Sunday 21 July 2013

যন্ত্ৰনা.....(কবিতা)

ছন্দবিহীন জীৱনত
সুৰৰ সন্ধানী হৃদয়ৰ যন্ত্ৰনা
গীতে মাতে বিচাৰে
মনে প্ৰাণে কাৰোবাৰ প্ৰেৰণা
বুকুৰ মাজত লুকাই থোৱা গভীৰ অনুৰাগ
প্ৰকাশ কৰিব খোজে
মৌনতা আৰু শব্দৰ কোলাহলে...
দিবহিনে কোনোবাই লিখি
জীৱনৰ উকা কাগজত
প্ৰনয়ৰ এটা কবিতা
প্ৰেমৰে প্ৰতিতো পাতত............
                                       ১২॥০৬॥২০১৩


No comments:

Post a Comment