন্ত ৰূপি কলিৰ কৃষ্ণৰ সখী, পৰম বান্ধৱ উদ্ধৱ মানে আমাৰ অৰ্জুন আংকল লৰালৰিকৈ তিয়নি খনকে ককালত মেৰিয়াই উধাতু খাই দৌৰি আহি ধাচ কৈ মহন্তনীৰ চোতালত পৰি দিলেগৈ ৷
কি হ'ল, বিয়নী, কি হ'ল? ইমান কিয় কান্দিছা, মই আছো নহয় ৷
মহন্তনীয়ে বোলে অ' মোৰ মানুহটোক এই বুঢ়া বয়সত কিহে পালে ঐ?
আংকোলে বুলি কিবা পৰকিতি চৰকিতি ল'ৰিল নেকি?
মহন্তনীয়ে বোলে এই বয়সত ল'ৰিব লগিয়া বস্তুবোৰ ল'ৰা হ'লেও ভাল আছিল ৷ পিছে সৰু সৰু ল'ৰা বোলে খেলি থকা খেল বোৰ হে খেলিছে ৷
আংকোলে বোলে, কি খেল খেলিছে? প্ৰেম চ্ৰেম নহয়টো ?
মহন্তনীয়ে বোলে সেই বোৰ মোৰ লগতেই যি তেৰ বছৰ খেলিলে অ', তাৰ পিছত আনকি মোৰ ভয়ত গাঁৱৰ ছোৱালী বোৰৰ লগত ফাঁকু খেলাও বাদ দিছিল মানুহটোৱে ৷
তেনেহ'লে খেলিছে কি, সোনকালে কওঁক ৷ আপোনাৰ কান্দোন দেখি মোৰ অন্তৰে, হিয়াই, কলিজাই, বুকুৱে সকলোবোৰে ৰাউচি ধৰি কান্দিব ধৰিছে ৷
অ' মোৰ সোনামোৱা টো অ', নেখেলিবি অ' সোন, কাকতি দা, বৰুৱাদা হঁতৰ শপত মই আৰু কেতিয়াও তোমাক পেটুৱা বুলি নাহাঁহো আৰু ৷
আংকোলে বোলে বিয়নি আপোনাৰ গাত কি এক্টা কাপুৰৰ ভুত সোমাল নেকি? এটা কথাকে ইমান টানি আছে?
ভুতেই সোমাইছে পিছে মোৰ তাত নহয়, মোৰ মানুহটোৰ গাত হে টিমি মাছৰ ভুত সোমাল অ' ৷ ৰাতি ৰাতি মোবাইল পিটিকি থাকে, মই ভাবিছিলো, ফটাঢোলৰ খুলখালী কেইজনীলৈ চাগৈ মেচেজ দি থাকে ৷ সেয়ে একো কোৱা নাছিলো ৷ কিন্তু মিছা, কাকো মেচেজ নিদিয়ে ৰাতি ৰাতি ব্লু হোৱেল খেলি থাকে অ', মোৰ কি হ'ব এতিয়া ৷
আংকোলে বোলে, আঠুৱাৰ মহ মাৰিব ভয় কৰা মহন্তই ব্লু হোৱেল খেলিছে? মোৰ বিস্বাস নহয় ৷
মহন্তনীয়ে বোলে, খেলিছে খেলিছে, আজি কাকো মুখৰে নমতা টাস্ক পৰিছে ৷ মোকো ৰাতিপুৱাৰে পৰা মতা নাই অ, মই ক'তে যাও, কি কৰো ?
অৰ্জুন আংকোলে বোলে অহ, লেভেল ফাইভ ৷ চিন্তা নকৰিবা বিয়নি ৷ মোক ট্ৰাই কৰিব দিয়া ৷ মই যদি মহন্তৰ মুখৰ মাত উলিয়াব নোৱাৰো, তুমি মোৰ নামত যি পুহা পুহি ল'বা ৷
মহন্তনীয়ে বোলে যি কৰা কৰা মুঠতে মোৰ মানুহটোৱে মুখৰে মাতষাৰ মাতিলেই হ'ল আৰু ৷
অৰ্জুন আংকোলে বোলে মহন্ত, সোনকালে মুখৰে মাতা, নহ'লে তোমাৰ লিলিমাই বোৰ খণ্ড খণ্ডকৈ মহন্তনীৰ আগত বেকত কৰিম ৷
নাই মহন্তৰ মুখৰ মাত নাই ৷ অৰ্জুন আংকোলে বুলে মহন্তই মুখৰে মাতিব নোৱাৰা হৈ থাকোতেই মহন্তনীৰ আগত মহন্তৰ নেমেলা পুৰান মেলি দিয়াই ভাল এই বুলি আংকলে বোলে মহন্ত যোৱাবাৰ মাৰ্চ এণ্ডিংৰ ৰাতি যে অফিচত কাম আছে বুলি ......
ক'বলৈহে পালে, মহন্ত বাথৰুমৰ পৰা দৌৰি আহি বোলে মো...মু..মা....নো....সু...লৈ ...তই.....চা.....মো....ঘ....ভা......আ....কে....চা.....ল.....তো...
অৰ্জুনে বোলে কি কৈছা সখী ভাল কৈ কোৱা ৷
মহন্তই বোলে কে...এ....স....চে....আ....
অৰ্জুনে বোলে, বিয়নী কিবা কাগজ এখন আনি দিয়ক, কথাতে কয় নহয়, আনলৈ বুলি হুল পুটি নিজে মৰে ফুটি ৷ চকীয়াৰ মুখত দিয়া বলটো ধুই মেলি মুখত ভৰাওতে মহন্তৰ ডিঙিত লাগি ধৰিল চাগৈ ৷ যাওক যাওক সাউতকৈ কাগজ কলম আনক ৷
মহন্তনীয়ে কাগজ কলম আনি দিলে ৷ মহন্তই লিখি অৰ্জুনক পঢ়িব দিলে ৷
হেৰৌ মোৰ মানুহজনীয়ে দিনটো মোক পেক পেক কৰি থাকে ৷ সেয়ে পুৱা তাই সাৰ পাই উঠা আগত কুইক ফিক্সটো ওঠত লগাই দিম বুলি কালি কিনি আনিছিলো পিছে পুৱা পাঁচ টকীয়া কুইকফিক্সৰ ধাকনীটো খুলিব নোৱাৰি মুখৰে কামুৰি ঘুৰালো, কুইকফিক্স ফাটি মোৰ ওঠত লাগিল.....

বিজয়ৰ মিছা স্পষ্টিকৰন


কালিৰ পৰা গোটত বিহজুইয়ে বিভিন্ন পজত খাই থকা বিভিন্ন জনে বিভিন্ন এংগোলত তোলা ফটো আপলড কৰিছে৷ কিছুপৰ আগতে বিজয়ে স্পষ্টিকৰন দিছে যদিও সত্য কথাটো মই জানো গতিকে মহামান্য সদস্য সকলক জনাবলৈ পষ্টটো লিখিব লগা হ'ল৷
ৰিন্টুদাৰ ফোন: বিজয় হাঁহৰ পইচা মই দিছিলো যদিও মোৰ ভাগটো দি পথাব মানা কৰিছো৷
বিজয়: হব ৰিন্টুদা আপোনাৰ আৰু বৌৰ ভাগৰখিনি মইয়েই খাই দিম৷( বিজয়ে ৰিন্টুদা আৰু বৌৰ নাম স্মৰণ কৰি প্ৰথম দুখন ডিচৰ সৈত্যে খোৱাৰ শুভাৰম্ভ কৰে)
অলপ পিছত বিজয়ৰ হেকাদাৰ কাষলৈ আহি বাকী খবৰ লোৱাৰ চলৰে সুধিলে..
বিজয়:: দাদাৰ প্ৰেচাৰ চেচাৰ থিকে আছেনে?
হেকাদা:: নাই অ তোমাৰ লগত ফ্ৰেণ্ডচিপ কৰাৰ পৰা মোৰ দেখোন প্ৰেচাৰ নকমাই হ'ল৷ কি ক্ষনতযে মই তোমাৰ ফ্ৰেণ্ডৰিকুৱেষ্টৰ বুটামটো টিপিছিলো৷
বিজয়:: হ'ব দাদা, মোৰ কাৰনে আপোনাৰ প্ৰেচাৰ বাঢ়িছে আৰু মইও আজি আপোনাৰ ভাগৰ হাঁহৰ মাংস খাই প্ৰেচাৰ বঢ়াম৷ হিচাপ বৰাবৰ৷ (খঙতে হেকাদাৰ কাষৰ পৰা উঠি আহি নতুন প্লেট এখনত মাংস সজাই লৈ প্ৰেচাৰ বঢ়া যেন অনুভৱ নকৰালৈকে খাই হিচাপ বৰাবৰ কৰিলে)
বৰেণ্যক বন্দিতাই খুৱাই লৈ বিজয়ক থালখন থবলৈ দিলে৷ বিজয়ে আৰু লাগে বুলি থালখন পুৰাকৈ ভৰাই আনি " হ'ব বাপেকে খোৱা পুতেকে খোৱা একেই কথা বুলি বৰেণ্যৰ ভাগৰ মাংস খিনি খালে৷
কিছু সময় পিছত সকলো লেডিছৰ পিছত বুফেৰ বাবে আকৌ লাইনত খাৰা হ'ল৷ জিমিয়ে বোলে দাদা আপুনি খোৱা যেন পাইছিলো দেখোন৷ বিজয়ে বোলে ৰিন্টুদা, হেকাদা আৰু বৰেণ্যৰ ভাগৰ হে খালো৷ মোৰ নিজৰ ভাগটো খোৱাই নাই৷
মহিলাসকলক উদ্দেশ্য কৰি বিজয়ে বোলে মাংসৰ অপচয় কৰিব নাপাই ৷ মন্দিৰাবাই বোলে মাংসৰ নে ভাতৰ অপচয় কৰিব নাপাই৷ বিজয়ে বোলে মই মাংসৰ লগত দুটামান হে ভাত লও৷ গতিকে ভাত অপচয় কৰাৰ প্ৰশ্নই নাহে৷ মাংস খাব পৰাকন হে আপোনালোকে ল'ব, বাকী মোলৈ যাতে কমি নাযায়৷
সদৌ শেষত মই বোলো আহা বিজয় একেলগে বহি খাও৷ খাই বৈ হাত ধুই ৰুমালত মুখ মুচি থকা বিজয়ে বোলে "চকীয়া দা আপুনি কোৱালৈকে ৰৈ আছিলো৷ আপোনাৰ লগত একেলগে কিয় নাখাম বাৰু, ৰ'ব মই নতুনকৈ থাল এখন পাতি লৈ আহো"....

পিকনিকৰ ফটা অভিজ্ঞতা


2002 চন৷ বিশ্ববিদ্যালয়ৰ পৰা আহি ঘৰতে আছোহি৷ ৰিজাল্ট দিয়াই নাই৷ তেজপুৰ চৰকাৰী উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ত বহু দিনৰে পৰা হায়াৰ চেকণ্ডাৰীৰ উদ্ভিদ বিজ্ঞানৰ বিষয় শিক্ষক পষ্টটোত শিক্ষক নথকাত কিবা প্ৰকাৰে মোৰ কথা গম পাই সেই সময়ৰ প্ৰধান শিক্ষক শ্ৰদ্ধেয় বিজয় শইকীয়া চাৰে মোক মাতি পঠালে৷ মই নিজে পঢ়া বিদ্যালয়, তাতে সকলো চাৰ বাইদেউৰ মৰমৰ গতিকে মই না কৰাৰ প্ৰশ্নই নাহে৷ অবৈতনিক বিষয় শিক্ষক হিচাপে যোগদান কৰিলো৷ জীৱনৰ প্ৰথম চাকৰি, দৰমহা 700 টকা, প্ৰথম আৰু দ্বিতীয় বাৰ্ষিকৰ উদ্ভিদ বিজ্ঞানৰ ক্লাচ দুটা পঢ়াব লাগে৷
প্ৰথম দিনা শ্ৰেনীকোঠাত গ'লো৷ সন্মুখত প্ৰথম বাৰ্ষিকৰ ছাত্ৰ সমূহৰ দুটাকৈ চকুৱে কমেও ছল্লিচটা চকু মোৰ ওপৰত৷ দুদিন আগলৈকে নিজেই ছাত্ৰ হৈ আছিলো হঠাতে শিক্ষক হৈ গ'লো৷ কেনেকৈ কি কৰিম, বৰ্ডত চকমাটিৰ পেঞ্চিল লৈ হাতো কঁপিচে, মুখৰ মাতো ওলাও নোলাও অৱস্থা, ইফালে ভয় যে লাগিছে তাকো প্ৰকাশ কৰিব নোৱাৰো৷ মুঠতে চা চিনাকি হৈ দুটা মান কথা কৈ ক্লাচটো শেষ কৰিলো৷ সেইদিনা বুজিলো শিক্ষক হোৱা ইমান সহজ কথা নহয়৷ সেই দিন ধৰি আজিলৈকে শিক্ষক হোৱাৰ প্ৰয়াস কৰিয়েই আছো৷ কিমান সফল হৈছো হয়তো ৰিটায়াৰ্মেন্ট লোৱাৰ পিছত বাৰাণ্ডাত বহি বহি চিন্তা কৰিম৷
যি কি নহওঁক ছাত্ৰ সকলৰ মাজত মৰমৰ ছাৰজন হ'বলৈ বেছি দিন নালাগিল৷ সেই সময়ত ছাত্ৰ হিচাপে পোৱা জাভেদ, দেবজিৎ, অম্লান, হেমন্ত, যোগেন্দ্ৰ, আচিফ, গৌতম, মানসহঁত বৰ্তমান একোজন প্ৰতিষ্ঠিত ব্যক্তি৷ কোনোবা গুৱাহাটিৰ IIT ৰ কোনোবা নগাও কলেজৰ প্ৰবক্তা হিচাপে কাৰ্যৰত৷ নতুন বছৰত সিহতে খুব জোৰ কৰিলে যে চাৰ আমাক পিকনিক নিব লাগিবই৷ মইও কথা দিলো৷ সকলোকে দায়িত্ব ভগাই দিলো৷ প্ৰতিজন ছাত্ৰক ভগাই দিয়া দায়িত্ববোৰ কৰিবলৈ আৰম্ভ কৰিলে৷ গাড়ী ঠিক কৰাৰ পৰা বজাৰলৈকে সকলো আগদিনাই কৰি আজৰি৷ পিকনিকৰ বাবে ভালুকপুং ঠিক কৰা হ'ল৷ বিদ্যালয়ৰ হায়াৰ চেকণ্ডাৰি বিভাগৰ বিষয় শিক্ষক সকলো ওলাল৷ সকলো সুন্দৰ ভাবে হৈ গ'ল৷ আগদিনাই সকলো বস্তু বজাৰ বাহিনি কৰি বিদ্যালয়ৰ প্ৰথম বাৰ্ষিক আৰু দ্বিতীয়বাৰ্ষিকৰ শ্ৰেণীকোঠাত ৰখা হ'ল কাৰন পুৱা 6 বজাতেই বিদ্যালয় প্ৰাংগনৰ পৰা যাত্ৰা আৰম্ভ হ'ব৷ সকলোকে কোনে কি বস্তুৰ দায়িত্বত থাকিব জনাই দি কেইপদ মান বস্তু মই মোৰ ঘৰৰ পৰা লৈ ঘৰৰ ওচৰৰ পৰাই গাড়ীত উঠিম বুলি ঠিক কৰিলো৷
পুৱা সাত বজাত গাড়িত উঠিলো৷ সকলোকে বস্তুবাহানি ল'লে নে নাই সুধিলো৷ "চব ল'লো চাৰ" বুলি কোৱাত নিশ্চিন্ত হৈ পিকনিক থলি পালোগৈ৷ পিকনিক থলি পাই ৰান্ধনীয়ে চাহৰ ব্যৱস্থা কৰিলে৷ চাহ বনাই থাকোতে দেখিলো দুটামান লিডাৰ মোৰ পৰা অলপ আতৰি আতৰি আছে৷ দুটামানক কৈ সিঁহতক মতালো৷ সেমেনা সেমেনিকৈ আহি কলে যে চাৰ ব্ৰেডৰ জামৰ বটল কেইটা পাহৰি আহিলো৷ মই ক'লো হ'ব দে একো নাই সুদা ব্ৰেডেই হ'ব, মন বেয়া নকৰিবি৷ ডিম আচে নহয়, হৈ যাব৷ এটাই বোলে চাৰ ডিমখিনি অম্লানে গাড়ীত উঠাব পাহৰিলে৷ একো নকলো, মই বোলো হব দে উপায় নাই আৰু ৷ শুকান ব্ৰেড টানি টুনি চাহৰ লগত খোৱাৰ পিছত মিউজিক চিষ্টেমটো লাৱাৰিছ লাচৰ দৰে শিলৰ ফাকত পৰি থকা দেখি দুটা মানক ক'লো সেৰেঙা সেৰেঙা লাগিছে গান দুটা মান লগা৷ আকৌ দেখিলো দুটা মান মোৰ কাষ নচপা হ'ল৷ দেৱজিৎ বোলাজনে ক'লে চাৰ বেটাৰিটো স্কুলতে থাকিল উঠাব পাহৰিলো৷ এইবাৰ অলপ খং উঠিল৷ তথাপি যাহ পিকনিক হয় কাকো গালি নিদিও বুলি সম্বৰন কৰিলো৷
এনেতে ৰান্ধনীয়ে আহি বোলে হেতা কত আচে দিব কওঁকচোন৷ মই দুটা মানক হেতা বিছাৰি গাড়ীৰ পৰা আনিব দিলো৷ সেইকেইটাও গৈ নহা হ'ল৷ গম পালো হেতাও পাহৰিলে৷ ৰান্ধনীয়ে যেনিবা বাঁহ ফালি তাৰেই হেতা বনাই ল'লে৷ অলপ পিছত ৰান্ধনীজনে খুব ইটো টোপোলা সিটো টোপোলা খুচৰি থকা দেখি বোলো কি হ'ল এইবাৰ আকৌ, নিমখ তেলো কিবা পাহৰিলে নেকি? ৰান্ধনিয়ে বোলে চাৰ মাংসৰ টোপোলাটো পোৱা নাই৷ এইবাৰ কিন্তু ৰান্ধনিয়ে বনোৱা বাঁহৰ হেতাপাত লৈ আগুৱাই গ'লো৷ দেখিলো লিডাৰ ওচৰে পাজৰে এটাও নাই৷ এনেতে স্কুলৰ চকিদাৰ দীপকদাৰ ফোন আহিল৷ চাৰ স্কুলত পিকনিকৰ কিবা এৰি গৈছে নেকি? গোটেই স্কুলত শ শ মেকুৰীৰ চিঞৰ৷ মই বোলো তুমি ৰুম খোলা ৷ সি ৰূম খুলি বোলে চাৰ জাম, বেটাৰি মাংস আৰু দুটা মান টোপোলা আছে চেকেণ্ড ইয়েৰৰ ৰূমত, ফাৰ্ষ্ট ইয়েৰ ৰূমত একো নাই৷ মাংস বোৰ কি কৰো, গোন্ধাই যাব দেখোন? মই বোলো স্কুলৰ সকলো ছাৰ বাইদেউক ভগাই দিয়া৷
পিকনিকৰ ক্ষেত্ৰত নিজে সকলো চকু নিদি চকু মুদি "হ'ব ছাৰ চিন্তা নকৰিব"কোৱা ছাত্ৰৰ ওপৰত ভৰষা কিমান কৰিব পাৰি সেইদিনা অভিজ্ঞতা হ'ল৷ যি কি নহওঁক আমাৰ শিক্ষক কেইজনৰ মাজত পইচা উঠাই পুনৰ গাড়ীখন লৈ গৈ ভালুকপুং বজাৰ ছাগলী কটাই, মাংস আনি বনাই যেন তেন বনভোজ খোৱা হ'ল৷

