Saturday 20 July 2013

অচমীয়া মানুচ.........(ব্যঙ্গ ৰচনা)

দেওবাৰ..চুলি-দাডি খিনি কটাওঁ বুলি সীতাৰামৰ ওখ চকীখনত বহি দিলোবোলো পইচা দিছো, কৃপণালী নকৰিবি..সি বোলো অচমীয়া মানুহ এলেহুৱা আছে জানো পৰন্ত ইমান কনজুচ আপনাকে পাইছোমই বোলো তই অসমীয়া মানুহৰ বিষয়েনো কি জান..সি মুৰত পানী অলপ ধালি কেঁচি আৰু মুখ সমানে চলাই গলতাৰে মোৰ হাৰ্ড ডিস্কৰ মেমৰিত যি চেভ হল আপোনালোকৰ ওচৰত ৰিপ্লে কৰিছোমই মাজে মাজে কৰি যোৱা ....বোৰ বাদ দিছো… (অসমীয়া ভাষাৰ ৰুপ দেখি..বেয়া নাপাবমনত ৰাখিব মইৰিপ্লেহে কৰিছো…….)
   অচমীয়া মানুহ কোন আছে সেইটো অচমীয়া ভি কহিব নোৱাৰে আমি ভি অচমীয়া..চিহত ভি অচমীয়া..মুঠতে চব মিলিকেনে এটা ডাঙৰ জাতি আছে অচমীয়া জাতি মিছা কলে কি হব আমি ভি অচমকে হাৱা পানী খাইছেইমান দিন ইয়াতে বচবাচ কৰিছে..আমিটো পুৰা অচমীয়া আছে..হামি যিমান পিউৰ অচমীয়া কহিব..আজকালকে অচমীয়াই ইতনা কব নৱাৰেমোৰ মুৰটো তললৈ সি জোৰ কৰি নমাই দিলেচকীয়াবাবু আজকল অচমীয়া আগৰ নিচিনা নাই আছে..হামি যেতিয়া পথম পথম অচম আহিছেকি দেথিছে..কি বিহু পথাৰত হৈছে..মানুহ চিৰা উৰা মাতি কিনে খাব দিছে..আজকল নাই..চব পেকেটমে আত্মচহায়ক গোট পিঠা-উঠা বিক্ৰি কৰিছে..তাৰ দুই পেকেট নি কেনে বিহু কৰিছে..জোৰজবৰদষ্টি চান্দা লইছে..বহুত খাৰাব লাগে..পহিলে পহিলে মুগাকে মেখলা চাদৰ পিন্ধিকেনে যতিয়া নাচনি নাচি দিয়ে না মনতো একদম পিৰতি পিৰতি লাগি যায়কাতি বিহু ভি আজকল নকিয়াই হৈ গল..কেবল ঠান্ডাদিনৰ বিহুটো অলপ আছেপহিলে পহিলে যেতিয়া হামি অচম আহিছে কি দেখিছে কি পথাৰমে বৰা বৰা খেৰকে ঘৰ বনাইকিনে চব ৰাইজ একচাথ ভাত খাইছেআৰু চুবহ হৈছে কি নহৈছে ঘৰটো জ্বলাই দিছেআজকল চব অকেলা অকেলা নিজৰ ঘৰত টেন্ট-উন্ট দিকেনে পাৰ্টি-উৰ্টি কৰে..মুৰটো অলপ ওপৰ কৰোতে সি আকৌ তললৈ জোৰ কৰি নমাই দিলে
  অচমীয়া মানুচকে টেম্পাৰটো (আবেগ বুলি বুজিলো)অলপ বেছি আছে..আৰু ঠান্ডা ভি জলদি হৈ যায়..এক মহিনা হল কি নহল চব পাহৰি যায়..গৰমেন্টভি জানে....কিবা লফৰা হলে.টিভি..পেপাৰ-উপাৰ গৰম হলে...অচম বন্ধ হলে..গৰমেন্ট একটা কমিটি বনাই দিয়েচব ঠান্ডা হৈ যায় জব ভূপেনদা মৰিছে...যত জাব আপনি চবফালে ভূপেনদাৰ গান আৰু এতিয়া

আৰু কিবা কিবি কৈছিল..মুৰটো তললৈ নমাই দি পানী অলপ দি মুৰত দুটামান জোৰে জোৰে থপৰিয়াই দিলে চব পাহৰি গলোঅচমীয়া মানুচ কাৰনেই নেকি সোনকালে পাহৰি যাওপইচাকেইটা দি আইনাত চাই দেখো..চব দাডীচুলি গায়ব..মাত্ৰ চেলাউৰি কেইডাল অসমৰ মেপখনৰ দৰে জিলিকি আছিলসীতাৰামক বিদায় দি গুছি আহিলো..পিছফালৰ পৰা তাৰ পুৰণা গানশুনা যন্ত্ৰটোত বাজি আছিলআমি অসমীয়া নহও দুখীয়া….আজিৰ অসমীয়াই……..

1 comment: