Saturday 20 July 2013

শাওণৰ স্নেপ………

শাওণ -1

বৰ্ষাৰ স্নেহাসিক্ত স্পৰ্ষত………..
সুপ্ত হৈ থকা জীপাল সপোন এটাই প্ৰাণ পাই শিপালে মাটিৰ বুকুত
গছে গছে আজি সুখৰ বতৰা……
অন্তসত্বা হল
ভডালত ওলোমাই থোৱা সপোন এটা
আঘোণলে বাট চোৱাহে কথা….

শাওণ -2

শাওণৰ পথাৰৰ চিপ চিপ পানীত
কাজল বৰনীযা় অভিমানী  মেঘে মুখ ওন্দোলাই চাই
থোক মেলা ধানে
আশা এটা বুকুত গুজি চাই থাকে আকাশলৈ
আহিব আহিব বুলি
টুপাল টুপালকৈ বৰষুণহৈ
সপোনবোৰে
কলিজাখন শাত পেলাব বুলি

No comments:

Post a Comment