প্ৰফাইল বিচাৰ


আজি যি গৰাকী নাচনীৰ প্ৰফাইল বিচাৰ কৰিবলৈ ওলোৱা হৈছে তেখেত গুৰুজনাৰ জন্ম জিলাৰ তথা সকলোৰে পৰিচিত "শ্ৰীদেৱী হেন চেহেৰাৰ মস্ত টেলেন্টেড পিচ"৷ ভাংখোৱা চিলিমটোৰ দৰে ফিগাৰৰ নাচনী গৰাকীৰ প্ৰফাইল কম্পিউটাৰত ভৰাই দিয়া লগে লগে "বুকটা ফাইট্যা যায়" বুলি চিঞৰ এটা মাৰি হঠাতে কম্পিউটাৰৰ হাৰ্ট এটেক আহি বন্ধ হৈ পৰে৷
শেষত কম্পিউটাৰৰ আগত মাহ প্ৰসাদ দি তিনি অধ্যায় নাম গোৱাৰ পিছতহে তেখেতৰ প্ৰফাইল বিশ্লেষণ কৰিবলৈ সক্ষম হওঁ৷
কলেজ টাইমত "বেহেন জী" আছিলো, পাত্তাই নিদিলে কোনেও" বুলি তেখেতে সকলোকে কয় যদিও ফেচবুকাৰু সকলৰ প্ৰিয় আৰু নিৰ্ভৰযোগ্য জ্যোতিষী টেষ্টনী ডট কমে তেখেতৰ প্ৰফাইল বিশ্লেষণ কৰি "পুৰা কলেজ হিলাই দিয়া তুমি, চব বলিয়া তোমাৰ প্ৰেমত" বুলি ৰাজহুৱা ঘোষনা কৰিছে৷ কিন্তু এইখিনিতে সকলো বৰলাক জনাই থোৱাতো উচিত হ'ব যে তেখেতৰ বিয়া "বৰুন ধাৱান"ৰ লগত হোৱাতো ফিক্স হৈ আছে গতিকে বৰলা সকলে অবাবত চেনীৰ বস্তা কঢ়িয়াই পুৱা গধুলী তেখেতৰ ফেচবুকত ভূমুকি মাৰি যেন সময় অনিষ্ট নকৰে৷
ফেচবুকৰ সমগ্ৰ ফটোত বাওফালৰ গালখন কেমেৰাৰ ফালে ৰাখি উঠা ফটোবোৰ চাই চাই কম্পিউটাৰ হেং মাৰিছিল যদিও গুগুলত সোফালৰ গালখন কিয় লুকুৱাই ৰাখে বুলি চাৰ্চ কৰাত গম পোৱা গ'ল যে তেওঁৰ সোঁগালত দাড়ী আছে সেয়ে এখন গালৰ ফটোহে আপলড কৰে৷
আগতে জিনচৰ পেন্ট এখেতৰ প্ৰিয় পোচাক আছিল যদিও হঠাতে জিনচ পেন্টৰ লগত মতানৈক্য হোৱাত চাদৰ মেখেলাকে প্ৰিয় সাজ বুলি গ্ৰহন কৰিবলৈ লয়৷ জীনচ কিয় ত্যাগ কৰিলে বুলি গুগুলত চাৰ্চ কৰি পোৱা গ'ল যে তেখেতৰ জিৰ' চাইজৰ জিনচ বৰ্তমান বজাৰত উপলব্ধ নহয়৷
এখেত কুম্ভকৰ্ণৰ মহিলা সংস্কৰন বুলি জগতে তেতিয়াই অনুমান কৰিছিল যেতিয়া পুৱাই একাঁহী ভাত মাৰি আহি ক্লাচত নাক বজাই শুবলৈ সৰুৰে পৰা গভীৰ প্ৰচেষ্টা চলাই সফল হোৱাৰ লগতে স্কুলৰ পৰা আৰম্ভ কৰি কলেজলৈকে প্ৰতিটো ক্লাচত নাক বজাই শুই এক বিশ্ব ৰেকৰ্ড গঢ়ি তুলিলে৷
সুকণ্ঠী পেৰডী গায়িকা বুলি পৰিচিত নহ'লেও, সৰুতে সেই প্ৰতিভাৰো বিকাশ হৈছিল আৰু
"জৱানী জাতি লাও
হাচিনা ৰঙালাও"
গীতৰ দ্বাৰা যি মুলা বাঢ়ে দুপাততে চিনৰ দৰে টেলেন্টৰ নমুনা ফাটি ফুটি গলেও দুৰ্ভাগ্যবশত লহপহকৈ বাঢ়ি অহা টেলেন্টৰ মুলা পাত কেইটা গৰুৱে খাই পেলোৱাত সেই মুলা মানে প্ৰতিভা বিকাশ হ'বলৈ নাপালে৷
এল পি স্কুলৰে পৰা প্ৰেমত পৰাৰ এক সপোন মনতে পুহি ৰাখিছিল যদিও বালিকা বিদ্যালয়ত নাম লগাই দিয়া বাবে প্ৰেম হ'বই নাপালে আৰু কলেজতো কোনো "ঢং" কা বয়ফ্ৰেণ্ড নোপোৱাত শেষত বিশ্ববিদ্যালয়ে শেষ আশা বুলি নাম লগাইছিল৷ পিছে দূৰ্ভাগ্য তাতো টোপনী আৰু পঢ়াৰ বাহিৰে প্ৰেমত বিশেষ সফলতা লাভ কৰিব নোৱাৰিলে৷ বৰ্তমান অবশ্যে কাৰ নামত কবিতা লিখি পষ্ট কৰে সেইটো ফেচবুক প্ৰফাইলত বিছাৰি নোপোৱাত কম্পিউটাৰটোৱে লাজতে চাট ডাউন হৈ থকাত আগলৈ জানিব পৰা নগ'ল৷
(বি দ্ৰ: দুদিন দেৰি হ'ব পাৰে কিন্তু চেকীয়াই কাৰো ধাৰ নাৰাখে, কালি দিয়া বেজীটো আজি সুতে মুলে ঘুৰাই দিয়া হ'ল৷ "মোক কোনেও বেজী দিব নোৱাৰে" বুলি কোৱা বাবে মৰমৰ ভণী যদিও বেজী দিব লগা হ'ল)

প্ৰাইম টাইম এস্কক্লুচিভ ...


%%% চাৰ, প্ৰাইম টাইমৰ বাবে এতিয়ালৈ 15 মিনিটৰ নিউজ মেটেৰিয়েল হে কালেক্ট হৈছে ৷ 1 আৱাৰ চলাবলৈ চাফিচিয়েন্ট নহয় ৷
₹₹₹ কি কি নিউজ আহিছে?
% %% চাৰ
1 নলবাৰীত গৰু পোৱালী এটাই দুধদানীত গাখীৰ খোৱা নিউজ এটা আছে সেইটো এস্কক্লুচিভ হব ৷ গৰু, গৰুৰ মালিক, গোহালী, গোবৰ সকলো কভাৰেজ হ'ব ৷
2 পৰহি পৰা যে দেখাই আছো বিয়াখনত কইনাৰ এস্ক বয়ফ্ৰেন্ডে আহি দৰা কইনাক আশীৰ্বাদ দিছিল, আজি বয়ফ্ৰেন্ড জনে কিয় আশীৰ্বাদ দিছিল কেমেৰা আগত মুখ খুলিব ৷
3 ইউ টিউবত অসমৰ কোনজন গায়কৰ কোনটো গান বেছি ভিউ হৈছে আৰু ফেচবুকত তেওঁলোকৰ ফ্ৰেন্ড কাৰ বেছি আছে কাউন্ট ডাউন কৰি দেখুৱা হব ৷ গান কেইটা অলপ দেখাই দিম এন্টাৰটেইন্টমেন্ট বাবে ৷
4 ৰাজগড়ৰ এটা ঘৰত ৰাতি ভূত ওলাই ৷ আজি ভূত লাইভ দেখাবলৈ চেষ্টা কৰা হ'ব ৷ ভূতনো কি আৰু চাৰ এনেই চাচপেঞ্চ এটা ক্ৰিয়েট কৰিম ভাবিছো৷
5 বিহুতলিত দুগৰাকী মহিলাৰ বহা চকীক লৈ হোৱা কাজিয়াৰ চুলিয়াচুলি হোৱাৰ 10 মিনিটৰ ফুটেজ আছে৷
আৰু কেইটামান আজে বাজে খবৰ আছে কিন্তু মোটামুটি চাৰ মানুহক 1 আৱাৰ বহাই থব পৰা নিউজ এই কেইটাই ৷
₹₹₹ ঠিক আছে হৈ যাব ৷ এটা কাম কৰা
1 কৰ্মচাৰীয়ে পূজাৰ পিছত আকৌ মৰগীয়া বানচ পাব নেকি বুলি হেডলাইনত দি থবা আৰু সেইটো লাষ্ট নিউজ ৰাখিবা ৷ চাকৰিয়াল খিনিয়ে তেতিয়া শেষলৈকে বোন্দাপৰ দিব ৷
2 মহিলা সকলৰ বাবে আজি প্ৰায় ঠিকেই আছে কিন্তু কালিলৈ বাবে এটা নিউজ লাগে যে "পূজাত এইবাৰ আপোনাৰ প্ৰিয়জনে কি দিব" ?
সপ্তমী, অষ্টমী, নৱমী আৰু দশমী পূজাত কি ৰঙৰ শাড়ী পিন্ধিব?
এইবাৰ সকলো বিবাহিত পুৰুষৰ ঘৈনিয়েকক শাড়ী দি দি মূৰ কামুৰনী হ'বলৈ দিয়াটো বিছাৰো ৷ চাবা যাতে নিউজ চোৱা পিছত গিৰিয়েক বোৰৰ গেঞ্জী কিনিবলৈও চিন্তা কৰিব লগীয়া হয় ৷
3 এই কেইদিন চলাই থকা নিউজ কেইটাৰ কোনটো আৰু টানিব পাৰি চোৱা আৰু মাজে মাজে আজে বাজে নিউজ কেইটা চলাই দিবা ৷ চলি যাব৷
% চাৰ ইউ আৰ গ্ৰেট ৷
₹ গ্ৰেট নহেলেনো সকলো জনাৰ পিছতো মানুহক প্ৰতিদিনে 1 ঘন্টা মোৰ নিউজ চেনেলৰ আগত বহাই থ'ব পাৰোনে?
নমস্কাৰ ৷ সন্ধীয়া সাতত আজি আকৌ এঘন্টা আপোনাৰ মূৰ......মই ষ্টুডিঅত............৷
হেৰা, আজি লাইভ ভূত দেখাব ৷ জল্দি আহা

