Sunday 21 July 2013

বৰষুণ ভালপোৱা ছোৱালীজনী....(কবিতা)

বৰষুণ ভাল পোৱা ছোৱালীজনি
তই বাৰু মোক কেলৈ আমনি কৰ
, কৈ দিম তোক ভাল নাপাও বুলি মিছাকৈ
আহচোন অলপ তিতো জোঁনাকত
বালিচৰত বহি এটা দীঘল ৰাতি
লাজ লাগিলেইনে তোৰ
তই জানো জান
কিমান নিলাজ লে এটা জীৱনে যৌৱন পায়
আহচোন, মেলি দে দুহাত আকাশলে চাই
বৰষুণহৈ চুই চাঁও তোক
কিমান তপত আছে মোলৈ তোৰ বুকুত
অভিমান নকৰিবিছোন
তোৰ অভিমান ভাঙিবলৈ মইতো তোৰ প্ৰমিক নহয়

মইও তোৰদৰে বৰষুন ভাল পোৱা এটা নিলাজ চৰাই।।।।।

No comments:

Post a Comment