Tuesday, 27 February 2018

আধুনিক চুমা- বিজ্ঞান



আজিৰ পৰা বহু বছৰ আগতেই অসম মূলুকত জন্ম লাভ কৰা কৃপাবৰ বৰুৱাদেৱে তেখেতৰ কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলাত "চুমাৰ নিচিনা এটা কঠিন পদাৰ্থৰ" বিষদ বৈজ্ঞানিক বাখ্যা দাঙি ধৰিছিল৷ তেখেতে "অসমীয়াই চুমা খোৱা প্ৰণালী নেজানে তেওঁ বিলাকৰ বুঢ়া ভালুকে চুমা খোৱাদি চুমা খাওঁতেই কাল গ'ল৷কোনো কোনো ধনুৰ্ধৰ অসমীয়াই আকৌ চুমা খাবলৈ গৈ কুকুৰনেচীয়া বাঘে কামোৰাদি কামোৰ ধৰে; কোনোৱে আকৌ ধোৰা-কাউৰীয়ে পকা আম খুটিৱাৰ দৰে খুটিয়ায়; কোনোৱে বা ৰাক্ষসৰ মুখ মেলাৰ নিচিনাকৈ মুখ মেলি চুমাৰ লগতে গোটেই মানুহকে গিলি পেলাব খোজে৷" বুলি বুলি আক্ষেপ প্ৰকাশ কৰি চুমা কাক কয়, চুমাৰ আবিস্কাৰ, চুমাৰ প্ৰকাৰ তথা লক্ষন ইত্যাদিৰ বিষয়ে সবিশেষ বৈজ্ঞানিক বিশ্লেষন কৰি চুমাপতি সকলক চুমা সম্পৰ্কে চহকী কৰি থৈ গৈছে৷

আজি অত বছৰ পিছত তেখেতে দি যোৱা জ্ঞানকে শিৰোগত কৰি এই অধমে তেখেতৰ "চুমা-বিজ্ঞান"ক আধুনিক বিজ্ঞানৰ দৃষ্টিকোনৰে পৰ্য্যবেক্ষন কৰি চুমাশ্বৰী আৰু চুমাপতি সকলৰ গালি শপনি খাই হ'লেও একঠা লিখিহে এৰিম বুলি কুষ্মান্ধ হেন মগজুতে টঙালিখন বান্ধি ভোটা কলমক পুৱাৰে পৰা ধৰাই মেলি একো নহলেও চুমা বিষয়ক অশ্বডিম্ব এটা হ'লেও প্ৰসৱ কৰিমেই বুলি অকৰা মৈত উঠি লৈছো৷

বৰুৱাদেৱৰ দিনত বিজ্ঞান তেনেই পানীকেচুঁৱা আছিল আৰু তেওঁক বাদে আন কোনো পণ্ডিতে চুমা বিষয়ক বিষদ বাখ্যাক দন্তস্ফুত কৰিবলৈ সাহ কৰা নাছিল কিন্তু এতিয়া বিজ্ঞানে কলকলাব শিকিছে আৰু বহুতেই নামৰ আগত ডম্বৰুৰ "ড' টো লগাইছে যদিও চুমাবিষয়ক কোনোৱে গৱেষণা নকৰাত অমুকায়েই "ক" শিকিয়েই কীৰ্তন পঢ়িবলৈ মনস্থ কৰিলো৷

বৰুৱাদেৱৰ পৰবৰ্তী সময়ত চুমাই বিৱৰ্তনৰ ফলতেই কওঁক বা আধুনিকতাৰ চেপাখুন্দা খাইয়েই হওঁক বহু খিনি পৰিবৰ্তনৰ মাজেদি পাৰহৈ হৈ আজিৰ আধুনিক বিজ্ঞানৰ চুমাৰ ৰূপ পাইছেহি৷ চুমা-জিজ্ঞাসু এই অল্পমতিয়ে বাঘা বাঘা গৱেষকৰ দৰেই ইন্টাৰনেট খুচৰি কৰা গবেষনাৰ গভীৰ অনুসন্ধানৰ ফলত চুমাৰ উৎপত্তি পোন প্ৰথমে ভাৰতভূমিতে হোৱা বুলি বুকু ডাঠি কবলৈ সক্ষম হৈছোহঁক৷ চুমাপণ্ডিত ভন ব্ৰায়েন্টৰ গৱেষনাৰ উদ্ধৃতি টানি আনি অমুকাইও কব বিছাৰো যে চুমাজাতীয় ক্ৰিয়াকলাপ ঋকবেদ মহাভাৰত ব্যাৎসায়নৰ কামসূত্ৰ আদিত বিস্তাৰিত ৰূপত থকা বৰ্ণনাই আকৌ এবাৰলৈ চুমাৰ ক্ষেত্ৰত মেৰা ভাৰত মহান বাক্যশাৰী প্ৰতিপন্ন কৰে৷

৩২৬ খ্ৰীষ্টপূৰ্বত আলেকজেণ্ডাৰ তথা তেওঁৰ সেনাবাহিনীয়ে ভাৰতলৈ আহি চুমাজ্ঞান লাভ কৰি বিশ্বৰ অন্য ঠাইলৈ এই খাদ্যবিধৰ জ্ঞান বিয়পাই দিয়ে বাবেহে আজিৰ বিশ্বই এই চুমাৰ সোৱাদ লবলৈ সাৰ্থক হৈছে৷ কিন্তু দুৰ্ভাগ্যবশত এই চুমাক আজিও ভাৰতীয় সংস্কৃতিৰ পৰিপন্থী বুলি কৈ সকলোৱে লুকাই চুৰকৈ খোৱাত হে মনোনিবেশ কৰাৰ পৰিবৰ্তে ইউৰোপৰ সমাজত দৈনন্দিন অভ্যাস বা সাংস্কৃতিক আচৰনত অন্তৰ্ভুক্ত হোৱা কাৰ্যই বৰ্তমান প্ৰজন্মৰ চুমাখাদক সকলক অন্তৰত কষ্ট দিয়াই নহয় তেনে দেশত জন্ম লাভ নকৰাৰ সুপ্ত দুখ এটাই অহৰহ মনোকষ্ট দি আহিছে৷

বৰুৱাদেৱে চুমাৰ বিভিন্ন প্ৰকাৰৰ বিষয়ে সবিশেষ আলোচনা কৰি গৈছে৷ তেখেতৰ বৈজ্ঞানিক বিশ্লেষনৰ প্ৰকাৰত প্ৰধানত চুমাক ঘৰুৱা চুমা আৰু পৰুৱা চুমাত বিভক্ত কৰিছে ৷ ঘৰুৱা চুমাৰ ভিতৰত "তপত চুমা, চেঁচা চুমা, ,দীঘল বা লেঙা চুমা, কটীয়া বা বাওনা চুমা, নাল লগা চুমা, খঁৰা চুমাক আৰু পৰুৱা চুমাৰ ভিতৰত হাকুটীয়া চুমা, এফলীয়া চুমা, নিমাতি বা নিবুকা চুমা, লেলপেল চুমা, বনৰীয়া চুমা, পখিলা চুমা, চোৰ চুমা, কিনা চুমাক স্থান দিয়াৰ ওপৰিও তপত আৰু চেঁচাৰ দৰে ঘৰুৱা চুমা দুবিধকো অন্তৰ্ভুক্ত কৰিছে৷ সময় তথা শব্দ আৰু চুম্বকীয় চুম্বনৰ তৰংগৰ ওপৰত তাহানিতে বৰুৱাদেৱে বিভক্ত কৰি যোৱা এই চুমাৰ ওপৰত কোনোবা বৈজ্ঞানিকে কি স্বৰ্য়ং চুমা বিভাগৰ দেৱতা কামদেৱেও একো মাত মাতিব নোৱাৰে৷

এই মূঢ়মতিয়ে অত্যাধুনিক চুমা কেইবিধ মানৰ সংযোগ কৰাৰ হেপাঁহ সামৰিব নোৱাৰিলো৷ তাৰে এবিধ বৰ্তমানৰ ভ্ৰাম্যমান দুৰসংযোগ যন্ত্ৰত সন্নিবিশিষ্ট ৱাটচএপ ফেচবুকৰ প্ৰয়োগৰ দ্বাৰা ঘৰৰ বা পৰৰ যাকেই ইচ্ছা তাকেই বিলাবপৰা "মুৱাহ চুমা"(muaaah চুমা) ৷ এই চুমাই ওঠক ওঠে ঘৰ্ষন কৰি বৈদ্যুতিক তৰংগ সৃষ্টি নকৰিলেও ইয়াৰ গুৰুত্ব বৰ্তমানে অপৰিসীম৷ চেমনীয়াৰ পৰা চিতাত উঠিবলৈ সাজু হৈ থকা বুঢ়াটোলৈকে, অখ্যাতৰ পৰা বিখ্যাতলৈকে হাতত এণ্ড্ৰইড নামৰ ক্ষেপনাস্ত্ৰ লৈ থকা বহু চুমাপতিয়ে এই বিধ চুমা যাচি বা গ্ৰহন কৰি নিজকে চুমাখাদক হিচাপে প্ৰতিষ্ঠা কৰে৷

আন এবিধ চুমা হ'ল "স্মাইলি চুমা"৷ এই স্মাইলি চুমা এবিধ ৰেডিমেড চুমা৷ যি সকলৰ চুমা দিবলৈও মন পিছে "মুৱাহ" লিখিবলৈও এলাহ কৰে তেনে সকলে এই স্মাইলি চুমা প্ৰয়োগ কৰে৷ এই বিধ চুমা ঘৰৰ পৰৰ বুলি নহয় সাৰ্বজন্নিন চুমা৷ অত্যাধুনিক তথা "আই ডণ্ট মাইণ্ড" প্ৰকাৰৰ ব্যক্তিয়ে "জাষ্ট ফ্ৰেণ্ডকো" এই বিধ চুমা দিব পাৰে৷

এইখিনিতে এটা কথা স্মৰ্তব্য যে বৰুৱাদেৱৰ দিনত ওঠত লিপিষ্টিক নামৰ ঠোতপলিচ ব্যৱহাৰ কৰি গালে মুখে কাপোৰে কানিয়ে ডাকঘৰত মৰা ষ্টাম্পটোৰ দৰে ৰঙ গুচাব নোৱাৰা প্ৰসাধন ব্যৱহাৰ কৰা হোৱা নাছিল গতিকে চুমাৰ ক্ষেত্ৰত ইমান সতৰ্কতাও ল'ব লগিয়া হোৱা নাছিল কিন্তু বৰ্তমান ঠোতপলিচৰ বাবে ঘৰে পৰে চুমাৰ ক্ষেত্ৰত কিছু সাবধানতা অৱলম্বন কৰিব লগা হোৱাত এই চুমাই ওঠৰ পৰা গৈ গালক গালে ঘৰ্ষন কৰি মুখৰেই "মুৱাহ" শব্দ উচ্ছাৰন কৰি খোৱা চুমালৈ ৰূপান্তৰিত হোৱাত টপক শব্দ চুমাৰ শ্ৰেনীৰপৰা পৃথক কৰি ইয়াক "চিক স্পৰ্শ চুমা" নামাকৰন কৰা হ'ল৷

ইয়াৰ ওপৰিও ৰোমান্টিক যুতিয়ে হাত চুমা, কপাল চুমা তথা বায়ুত এৰা চুমাও খোৱা দেখা যায়৷ বায়ুত এৰা চুমাবিধ স্কুৱাড মিচাইলৰ দৰেই৷ ওঠৰ চুমা হাতৰ তলুৱাত লৈ ফু মাৰি দিলেই চুমাই বায়ুতে উৰি গৈ হাজাৰজনৰ মাজতো ঠিকনা লিখি পঠোৱা গৰাকীৰ হাতত পৰেগৈ৷

সামৰণীত এটা কথা ক'ব বিচাৰো যে এই আধুনিক চুমা বিজ্ঞান মুকুট বিহীন সম্ৰাট বেজবৰুৱাদেৱৰ লেখনীৰ আলম লৈ লেখা আৰু অমুকা চুমাচঞ্চু বিশাৰদো নহয়৷ গতিকে ভুল ক্ৰুটিৰ বাবে দীঘলকৈ প্ৰনিপাত কৰি শেষত সকলো পাঠকলৈ "আখৰ চুমা" যাচি সামৰণি মাৰিলো৷
********

বিয়েৰিং চিঠি



বেজবৰুৱা দেৱৰ পিচতেই অমুকাই ড: লীলা গগৈ চাৰৰ "বিয়েৰিং চিঠি" নামৰ কিতাপ খনত লিখিত প্ৰেম আৰু ইয়াৰ প্ৰকাৰ সমূহৰ প্ৰতি আকৃষ্ট হয় আৰু তেখেতে উল্লেখ কৰা "শালিকী প্ৰেম, চাকৈচকোৱা প্ৰেম, শামুকীয়া প্ৰেম" ইত্যাদি তাহানিতে কৰি যোৱা প্ৰেমৰ প্ৰকাৰ সমূহৰ দৰে আজি অমুকাইও সচৰাচৰ চৌ পাশে দেখি থকা বিভিন্ন প্ৰকাৰৰ প্ৰেমক "বৰ্গীকৰন, নামাকৰন আৰু শ্ৰেণীবিভাজনৰ" পিতৃ কেৰলাছ লিনিয়াচৰ চৰন চিন্তি নামাকৰন কৰিবলৈ বুলি আগবাঢ়িছো৷
প্ৰেম শ্বাস্বত, প্ৰেম সত্য, প্ৰেম এক অনুভৱ, প্ৰেম জীৱনী শক্তি প্ৰদান কৰা অমোঘ মন্ত্ৰ, প্ৰেম সুন্দৰ, প্ৰেমহীন জীৱন কাৰো কাম্য নহয়৷ আনন্দ চন্দ্ৰ আগৰৱালা দেৱৰ সুখ কবিতাটো যদি সুখৰ পৰিবৰ্তে প্ৰেম বুলি ভাবি পঢ়া যায় তাতেই সুখ আৰু প্ৰেমৰ মুল উৎস বিচাৰি পোৱা যায়৷
প্ৰেম প্ৰেম বুলি মানুহ বলিয়া
নেদেখে প্ৰেমৰ মুখ ;
প্ৰেম বিচাৰোঁতে পায় সংসাৰত
দুখৰ উপৰি দুখ ৷
দেখিও নেদেখা কিয় দিন-কণা
প্ৰেমযে হাততে আছে ;
যিটে’ দিব পাৰে স্বাৰ্থ-বলিদান,
প্ৰেম ফুৰে পাছে পাছে৷"
যি কি নহওক প্ৰেমেই এনে এটা বিষয় যাক জীৱন কালত না পঢ়ি শেষ কৰিব পাৰি না লিখি শেষ কৰিব পাৰি৷ পৃথিৱী থকামানে এই প্ৰেম থাকিব আৰু প্ৰেম থকালৈকেহে পৃথিবী থাকিব৷ যি কি নহওক প্ৰেম সম্পৰ্কে ইয়াতে সামৰি সুতৰি থলো আৰু ফটাঢোলত ফটা প্ৰেম কেইবিধ মানৰ নামকৰন কৰিলো৷