ভাবুকৰামৰ মনৰ ভাৱ


হেৰি শুনিছে?
মই লেপটপটো জপাই চকীৰ পৰা উঠিব লৈছোহে, শ্ৰীমতী ৰুমলৈ সোমাই আহি চাহ কাপ টেবুলতে থৈ বোলে অতপৰে হেৰি হেৰি চিঞৰি আছো শুনা নাছিল নেকি?
মই বোলো হেৰা কিয় নুশুনিম , তুমি ইমান লাহেকৈ "হেৰি শুনিছে" বুলি মাতিছা যে ঘৰৰ আগেদি যোৱা মানুহ দুটামানেও ডিঙি মেলি চাই গৈছে৷
হ'ব হ'ব এতিয়া মোৰ মাতটোও বেয়া হ'ল, এটা সময়ত ফোনত "কিবা কোৱানা, তোমাৰ মাতটো শুনিবলৈকে ফোন কৰিছো" বুলি যে ঘন্টাৰ পিচত ঘন্টা ফোন কৰিছিল তেতিয়া হ'লে মোৰ মাতটো ঠিকেই আছিল৷ বিয়াৰ আগতেই যে "হেৰি শুনিছে" বুলি দিনটোত দহ বাৰ মাতিব দিছিল তেতিয়াও ঠিকেই আছিল, এতিয়া দুটা পোৱালীৰ মাক হলো নহয়, মোৰ মাত কথা সকলো বেয়া হ'ল৷
মই বোলো হেৰা তেনেকৈনো কিয় কোৱা?
এও বোলে দস্তুৰমত কম৷ নিদিষ্ট ফোন কেইটামান আহিলে যে আজিকালি আতৰি গৈ আমলখি গছৰ তলত কুলিৰ মাতৰে ফুচফুচাই থাকা, মই হ'বলা শুনা নাই? চুৱা পেলাবলৈ গৈ আন্ধাৰতে ফুচফুচ শব্দ শুনি ভুত বুলি ভয় খাই কিমান দিন চক খাইছো মইহে জানো আৰু মই কাষত থাকিলে যে এই ভোডাফোনৰ বিল, ৰং নাম্বাৰবোৰে ইমান আমনি কৰে, মইও জানো কোন সেইকেইজনী ৰং নাম্বাৰ৷
মই বোলো হেৰা পুৱাই পুৱাই তুমি এইসোপা চাহৰ লগত খোৱাবলৈকে হেৰা হেৰা চিঞৰি আছিলা নেকি?
নাই, সেইবাবে মতা নাছিলো, পিছে কি কথা ক'বলৈ আহিছিলো,তোমাৰ বেকা উত্তৰ শুনি পাহৰি থাকিলো৷
মই কিবা এটা ক'ব লৈছিলোহে এনেতে শ্ৰীমতীয়ে বোলে, অ' মনত পৰিল, তুমি এনেই বহি ম'বাইল পিটিকি থকাতকৈ মোক গুণোৎসৱৰ কাৰনে বনোৱা স্কুলৰ ৱাল মেগাজিনখনৰ বাবে টপিক কেইটামান ইন্টাৰনেটত চাই দিয়া৷
মই বোলো হেৰা ,ৱাল মেগাজিন বিদ্যালয়ৰ ল'ৰা ছোৱালীয়ে লিখে আৰু সিহঁতেই বনাই, তুমি আকৌ টপিক বিছাৰি কিয় লিখিব লাগে?
ক'বলৈহে পালো, শ্ৰীমতীয়ে বোলে গ্ৰেডৰ কথা আছে আৰু এল পি স্কুলৰ ল'ৰা ছোৱালীক নামটো লিখিবলৈ শিকাবলৈ এমাহ লাগে আৰু সিহঁতে কি ৱাল মেগাজিন বনাবহে?
মই বোলো কথাটো ঠিকেই কৈছা, পিছে এই যে ৰেজিষ্টাৰ বহী বোৰ আজি ইখন কালি সিখনকৈ কিনি আনি আনি লিখি আছা, সেইবোৰটো তোমালোকৰ কাম, সেইবোৰ আগতে মেইনটেইন কৰা নাচিলা নেকি?
শ্ৰীমতীৰ মুখলৈ চাই সাম্ভাব্য আগ্নেয়গিৰী উদ্গীৰনৰ উমান পাই মই বোলো ৰ'বা ৰ'বা মই ৱাল মেগাজিনৰ টপিক কেইটা চাই দিছো৷
লেপটপটো খুলি এবাৰ নিজৰ কথাও ভাবিলো৷ মই চাকৰিটোত জইন কৰাৰ পিছৰ পৰাই জানুৱাৰী মাহত নতুন বছৰৰ কেলেণ্ডাৰ খন মেলি লৈ প্ৰথমেই বন্ধ এইবছৰ কেইটা পৰিছে, শনিবাৰ ,ৰবিবাৰ সমূহতেই বন্ধ সমূহ পৰিছে নেকি বা কোনমাহত কেইটা বন্ধ,তথা ৰেষ্ট্ৰিকটেড হলিডে কেইটাও লগত মিলাই দীঘলিয়া ছুটি পাম নেকি ইত্যাদি বোৰ হিচাপ নিকাছ কৰি থাকোতেই বছৰটো যায়৷ কেতিয়াবা ভাবো মোৰ দৰে মানুহবোৰৰ বাবেই দেশখনে উন্নতি কৰিব পৰা নাই নেকি? নিশ্চয় নহয়৷ দেশ প্ৰগতিৰ পথত, প্ৰতিখন চৰকাৰে দেখোন কিমান উন্নতি কৰিলে ডাঙৰ ডাঙৰ হৰ্ডিং লগাই বিজ্ঞাপন দিয়েই থাকে৷
কেতিয়াবা ভাবো কৰ্ম সংস্কৃতিৰ অভাৱ হৈছে নেকি? আকৌ এবাৰ নিজৰ কথাকে ভাবিলো৷ দুপৰীয়া পোৱালীক কনভেন্টৰ পৰা ঘৰলৈ নিয়া, চাহ তামোল খোৱা আৰু সামগ্ৰীক অসমৰ পৰিস্থিতিৰ ওপৰত লগৰ বৰুৱা কলিতাহঁতৰ লগত পতা কথা সমূহ বাদ দিলে দহ বজাৰ পৰা পাঁচ বজালৈ দেখোন অফিছতে থাকো৷ টেবুলত ফাইলৰ দম লাগে কথাটো হয় পিছে অডিট আহিলে বা ইঞ্চপেকশ্চন আহিলে কামৰ প্ৰেচাৰে প্ৰেচাৰ কুকাৰৰ দৰে চিটি মাৰিলেটো গা নলৰা নহয়৷ গা তেতিয়া ল'ৰে, নহ'লেনো ঘৰলৈ মোনাত ভৰাই ফাইলবোৰ আনি ৰাতি দুপৰলৈকে অফিছৰ কাম কৰোনে? মনতে ভাবিলো কথাবোৰ৷
