তুমিয়েতো মোৰ বুকুত দিছিলা এক মিঠা স্পন্দন
প্লাবন সপোনৰ…
দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে এক অবুজ শিহৰণ
যেন এক নবজাগৰণ
তুলিছিলা ঢৌ হেঁপাহৰ…….লহৰ
আবেগৰ
তোমাৰ ওচৰত কৃতজ্ঞ মই আচলতে…
প্ৰথম অনুভৱ কৰিছিলো মই
সংশয় হেৰুৱাৰ
বেদনাৰ হাহাকাৰ
যন্ত্ৰনা… তুমিহীনতাৰ
তোমাৰ ওচৰত কৃতজ্ঞ মই আচলতে…
যৌৱনৰ প্ৰথম উদ্দিপনাৰ সৈতে মোক পৰিচয় কৰাই দিয়াৰ বাবে কৃতজ্ঞ মই
উন্মাদনাৰ বাবে
উচ্ছৃংখল মনক দিয়া তোমাৰ সান্তনাৰ বাবে
আচলতে তুমি প্ৰতিতো দিয়া অনুভৱৰ বাবে কৃতজ্ঞ মই
তোমাৰ ওচৰত
সেইবাবেই স্মৃতিত জীয়াই আছা তুমি
স্মৃতিত জীয়াই আছা তুমি বাবেই জীয়াই আছো মই
কৃতজ্ঞ মই
শাশ্বত, স্বৰ্গীয় অনুভুতিৰ লগত মোক পৰিচয় কৰাই দিয়া বাবে
নীলা খামৰ চিঠি খনৰ বাবে
আকুলতা ভৰা মাতষাৰৰ বাবে, স্নেহাসিক্ত ওমৰ বাবে
সকলোৰে পৰা এখোজ আগুৱাই মোক গ্ৰহন কৰাৰ বাবে
অভিমান ভাঙি আউল ছুলিত দুহাত বুলাই কৰা মিঠা আলিংগনৰ বাবে
যদিও হেৰুৱালো মই সুখৰ ঠিকনা
মই মই হৈয়ে থাকিলো নহলো তোমাৰ
ভথাপি
দুচকু জপাই এতিয়াও অনুভৱ কৰো
তোমাৰ উপস্থিতি
সমাহিত তুমি মোৰ হৃদয়ৰ কোঁহে কোঁহে
অভিন্ন তুমি মোৰ জীৱনৰ সতে
সেয়েহে
তুমি তুমিহীনতাতো বৈ আছে
তোমাৰ বাবে মোৰ অনুভুতিৰ সূঁতি
তোমাৰ ওচৰত কৃতজ্ঞ মই আচলতে…
No comments:
Post a Comment