বৰশি টুপুৱা প্ৰেম::
এই বিধ প্ৰেম খাঁটি সৰিয়হৰ তেল বুলি ভেজাল তেল বিকা ধৰনৰ৷ ইয়াত প্ৰেমিক বা প্ৰেমিকাই একে সময়তে বহু ঠাইত একেই টোপ দি বৰশি পেলাই থয় আৰু ভাল মাছে খুটিলেই চিপ মাৰে৷ আজি কালি "ফেচবুক পুখুৰিতো" ভাল ৰৌ বৰালীৰ সন্ধানত এনে বৰশিবোৱাত পাকৈত সকলক বৰশি টুপুৱা দেখা যায়৷

চাইনিজ প্ৰেম::
এই বিধ প্ৰেম চাইনিজ সামগ্ৰীৰ দৰেই৷ চলিলে চলি থাকিল নচলিলে চাৰ্ভিচিং কৰাতকৈ নতুন কিনাই ভাল দৰে৷ চাইনিজ ভাষা বুজি নোপোৱাৰ দৰেই এইবিধ প্ৰেমেই নে আন কিবা বুজি পোৱাটো কথিন৷

চাকনৈয়া প্ৰেম::
এইবিধ প্ৰেমত প্ৰথমে বহু দিনলৈকে ইজনে সিজনৰ জানটো সোনটো হৈ থাকিলেও পিছলৈ লাহে লাহে যেতিয়া "ডিচিচন ভুল" যেন অনুভৱ কৰে আৰু পৰিত্ৰানো পাবলৈও সক্ষম নহয় তেনে প্ৰেম প্ৰেম নদীৰ গভীৰতা নজনাকৈ সাঁতুৰিবলৈ গৈ চাকনৈয়াত পৰাৰ দৰে হোৱাৰ বাবে ইয়াক চাকনৈয়া প্ৰেম বোলা হয়৷ চাকনৈয়াত পৰি "বচা ঐ, মোক বচা ঐ" বুলি চিঞৰি থাকিলেও বচাবলৈ কোনো আগবাঢ়ি নাহে আৰু শেষত হয় টেটুলৈকে ঢোকাঢোকে পানী খোৱাৰ পিছত কোনোবা নতুন প্ৰেমিক বা প্ৰেমিকাৰ সন্ধান কৰি চুলিত ধৰি পাৰলৈ আহে বা উপাই নাপায় বিয়া পাতি নিজকে নদীত জাহ যাব দিয়ে৷

চিটিকাত পৰা প্ৰেম::
আগ পিছ নুগুনি চলাহি কথাত ভুল গৈ কাৰোবাক দেহে মনে ভাল পাই "প্যাৰ অন্ধা হে" বুলি চলি অহা আপ্ত বাক্য শাৰীৰ সত্যতাক প্ৰতিপন্ন কৰা প্ৰেমক চিটিকাত পৰা প্ৰেম বোলে৷

দাম্পত্য জীৱনতো বিভিন্ন প্ৰকাৰৰ প্ৰেম দেখা পোৱা যায় তাৰে কেইবিধ মানৰ নামকৰন কৰা হ'ল৷

ঢেকীথোৰা প্ৰেম: :
হালোৱা এচাৰিৰে ভালকৈ খুন্দন দিয়া পিছতো "অ' ৰমিলিৰ মাক মোৰ আন্দাৰটো কত হয়ে" বা "বোলো শুনিছে গৰম পানী অকন দিছো সাউতকৈ খাই লওকহি বুলি" মাতষাৰ দিলেই গৰম চাহত মেৰিগল্ড বিস্কুট ডুবাই দিলেই পমি যোৱা দৰে পমি গৈ সকলো পাহৰি আকৌ প্ৰেমালাপত মগন হোৱা এনে যোৰাক ঢেকীথোৰা প্ৰেম বোলা হয়৷ হাজাৰ খুন্দন খাইও সম্বন্ধ নাভাঙি একেলগে থকা এই ঢেকীথোৰা প্ৰেম ঘৰে ঘৰে ঢেকী নোহোৱা হোৱাৰে পৰাই বিলুপ্তি পাব ধৰিলে৷

ফুটা কলহৰ প্ৰেম::
এগোহালী সন্তান জন্ম দিয়াৰ পিছতো যি গৰাকী মহিলাই লগৰজনীৰ ওচৰত "বুজিছ, মালতি জীৱনত সঁচা মৰম নাপোলো" বুলি হুমুনিয়া কাঢ়ে সেইগৰাকীক আৰু যিজন পুৰুষক এগৰাকী পত্নীয়ে সকলো উজাৰি দিয়াৰ ওপৰিও তেখেতৰ প্ৰতিটো কথা শিলৰ ৰেখা বুলি কায়বাক্য মনে পালন কৰাৰ পিছতো পত্নীৰ মৰম দেখা নাপায় সেই পুৰুষৰ প্ৰেমক ফুটা কলহত পানী ঢলা প্ৰেম বোলা হয়৷

উৰনী তলৰ প্ৰেম::
উৰনি বাৰনি লৈ যি গৰাকী পত্নীয়ে গিৰিয়েকলৈ কাহানিও মুৰ দাঙি বা চকুত চকু থৈ একো নোকোৱাকৈ থাকে আৰু পতি পত্নী দুয়োয়ে বিশেষ কিবা ক'ব লগিয়া থাকিলেও পুতেক জীয়কৰ মাধ্যমৰে কথাৰ আদান প্ৰদান কৰে তেনে প্ৰেমক উৰনী তলৰ প্ৰেম বোলা হয়৷ এইবিধ প্ৰেমো ঢেকী-থোৰাৰ দৰেই উৰনী বাৰনি লোৱাতো নোহোৱাৰে পৰা লুপ্ত পালে৷

যুৱলী বন্ধা প্ৰেম::
বিয়া নামৰ যুৱলীডালত বান্ধখোৱাৰ বাবেই হাজাৰ অমিল থকা স্বত্বেও গিৰিয়েক ঘৈনিয়েক হিচাপে খোজত খোজ মিলাই একেলগে জীৱনটো পাৰ কৰিবলৈ সৃষ্টিহোৱা প্ৰেমক যুৱলীত বন্ধা প্ৰেম বোলা হয়৷

গোনামহৰ প্ৰেম::
একে লগে চৰি থাকে পিছে কিবা লাগিলে শিং নভঙা লৈকে যুঁজ লাগি পুনৰ আকৌ একে লগে চৰি থকা মহৰ দৰে সম্বন্ধৰে আজিবন একেলগে থকা পতিপত্নীৰ প্ৰেমক গোনামহৰ প্ৰেম নামকৰন কৰা হয়৷

কলকলনি প্ৰেম::
এইবিধ প্ৰেম সাধাৰনতে দুৰৈত থকা পতি-পত্নী বা প্ৰেমিক প্ৰেমিকাৰ ক্ষেত্ৰত দেখাপোৱা যায়৷ আগতে "মমতাৰ চিঠিৰ" দৰে চিঠি পত্ৰৰে প্ৰেম নিবেদন কৰিছিল টেলি সংযোগ ব্যৱস্থাৰ অগ্ৰগতিৰ লগে লগে প্ৰথমতে এচ এম এচ, মিছ কল আদিৰ দ্বাৰা আৰু তাৰ পিছত "আমদানী" বাবাৰ কৃপাত "জিঅ'জি ভৰ কে" বিনামূলিয়া সেৱা গ্ৰহন কৰি মবাইলত কলকলাই থাকি প্ৰেম নিবেদন কৰা বাবে এইবিধ প্ৰেমক কলকলনি প্ৰেম নামাকৰন কৰা হয়৷

চেটেলাইট প্ৰেম::
এইবিধ প্ৰেম সাংঘাটিক , ইয়াত পতি বা পত্নীয়ে চেটেলাইটৰ দৰে সকলো গতি বিধি লক্ষ্য কৰি থকাৰ ওপৰিও সংযোগ সীমাৰ আতৰ হ'লেই চেটেলাইট যোগে বাতৰি সংগ্ৰহ কৰিবলৈ মিনিটে মিনিটে ফোনৰ ওপৰি ফোন কৰি খা খবৰলৈ প্ৰেম নিবেদন কৰে৷

মেকুৰী প্ৰেম::
ঘৰত জোপোকা মাৰি নেগুৰ পেলাই শান্ত পোহনীয়া মেকুৰীৰ দৰে থাকি চেলেকা চেলেকি কৰি থকা প্ৰেমক মেকুৰী প্ৰেম বোলা হয়৷ পিছে অতি ভক্তি চোৰৰ লক্ষনৰ দৰে এনে প্ৰেমত সুবিধা পালে ঘৰৰ মেকুৰীয়ে আনৰ ঘৰৰ ভজামাছ চুৰ কৰি খোৱাৰো সম্ভাৱনা থাকে৷

কঠাল এঠিয়া প্ৰেম::
এইবিধ প্ৰেম মজি যোৱা প্ৰেম৷ এটাই আনজনক এক মুহুৰ্তও এৰি থাকিব নোৱাৰে৷ যলৈকে যাওক দেখিব একে লগে, য'তে বহক দেখিব একে লগে৷ মুঠতে এবাৰ এইহালক যোৰা পাতি দিয়াৰ পিছত স্বয়ং ঈশ্বৰেও ইচ্ছা কৰিলেও যোৰা ভাঙিব নোৱাৰা বিধৰ৷

এই কেইবিধ প্ৰেমৰ বাহিৰেও আৰু বহুকেইবিধ প্ৰেম পোৱা যায় কিন্তু লেখনিটো অত্যাধিক দীঘলিয়া কৰাৰ পৰা বিৰত থাকি পিছলৈ পুনৰ শ্ৰেনীবিভাগ কৰিব চেষ্টা কৰিম বুলি আজিলৈ সামৰিলো৷
********

বৰকথিয়া



ভোগালী বিহুৰ কথা ৷ বিহু খাবলৈ বুলি মোৰ সম্বন্ধিয় কাকতি উপাধীৰ দাদা এজনে তেখেতৰ বন্ধু এজনৰ এঘৰলৈ বুলি মোক লৈ গ'ল৷ শইকীয়া উপাধীৰ লগৰজন অলপ বৰকথিয়া বুলি কাকতিয়ে জানে তথাপি তেওঁ ফুল প্ৰিপিয়াৰেচনত গৈছিল, বোলে আজি শইকীয়াই যি ক'ব তাতকৈ দুগুন ওপৰত কম ৷ কথা মতে কাম, গৈ দেখে শইকীয়াদা পদুলীৰ পুখুৰীটো পাৰত বহি ম'বাইল টিপি আছে ৷

কাকতিদাই বোলে আৰম্ভ কৰা যাওক, এই বুলি মাত দিলে বোলে শইকীয়া পুখুৰীটো কিমান দ জুখি আছা নেকি?