হ'বও পাৰে৷ চাকৰিত মাহেকীয়া টাৰ্গেট ফুলফিল কৰাৰ কথা নাথাকিলে আৰু কাম কৰিলেও নকৰিলেও পাঁচবছৰ চৰকাৰ চলাৰ দৰে ৰিটায়াৰ্ড নোহোৱালৈকে চলি থকা চাকৰিত মোৰ দৰে কেৱল এক তাৰিখ অহালৈ আৰু ইংক্ৰীমেন্টৰ হিচাপ নিকাচ কৰি জীয়াই থকা মানুহবোৰৰ জন্ম নিজে নিজে হয় নে পৰিস্থিতিয়ে জন্ম দিয়ে ভাবিলো৷ বন্ধবোৰে বাৰু কৰ্মস্পৃহা কমাইছে নেকি? বন্ধ বুলি কওতে আকৌ মনত পৰিল যোৱাবছৰ পূজাৰ ছুটি তেনেই কম হোৱা বাবে ক'তো ফুৰিবলৈ যোৱা ন'হল৷ এইবাৰ কেলেণ্ডাৰ মেলিয়েই হিচাপ নিকাচ এটা কৰি দেখিছিলো যে মাজৰ অফিছৰ খোলা বাৰ দুদিনত যদি কেজুৱেল লিভ লোৱা যায় দূৰ্গা পূজাৰ পৰা লক্ষ্মী পূজালৈকে পূজাৰ নামত নামত প্ৰায় এসপ্তাহ বন্ধ পাম গতিকে সকলো হিচাপ নিকাছ কৰি পূজাৰ বন্ধত মুম্বাই গোৱা ফালে ফুৰি আহিম বুলি নমামী উৎসৱৰ ব্যস্ততাৰ মাজতো সময় উলিয়াই ফ্লাইটৰ টিকটো কৰিছিলো, পিছে কি হ'ব মোৰ নমামী গ'ল কিন্তু শ্ৰীমতীৰ গুণোৎসৱ আৰম্ভ হ'ল৷
উৎসৱ বুলি কওঁতে মনত পৰিল আজি কালি চৌদিশে উৎসৱেই উৎসৱ৷ উৎসৱ মানেই আনন্দ৷ আনন্দ মানেই সৰ্বানন্দ, সকলোৰে আনন্দ৷ উৎসৱ বুলি কওঁতে এই যে শাৰদীয় দুৰ্গোৎসৱ,ইয়াত দেৱী পূজাভাগ কমিটিৰ আয়োজক সকলৰ বাবেহে যেন লাগে বাকি আপোনাক কোনেও নুশুধে যে পূজা দিব যাব বা কি দৰে পূজা ভাগ পাতিব কিন্তু সকলোৰে প্ৰায় এটাই প্ৰশ্ন পূজাৰ বন্ধত ক'ৰবাত ফুৰিবলৈ যাব নেকি? পূজাত কি কাপোৰ ল'লে? নতুন ডিজাইনৰ কি কাপোৰ আহিছে, কোনটো মণ্ডপত ডেকৰেশ্চনত কিমান খৰচ কৰিছে, কোনে কিমান ডনেশ্চন দিলে, কলিকতাৰ পৰা কোন খন কমিটিয়ে গায়ক মাতিছে, ডি জে নাইট থাকিব নেকি? মনতে ভাবিলো, পূজা মানে কেৱল জাকজমকতাই নেকি?
কান তাল মৰা হিন্দী গীতৰ লগত মাজে মাজে ঔম জয় জয় জগদিশ আৰু মাইক্ৰফ'নৰ আগত গোৱা মন্ত্ৰধ্বনীয়ে মিশ্ৰিত হৈ কৰ্ণপতহত খুন্দা মাৰি মনতো পূজা পূজা লগাই দিয়ে যদিও পূজা চাবলৈ বুলি ওলায় গৈ চাব কি? পূজা মানে পেণ্ডেলৰ ডিজাইন, লাইটৰ ডেকৰেচন, প্ৰতিমাৰ কন্টেষ্ট, মানুহৰ ভিৰ, নতুন কাপোৰৰ ডিজাইন আৰু লগতে বাহিৰতে ডিনাৰ ইমানেই৷ তাৰে এদিন যেনিবা যেনতেন দিনত কৰবাত শৰাই এখন৷
বাৰু যি কি নহওঁক উৎসৱ পাৰ্বননো কাৰ ভাল নালাগে৷ সৌ সিদিনালৈকে দুই তিনিদিনলৈকে গাত পানী এটোপাল নধলাকৈ থকা তথা ভগৱান বুলিলে সাতজাপ মৰা দুই এজনে আকৌ আজি কালি বেদ পুৰান উপনিষদৰ উদ্ধৃতি নিদিয়াকৈ কথাই নকয়৷ ইয়াক আপুনী মেজিক বুলিও ক'ব পাৰে বা পৰিবৰ্তন বুলিও ভাবিব পাৰে৷ ভালেই হৈছে, বেয়া হৈছে বুলি নকও ধৰ্মৰ প্ৰতি শ্ৰদ্ধা ভক্তি আগ্ৰহ থাকিব লাগে ৷
শ্ৰদ্ধা ভক্তিৰ কথা মনলৈ অহাত ভাবিলো আগতে নেৱালী নাৰ্জী ফুল গোটাই মালা গাঠি দেৱীক সন্তুষ্ট কৰা আৰু স্কুলৰ খিচিৰি খোৱাই আছিল স্বৰস্বতী পূজা কিন্তু এতিয়া বিউটি পাৰ্লাৰত ভিৰ কৰা আৰু পূজাৰ দিনা দেৱীক দেউৰ মন্ত্ৰ শুনিবলৈ এৰি দি সাজি কাচি গৈ টিভিৰ কেমেৰাৰ আগত ঠিয় হোৱাতোহে বচৰেকীয়া উৎসৱত পৰিনত হৈছে৷ বিশ্বকৰ্মা পূজাত এতিয়া দেউ নহলেও কথা নাই কিন্তু ডি জে লাগিবই৷ অখণ্ড ভাগৱত পাঠৰ কথা নকলোৱেই বা৷ কেতিয়াবা ভাবো এই মাইক লগাই গোটেই নিশা পাঠ কৰা ভাগৱতৰ কথা কেইজনে শুনে বা বুজে?
কেতিয়াবা কথাবোৰ অকলেই ভাবি থাকো, ভবাৰ বাহিৰে কৰিমনো কি? ভগবানে আমাক মূৰটো ঠিকেই ভাৱিবলৈকে দিছিল পিছে ভৱা কথাবোৰ আকৌ বাস্তবত কামত কিমান খটাও সেইটো আকৌ আমাৰ মনুষ্য জাতিৰ হাতত এৰি দিলে নহয়৷
এনেতে ফেচবুকত টং কে নটিফিকেশ্চন এটা আহিল৷ খুলি চাই দেখো শ্ৰীমতীয়ে এডৰা দীঘল ষ্টেটাচ এটা পষ্ট কৰিছে৷ মোৰ দীঘল পষ্ট পঢ়াৰ ধৈৰ্য কম, সেয়ে উপৰে উপৰে চকু ফুৰাই চাই দেখিলো জীৱ হত্যা মহাপাপ জাতীয় পষ্ট৷ মোক স্কুলৰ কামত লগাই নিজে ফেচবুকত ব্যস্ত শ্ৰীমতীৰ পষ্টটো দেখি মিটাৰটো উঠি আহিছিল যদিও বলে নোৱাৰা শিলক পৰি নমস্কাৰ বুলি কথা এষাৰ আছে নহয় সেয়ে নিজকে সম্বৰন কৰিলো৷ মই লাহেকৈ উঠি গৈ বোলো হেৰা আজি দেওবাৰৰ দিনৰ সাজ কি খাবা মাছ নে মাংস? এও বোলে মাংসই আনা৷ আকৌ ভাবিলো মোৰ শ্ৰীমতীওটো কম নহয় জীৱ হত্যা বন্ধ কৰিব লাগে বুলি ষ্টেটাচো দিব আৰু ৰবিবাৰ বুলিয়েই দুপৰীয়া মুৰ্গীৰ ঠেঙো টানিব৷ মই মানুহটো আকৌ ভাবুকৰাম হৈ পৰিলো৷

