সদৌ
অসম অকবি সংস্হাৰ মিটিং এখনত মুখ খন দেখুৱাই কেমেৰাৰ আগত ওলাবৰ বাবে ৰাজধানিলৈ গৈছিলো
।অসম বন্ধ..যেনে তেনে ৰঙা বাছ এখনত জপিয়াই দিলো ।চিট আছিল পিছে চিট বোৰত মোৰ নিছিনা
মানুহবোৰ বহি আছিল ।ভাল মেনেজ কৰিব জানো বুলি মোৰ এটা নাম আছে ।কন্ডাক্তৰৰ লগত কানে
কানে কিবা এটা কলো….তেঁও মোৰ চেহেৰাটোলে ভালদৰে দুবাৰমান লক্ষ কৰি কলে…আহক।মানুৰ বেগ
বোৰৰ ওপৰেদি বগলীৰ দৰে ঠেং অত তত দি গান্ধী চিট পালোগৈ।ভদ্ৰ মহিলা দুগৰাকীয়ে হেহুকা
পিচোৱা কৰি ৬ ইঞ্চিমান ঠাই উলিয়াই দিলে । মইও বহিবলৈ ব্যবহাৰ কৰা দেহৰ অংশটো ঠেলি হেচি….
এডজাষ্ট কৰি ললো। পিছে যি পাত হে ড্ৰাইভাৰে গাডীখন চলাইছিল…নকব আৰু….ডলাৰ ধান জৰাদি
জাৰি জাৰি যি ৰাজধানি পোৱালেগৈ…এতিয়াও মই অলপ কুঁজাহৈহে লিখি থাকিব লগীয়া হৈছে। যি
হে একোটা ব্ৰেক মাৰে….মোৰ ইছ্ছাৰ বিৰুদ্ধে দেহাটো ২ ফুট মান টেক অফ কৰি…বায়ুত কিছু
সময় ৰাথি মহিলা দুগৰাকীৰ কোছত লেন্ডিং কৰাই দিয়ে। নাপায় দেই…পাতল মানুহ শেষৰ চিটত বহিব
নাপায়।কথা আৰু কবিতাত জোৰ থাকিলে কি হব তেৰাই দেহাত জোৰকন নিদিলে। জোৰ হব কৰ পৰা আজিৰ
যুগত কবিতা কিতাপ নিগনীয়েও নুকুটে…মানুহে কিনাটো দুৰৈৰ কথা। পা-পইচা নোহোৱা কবি। অভিবাদন,গামোচা,
ফুলাম জাপি আৰু সম্বৰ্ধণাৰে জানো পেট ভৰে…..যি কি নহওক দুবাৰ মানটো দেহাটো কত উফৰি
পৰে ঠিক নাই বুলিয়েই নেকি ….টেক অফ কৰাৰ আগতেই উমান পাই মহিলা দুগৰাকীয়ে দুয়ো ফালে
দুখন হাতত টানি ধৰি ৰাখিলে। মই এটা কথা লক্ষ কৰিলো…জোকাৰনিত সকলো নিজৰ জেগাতে থাকে…মইহে
উফৰি পৰো….একেবাৰে খিডিকীৰ কাষত থকা জনে কলে…. বোলে বাইদেউ তেখেতৰ কোছত বেগ এটা দি
দিয়ক অলপ জাৰ্কিং কমিব…..….শেষৰ বাৰটো এনেকুৱা ব্ৰেক মাৰিলে….মানুহ বহা চিটবোৰৰ মাজৰ
বেগ পলিথিন সকলোৰে ওপৰেদি গাডীতকৈও বেগত জপিয়াই আহি দৰজামুখ পালোহি….
অসমৰ
ৰাষ্টাত গাঁত বা গাঁততটো অলপ হলেও ৰাষ্টা থাকিবই….সেই বুলিয়েই সি বেটা ড্ৰাইভাৰে ইমান
জোকাৰিবনে….গাডীখন ৰখাইলৈওটো সি ব্ৰেক মাৰিব পাৰে………………
No comments:
Post a Comment