শইকীয়াৰ খাৰাংখাচ উত্তৰ "নহয় অ' এই হাঁহ কেইটা কিয় ডুবা নাই তাকে গুগুলত চাই আছিলো ৷
কাকতিদা নিমাত ৷

ভাত খাই থাকোতে কাকতিদাই বোলে বুজিছা শইকীয়া বিহুৰ ভাত খালেই মোৰ শাহুৱে আঠমঙলাত বনোৱা বৰালী মাছৰ জোল খনলৈ মনত পৰে ৷ কি জুটি আছিল, উফ উফ ৷ আজি বিয়া হোৱা চল্লিছ বছৰেও জিভাত লাগিয়েই আছে ৷

শইকীয়াই বোলে কাকতি হওতে মোৰো সেই আঠমঙলাই বুজিছে ৷ হওঁতে মোৰো বিয়া পতা আপোনাতকৈ দুবছৰ কম হলেও প্ৰেম কৰা দিন ধৰিব গ'লে আপোনাতকৈ চিনিওৰেই দিয়কচোন৷ মই আগতে গান গাইছিলো নহয় ৷ টিলিকি বজায় বজায় কিমান গান গাই ছোৱালীৰ অন্তৰ খাইছিলো ৷ পিছে শাহুৱে যি এঠা দৈ খুৱালে, এইয়া চাওকচোন টিলিকি বজাবলৈ আঙুলিৰ এঠা নুগুছাই হ'ল ৷ আঙুলি দুটা দেখুৱাই বোলে এইয়া চাওকচোন সেই তেতিয়াৰে এঠা যি লাগিল টিলিকি নবজাই হ'ল ৷
কাকতিদা নিমাত ৷

কাকতিদাই বোলে আজি জোলত মাছৰ পিচটো চাই দেখিলো মাছৰ চাইজবোৰ তোমালোকৰ ফালৰ মানুহবোৰৰ অন্তৰখনৰ দৰেই সৰু হে ৷

শইকীয়াই বোলে, আমি আকৌ আলহিৰ অন্তৰৰ চাইজ চাইহে মাছৰ পিচ কৰো ৷ এইটো যোৱাকালি মই জাল মাৰি অনা ৷ জাল মাৰি আনি মাছটো চোতালত পেলাই দিলো ৷ মানুহজনীয়ে ভুমিকম্প বুলি বাহিৰলৈ দৌৰ মাৰি আহিল ৷ মই বোলো চাকিটো লৈ আন মাছ আনিছো ৷ তাই বোলে আপুনী ক'ত? মই বোলো তই মাছৰ সিটো ফালে থাকি মোক ক'ত দেখিবি, চাকিটো লৈ এই ফালে আহ, মই মাছৰ ইটো ফালে আছো ৷
কাকতিদা আকৌ নিমাত ৷

কাকতিদাই বোলে হওঁক বিহু বুলিনো কি আশিৰ্বাদ দিম ৷ মুৰৰ চুলি চিঙি আশিৰ্বাদ দিছো হাই কাজিয়া নোহোৱাকৈ দুইটা কুশঁলে থাকা ৷
শইকীয়াই বোলে আপোনাৰ তালুখন চাই আশিৰ্বাদ দিয়া যেন নালাগিল ৷ খং ডাল উঠাই নল'ব ৷ যোৱা কালিৰ কথা, শ্ৰীমতিয়ে আঞ্জাত নিমখ নিদিলে, খং উঠি কাঁহিখন দলিয়াই দিলো ৷ দুৱাৰেদি কাঁহি ওলাই গৈ পিছফালৰ তিনি বিঘা কুঁহিয়াৰ গুৰিতে কাটি পেলালে ৷ সেই কুঁহিয়াৰ পেৰি ষাঠি টিং গুড় পালো ৷ আজি দৈ লগত দিয়া গুড় খিনিৰ কথা কৈছো ৷
কাকতিদা নিমাত ৷

কাকতিদাই চাহপানী খাই ওলাই আহি দেখিলে শইকীয়াই লেৰেলা চেপেটা লাও পুলি এটা খুচৰি আছে ৷ কাকতিদাই বোলে "লাওৰ সঁচটো ভাল, একদম তোমাৰ পেটটো লেখিয়া পানী লাও লাগিব, অলপ গোৱৰ চোৱৰ দিবা ৷
শইকীয়াৰ ইনষ্টেন্ট উত্তৰ "গোৱৰ দিয়াত কৈ কাকতি মই ভাবিছো গৰুৰ পোকৰটটোকে কাটি দি দিও নেকি?
কাকতিদা আকৌ নিমাত ৷

কাকতিদাই বোলে নাই ইয়াক নোৱাৰি ৷ ঘৰলৈ বুলি চাইকেল খনত উঠি বোলে নাই লাষ্ট চাঞ্চ এটা ট্ৰাই কৰো ৷ কাকতিদাই বোলে শইকীয়া জপনাখন গাঠি এটা মাৰি থবা, এনেও তোমাৰ ঘৰলা আলহি নাহেই ৷
শইকীয়াই বোলে মাৰিয়েই থও ৷ পুৱা হে খুলি দিছো ৷ যোৱা কালি ৰাতি জপনা বন্ধা ৰচি ডাল নাপাই কল মগুনা এডালকে মেৰিয়াই থৈছিলো ৷ পুৱা আপুনী অহাৰ আগত জপনাৰ ৰচী খুলিব গৈ শ্ৰীমতিয়ে চিঞৰ বাখৰ কৰিলে ৷ মই গৈ দেখো ক'লা ফেঁটি সাপ এডাল ৷ ৰাতি কল মগুনা বুলি ফেঁটি সাপ এডালকে বান্ধি থ'লো ৷ মই বোলো ৰ' চিঞৰ বাখৰ নকৰিবি এই বুলি সাপৰ গাঠিটো খুলি চেই চেই কৰি আপুনি আহিব বুলি জপনাখন খুলি থৈছিলো ৷
কাকতিদাই মোক বোলে বলা বলে নোৱাৰো আৰু ৷
********

চিয়েৰ্চ::::::::::(লঘু ৰছনা)


স্নেপ১
বহুদিনৰ আগৰ কথা ৷ এখন জংঘলত এটা ব্যাধে গছ এজোপাৰ তলত ডাঙৰ কেৰাহী এটাত পানী অলপ উতলাই সাউতকৈ কিবা এটা চিকাৰ কৰি আনো বুলি বনত সোমাল ৷ কিন্তু দুৰ্ভাগ্যবশতঃ দিনৰ দিনতো বিছাৰিও কোনো এটা জন্তু চিকাৰ কৰিব নোৱাৰিলে ৷ এইদৰে সন্ধিয়া লাগিল ৷ উভটি আহোতে বাটত পুৰনি বন্ধু এজন লগ পালে ৷সেইজন ব্যাধেও দিনতো একো চিকাৰ বিছাৰি পোৱা নাছিল ৷ দুয়ো বন্ধু নিৰাশ মনৰে গছ জোপাৰ ওচৰলৈ ঘুৰি আহিল ৷
স্নেপ ২
ব্যাধে পানী উতলাই থৈ যোৱা কেৰাহীটোৰ ওপৰতে থকা গছৰ ডালটোত মইনা চৰাই এহাল আছিল ৷ দুয়োতাই মৰমতে ধেমালী কৰি থাকোতেই এটা মইনা চৰাই উতলাই থোৱা পানী খিনিত পৰি গ'ল ৷ আনটো মইনা চৰায়ে ভাবিলে মোৰ মৰমৰ লগৰীয়া জনেই মৰি থাকিল যেতিয়া মইনো জিয়াই থাকি কি কৰিম, এই বুলি সিও উতলা পানীৰ কেৰাহীটোত জাঁপ দিলে ৷ দুৰৈৰ পৰা মইনাচৰাই হালৰ আলেখলেখ চাই আপ্লুত হৈ পৰা বাঘটোৱে ভাবিলে যে মই বনৰ ৰজাহৈ যেতিয়া এই সামান্য চৰাই দুটাকে বছাব নোৱাৰিলো মই জীয়াই থকাৰ কি অধিকাৰ আছে? এই বুলি বনৰ ৰজা বাঘেও গৰম পানীখিনিত জপিয়াই দিলে ৷ কিছু দুৰৈত ৰৈ আছিল বনৰীয়া গাহৰি এটা ৷ সি বোলে এই কথাই কথা নহয়, স্ৰয়ং বনৰ ৰজাই যেতিয়া মৰি থাকিল মই জীয়াই থাকি কি লাভ, এই বুলি সিও জাপ দিলে ৷

স্নেপ ৩
কিছু সময়ৰ পাছত ব্যাধি দুটা আহি গছজোপাৰ তল পালেহি আৰু কেৰাহীৰ পৰা ওলাই থকা সুস্বাদু গোন্ধ সিহঁতৰ নাকত লাগিল ৷ দুয়োয়ে লোভ সামৰিব নোৱাৰি চুঙা এটাৰে এক ঘোত মাৰি দিলে ৷ পিছে কি হল জানো প্ৰথম ঘোটটো পেতত পৰাৰ লগে লগে ইজনে সিজনক কবলৈ আৰম্ভ কৰিলে " জান' দোষ্ট ইউ আৰ মাই বেষ্ট ফ্ৰেন্ড ৷ তেৰে লিয়ে ত' মেৰা জান হাজিৰ হে " ( মইনা চৰাই ইফেক্ত)

দ্বিতীয় বাৰ খাই বন্ধুৱে কব ধৰিলে " ইউ ন' , কোনো মাইকে লাল মোক চেলেঞ্জ কৰিব নোৱাৰে ৷এবাৰ তই মোৰ গাত টাচ কৰি চা না ৷ আই এম দা কিং" ( বনৰ ৰজা ইফেক্ত)

তৃতীয় বাৰ চুঙাৰ খিনি শেষ কৰি বন্ধুৱে কব ধৰিলে " হাও ডেয়াৰ ইউ? ইউ ৱানা চেলেঞ্জ মি, কামন , তই পাচ মিনিট ইয়াত ৰ', মই কোন দেখুৱাই আছো" এই বুলি বোকাই পানীয়ে লুটুৰি পুতুৰি হৈ চুচৰি বাগৰি এজন আতৰি গ'ল ৷ ( গাহৰী ইফেক্ত)

দ্বিতীয় বন্ধুজনে আৰু এচুঙা খাই পিছে পিছে থৰক বৰককৈ " দোষ্ট তই মোক বেযা পাইছে? তই মোক নিছাত কৈছো বুলি ভাবিছ' দোষ্ট ( মিস্কড ইফেক্ত) ,,,,,,,,

********

কাহানী পাকঘৰ কি



ঘৰৰ একলৌতা অমুকাই বিয়াৰ বহু বছৰ পিচত যেতিয়া চাকৰি সুত্ৰে ঘৰৰ পৰা দুৰৈত অকলে ভাড়াঘৰ কৰি থাকিব লগিয়া হ'ল তেতিয়াৰ পৰাই বৰ্তমানে লিখিব ওলোৱা এই কাহিনীটোৰো আকাৰ দুপত দুপে বাঢ়িব ধৰিলে ৷ বদলি হোৱাৰ বহুদিনলৈকে পাকঘৰ শব্দটোৰ পৰা নিজকে আতৰাই ৰাখিবৰ বাবেই বিভিন্ন অজুহাত দেখুৱাই দৈনিক কৰ্মস্থানৰ পৰা জন্মস্থানলৈ অহা যোৱা কৰি আছিলো যদিও গেস্ট্ৰিক, স্পন্ডলাইচিচ, বেক পেইনৰ দৰে লগত যোৱা বেমাৰ বোৰৰ লগত চিনাকী হোৱাৰ পিছত শ্ৰী মতীৰ কেতকেতনি খেচখেচনি শুনি শুনি অৱশেষত কৰ্মস্থলীতে ভাড়াঘৰ কৰি থকাৰ সিদ্ধান্ত ল'লো আৰু উইকেণ্ড হাজবেণ্ডৰ দায়িত্ব পালনৰ প্ৰতিশ্ৰুতিৰে হাফ বেচেলৰ জীৱনৰ পাতনি মেলিলো ৷

পাকঘৰ নামৰ ফবিয়াটো মোৰ মনৰ পৰা আতৰ কৰিবৰ বাবে শ্ৰী মতীয়ে অলপ অলপকৈ ট্ৰেইনিং দিয়া আৰম্ভ কৰিলে ৷ ট্ৰেইনিং এবিচিডিৰ পৰা আৰম্ভ কৰিলে অৰ্থাৎ গেছ জ্বলোৱা নুমুৱাৰ পৰা, চাহ বনোৱাৰ পৰা ভাত ভাজি ডাইল লৈকে ৷ মোটা মুটি ডিগ্ৰী নহলেও ৰন্ধন প্ৰকৰনৰ ডিপ্লমা কৰ্চৰ চাৰ্টিফিকেট শ্ৰী মতীৰ পৰা নোপোৱালৈকে মোৰ ট্ৰেইনিং,চলি থাকিল ৷ থিঅৰি পাচ কৰিলেও প্ৰেকটিকেল ক্লাচ বোৰত বাৰে প্ৰতি বেক লাগে ৷
ফাৰ্মত মুখৰ আগত কটা ঘাঁহ যতনাই দিলেহে খাব জনা জাৰ্চি সিন্ধ্ৰী জাতীয় গৰু বোৰে ঘাঁহনিত এৰি দিলেও যি দৰে ঘাঁহ চোবাই খাব নাজানে ঠিক তেনেকুৱাই আছিল মোৰ অৱস্থা ৷

প্ৰথম দিনাৰ প্ৰেকটিকেল আৰম্ভ হ'ল শুৱা পাটিৰ পৰা উঠি বনোৱা চাহ কাপৰে ৷ ইনগ্ৰেডিয়েন্ট খিনি জানো যদিও ইনষ্ট্ৰাকচন মেনুৱেল ফ'ল কৰিয়েই আগবাঢ়িলো ৷ গেছত চচপেনটো বহাই চাৰি কাপ পানী বাকিলো, একাপ এক্সট্ৰা দিলো কাৰন উতলি শুকাই যোৱাৰ সম্ভাৱনা আছে যিহেতু লাৰ্নাৰ হে ৷ জোখমতে চাহপাত চেনী গাখীৰ দিবা বুলি বিচনাৰ পৰা শ্ৰী মতীৰ চিঞৰি কোৱা অৰ্ডাৰটো ফ'ল' কৰি প্ৰতি বিধৰে কাপে প্ৰতি এচামুচ কৈ দিলো ৷ মিঠাৰ প্ৰতি থকা অদম্য দুৰ্বলতাক দমাব নোৱাৰি এচামুচ নিজৰ ফালৰ পৰা আনে নেদেখাকৈ এড কৰিলো ৷
তেনেতে মনত পৰিল ৰাধেশ্যাম হোটেলৰ ইলাচি দিয়া চাহ কাপলৈ ৷ পলম নকৰি দহটা মান ইলাচি চচপেনলৈ দলিয়াই দিলো ৷ আদা দিলেও চাহকাপৰ সোৱাদ যে ধুনীয়া হয় কথাষাৰ জানো কিন্তু প্ৰেকটিকেলি আগতে দি পোৱা নাই যদিও এক্সপেৰিমেন্ট এটা কৰি চাবলৈ বৰকৈ মন গ'ল ৷

গেছৰ চুইচটো বন্ধ কৰি চচপেনত উফন্দি উঠা চাহ খিনি নমাই থৈ আদা বিছাৰিলো ৷ যিহেতু খুন্দি হে দিম গতিকে বাকলি গুচাই সময় খৰচ নকৰি মিক্সাৰ গ্ৰাইণ্ডাৰত দি দিলো ৷ সুন্দৰ পেষ্টটো চাহৰ চচপেনত দি ভালদৰে মিক্স হ'বলৈ ঘুটি দিলো ৷ তেতিয়ালৈ চচপেনটো হাতেৰে ধৰিব পৰা উষ্ণতালৈ পৰিবৰ্তন হৈছিল ৷ গতিকে মগ এটাত চেকনী এখনৰে অসংপৃক্ত সমূহ পৰিশ্ৰাৱন কৰি লৈ কাপত বাকিলো ৷ প্ৰিকিউচনেৰি মেজাৰ হিচাপে গেছটো বন্ধ কৰিলো নে নাই পুনৰ নিৰিক্ষন কৰি ট্ৰে এখনত সজাই শ্ৰী মতীক পৰিবেশন কৰিলো ৷

ৱাকককক থু ...........