কথা কোৱা বাঘ


এবাৰ কাজিৰঙাৰ বনৰ মাজেদি সন্ধিয়া উৎপলা কৌৰ (নিউ) বাইদেউ গৰাকীয়ে "চল গ'ৰি" বজাৰত বজাৰ কৰি অকন গড়মাৰ্কা ধৰি অকলে অকলে এন্ধাৰে মুন্ধাৰে কাষলতি তলতে মোনাটো লৈ "এন্ধাৰ ৰাতি কোন বাৰু তই, ক'ত টোৰ ঘৰ, কলৈ যাবি তই" গানটো গায় আহি আছিল৷
এনেদৰে আহি আহি সাপজুৰি তিনিয়ালি মান পাইছেহি আৰু, ওলাল নহয় আপোনাৰ আগত হঠাৎ কৰবাৰ পৰা বাঘ এটা৷ বাঘে বনৰ পৰা ওলায়েই উৎপলা কৌৰ (নিউ) বাইদেউক দেখি অলপ নিজেও ঠতমত খালে৷ খাবও দিয়কচোন৷
বাইদেৱেও বাঘেই নে হাইব্ৰিড মেকুৰী ৰাতিৰ আন্ধাৰত ভালকৈ মনিব নোৱাৰি "কোন অ' এইটো বুলি মাত লগালো৷
বাঘটোৱে বাইদেউৰ প্ৰশ্ন শুনি অলপ লাজ পালে নেকি,তলমূৰ কৰি মই বাঘ বুলি সৰুকৈ ক'লে৷
বাইদেউৱে বোলে কাপোৰ কানি নিপিন্ধাকৈ এই ৰাতিখন ক'ত ঘুৰি ফুৰিছ?
বাঘে লাজতে নেগুৰ ডালৰে লাজকন ধাকিবলৈ অপ্ৰান চেষ্টা কৰি নোৱাৰি মাটিতে লেপেটা কাঢ়ি বহি আগ ঠেং দুখনৰে যেন তেন যি যত পাৰে ধাকিব চেষ্টা কৰিলে৷
বাইদেউৱে বাঘটোক বোলে তই এক দম নিহিলিবি দেই৷ চচমাযোৰ পিন্ধাই দি তোক ফটো এখন লম, মোৰ নতুন ফেচবুক একাউন্টৰ ডিপিত দিব লাগে৷
বাঘৰ এইবাৰ বৈদ্দ্য ইজ্জতত লাগিল৷
বাঘে বোলে মই বাঘ হয় বাঘ বনৰ ৰজা হয়৷ ফটাঢোলত "মুখা মুখি" অনুস্থান কৰাদি মোৰ লগত মুখা মুখি প্ৰশ্ন কৰি নাথাকিব, অলপ কেয়াৰ কৰক৷ ডেম কেয়াৰ খাই ইমান ভেম নেদেখাব৷
পলা(নিউ) বাইদেউৱে বোলে "ধুৰ, তোতকৈ বাঘা বাঘা বাঘক মই কেয়াৰ নকৰো৷
বাঘৰ এইবাৰ খঙে নেগুৰৰ আগ পালেগৈ, হাও বুলি মুখখন মেলি বাইদেউক খাবলৈ জপিয়াই আহিল৷
বাইদেউৱে বজাৰৰ পৰা নিচা ফালিবলৈ কিনি অনা নেমুটেঙা দুটা বাঘৰ মুখলৈ দলিয়াই দিলে৷
তাৰ পিছত কমৰত চাদৰখন খুচি লৈ এখন হাতেৰে বাঘৰ মুখত হাত ভৰাই জিভাখন টানি আনখন হাতেৰে কানত ধৰি আঠু কাঢ়ি বাঘক বহাই দিলে৷
..
..
..
ৰ'ব, ৰ'ব, আপুনি ভবা দৰে মই ভাবিছিলো যে বাঘে পলাবা(নিউ)ক নাকামুৰিলে কিয়?
টেঙা খাই বাঘৰ দাঁত টেঙাই গৈছিল আকৌ৷
বাৰু আপোনালোকে ভাবিছে চাগৈ মই গোটেই কাহিনীটো হুবহু কেনেকৈ জানো?
কৈ আছো, পলা(নিউ) বাই বাঘৰ নেগুৰত ধৰি বোকাখাত পালেহি আৰু মোক গোটেই কথা বিবৰি কলে কিন্তু মোক দেখিয়েই বাঘটো পলাল৷ পিছত হে গম পালো কথা ক'ব পৰা বাঘটো অন্য নহয় বাঘৰ ড্ৰেচ পিন্ধি মহিলাক লৈ কৌতুক কৰি বৰ মতা দেখাই সকলোকে টুপি দিয়া কোনোবা ফটাঢুলিয়াহে এজন আছিল বোলে৷
(বি:দ্ৰ: দুদিন দেৰি হ'ব পাৰে চকীয়াই বাকী নাৰাখে৷ চকীয়াক ডকাইতৰ হাতত গতাইছিল মই বাঘৰ হাতত গতালো)

ৰক্তদান


যোৱাকালি পুৱাই শৰ্মাদেৱৰ পষ্টটো পঢ়ি আমাৰ বনস্পতি বাইদেৱে অৱশেষত ৰক্তদান কৰাৰ সিদ্ধান্ত ল'লে আৰু কি দৰে ক'ত ৰক্তদান কৰিব সকলো চকুৰ পলকতে ঠিক কৰি পেলালে৷ এনেই বেটেৰি ৰিক্সাত বহি গৈ হস্পিতালত ৰক্তদান কৰি আহিলে কথাটো ভাল নহ'ব৷ ষ্টাৰ সকলৰ দৰে এক্সপ'জাৰ এটাৰ সৈত্যে ফেচবুক হিলাই দিব লাগিব বুলি মনতে ভাবিলে৷ ৰক্তদান শিৱিৰ এটা আয়োজন কৰি পুৰৱী কটকী পৰী বৰঠাকুৰ, মনিষা কাকতী, জিমি শইকীয়া আদিকে ধৰি প্ৰায় সকলোলৈকে ফোন লগাই ৰক্তদান কৰিবলৈ অনুৰোধ কৰিলে৷ যথা সময়ত সকলো উপস্থিত হ'ল৷ পিছে শিৱিৰত গোট খোৱা সকলক দেখি ব্লাড বেংকৰ মানুহজনে ৰক্তদান কৰিব নোৱাৰিব বুলি ক'বলৈ হে পালে৷ বনস্পতি পৰী আৰু পুৰৱীয়ে বোলে দিনটো বিউটি পাৰ্লাৰত বহি মেক আপ কৰি মেলি আহিছো, নতুন ড্ৰেছ লৈছো দুযোৰ সেইবোৰ এনেই যাব নেকি? "আমাৰ তেজ লবই লাগিব" বুলি ব্লাড বেংকৰ মানুহজনৰ ৰক্তপান কৰিবলৈ চোঁচা মাৰি অহাত উপায়ন্তৰ হৈ তেওঁ ঈশ্বৰৰ নাম লৈ ব্লাড ল'বলৈ আগবাঢ়িল৷ ফটোচেচন চলিল, ফেচবুকত "মেহ গয়িং টু ডনেটিং ব্লাড" বুলি ফেচবুক লাইভ আহিল"৷ পিছে অলপ পিছত দেখা পোৱা গ'ল বনস্পতিয়ে ৰক্তদানৰ বাবে অনা বেজীটো দেখি তাতেই বেহুছ হ'ল৷ সকলোৱে পানী চিতিয়াই ফেচবুকত লাইভ হৈ আছে বুলি কওঁতে সংজ্ঞা ঘুৰাই পাই আৰু পানী নাধালিব মেক আপ বেয়া হ'ব বুলি কোৱা শুনিলো৷ কাপোৰ যোৰ ঠিক ঠাক কৰি আটাইকেইজন ভগবানৰ নাম লৈ চকু মুদি বেজী ভৰাব দিলে যদিও তেজ নোলোৱাত অৱশেষত ব্লাড বেংকৰ মানুহজনে চাৰি বটলমান তেজ দিব লগিয়া হয়৷ শুনামতে শিৱিৰৰ বাকি দুগৰাকী মানে পলায় পত্ৰং দিয়ে আৰু দুগৰাকী মানে বেজী দেখি ঠাইতে মুচকচ যায়৷ বৰ্তমানেও চলি থকা ফেচবুক লাইভত তেওঁলোকৰ হুচ অহা দেখা পোৱা নগ'ল৷

