Sunday 21 July 2013

পদব্ৰজে গমন.....এক চিন্তন..(ব্যঙ্গ ৰচনা)

পদব্ৰজে গমন এক চিন্তন (বেবেৰি বাং)
পথচাৰী সাবধান, পথৰ দাঁতিয়েদি নাযাব, ন’পাৰ্কিং লিখা ফলক খনৰ বাহিৰে সকলোতে দুই, তিনি অথবা চাৰিচকীয়া বাহন ৰখাৰ বেআইনি সুবিধা আছে ।ফুটপাথেদিও নাযাব, মেল খাই থাকিব পাৰে আপোনাৰ বাবে নৰকৰ দুৱাৰ । পথৰ মাজেদিয়েই যাব,গতা মাৰি, থেলা মাৰি অথবা মুখত মিচিকিয়া হাঁহি এটাৰে অলপ চাবছোন বুলি কৈ । ওহু, আগলৈ নহয়, পিছলৈ চাই খোজ দিব, নহ’লে কোন মুহুৰ্তত আপোনাক কোনে মহতিয়াই নিব, আপুনি গমকে নাপাব ।বগা কাপোৰজোৰ পিন্ধি নিজকে পৰিস্কাৰ বুলি দেখুৱা জনৰ কথা বা হুচেইল আপুনি কিয় শুনিব হে, তেঁওলোকৰ দৰে আমাৰো নিয়ম ভাঙি ভাল লাগে দিয়কচোন ।
বৰষুণ বতৰ, ভাল কাপোৰজোৰ পিন্ধি বাৰু আপুনি কেলৈ ওলাইছে ? তীব্ৰবেগী বিলাসী গাড়ীত ভাজনে আপোনাক দেখা পাব বুলি ? ধেৎ, হাঁহি হাঁহি গালি দি আপোনাৰ গাত বোকা চটিয়াই যাব, আপুনি খোজ কাঢিব নাজানে বুলি ।ৰাষ্টা পাৰ হ’ব পৰা নাই আপুনি ? নোৱাৰে, মহিলা বা কলেজীয়া গাভৰুৰ পিচত ঠিয় নিদিলে আপুনি নোৱাৰে । হাজাৰখন গাড়ী ৰৈ যাব হে আই এম ছ’ৰি বুলি ।
আজি কালি খোজ ৰাতিপুৱাহে কাঢে, শৰীৰৰ মেদ আৰু মিঠা কমাব’লে, আপুনি দেখোন দিনত খোজ কাঢিব খুজিছে ? বৃদ্ধ আপুনি ? সেইটো আপোনাৰ দোষ । বিনা কাৰনত হাতত সময় নথকা চালকক দোষ দি লাভ নাই, নিজে অপদষ্ট হ’ব কৈ দিলো ।
আপুনিবাৰু নতুনকৈ খোজ ল’ব শিকিছে নেকি ? নালাগে দিয়ক হেৰি, তীব্ৰবেগী বিলাসী বাহন এখনকে লৈ লওক ।ৰাষ্টাতে চলাওক পিছে উৰুৱাই চলাওক ।এহ সহজ হে গাড়ী কিনা আৰু চলোৱা ।কিনে যদি ম’বাইল নম্বৰ এটা দিও, আপুনি নিকিনো বুলি কলেও আপোনাক কিনাইহে এৰিব । আৰু গাড়ী চলাবলে শিকিব নালাগে নহয় । বাহন চলাব পৰাৰ অনুজ্ঞাপত্ৰ খন থাকিলেই হ’ল । সেইখন নাথাকিলেও হ’ব যদিহে আপুনি  কোনোবা ৰঙা লাইট লগোৱা গাড়ীৰ মালিকৰ পুতেক বা জীয়েক, বা তেঁওলোকৰ অঙহি-বঙহী ।
আৰু এটা কথা, আপুনিযে সোঁফালে চিগনেল দি বাঁওফালে যাব, আপোনাৰ পিচত গাড়ী চলাই অহাজনে কিন্ত ভালদৰে জানে । কাৰন সৰবজান নহ’লেনো আপুনি বাছি থাকিবনে ।লগতে আপুনাৰ সুবিধাৰ বাবে কৈ থও, হৰ্ণ যিমান পাৰে সিমান বজাব আৰু ডাঙৰকৈ বজাব । কাৰন যাৰ হৰ্ণৰ যিমান ডাঙৰ মাত, সেইজনেহে পাব প্ৰথম বাট ।
পথৰ দাঁতিত থকা ফলকবোৰ নপঢিব কিন্ত, এই ধৰক স্পিড লিমিত ২০ কি:মি বা আগত স্কুল আছে হৰ্ন নবজাব ইত্যাদি, এইবোৰ আচলতে পথৰ দাঁতি শুৱনি কৰিবলে দিয়া ফলক হে ।
মই দিয়া শুপৰামৰ্ষই যদি কামত নাহে, ৰাষ্টাটোকে কিনি পেলাওক । মনত ৰাখিব আপোনাৰ দুৰ্ঘটনাৰ বাবে আন কোনো নহয়, আপুনিয়েই দায়ি।

ৱি:দ্ৰ : পথ শুৰক্ষা সপ্তাহত কিন্ত হেলমেত বা লাইচেন্চ হাতত নোহোৱাকে ৰাষ্টাত নোলাব, কাৰন সেই ৭ দিন আমি নিয়ম মানি চলাটো চৰকাৰি কৰ্তব্য ।

No comments:

Post a Comment