অত্যধিক নিমখীয়া গাখীৰ চাহ তাতে , চাহপাতৰ তিতা, আদাৰ লগত মিক্সাৰত লাগি থকা নহৰু জলকীয়াৰ সামান্য সংমিশ্ৰনৰ বাবে শ্ৰী মতীৰ মুখৰ পৰা প্ৰচণ্ড গতিত জ্বালামুখীৰ দৰে নিৰ্গৰিত হোৱা চাহৰ টোপালে মোৰ গালে মুখে পৰাত আস্বস্থ হ'লো যে এই বাৰো প্ৰেকটিকেল ফেইল মৰাতো খাটাং ৷

দুপৰীয়ালৈ চেকেণ্ড পেপাৰ ৷ ভাত, দাইল আৰু ভাজি ৷ পুৱা চেনী বুলি নিমখ দিয়াৰ ভুলটো পুনৰাবৃতি নকৰিবৰ বাবে ইতিমধ্যে প্ৰেকটিকেল পৰীক্ষাৰ নিৰিক্ষক পত্নীয়ে টেমাবোৰত কাগজত "হালধী, নিমখ, চেনী, দাইল, চাউল" ইত্যাদি ফলকবোৰ লগাই দিলে ৷ চাউলৰ টিনত চাউল বুলি লিখি ৰখা ফলক খন দেখি মোৰ বুজিবলৈ বাকী নাথাকিল যে শ্ৰী মতীৰ মোৰ ওপৰত কিমান অগাধ বিশ্বাস ৷

যি কি নহওঁক কুকাৰত চাউল দি চাৰি পাঁচবাৰ ভালদৰে ধুই ল'লো ৷ ইনস্ট্ৰাকচন মতে চাউলৰ ওপৰত এক আঙুল পানী জোখ মতে হৈছে নে নাই চাই কুকাৰৰ ঢাকনী খন কুকাৰত ভৰাবলৈ অপ্ৰান চেষ্টা চলালো ৷ ইফালে সিফালে আৰু বেলেগ ঢাকনী আছে নেকিও নিৰিক্ষন কৰি নেদেখাত আস্বস্থ হ'লো যে সৰু কুকাৰত ডাঙৰ ঢাকনী দি মোৰ পৰীক্ষা চোৱা হৈছে ৷ ইমান পৰে মোৰ আলেখ লেখ চাই থকা সৰুজনীয়ে ছোৱালীয়ে মোৰ কাণ্ড কাৰখানাত হয়তো অতিষ্ঠ হ'ল আৰু ধৈৰ্য্যৰ বান্ধ খুলি নিজে আহি কুকাৰত এটা এংগোলত ঢাকনীখন পুতুক কৈ ভৰাই দিলে ৷

গেছত কুকাৰটো বহাই পাচলিৰ চিন্তা কৰিলো ৷ পাকঘৰত যিমান প্ৰকাৰৰ পাচলি চকুৰ আগত দৃষ্টিগোচৰ হ'ল সকলোৰে এবিধকৈ সামৰি সুতৰি লৈ বাকলী গুচাব ল'লো ৷ সাধাৰন জ্ঞানৰ ওপৰত ভিত্তি কৰি তিতা আৰু টেঙা কেৱল একেলগ হ'ব নিদিলো, কিন্তু ভেন্দি, লেচেৰা ইত্যাদিৰ বাকলি গুচাই কচু পটল আদিৰ লগত এটা বাচনত থৈ দিলো৷ কোমোৰা আৰু ৰঙালাওৰ এটাকৈ দিবলৈ আকাৰটো ডাঙৰ দেখি মিক্স নকৰিলো ৷

ইতিমধ্যে ভাতৰ কুকাৰটোৱে চৰ্দী লগা মানুহৰ দৰে সোঁতসোঁতাব ধৰিলে ৷ উপায়ন্তৰ হৈ পকেটৰ ৰুমাল খনৰে হুচেইলৰ চৰ্দি মোহাৰাৰ প্ৰচেষ্টা হাতত ল'লো ৷ এই দৰে বহু সময় পাৰ কৰাৰ পিছতো হুচেল নমৰা দেখি মানুহৰ নাকৰ ফুটা চৰ্দি লাগি বন্ধ হোৱাৰ দৰে কুকাৰৰ হুচেইলৰো ফুটা বন্ধ হ'ল বুলি ভাবি ফুটা চাফা কৰাৰ মানসৰে হুচেইলটো ৰুমালৰে ধৰি খুলি দিলো ৷

ফুইচচচচচচ .............

দুই এটা ভাত চিলিঙতো লাগি খকা দেখা পালো ৷ হেতা কেৰাহী কাপোৰ সকলোৰে ঢাকিও কুকাৰৰ উদ্গিৰন বন্ধ কৰিব নোৱাৰি সাম্ভাব্য বিপদৰ পৰা নিজৰ জীৱন বচাবলৈ পাকঘৰৰ পৰা দৌৰ মাৰি ওলাই আহিলো ৷

আবেলী পুনৰ বেক পেপাৰ, চাহ আৰু পাপৰ ভাজি ৷ মগজুৰ সকলো কোষ সক্ৰীয় কৰি সামান্যতমে ভুল নকৰাকৈ চাহ কাপ বনালো ৷ কেৰাহীত তেল দি পাপৰৰ পেকেটটো খুলি ল'লো ৷ গৰম তেলত পাপৰ দিয়াৰ লগে লগে আকৃতিৰ পৰিবৰ্তন ঘটে যদিও হেতাৰে হেচেকি চাই মৰমৰিয়া হোৱা বা কৰকৰিয়া হোৱা শব্দ নুশুনিলো বা নেদেখিলো ৷ সম্পুৰ্ণ পেকেটৰ পাপৰ সমুহক এঙাৰলৈ ৰুপান্তৰিত কৰিও কেৰাহীত মৰক কৈ হোৱা শব্দটো হেতাৰে হেচুকি কানৰে নুশুনাত আস্বস্থ হ'লো যে পাপৰবোৰ হয়তো সেমেকি আছিল ৷

ইয়াৰ উপৰিও দুই এটা সৰু সুৰা প্ৰেকটিকেল চলি থাকিল ৷ চাগু গুৰৰে সিজাই সিজোৱা পাত্ৰটো শেষত এঠা এৰুৱাব নোৱাৰি পেলাই দিয়া, দাইলত তেল মাৰি ফোনত ব্যস্ত থাকি কাষৰ ঘৰৰ মানুহে ধোঁৱা দেখি দৌৰ মাৰি অহা বা চচপেনত ডিমৰ জোল বনাবলৈ ডিম আলু সিজাই পাহৰি শেষত ডিম ফুটাৰ শব্দত পাকঘৰলৈ দৌৰ মাৰি অহা আৰু কলা পৰা চচপেন বাৰী চুকত আনে নেদেখাকৈ পেলাই দিয়া ইত্যাদি বিভিন্ন প্ৰকাৰৰ কাৰ্য্যকলাপ পৰ্য্যবেক্ষন কৰি শেষত হোটেল বা পেয়িং গেষ্ট বুলি শ্ৰী মতীয়ে মোৰ ৰন্ধন প্ৰকৰনৰ চাৰ্টিফিকেটত স্টাম্প মাৰি দিলে ৷
********

প্ৰেচাৰৰ পিল



আমাৰ টেটোন খুড়াৰ প্ৰেচাৰ৷ প্ৰেচাৰ মানে হাই বিধ৷ খুড়াৰ মতে অফিচৰ কামৰ প্ৰেচাৰ, ঘৰত পোৱালীৰ গৃহিনীৰ ইটো লাগে সিটো লাগে কৈ দি থকা প্ৰেচাৰ, সভাপতি হৈ পাই থকা ৰাজহুৱা কামৰ প্ৰেচাৰ এই সকলো মিলিয়েই খুড়াৰ হাই প্ৰেচাৰ৷
যি কি নহওঁক টেটোন খুড়া কৰাইচ বুলি অফিছে ঘৰে বাহিৰে এটা নাম আছে৷ প্ৰতি ৰবিবাৰে পুৱাই মোৰ ঘৰত ডিজিটেল প্ৰেচাৰ জোখা মেছিনটোত প্ৰেচাৰ জোখাব আহে৷ কেইদিন মান আগত মোক বোলে বুজিছা শইকীয়া ইমান পিল সোপা খাই আছো প্ৰেচাৰটো কমাব পৰা নাই নহয়৷ প্ৰথম ৰমনী ডক্টৰক দেখালো৷ চাই মেলি পিল এসোপা লিখি দিলে, এটা ফাইলত তোমাৰ ষাঠি টকা বুজিছানে৷ এমাহ খালো, নাই প্ৰেচাৰ নকমে৷ পিছত লগৰ এজনে ক'লে বৰুৱা ডক্টৰক দেখাওক৷ তেওঁ আৰু এখোপ চ'ৰা৷ এটা এটা টেবলেটৰ ফাইলত তোমাৰ এশদহ টকা হে৷ এটা ফাইলত দহটা টেবলেট মানে তোমাৰ এঘাৰ টকা এটা পুৱাই পানীৰ লগত গিলিব লাগে৷ তাকো ডেইলি এটাকৈ৷ তথাপি প্ৰেচাৰ নকমে৷

মই প্ৰেচাৰৰ কাৰনটো বুজিলো৷ মই বোলো খুড়া আপুনি এবাৰ মজুমদাৰ ডাক্টৰক দেখাই চাওকচোন৷

যোৱা ৰবিবাৰে টেটোন খুড়াই বোলে, মজুমদাৰক দেখালো নহয়৷ বৰ ভাল ডাক্টৰ বুজিছানে, তেখেতে দিয়া পিলটো খাই প্ৰেচাৰ এতিয়া মোৰ পুৰা নৰ্মেল হৈ গ'ল নহয়৷ বৰুৱা ডাক্টৰে এশদহ টকীয়া পিল খুৱাই যিটো নৰ্মেল কৰিব নোৱাৰিলে মজুমদাৰ ডাক্টৰে বিশটকীয়া ফাইলৰ এটা পিল দিয়েই ঠিক কৰি দিলে৷

মই বুজিলো পিলৰ দামেহে প্ৰকৃততে টেটোন খুড়াৰ প্ৰেচাৰ বঢ়াইছিল৷
**********

প্ৰেচাৰৰ পিল



আমাৰ টেটোন খুড়াৰ প্ৰেচাৰ৷ প্ৰেচাৰ মানে হাই বিধ৷ খুড়াৰ মতে অফিচৰ কামৰ প্ৰেচাৰ, ঘৰত পোৱালীৰ গৃহিনীৰ ইটো লাগে সিটো লাগে কৈ দি থকা প্ৰেচাৰ, সভাপতি হৈ পাই থকা ৰাজহুৱা কামৰ প্ৰেচাৰ এই সকলো মিলিয়েই খুড়াৰ হাই প্ৰেচাৰ৷
যি কি নহওঁক টেটোন খুড়া কৰাইচ বুলি অফিছে ঘৰে বাহিৰে এটা নাম আছে৷ প্ৰতি ৰবিবাৰে পুৱাই মোৰ ঘৰত ডিজিটেল প্ৰেচাৰ জোখা মেছিনটোত প্ৰেচাৰ জোখাব আহে৷ কেইদিন মান আগত মোক বোলে বুজিছা শইকীয়া ইমান পিল সোপা খাই আছো প্ৰেচাৰটো কমাব পৰা নাই নহয়৷ প্ৰথম ৰমনী ডক্টৰক দেখালো৷ চাই মেলি পিল এসোপা লিখি দিলে, এটা ফাইলত তোমাৰ ষাঠি টকা বুজিছানে৷ এমাহ খালো, নাই প্ৰেচাৰ নকমে৷ পিছত লগৰ এজনে ক'লে বৰুৱা ডক্টৰক দেখাওক৷ তেওঁ আৰু এখোপ চ'ৰা৷ এটা এটা টেবলেটৰ ফাইলত তোমাৰ এশদহ টকা হে৷ এটা ফাইলত দহটা টেবলেট মানে তোমাৰ এঘাৰ টকা এটা পুৱাই পানীৰ লগত গিলিব লাগে৷ তাকো ডেইলি এটাকৈ৷ তথাপি প্ৰেচাৰ নকমে৷

মই প্ৰেচাৰৰ কাৰনটো বুজিলো৷ মই বোলো খুড়া আপুনি এবাৰ মজুমদাৰ ডাক্টৰক দেখাই চাওকচোন৷

যোৱা ৰবিবাৰে টেটোন খুড়াই বোলে, মজুমদাৰক দেখালো নহয়৷ বৰ ভাল ডাক্টৰ বুজিছানে, তেখেতে দিয়া পিলটো খাই প্ৰেচাৰ এতিয়া মোৰ পুৰা নৰ্মেল হৈ গ'ল নহয়৷ বৰুৱা ডাক্টৰে এশদহ টকীয়া পিল খুৱাই যিটো নৰ্মেল কৰিব নোৱাৰিলে মজুমদাৰ ডাক্টৰে বিশটকীয়া ফাইলৰ এটা পিল দিয়েই ঠিক কৰি দিলে৷

