Sunday 21 July 2013

আঘোন......(কবিতা)

জাক জাক ডাৱনী
মেটমৰা ডাঙৰী
মোৰ গাঁওৰ আঘোন মাহ
যাও কেনেদৰে পাহৰি
লেচেৰি বুটলা ৰাৰ জাক
পিতাই মৰা মৰণাৰ দীঘল পাক
মোৰ ঘৰৰ বলধহাল চাবলৈ
আছে জানো তোমাৰ আহৰি
ধান জৰা আইৰ দীঘলকৈ ওৰণী
ধেকি দিয়া বৌৰ গাত নাই তৰনি
মোৰ আইৰ মলঙা চোতাল
যাবা জানো তুমি গৰকি ?

মোৰ গাঁওৰ আঘোন মাহ

No comments:

Post a Comment