Sunday 21 July 2013

স্মৃতিৰ জুই......(কবিতা)

এদিন আহিছিলা
তুমি মোৰ পদুলিলে
এতিয়াতো নাহা চাগৈ
নুফুলা শেৱালি হৈ
সময় আছিল তেতিয়া সুখৰ সময়
এতিয়াতো নাই সেই সুদিন
বৈছে দুখৰ নৈ
বতাহ নাই, বৰষুণ নাই, নাই ৰ’দ
এন্ধাৰো নাই
জীৱন মৰুৎ এইয়া বিভৎস সময়
মোৰ গীতৰ ভাষা আছিলা
সুৰ ৰুপে নিগৰি আহি প্ৰকাশ হৈছিলা
পিছে, কোঁচনিত দেখো একোৱেই নাই
কেনে আছা আতৰি গৈ
মন যায় জানিবলৈ

ৰ’দ নাই, বৰষুণ নাই

No comments:

Post a Comment