মই বুজিলো পিলৰ দামেহে প্ৰকৃততে টেটোন খুড়াৰ প্ৰেচাৰ বঢ়াইছিল৷
**********

ট’ইলেট .......এখন বিয়াৰ কথা



ট'ইলেট, এক প্ৰেম কথা নামৰ সত্য ঘটনাৰ ওপৰত প্ৰতিস্থিত চিনেমাখনৰ দৰে মোৰো ট'ইলেট সম্বন্ধীয় সত্য কাহিনী এটা মনত পৰি গ'ল ৷ কাহিনীৰ সময়কাল অসমত মিনাৰেল ৱাটাৰৰ বটল আবিৰ্ভাৱ হোৱাৰ আগৰ ৷
বাৰু সময় অনিষ্ট নকৰি কাহিনীলৈ আগবাঢ়ো ৷ এৰাব নোৱাৰা পৰিস্থিতিত, সম্বন্ধীয় এজনৰ বিয়াত দেখা এটা দিবলৈ এবাৰ মই আৰু মোৰ লগৰ এজন গাৱলৈ বুলি ওলালো ৷ দুদিন মানৰ পৰা পেটৰ লগত মোৰ টামাম বিসম্বাদ চলি আছিল যদিও মনৰ জোৰত বিয়া ঘৰ পালোগৈ। গৈ পোৱা মানে বৰযাত্ৰী ওলালেই । গতিকে দৰাৰ মাহী-পেহী দুজনীমানক গাড়ীৰ পিছ চিটত ল’ড কৰি চিধা কইনাঘৰ পালোগৈ ।
কইনা ঘৰৰ ভোজত দৰাৰ খুলখালীয়ে দেখুৱা মৰমৰ অত্যাচাৰত মাছে মঙহে দকচি দিলো ৷ দুই ইন্সি দীঘল জিভাৰ জুতিত অসন্তুষ্ট হৈ সাত মিটাৰ দীঘল পাকস্থলীয়ে গিৰ গিৰ গুৰগুৰ কৰি জাঙুৰ খাই উঠিল ।মই বোলো পেটৰ কথা পেটতে থাকক, আনে শুনাৰ আগতেই যি ল'ড কৰিলো ইয়াতেই
আনল'ড কৰি যোৱাই মঙ্গল হব । ইমানদুৰ বাট তাতে ৰাতিৰ কথা । লগৰ জনক ক'লো বোলো পিছফালে যাব লাগিছিল ৷ সি ক'লে পাৰিবি জানো ? মই কলো কিয় নোৱাৰিম, মইতো অকলেই কৰো । সি বোলে কোনোবা এজনক সুধি ল’ও ৰ’। মই বোলো নালাগে নিজেই বিচাৰি যাঁও ব’ল ।

বিয়াঘৰৰ পিছফালেদি বিচাৰি গৈ গৈ বাহঁনিৰ তলত কোনোমতে আবিস্কাৰ কৰিলোগৈ ।লগৰটোৱে ক’লে মালতো কেছা দেখোন, মই বোলো কেচা পকা যিয়েই নহওক টিপা মাৰি ৰাখিব নোৱাৰিছো আৰু ।

চকু ফুৰাই দেখিলো বস্তুটো বাঁহৰ কামিৰে বনোৱা চাঙী এখন, মাজত চাৰিচুকীয়াকৈ কটা আছে, যি ফালেদি তলৰ গাঁতটো দেখা পোৱা যায় ৷ বেৰ বুলিবলৈ শুকান কল মগুনাৰে ঢকা ৷ দৰ্জা বুলিবলৈ চটি বস্তা এখন পৰ্দাৰ দৰে ওলমি আছিল ৷ লগৰজনে হালধীয়া মুখ কটা গেলেন এটাত পানী যোগাৰ কৰি দি গ’ল । সি বোলে তই কৰ, তেতিয়ালৈ মইও অকন গাড়ীতে বহি ডিঙিটো তিয়াই লওগৈ ৷ মই সময় অনিষ্ট নকৰি পজিছন মিলাই বহি দিলো ।

বহিব হে পালো ফুটাতোৱেদি হো হোৱাই শব্দ কৰি অহা মাইকি মহৰ জাকে মোৰ গোপনীয় অংগকে ধৰি দেহৰ সকলো অংশতে বেজি দিব ধৰিলে । মহ মাৰি মাৰি মাজে মাজে মহৰ উৎপাতত উঠা বহা কৰি খুটি তাল বজাই মই একান্ত মনে কামফেৰা কৰি আছো, এনেতে শুনিলো বাহিৰত নাৰী কন্ঠ, মই বোলো হে হৰি কি কৰা যায়?

দৰ্জা বুলিবলৈ নাই, তাতে পোহৰ বুলিবলৈও নাই ৷ মহিলা গৰাকী যদি ঘোপ মৰা অন্ধকাৰত কোনো নাই বুলি সোমাই আহে আৰু মোক এই অৱস্থাত দেখে মুৰ্চা গৈ যে মোৰ কোলাতে লাং পৰিব সেইটো খাটাং ৷ তাতে বিয়াঘৰৰ মানুহে যদি দৌৰি আহি বাঁহনি তলত মোক এনে অৱস্থাত মহিলা গৰাকীৰ লগত একেটা পাইখানাতে দেখে কি হব? হে প্ৰভু বৰ বেয়া বেয়া চিন্তাবোৰ মনলৈ আহিব ধৰিলে ৷ কি কৰা যায় ভাবি লৰালৰিকৈ মই দুটা মান গ'ল হেকাৰি দি "ভিতৰত মানুহ আছো দেই" বুলি ক'লো কাৰন হঠাত গলহেকাৰি শুনি ভুত প্ৰেত বুলি ভয় খাবও পাৰে ৷

যি কি নহওঁক আৰু অলপ সময় বহি সম্পুৰ্ণ সুখ কন লোৱাৰ পৰা বঞ্চিত হ'লো ৷ শেষৰ কামফেৰা কৰিবলৈ গেলেনটো ডাঙি চাই দেখো অলপ পাতল পাতল লাগিছে ৷ হে হৰি ফুটা আছিল তাৰমানে? ?????

মহিলা কেই গৰাকীও আঁতৰি নাযায় মইও ওলাব নোৱাৰা পৰিস্থিতি । মৌনতা ভাঙি কিছু সময় পিচত সিঁহতে মাত দিলে বোলে মৰিলে নেকি আকৌ ভিতৰত থকাতো নে গাঁতত পৰিল ওলাই নাহে যে ? মই আকৌ গ'ল হেকাৰি মাৰি জীয়াই থকাৰ প্ৰমাণ দিলো ৷ সিঁহতে কলে অ' আছে আছে মৰা নাই এজনিয়ে কৈছে খুব খালে চাগৈ আনজনিয়ে কৈছে নহয় পেট খালি কৰি লৈছে আকৌ খাবগৈ চাগে । মই মনতে বোলো যি ক'ব খোজে কৈ থাকক , কিন্তু মই যি বহিলো বহিলো, উঠাত নাই ৷
ইফালে মহৰ উৎপাতৰ পৰা বাছিবলৈ বিভিন্ন ভংগীমা আৰু মুদ্ৰাত উঠা বহা খন কৰি নিজৰো আমনি লাগিছিল পিছে উপাইও নাই ৷ এগৰাকীয়ে হয়তো আৰু ধৈৰ্য ধৰিব নোৱাৰিলে আৰু গতিকে উপায়ন্তৰ হৈ মাত দিলে "হেৰি ওলাই নাহে কিয় , কি পুথি পঢ়ি আছে , সোনকাল নকৰে কিয় ? আমিও যাব লাগে নহয় ৷" মই বোলো গেলেনটো
ফুটা আছিল পানী নাই , হেৰি ধোৱা কাম ফেৰা নকৰাকৈ কি দৰে ওলাম ? সিঁহতে ক'লে আমি কি ৰৈ থাকিম,নেকি? যি কৰে সোনকালে কৰক ৷ মই বোলো মই একো কৰিব নোৱাৰো, ইমান ইমাৰজেঞ্চি যদি বাঁহনিৰ তলতে কৰা ৷ কবলৈহে পালো, যি কেইটা হে গালি দিলে । মইও কৈ দিলো বোলো গালিলৈ অমুকাই কেয়াৰ নকৰো, নোলাও বুলিছো নোলাও ।

কিছু সময় পিছত কিছু সময় বাঁহনি তল খন নিতাল মাৰিলে ৷ ঝিলি দুটামানে কেৱল টেটুফালি চিঞৰি আছিল, মাজে মাজে এডাল বাঁহে আন এদালৰ গাত ঘঁহনি খাই হোৱা ভয়ানক শব্দ কিছুমান ৷ জয়াল পৰিবেশটোত বাহিৰত থকা দুজনিৰো মাতবোল নোহোৱা হ'ল ৷ হয়তো গুছি গ'ল কিন্তু পেটে পেটে অলপ ভয়ো লাগিল বাঁহনিৰ তল তাতে ৰাতিৰ কথা ডাইনী যখিনি নহয়টো? মই এফালৰ পৰা যিমান বোৰ ভগৱানৰ নাম সৰুৰে পৰা শুনি আহিছো এফালৰ পৰা ডাঙৰ ডাঙৰ কৈ মাতিব ধৰিলো । চটি বস্তাৰ পৰ্দা খনৰে ফাঁক কৰি ইফালে সিফালে চালো ইশ্বৰৰ ইচ্ছা খেৰৰ মেজিটোত চকু পৰিল । ঈশ্বৰক হাজাৰ ধন্যবাদ জনাই দৌৰা দৌৰিকৈ গাড়ী পালোহি ৷ লগৰটোক কথাখিনি ক'লো ৷
সি ক'লে অৱস্থা কেনেকুৱা?
মই বোলো শৌচনীয় ৷
বাটত লগাৰ সম্ভাৱনা?
মই বোলো সম্পুৰ্ণ ৷
ধোৱাৰ উপায়?
মই বোলো নিৰুপাই ৷
দুৰ্ভাগ্য বশত, মই যি সময়ৰ কথা লিখিছো অসমত প্লাস্টিকৰ বটল তথা মিনাৰেল ৱাটাৰৰ পাদুৰ্ভাৱ হোৱা নাছিল ৷ গাড়ী স্টাৰ্ট দিলো ৷ কিছু দুৰ অহাৰ পিছত লগৰজনে দোকান এখন দেখি হঠাৎ ৰখাব ক'লে ৷ সি দৌৰ মাৰি গৈ টোপোলা এটাত কিবা কিনি আনিলে ৷ মই বোলো কি কিনিলি? টিভিত দিয়া বিজ্ঞাপনটোৰ দৰে সি ক'লে " মেংগ' ফ্ৰুটি, ফ্ৰেচ এণ্ড জুইছি " ৷ পিছে খাবলৈ নহয়, বাটত ......

(বুজাই বুজক, নুবুজাই ছমাহলৈকে যুঁজক)
***********

দেউতাৰ বিয়া


চা ৰসেশ্বৰ, বিয়াখন তই পাতিবই লাগিব৷ কথা ইমানেই,  চেলবেলাই থাকি লাভ নাই মুঠতে বিয়াৰ যোগাৰ কৰ৷ গাঁৱত ৰজনজনাই যাব লাগিব৷ গাওঁবুঢ়া দাইতিৰ কথাত ৰসেশ্বৰে বোলে ককাইদেউ, ল’ৰাহঁতে শুনিলে কি ক’ব?  সিহঁতে গম নোপোৱাকৈ মনে মনে কিবাকৈ মিলাই থব নোৱাৰিনে?

গাঁওবুঢ়াই বোলে এতিয়া সেইবোৰ ভাবি লাভ নাই৷ কইনা আনোঁতেই ভাবিব লাগিছল৷ মাজতে লাহনে মাত দিলে বোলে ডিঙিটো তিয়াবলৈ কিবা এটা যোগাৰ কৰিবি৷ বিয়া বুলি ক’লে ডেকাবোৰে সেইটুপি ধৰি ফুৰ্তি কৰে৷ আমি কিয় নকৰিম৷

বোধেশ্বৰে লাহনক ধমক দি বোলে তোক চাই আছো,  ডেকামখাৰ লগত বহি সন্ধিয়া জিৰণি চ’ৰাত বহি প্লাষ্টিকৰ গিলাছ যোগান ধৰি এটুপা ধৰা৷ ঘৈণীয়েৰে পিঠি বহল কৰাৰ পিচতো তোৰ লাজ নহ’ল৷ লাহন তাতে তাপ মাৰিলে৷

তামোলৰ বটাটো দিব অহা সেউতীক ৰসেশ্বৰে বোলে গাঁওবুঢ়া দাইতিৰ কথা শুনিলি নহয়,  কাঢ়া অৰ্ডাৰ,  বিয়াখন নপতাকৈ নহ’ব বুজিছ৷ সকলো ঘৰাঘৰি যোৱাৰ পিচত সেউতিয়ে ৰসেশ্বৰক বোলে শুনিছে, ডাঙৰ পোনাক লগৰবোৰে জোকাইছে বোলে দেউতাৰৰ বিয়া খাব যাবিনে নাই?  ৰসেশ্বৰে বোলে এৰা অ’ , বৰ ভুল কৰি পেলালো৷ সি সাধা ল’ৰা বুলিহে৷ কথাতে যে কয় যে বাপেৰৰ বিয়া দেখি যাবি, তাৰো ভাগ্যখন চাছোন,  বাপেকৰ বিয়া দেখিহে এৰিলে৷ তাৰো কঁপালত লিখি আনিছে৷

সেউতীয়ে বোলে থওক হেৰৌ কিমান ক’লো,  কিমান বুজালো মই,  মোৰ কথা এবাৰো নুশুনিলে৷ আগ পিচ নাচাই কাম কৰিলে৷ মোক নাপালে মৰি যাম,  এতিয়া লাজত মৰিছে কেলেই?

