Sunday 21 July 2013

ব্যস্ততাৰ আঁৰত..........(কবিতা)

আজি বহুদিন হল……
মোৰ লগত মই কথা পতা নাই
পাৰ কৰা নাই
মৌনতাৰে নৈৰ পাৰত এটা গধুলী
দুৰনীৰ পাহাৰ, আবেলিৰ বেলি, ঘৰমুৱা পক্ষী আৰু যে কত কি
গোৱা হোৱা নাই গুণ গুণাই
মন কাননত বহি এটা প্ৰিয় গীত..
অকলসৰীয়া আজি মই মোৰ পৰা আতৰি আহি..
যদি সময়ৰ সহাৰি পাও, ব্যস্ততাৰ পৰা আহৰি..
মোৰ মই............মই তোৰ লগত কথা পাতিম
নৈৰ পাৰত বহিম..
বৰষুণত তিতিম..
বকুলৰ গোন্ধ লম,
শেৱালী বুটলিম
বিলত টুপাম বৰষি
পনিয়ল সৰাম বাটলু গুটি বিচাৰি
জীমনি হতঁক জোকাম
দেউতাকে খেদিলে মই কিন্তু একে জাপে পলাম..
তই থাকি যাবি তাইৰ মৰমলগা চাৱনিত
তাই বাৰু আচেনে ৰৈ মই আহিম বুলি
নে সলনি হল..
ওৰনি লৈ বেলেগৰ ঘৰৰ বোৱাৰি….
মোৰ মই............তইও বাৰু একেই আছনে মোৰ পৰা আতৰি

নে তইও সলনি হলি

No comments:

Post a Comment