Sunday, 21 July 2013

আপদীয়া পদ্য……….(ব্যঙ্গ পদ্য)

অমাবষ্যাৰ জোনাক ৰাতি
আকাশেদি উৰি গল এজাক হাতি
হাতিৰ হাতত লেডিছ ছাতি
তাকে দেখি কঁপিলে মাটি
মইও ভয়ত এৰিলো শোৱাপাতি
হলেও অসমীয়া বীৰৰ জাতি
কোনোবাই বজাই দিলে কাঁহি-বাতি
চিঞৰত মোৰ গল নিচা ফাটি
সন্মুখত দেখিলো টাঙোণলৈ শ্ৰীমতি
শাহুআইকো আনিছে মাতি
ভয়ত মোৰ কাপোৰ গল তিতি
শ্ৰীমতিয়ে পাহৰিলে ৰীতি-নীতি
উৰাই ঘুৰাই মোক দিলে পিতি
আজিৰ পৰা আৰু নাযাও ফটিকা ভাতি
যাও যদি দিবি তই মোৰ কান কাটি
সেইদিনাৰ পৰা ভাল হল মোৰ মতি গতি
বাঢিল আমাৰ মিলা-প্ৰিতি
আই লাভ মাই শাহুআইৰ বেটি………


No comments:

Post a Comment