ৰসেশ্বৰে বোলে হেৰৌ. জাতে-পাতে নিমিলে,  বাপেৰ-মাৰে নিদিয়ে,  আৰু ৰাইজৰ,  গোটেইখন ৰাইজ এফালে,  তই-মই এফালে৷ চবৰে চকুত ধূলি দি তোক আনিলো, সেইটো হ’লে নকৱ! মই অমুকাই আনিলো বুলিহে,  নহলে ঘৰতে বুঢ়ি হৈ থাকিলি হয়৷

সেউতীয়ে বোলে কোনোবাইহে নদীত জাপ দিম কৈছিল,  অমুকীয়ে নহয়৷ অমুকীক নিবলৈ দহখন গাঁৱৰ ডেকা লাইন লাগি আছিল৷ কাৰোবাৰ হে আনলৈ যাম বুলি মোক আনিবলৈ থৰকাচুত্তি হেৰাইছিল৷

ৰসেশ্বৰে বোলে, হ’ব ফেপেৰি পাতি নাহিবি৷ মই আনিলো বুলিহে হাঁড় শুদ্ধি হ’ল, নহ’লে আবিয়ৈ হৈ হাঁড়ত বন গজিল হয়! মোকো ডিম্ব দাইতিৰ পুৰ্ণিমাক যাঁচি আছিল৷ চহৰত মাটি-ঘৰো দিম বুলিছিল৷ সেইবোৰ লাঠ মাৰি তোক আনিছিলো৷

সেউতিয়ে বোলে থক হেৰৌ গোটেই অল ইন্দিয়াই জানে আপুনি এসময়ত পদুলি শুঙা আছিল বুলি৷ মই আজলীজনী (আচলেৰে চকু মচি) দেশ দুনিয়াৰ একো ভূ- ভা নাপালো,  চলাহি কথাত ভোল গৈ গুছি আহিলো৷

ৰসেশ্বৰে বোলে হেৰৌ মৰতি মই যদি তোৰ ইমান অপচন্দই আছিলো এমব্ৰইডেৰী কৰা ৰূমালৰ চুকত মোৰ নাম লিখি মৰিছিলি কিয়?

এনেতে শুকান খুড়াদেউৱে চোতালৰ পৰাই গলহেঁকাৰি এটা দি বোলে ৰসেশ্বৰ, ৰাইজে মোৰ ঘৰকেই দৰাঘৰ পাতিছে৷ দৰাৰ বাপেক বুলি সেৱা এটা কৰ হি আহ!

ৰসেশ্বৰে বোলে ককাইদেউ এই সাপেখাটিক যি আনিলো আনিলো,  এনে মুখ আগলিকা ডাংকাতি জনিক বিয়া পাতি হুমৰ গুৰিত সাতপাক ঘুৰি সাতজনমলৈ ৰাখিব নোৱাৰো৷

সেউতীয়ে বোলে জীৱনটো গেবাৰি উকটিলো,  মুখৰ আগত লাগ বুলিলেই যতনাই দিলোঁ তথাপি বুঢ়াই কথাই প্ৰতি সতিনিজনীৰ গুন বখানিব নেৰে৷ যাওঁক এতিয়াও আনকগৈ ডিম্ব দাইতিৰ পূৰ্ণিমাক৷ মইও চাম তাই বেটি কোন স’তে আপোনাৰ দৰে এটাৰ লগত কিমান দিন সংসাৰ কৰে!

শুকান খুড়াদেউৱে বোলে হেৰৌ কালিলৈ বিয়া,  দুইতা সাপ-নেউল,  আকৌ লাগিলি৷ বোলো ডাঙৰ পোনা, বাপেৰ-মাৰক পাৰিলে অলপ বুজা আৰু তই আকৌ কালিলৈ পুৱাতেই ঘৰৰ পৰা বেলেগত ক’ৰবাত থকা ব্যৱস্থা কৰিবি৷

ৰসেশ্বৰ আৰু সেউতীৰ কথাই লাহে লাহে যুদ্ধলৈ যোৱাৰ আগতে সদায় একেখিনি কথাকে শুনি শুনি কাণ ঘুগুলা হোৱা ডাঙৰপোনা ওলাই আহি শুকান খুড়াদেউক বোলে মই সখীৰ ঘৰতে থাকিম কালিলৈ৷ ৰসেশ্বৰক বোলে পিতাইঅ’,  দুদিন পিচত মোৰ বিয়া,  ঘৰলৈ ন-বোৱাৰী আহিব৷ এতিয়াওনো তহঁত দুটাই এনেকৈ লাগি থাকিব লাগেনে?  সময়ত নাপাতিলি,  এতিয়া বুঢ়া বিয়া পাতি মোকো বাপেকৰ বিয়া দেখাইছ,  হেৰৌ সমনীয়াই সুধি ফুৰিছে বোলে দেউতাৰৰ বিয়া কেতিয়া?  হেৰৌ বিয়াত মাতোতেও চুবুৰিয়াক মাতিছো, বোলো আঘোণৰ চাৰি তাৰিখে মোৰ আৰু দুই তাৰিখে দেউতাৰ বিয়া,  সপৰিয়ালে নিমন্ত্ৰণ দিলোঁ৷

সেউতীয়ে ঠেকেচকৈ ৰসেশ্বৰৰ দৰাৰ যা-যোগাৰবোৰ দি শুকান খুড়াদেউক বোলে ককাইদেউ মোৰ ডিচিচন চেঞ্জ হোৱাৰ আগতে এইজনক আজিয়েই লৈ যাওক৷ কালিলৈ একেবাৰে দৰা সাজত পঠাই দিব৷ মিচিক কৈ লাজকুৰীয়া  হাঁহিটো মাৰি বোলে মইও চাঁও তেখেতক দৰা সাজতনো দেখিবলৈ কেনেকুৱা লাগে……..

☆★☆★☆

হ্ৰীং ক্ৰীং ফট


ফুল নুফুলাকৈয়ে জীৱনৰ বসন্তবোৰ পাৰ হ’ব আৰম্ভ কৰিব ধৰিলে৷ প্ৰেমৰ নামত যি দুই-এটা কলি মনৰ বাগিছাত ফুলিব ধৰিছিল, তাকো ক’ৰবাৰ পৰা টপককৈ কোনোবা নহয় কোনোবা এটা ভোমোৰা আহি পৰি ৰেণু চুৰ কৰি লৈ গ’ল৷

আনে প্ৰেম কৰি লাঠ খোৱা শুনিলেও নিজলৈ পুতৌ লগা হ’ল,  কোনোবাই যদি হেৰৌ লাঠকে মাৰিলে হয়, মৰিলে যমৰ ওচৰত ক’ব পাৰিলো হয় যে অন্তত এগৰাকীয়ে অমুকাক “আই লাভ ইউ” ক’লে প্ৰভু,  মোৰ মনুষ্য জীৱন সাৰ্থক হ’ল৷

পিচে মোৰ চেহেৰাৰে দোষ নে আকাৰ, আকৃতি-প্ৰকৃতিৰে দোষ নাজানো। কলেজত ক্লাচ ক্ষতি কৰি কৰি এজনীৰ লগত গৈ কেন্টিনত চাহ-চিঙৰা খুৱাই দুদিন কি কথা পাতিলো, তৃতীয় দিনা দাদা পাতি সোঁহাতখন ৰাখী পিন্ধাবলৈ আগবঢ়াই দিব কয়৷ অমুকাইও কলেজীয়া জীৱনত যিমান কেইগৰাকী ভনী পাতিলো,  পাতিলো নহয়, প্ৰকৃততে যিমান কেইগৰাকীয়ে অমুকাক দাদা পাতিলে ৰাষ্টাই ঘাটে লগ পালে কোঁচৰ কেঁচুৱাটো মোৰ কোলাত তুলি দি মাত নুফুটা পোৱালীটোকো এইটো তোমাৰ মামা চোৱা,   মামা বুলি মাতা বুলি যেতিয়া কয় ভেলেন্টাইনৰ কচম বুকু হমহমাই যায়৷ কোন স’তেনো কওঁ, হেৰৌ মোৰ ভনীসকল, কলেজীয়া দিনত যদি এজনী বৌয়েৰো মোৰ বাবে চাই দিলি হয়, মোৰো কেঁচুৱাই এতিয়া তহঁতক পেহী পেহী মাতিব পাৰিলে হয়! নাই সকলো চেলফিচ৷

কিমানৰ ইলু ইলু চেটিং কৰিবলৈ লোকৰ চিঠি-পত্ৰ আদান-প্ৰদান কৰি বিনা বেতনৰ পিয়ন হ’লো,  কিমানৰ গাৰ্লফ্ৰেণ্ডক জোকোৱা ভিলেইনক চিনেমা মাফিক দম দিলো, কিমানক ডেটিং নিবলৈ মোৰ পুৰনি য়ামাহা বাইকখনৰ যোগান ধৰি দি পূণ্য কৰিলো তাৰ হিচাপ নাই৷ কিন্তু অমুকাই আজিও এজনী বাইকৰ পিচৰ চিটত চুলি উৰুৱাই নিজৰ বুলি গৰ্বৰে আনক দেখুৱাই বহাব নোৱাৰিলো৷

ক্লাচ ফ’ৰত থাকোতে প্ৰথম যিজনীয়ে কলিজা খাইছিল, প্ৰপ’জ দিম দিম ভাবোতেই বছৰবোৰ গ’ল, টেনত থাকোতে তাই এটালৈ পলাই গ’ল৷ তাতোকৈ ডাঙৰ কথা যে এতিয়া তাইৰ ল’ৰাক ইংৰাজী টিউচন কৰোঁ৷ মেট্ৰিক দি উঠি যিজনীক আগ-পিচ নাচাই প্ৰ’পজ মাৰিলো, তাইৰো গন্দা হিচাপত যে  বয়ফ্ৰেণ্ড আছিল পিচত হে গম পালো৷ এৰা, এতিয়াও সেইগৰাকীৰ কথা মনত পৰিলে কিয়নো প্ৰপ’জ দিছিলো এনেকুৱা লাগে! প্ৰপ’জ কি দিলো যেন পাকিস্তানত ভিছা নোহোৱাকৈ হে যেন প্ৰৱেশ কৰিলো,  তাইৰ বয়ফ্ৰেণ্ডৰ দমৰ কোবত এমাহ মানলৈ সন্ধিয়া টাউন ওলাবকে  নোৱাৰা হৈছিলো৷ তাৰ পিচত ডিগ্ৰী পঢ়োঁতে মেজৰমেট এজনী চালো৷ দুদিন পিচত মোৰ লগৰটোৱে কাকুতি মিনতি কৰি বোলে ’দোষ্ট, তাইক মই সৰুৰে পৰা ভাল পাঁও, তই ইমান ভাল, হাজাৰজনী ছোৱালী পাবি,  এইক মোৰ হ’ব দে,  প্লিজ, তই তাইক এৰি দে৷’ মইনো কঁও কিদৰে যে হেৰৌ হাজাৰজনী বাদ দে, এজনী প্ৰেমিকাৰো প্ৰেম এই অমুকাই এতিয়ালৈ কপালত সাধি নাপালো৷ তথাপি দোষ্টৰ কথা অনুভৱ কৰি তাইৰ ওচৰত নিজকে বহুত বেয়া ল’ৰা বুলি প্ৰমাণিত কৰিলো যাতে তাই মোৰ কাষ নাচাপে৷ ঔষধে ইমানেই কামত দিলে যে মোৰ বৰশীত টোপ খাই থকা চেঙেলীজনীয়ে দুদিন পিচতে কুটুককৈ লগৰটোৰ ডিঙিত মেৰিয়াই ধৰিলে৷ হওক,  আৰু এটা পূণ্য কৰিলো৷

কলেজৰ তিনিবছৰীয়া বসন্ত, লগতে প্ৰেম কৰা উপযুক্ত সময় বুলি বিবেচিত যৌৱনৰ সেই গুৰুত্বপূৰ্ণ সময়ছোৱা সফলতাৰে অথলে খেদাই, লগতে কলেজৰ ৰাজহুৱা দাদাৰ চাৰ্টিফেকেট খন ডিঙিত ওলোমাই ইউনিভাৰ্চিটি পালোগৈ৷ মনতে এটা শান্তনা লৈছিলো যে কলেজৰ সময়ছোৱা পঢ়াৰ সময়, এই প্ৰেম-চ্ৰেম জাতীয় বস্তুবোৰে পঢ়াত ক্ষতি কৰে,  গতিকে ভালেই হ’ল৷ LOVE মানে Lost Of Valuable Energy নামৰ কোনোবা বিফল প্ৰেমিকে পকাত মূৰ মাৰি লিখি থৈ যোৱা সেই বিখ্যাত উক্তিষাৰ শিৰোগত কৰি কৃষ্ণচুড়াৰ দেশত মানে গুৱাহাটী বিশ্ব বিদ্যালয় পালো৷ পিচে যি জন প্ৰেমিক পণ্ডিতে হাইস্কুলৰ পৰা বুলি কলেজীয়া জীৱনত এটাও প্ৰেমৰ মুখ নেদেখিলে তেওঁ যে বিশ্ববিদ্যালয়ত খুব কিবা এটা সফলতাৰ মুখ দেখিব আশা কৰাটোও ভুল৷