মিছন চীনা জোক


১৯৬২ চন ৷ ভাৰত আৰু চীনৰ মাজত ভীষন যুদ্ধ চলি আছে ৷ চীনা সৈন্যৰ ভয়ত সকলোৱে এফালৰ পৰা পলাইছে ৷ কোৰ্ট কাছাৰি , হস্পিতাল, স্কুল
সকলো খালি ৷
এনেতে কটকি পৰিয়ালত দৌৰা দৌৰি লাগিল মানে পুৰ্ৱী পৃথিৱীত আহিবলৈ দৌৰা দৌৰি লগাব ধৰিলে ৷ উপাই নাপাই ওচৰৰে তিনিখন বিচনাযুক্ত হস্পিতাল খনতে ভৰ্তি কৰাই দিয়া হ'ল ৷ পিছে ভৰ্তি কৰালে কি হ'ব ডাক্টৰ নাই ৷ এনেতে ৰেড ক্ৰচৰ ডাক্টৰৰ এপ্ৰন পিন্ধি চীনাৰ ভয়ত পলাবলৈ ওলোৱা বিজয়া বাইদেউক পুৰ্ৱীৰ মোমায়েকে পাই লৈ আনিলে ৷
বিজয়া বাইদেউ জানো কম ৷ চিং মিং পিং পাং পোং পোং পাং নিং নাং নোং জাতীয় অবাস্তৱ চীনা ভাষা কিছুমান মাতি মোমায়েকক ভয় খুৱাৱ খুজিছিল, কিন্তু মোমায়েকে বোলে বাইদেউ আপুনি বৰ বেয়া এক্টিং কৰে, এপ্ৰনৰ তলফালে ঘৰত বোৱা মেখলা চাদৰ খন ওলমি আছে ৷ সোনকালে আহক ৷
এই বুলি পুৰ্বীৰ মোমায়েকে বিজয়া বাইদেউক টানি মেলি মেটাৰনিটি ৰূমলৈ লৈ আহিল ৷ ৰূমত সোমাই বিজয়া বাইদেউ প্ৰায় বেহুচ হওঁ হওঁ ৷ বোলে মই ডক্টৰ নহয় অ' বোপাই , মোমায়েকে বোলে আৰু এক্টিং কৰিব নালাগে, এই বুলি ৰিপৰ্ট বোৰ বিজয়া বাইদেউক দি ৰূমৰ পৰা ওলাই আহিল ৷
কি কৰো কি নকৰো অৱস্থাত কিবা বুজি পাওৱেই বা বুলি ভাবি ৰিপৰ্ট বোৰকে জোটাই জোটাই উৰাই ঘুৰাই পঢ়িব ধৰিলে ৷ একো মাথা মুণ্ড বুজি নাপালেও এটা কনফাৰ্ম হ'লে যে বেবী আছে ৷ ইফালে পুৰ্বীৰ পৃথিৱীত লেণ্ড কৰাৰ বাবে তীব্ৰ প্ৰচেষ্টা অব্যাহত ৷ মাকে বোলে কোন এইজনী কাম নোহোৱা বেকাৰ ডাক্টৰনীৰ হাতত মোক গটাই থৈ গ'ল?
এনেতে গাৱঁৰ পৰা লগত যোৱা বুঢ়ী এগৰাকীয়ে বোলে মই চাইছিলো কেঁচুৱা নাই দেখোন ৷ বিজয়া বাইদেউ বোলে ভাল দৰে চালে নে? বুঢ়ীয়ে বোলে চাইছো নাই ৷
তেনেতে বিজয়া বাইদেউৱে দেখিলে সৰু চীনা জোকৰ নিচিনা কিবা এটা হাতৰ গ্লোবচত পিৰ পিৰাই আছে ৷ বুঢ়ীক কৈ নিমখ অকন দি চাই দেখিলে লৰ চৰ কৰিছে ৷ মেগনিফ্লাইং গ্লাচ লৈ চাই দেখিলে পুৰ্বীয়ে ওৱে ওৱে কৰিছে ৷ বিজয়া বাইদেউৱে বোলে মিছন চাইনা চাকচেচ, ক্ষমা কৰিব অপাৰেছন চাকচেচ......
মোবাৰক হ ৷ আপোনালোকৰ ছোৱালী হৈছে ৷
বি:দ্ৰ:
পুৰ্বীৰ আহিব লগীয়া ৫৬তম জন্মদিনৰ দিনা শুভেচ্ছা নজনোৱাকৈ নাথাকিব ৷
লগতে অহা ৮ তাৰিখে বহু প্ৰত্যাশিত মৰমৰ শিল্পী জুবিন গাৰ্গৰ অশেষ পৰিশ্ৰম তথা ত্যাগৰ ফলত জন্ম লাভ কৰিব লগিয়া "মিচন চাইনা" ক সকলোৱে আদৰি আশিৰ্বাদ দিব বুলি আশা কৰিলো ৷

চিলিম ফিগাৰ


মিচ মনিচা কেগটিৰ কথাকে কৈছো ৷ হাতিৰ সমান চেহেৰাটো হঠাতে পৰুৱাটোৰ দৰে হৈ পৰাৰ ৰাজ টো আপোনালোকৰ আগত আজি ফাদিল কৰিম ৷
ৰ'ব ৰ'ব মই ফিউজ লাইভ নহয় যে বিৰতিৰ পিছত কম ৷ শুনক সকলোৱে, মনিচাই ফেচবুকত একাউন্ট খোলাৰ সময়ত প্ৰায় এশ দেৰশ কুইন্টলৰ এগৰাকী হিস্ত পুস্ত আহল বহল ছোৱালী আছিল ৷
এবাৰ ৰুপা বেল্ট নামৰ পোন্ধৰ দিনত ককালৰ মেদ কমোৱা এটা কোম্পানীৰ বিজ্ঞাপনৰ বাবে তেনেকুৱা এগৰাকী মেদবহুল ছোৱালী বিছাৰি আছিল ৷ দৈবাৎ কোম্পানীৰ চকু পৰিল মনিচাৰ ফেচবুক প্ৰফাইলত ৷
লগে লগে মনিচাক ক্ৰেং দি ডাঙি নি ডাম্পাৰত বঢ়াই লৈ গল ছুটিং চেটলৈ ৷ ক্লিক ক্লিক :::::: ফটো চেচন কৰিলে ৷ লঘোনে লঘোনে ৰাখি বেল্ট বন্ধালে, খিনাবৰ বাবে এমাহ মান গেলেনে গেলেনে মেডিছিন খুৱালে ....কুকুৰ পিচত লগাই দৌৰিব দিলে.....চাৰ্ক পানীত এৰি দি সাঁতুৰিব দিলে ....পকা মছিব মানে পকাৰাষ্টা মছিব দিলে ...এনেদৰে 92 কেজিৰ মনিচা চিধাই 29 কেজিৰ হৈ পৰিল আৰু এডভাৰ্টাইজ জগতত প্ৰবেশ কৰিলে
মে পেহলে মোটি থি ৷ মোতাপা কে লিয়ে কই লৰকা মুঝে পচণ্ড নেহি কৰতি থি ....
মে থক গয়ি থি, পক গয়ি থি ঔৰ জিনা নেহি চাহতি থি.....
ফিৰ মুঝে পুৰৱী বেহনা নে ৰূপা বেল্ট কে বাৰে মে বটায়া....
মে পেহলে বিস্বাস নেহি কিয়া থা, ফিৰ মেৰে দোষ্ট মেঘা, মনিষা নে ভি বটায়া অউৰ পৰী বৰঠাকুৰ ভাবি নে ভি বটায়া কি ও লোগ ৰূপা বেল্ট পহন কে মোতাপা কো জিন্দেগী চে বাই বাই দে চুকি হে .......
অৱ মুঝে বহুত আটছি লগতি হে .....
মেৰে জিতনে ভি বয়ফ্ৰেণ্ড থি চভি বয়ফ্ৰেণ্ড ফিৰ চে লৌট কে আ গয়ি হে .....
আপ ভি অভি অৰ্ডাৰ দিজিয়ে ঔৰ জিন্দেগী কি মজা লিজিয়ে ...
ৰুপা বেল্ট....টিং টিং টিং .... আপ অভি অৰ্ডাৰ কৰনে চে আপকো মিলেগা দৌ বটল গড়মাৰ্কা বিলকুল মুফ্ট চাথ মে ডিচকাউন্ট ভি (মানে ৰেহাই)