পিচে হোষ্টেলত এদিন এটা ডাঙৰ ঘটনা ঘটিল৷ নিউ ইয়েৰৰ পাৰ্টি৷  ৰাতি লগৰ দুটামানৰ লগত নতুনকৈ খাবলৈ শিকা ৰঙাপানীকনৰ কৃপাত প্ৰেমহীন জীৱনৰ মনৰ দুখ সকলো বটিয়াবলৈ ধৰিলো৷ যিমানেই ৰঙাপানী ডিঙিৰ পৰা তললৈ গ’ল সিমানেই সমস্ত ট্ৰেজেদী জিভাৰে পাক খাই-খাই ওলাব ধৰিলে৷ এসময়ত মোৰ ইতিহাস শুনি থকা লগৰটোৱে বোলে নতুন বছৰত আনে কি সংকল্প লয় নাজানো, এইবাৰ মই হ’লে পুৰণি কেলেণ্ডাৰখনৰ শপত খাই প্ৰতিজ্ঞা কৰিলো যে যদি মই মৰ্দ হয়,  মই এইবছৰ তোক এজনী পটাই দি হে এৰিম৷ যদিও তাৰ মৰ্দাংগীৰ ওপৰত কোনো সন্দেহ নাছিল তথাপি তাৰ ভীষ্ম প্ৰতিজ্ঞাটো ৰঙাপানীৰ নিচাত নে সঁচাই লৈছে অলপ সন্দেহ থাকি গ’ল৷ যি কি নহওঁক মৰিবলৈ ধৰাটোৱে কুটাটোকে সাৱতি ধৰাৰ দৰে মইও উদ্ধাৰৰ বাবে মোৰ গিলাচৰকনো তাক বাকী দি বোলো দোষ্ট, তই যদি সঁচাকৈ মোৰ এই মৰুভূমি হেন জীৱনত গোলাপ ফুলাই দিব পাৰ, এই খালী বটলৰ কচম, পাৰ্টি হিচাপে তই টেপ খুলিলেই খাব পৰাকৈ হোষ্টেলৰ টেংকীত এদিন কাৰ্টুনে কাৰ্টুনে বাকী দিম৷ সি বোলে হৈ যাব৷ তই চিন্তা নকৰিবি৷ মইও মায়ঙৰ বৈদ্য বেজৰ পুতেক৷ ফুঁ এটা মাৰি পলাই যোৱা ছোৱালী তিনিদিনত ঘৰলৈ ঘুৰাই আনো,  বইচ কৰিব নোৱাৰা গিৰিয়েকক ক’লা সুঁতা জাৰি ককালত পিন্ধাই বান্দৰৰ দৰে নচুৱাই দিওঁ৷ ৰভাতলীৰ পৰা পুৰণী প্ৰেমিকৰ কাষলৈ কইনা দৌৰাই দিওঁ…..আৰু কিবা কিবি কৈছিল,  পিছে সেইখিনি এক্সপিৰিয়েঞ্চৰ  ইন্ট্ৰ’ডাকচনেই মোৰ তাক কনফিডেঞ্চত ল’বলৈ যথেষ্ট আছিল৷

পুৱা হ’ল, নিচা ফাটিল,  মই ভাবিছিলো ’ৰাত গয়ি বাত গয়ি’, পিছে সি পুৱাই আহি মোৰ ৰূমৰ দুৱাৰত টোকৰ দিলে বোলে তোৰ যি জনী পচন্দ হৈছে তাই পিন্ধা কাপোৰৰ টুকুৰা এটা বা চুলি অলপ লাগিব৷ যদি তই সেইটো গোটাব পাৰ ভাবি ল, তাই তোৰ কনফাৰ্ম৷ পেটে পেটে অলপ ভয়ো লাগিল৷ ছোৱালীয়ে পিন্ধা কাপোৰৰ টুকুৰা বা চুলিনো কি সতে কাটি আনো৷ মই মনতে বোলো এইটো আশা বাদ দিয়াই ভাল৷ তন্ত্ৰ-মন্ত্ৰ কৰি মোক প্ৰেমিকা নালাগে,  যদি মৰদ হয় নিজেই এজনী গোটাম৷ তাক হ’ব দে চেষ্টা কৰিম বুলি সেই আশা তাতে বাদ দিলো৷

ইউনিভাৰচিটিত পুৰণি বেমাৰটোৱে আকৌ উক দিলে৷ ক’ব নোৱাৰাকৈয়ে এজনী সঁচাকৈয়ে ভাল লাগিব ধৰিলে৷ দুপৰীয়া নি নি আৰ্টচ কেন্টিনত চাহো খোৱাব ধৰিলো৷ ইমানদিনে গালত ৰখা দাড়ী কটাই মিলমিলিয়া হ’ব ধৰিলো৷ আগৰ হাতত যিটোকে পৰে সেইটো কাপোৰেই পিন্ধিছিলো, পিচে তাইক পোৱাৰ পৰা কাপোৰো খমখমিয়া ইষ্ট্ৰি কৰি হে পিন্ধা হ’লো৷ মুঠতে ক’বলৈ গলে একপক্ষীয় প্ৰেম। এনেও মোৰ বহু কেইটা আগৰ এক্সপেৰিয়েঞ্চ আছিলেই, গতিকে নতুন প্ৰেমে আকৌ শুকান গছত বসন্ত আনিব ধৰিলে৷পুৰণি কবিতাবোৰ আকৌ অলপ সাল-সলনি কৰি নতুনকৈ লিখিব ধৰিলো৷ পুৰণি গিটাৰখনৰো ধুলি মাকতি গুচাই “তোমাৰ মৰমে মোৰ  দেহত তুলিলে ঢৌ” আকৌ টুংটুঙাবলৈ ল’লো৷

মুঠতে আই এম ইন লাভ৷ সেইখিনিলৈকে সকলো ঠিকে-ঠাকেই গৈ আছিল৷ পিচে প্ৰপ’জ দিম দিম ভাবি থাকোতেই বিশ্ববিদ্যালয় সপ্তাহ আহিল৷ তাই মোক এৰি চিনিয়’ৰ এটাৰ লগত ঘুৰি ফুৰা দেখা পাবলৈ ধৰিলো৷ দুই এটাই হোষ্টেলত আহি “তোৰ মইনাজনী দেখোন বেলেগ ডালত পৰা দেখিলো” বুলি কোৱা-কুই আৰম্ভ কৰিলে৷ দুটা মানে “পোহনীয়া চৰাইটি উৰিলে,  বিচাৰি পাবলৈ নাই” বুলি হোষ্টেলত মোৰ ৰূমৰ আগেদি গাই যোৱাও আৰম্ভ কৰিলে৷ শেষত উপাই নাপাই যি আছে দেখা যাব বুলি মায়ঙৰ বন্ধুৰ কাষ চাপিলো৷ তাৰ সেই একেই ফৰমাইচ,  হয় চুলি নহয় কাপোৰ৷ মই বোলো এইচব মই গোটাব নোৱাৰো,  তই কিবা বেলেগ মন্ত্ৰ মাৰ৷ সি বোলে হ’ব মই গোটাই দিম৷ তাই থকা হোষ্টেলৰ ৰান্ধনীজন মোৰ গাঁৱৰে,  তাক ক’লে গোটাই দিব৷ কথামতে কাম৷ তাই থকা হোষ্টেলৰ ৰান্ধনী জনে খবৰ কাগজৰে মেৰিয়াই এদিন টোপোলা এটা মোৰ হাতত দি গ’ল৷ টোপোলাটো চাই মোৰ হাত কঁপিব ধৰিলে,  সেউজীয়া ৰঙৰ ব্লাউজ এটা৷ মই তাক বোলো এইটো য’ৰ পৰা আনিছিলি আকৌ ওলোমাই থৈ আহ৷ সিও খঙতে ভোৰভোৰাই আঁতৰি গ’ল৷ বন্ধুক ৰাতি কওঁতে মায়ঙৰ ঠলুৱা ভাষাৰ সোপাকে গালিৰে মোৰ কান শুদ্ধি কৰিলে৷ যি কি নহওঁক বেলেগ উপাই এটা যেনিবা সি কৰিম বুলি ক’লে। কিন্তু সেইটো বিদ্যা তাৰ বাপেকেহে জানে৷ গতিকে ঘৰ গ’লে আনি দিম ক’লে৷ মইও ৰক্ষা পালো৷ এনেদৰে মোৰ একপক্ষীয় বিফল প্ৰেম সফলতাৰ চিৰি বগাই আগুৱাব ধৰিলে৷

ফাইনেল পৰীক্ষালৈ এমাহমান থাকোতে সি ঘৰ গৈছিল আৰু ঘৰৰ পৰা মোৰ বাবে কঁকালত আঁৰিবলৈ এটা তাবিজ আনি দিলে,  লগতে ক’লে যে তাবিজটো দুবুৱা পানী শনিবাৰ বা মংগলবাৰ এটাত তাইক খোৱালেই কাম হৈ যাব৷ এই বুলি মই পেন্টটো অলপ তললৈ কৰি চাৰ্টটো দাঙি দিলো৷ সি একে উশাহে তাবিজটো বান্ধি দিলে৷ শনিবাৰ এটা চাই ডিপাৰ্টমেন্টত কাপোৰৰ ফাঁকৰে তাবিজটো ওলিয়াই বহুত ট্ৰাই কৰিলো কিন্তু কঁকালত টানকৈ বন্ধা তাবিজ গিলাচৰ পানীত ডুব নাযায়৷ যেন তেন বিভিন্ন এংগোলত কঁকাল বেঁকা কৰি তাবিজটো গিলাচত ডুবাই পানীখিনি বটলত ভৰালো৷ বটলটো তাই হাতে পোৱাতে ৰাখিলো ৷ কিন্তু তাই পানী নাখায় হে নাখায়,  মইনো জোৰ কৰোঁ কেনেকৈ?  এসময়ত মই ঠাপ মাৰি ধৰাৰ আগতেই লগৰ এটাই কোট কোট কৈ বটলৰ পুৰা পানী গিলি দিলে৷ মইয়ো ভয়তে কঁকালৰ তাবিজ সেই মুহুৰ্ততে প্ৰেকটিকেলৰ কেচিৰে কাটি মোৰ প্ৰেমক “ঔম স্বাহা” বুলি কৈ  দলিয়াই দিলো…….

☆★☆★☆

চিত্ৰগুপ্ত সংবাদ



(দিনৰ ১১ বাজিছে৷ যম ৰজাৰ অফিচৰ বাহিৰত কোলাহল৷ চিত্ৰগুপ্ত কম্পিউটাৰত ব্যস্ত, যম ৰজাৰ আসন খালী।)

চিত্ৰ:- আস নোৱাৰি আৰু দেই৷ কেৰাণী চাকৰি হ’ল বুলিয়েইনো ইমান গেবাৰি খাতিব পাৰিনে? (এনেতে ঘামি-জামি যমৰাজ সোমাই আহে৷ )

যম:- উফ নকবা বুজিছা, অলপ দেৰিহৈ গ’ল৷

চিত্ৰ:- দেৰি মানে? এঘাৰ বাজিল, এইটো আপুনি কি অসমৰ চৰকাৰী কাৰ্যালয় বুলি ভাবিছে নেকি? ২৪×৭ অফিচ হয় এইটো, ইমান দেৰিকৈ আহিলে মই অকলে কেনেকৈ কাম চলাম কওকচোন? আৰু মই টেট পাছ কৰা নাই নহয় যে, অকলেই এখন এল পি স্কুল চলাম৷ নতুন এপইণ্টমেণ্টো বন্ধ কৰি ৰাখিছে আপুনি, এৰিয়াৰ নাই, ডি এ বঢ়োৱা নাই, কিমান নানা কুৰি সমস্যাত যেন তেন অফিচটো চলাই আছোঁ। আপুনি কি বুজিব?

যম:- হেৰা ৰ’বাচোন ৰ’বা। এই পুৰণি কেচেটখন কিমান আৰু বজাই থাকা হে? কিবা এটা কৰিম ৰ’বা৷ এনেই দেৰিনো ক’ত হয় মোৰ? পোৱালি কেইটাক টিউচনৰ পৰা আনি স্কুলত থৈ আহি ভাত কেইটা খাওঁ মানেই ১০ বাজেই, তাতে যোৱা কেইদিন মানৰ পৰা ম’হ আই মিন মোৰ বাহনটোৰো গা ভাল নহয়৷

চিত্ৰ:- সেইকাৰণেইতো মই চিঞৰি থাকোঁ বোলো, এই বনৰীয়া ম’হটো এৰক। প্ৰেজটিজ বুলিওটো কিবা বস্তু এটা আছে৷ নতুন বাহন এখন লওক, পূজা অফাৰৰে মাৰকেট ভৰি আছে৷ আনৰ ওচৰত মুখ দেখাবলৈকে লাজ লগা হৈছে আৰু৷ ইমান ডাঙৰ ডিপাৰ্টমেণ্ট এটাৰ অফিচাৰ হৈ ম’হ গুৱালৰ দৰে আত্মা বিচাৰি ঘূৰি ফুৰে৷ এডুকেশ্চন ডিপাৰ্টমেণ্ট চাওক, এলাৰ্জি চৰি এনাৰ্জি ডিপাৰ্টমেণ্ট চাওক বছৰত এবাৰ ভিজিত দিয়ে তথাপি মৰ্ত্তৰ মানুহে ডেইলি পূজা দিয়ে৷ আৰু আপোনাক? আজি কালি আঙ্গু পাঙ্গু সকলোৱেই ক’লা গ্লাচৰ গাড়ীত ঘূৰে আৰু আপুনি ক’লা ম’হত৷ সেই কাৰণেই ৰেচপেক্ট নিদিয়ে কোনেও আপোনাক৷ আজিৰ যুগ হৈছে শ্ব’-বাজিৰ যুগ৷ এনেকৈ হ’লে দুদিন মান পিছত যম বুলি ক’লে সৰু পোৱালি এটাইও ৰ’ তোক বান্ধি থম বুলি ক’ব।

যম:- হেৰা, কথাবোৰ ময়ো নভবা নহয়, কিন্তু কৰিবা কি? “জন্ম মৃত্যু পঞ্জীয়নৰ” কাৰ্য্যালয়ৰ দৰে আমাৰ লালবাতি জ্বলা ডিপাৰ্টমেণ্ট, দৰমহাৰ পইচা কেইটাৰে মাহটোৱেই নোজোৰে, গাড়ীৰ কথা কি ভাবিবা হে? আৰু ই এম আই দিব নোৱাৰিলে যদি গাড়ী টানি লৈ যায়, কাৰ বোকোচাত উঠি মৰ্ত্যলৈ যাবা?

চিত্ৰ:- সেইবোৰ আপুনি মোৰ ওপৰত এৰি দিয়ক, চাব এমাহৰ ভিতৰত আপোনাক বনাই দিম৷ মই মাজতে অসমত গৈ ট্ৰেইনিং লৈ আহিছোঁ নহয়!

যম:- যি কৰা সোনকালে কৰা৷ টাৰ্গেটৰ কথা আছে৷

চিত্ৰ:- তেনেহলে চাৰ বাহিৰত ৰখি থকা কেইটাক মাতি দিওঁ। (বাহিৰত কোলাহল কৰি থকা আত্মাবোৰক এটা এটাকৈ মাতিবলৈ লাগিল)। মাষ্টৰ কেৰপাই তামুলী আহিব লাগে।

(কেৰপাইৰ প্ৰবেশ)

কেৰপাই:- নমস্কাৰ চাৰ৷ পিছে যমনো কোনজন? ইমানদিনে নামটোহে শুনি আছিলোঁ, দেখা সাক্ষাৎ হোৱাই নাছিল নহয়৷ তাতে আপোনালোকৰ ফ’ট’-চ’ট’ও পাবলৈ নাই যে৷

যম:- ঘোৰ অপমান, ঘোৰ অপমান। দেখিছা চিত্ৰ, কিবা ধেৎতেৰি ধেৎতেৰি লাগি গৈছে৷ শিৱ-বিষ্ণুকে আদি কৰি সকলোৰে ফ’ট’ ঘৰে ঘৰে কিন্তু আমাৰ? আমাৰ পূজা পাতলতো নকৰে নকৰেই, আনকি নমৰালৈকে বেটাহঁতে আমিনো দেখিবলৈ কেনেকুৱা দেখাই নাপাই৷ ইয়াৰ কেচ কি?

চিত্ৰ:- ছাৰ, কেচ গহীন, মানে চুইচাইড৷

যম:- পিচে কেৰপাই,
কাৰ প্ৰেমত চুইচাইড কৰা হ’ল? চিত্ৰ, ইয়াৰ ফেইচবুক একাউণ্ট চাৰ্চ কৰা৷ ছাত্ৰীক অশালীন ব্যৱহাৰ কৰা মালটো ইয়েই নহয়তো? ইয়াক নৰকত প্লেচ কৰা ইমিডিয়েট৷

চিত্ৰ:- (কেৰপাইৰ কাণত ফুচফুচাই)শুনিলিতো, এতিয়াও সময় আছে, মই মেনেজ কৰি দিম কিবা এটা কৰ।

কেৰপাই:- চাৰ, কিবা এটা কেনেকৈনো কৰো? লোকৰ পোৱালি মানুহ কৰা চাকৰি, মানে মাষ্টৰৰ চাকৰি কৰিছিলোঁ, তাকো প্লেনৰ। চৰকাৰে চাকৰি নিয়মীয়া কৰিম বুলি কোৱাৰে পৰা বাকী দোকানিও বাকী নিদিয়া হ’ল, বোলে আগৰ বাকী মাৰ, পিছত নতুন খাটা খুলিবি৷ দৰমহাৰ পইচা পাম পাম বুলি দুবছৰ হ’ল, শেষত উপায় নাপাই হিমন্তৰ ঘৰৰ কুঁৱাৰ ৰচী
ডালেৰেই……

চিত্ৰ:- হ’ব হ’ব, চাৰ। এখেতে বৰ ভাল কাম কৰি আহিছে। বিনা পইচাত স্বৰ্গতেই দি দিওঁ, এনেও যোৱা বহু বছৰ ধৰি তাত প্লেচমেণ্ট দিবই পৰা নাই৷ স্বৰ্গত বহি গান্ধীৰ লগত অহিংসা, অনশন আৰু অসহযোগৰ ওপৰত বেকাৰ ডিচকাচ কৰি থাকক৷ বুজিছে চাৰ প্ৰথমটো কেচ পুণ্য কৰোতেই গ’ল৷ আজি কাৰ মুখ দেখি আহিছিলোঁ ঠিক নাই, বহনিয়ে বেয়া!

যম:- চিন্তা নকৰিবা পিচৰ কেইটাক মাতা।

চিত্ৰ:- ছাৰ, এইবাৰ টাগৰা মাল এটা আহিছে। মিনিষ্টাৰ এটা, বম ব্লাষ্টত মৰা, পি এ সহ মুঠ ৫টা

(এনেতে বাহিৰত এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয়, আৰু নাম মতাৰ আগতেই উৰ্মিলা নামৰ মহিলা এগৰাকী হাতত জাপি আৰু গামোচা লৈ সোমায় আহে।)

উৰ্মিলা:- এচকিউজ মি, আই এম উৰ্মিলা, উৰ্মিলা কাশ্যপ, পি এ টু মিনিষ্টাৰ৷ আপোনালোকৰ লগত চিনাকি পিছে পৰে হ’ম৷ মাত্ৰ আপোনালোকে এই জাপি আৰু গামোচাখন লওক আৰু চাৰ সোমাই আহিলে পিন্ধাই দিব দেই, অ’ আৰু এটা কথা। চাৰ বৰ বিজি মানুহ কিবা ক’বলগীয়া থাকিলে এপ্লিকেশ্যন মোৰ হাতত দি দিলেই হ’ল। মানে জানেইতো এইবোৰ মইয়ে হেন্দেল কৰো৷ আমাৰ চাৰ ফুলাম গামোচা আৰু জাপি নাপালে ক’লৈকো নাযায়৷ ইয়াত বাৰু ফিউজ লাইভ আৰু বাই ডি বাই ৩৬৫ আছেনে? মানে ৰিপৰ্টাৰ নাথাকিলে কথা কৈ লাভ নাইতো!

চিত্ৰ:- (অলপ খঙেৰে)হেৰি, পি এ টু মিনিষ্টাৰ। আপুনি বৰ্তমান নিজৰ সমষ্টিত নাই যম ৰজাৰ আদালতত আছে৷ আৰু এই খন চকুত ক’লা কাপোৰ বন্ধা আদালত নহয়৷ আপোনাৰ চাৰে কেতিয়া কাৰ পকেট মাৰিছিল, কিমানক চাকৰি আৰু ঠিকা দিম বুলি কিমান হাজাৰ পকেটত ভৰাইছিল, কিমান গৰাকী মহিলাক…..নকওঁ আৰু দিয়ক, সকলো দিন-বাৰ মিনিট হিচাপ কৰিম আমি, ইয়াত নাটক দেখুৱাই লাভ নাই৷

(এনেতে মুখত হাঁহি আৰু নমস্কাৰ জনাই আগে আগে মিনিষ্টাৰ আৰু পিছে পিছে তিনিটা মানে চাৰৰ জিন্দাবাদ গাই সোমায় আহে।)

চিত্ৰ:- অই নেঙুৰ ধৰা কেইটা, ইয়াত জিন্দাবাদ নেচেল৷ তহঁতৰ জিন্দাবাদত চাৰ এতিয়া জি নুঠে, কেতিয়াবাই মুৰ্দাবাদ হ’ল৷ মনে মনে থাক, মনে মনে থাক৷

মিনিষ্টাৰ:- নমস্কাৰ ৰাইজ, যোৱা পাঁচ বছৰে মই কি কৰিলোঁ, কি নকৰিলোঁ সেইটো একো ডাঙৰ কথা নহয়…..কথা হৈছে মোৰ উন্নতিৰ কথাটো (উৰ্মিলাই চিকুট্ মাৰি দিয়ে।)…..ক্ষমা কৰিব, মোৰ মানে মোৰ দেশৰ উন্নতিৰ কথাটো৷ যোৱা পাঁচ বছৰে আমাৰ দেশৰ সৰু সৰু ল’ৰা বোৰে সৰগতে যোৱাকৈ (উৰ্মিলাই চিকুট মাৰি দিয়ে), মানে সহজতে পোৱাকৈ স্বৰ্গীয় ফুৰ্টি পানীকনৰ মই ব্যৱস্থা কৰি দিছো৷ য’তে ত’তে পৰি থকা মৃতদেহ বোৰক মই অসম চৰকাৰৰ ব্যবস্থা কৰি দিছো(উৰ্মিলাই চিকুট মাৰি দিয়ে)ক্ষমা কৰিব অসম চৰকাৰ নহয় অন্তিম সৎকাৰৰ ব্যবস্থা কৰি দিছোঁ৷ আৰু মই বঁটা দিছো মানে কথা দিছোঁ আপোনালোকে মোক ভোট দিলে অহা পাঁচ বছৰত মই এই খন দেশেই নাইকিয়া কৰি দিম। (উৰ্মিলাই বোলে চাৰ)মানে এই খন দেশৰ সমস্যাই নাইকিয়া কৰি দিম৷

যম:- হেৰা চিত্ৰ, এইটোক বন্ধ কৰা৷ কটা নিধক, পাপী, নৰাধম, অসভ্য, অভদ্ৰ, ফক্কৰ, ফটুৱা, নিৰক্ষৰ। হেৰা চিত্ৰ আৰু দুটামান গালি কোৱাচোন। ইয়াতকৈ বেচি মই আৰু নাজানো।

চিত্ৰ:- চাৰ, মই জনা কেইটা পাব্লিক প্লেচত ক’ব নোৱাৰোঁ৷ চাৰ, এইটোক কি কৰোঁ? অলপ কিবা লৈ স্বৰ্গ দি দিওঁ নেকি?

যম:- নিদিবা নিদিবা, বাদ দিয়া তোমাৰ টেবুলৰ তলৰ টকা। এইটোক ৰৌ ৰৌ নৰকত দিয়া, তেহে মই শান্তি পাম।

চিত্ৰ:- মিনিষ্টাৰ, তোমাক আৰু ৰহিমলা, মানে উৰ্মিলা তোমালোকক নৰকত প্লেচমেন কৰা হৈছে, তাতগৈ ভাষণ দি থাকা, যোৱা৷ নৰকত থকা পাপী বোৰৰ বাবে তোমালোকৰ ভাষণো এটা ভাল শাস্তিয়েই হ’ব৷

মিনিষ্টাৰ:- একো নাই, মোক মাত্ৰ য’তেই ভোটাৰ বেছি তাতেই দিলে হ’ল৷ মোৰ নিজৰ স্বৰ্গ মই নিজেই বনাই ল’ম৷ মাত্ৰ ডি ভোটাৰ বেছি থাকিলে অলপ সুবিধা হয়৷

(গোটেই কেইজন নৰকলৈ যায়।)

চিত্ৰ:- ছাৰ এইটোৱো বহনি ন’হল, পিছৰটোক মাতো নেকি? পিছে আপুনি অলপ সাবধান৷ (মিচ দিবাকৰ ডাৰ্লিং আহিব লাগে)

যম:- হেৰা চিত্ৰ, তুমি মতা মানুহটোক মিচ বুলি মাতিলা যে?

চিত্ৰ:- ছাৰ নক’ব, ব্ৰহ্মাদেৱে স্ৰজোতে মতাই আছিল, পিছে হঠাতে কিহে উকালে নাজানো যন্ত্ৰপাতিবোৰ সলনি কৰি পেলালে৷

মিচ দিবাকৰ ডাৰ্লিং:- ইচ কেনেকৈ চাইছে চা! ইয়াৰ আগতে ধুনীয়া ছোৱালী দেখা নাই নেকি? অ’ মা আপুনি যম নেকি? ইম্মান কিউট৷ মই মৰি যাওঁ!

যম:- হেৰা কি কৰা, কি কৰা হে! ভাকূট-কুটাইছে, কি লেটি পেটি খন কৰিছা! হেৰা মই বিবাহিত। হে ভগৱান বচোৱা! হেৰা, তুমি কথাই প্ৰতি মৰি যাওঁ মৰি যাওঁ কৰি থকা কাৰণেহে মাৰি আনিলোঁ৷ হেৰা চিত্ৰ, কি হে এইপাত? এই পনিয়া মেটেলটোক চিধা নৰকত দিয়া। ই ব্ৰহ্মাদেৱৰ যন্ত্ৰ পাতি মেনুপুলেত কৰাৰ দোষত নৰকত দিয়া৷ আৰু কোন ক’ত আছে একেলগে মাতা৷

(বাকী বোৰ আত্মাক এটা এটাকৈ মাতি স্বৰ্গ আৰু নৰকৰ প্লেচমেন কৰি থাকোতে অলপ আগতে নৰকলৈ বুলি পঠোৱা মিনিষ্টাৰ, উৰ্মিলা, চামচা কেইটা আৰু দিবাকৰ ডাৰ্লিং খঙত টিঙিৰি তুলা হৈ নৰকৰ পৰা ওভতি আহে আৰু যমক যা তা গালি দিব ধৰে৷)

মিনিষ্টাৰ, উৰ্মিলা, চামচা কেইটা আৰু দিবাকৰ। ডাৰ্লিং:- আপুনি আমাক কথা দিছিল। এতিয়া যে নৰকত দিছে, কিন্তু আপোনাক ইলেকচনৰ আগত কথা দি পিছত কথা নৰখা মন্ত্ৰী এম এল এৰ দৰে কাম কৰিব বুলি ভবা নাছিলোঁ৷ নে ইয়াতো অসমৰ দৰে পৰিৱর্তন আহিল?

চিত্ৰ:- তহতৰ হ’ল কি, বুজাই ক?

উৰ্মিলা:- কি হ’ল মানে আপুনি নৰকত পঠালে কিন্তু গৈ গৈ আমি গুৱাহাটী পালোঁ৷

যম:- হাঃ হাঃ হাঃ হাঃ, যিখন দেশত শিক্ষকে খাবলৈ নাপাই ৰাষ্টাত আহিব লগা হয়, চুইচাইড কৰিব লগা হয়৷ যিখন দেশত বানপানীত ককবকাই থকা মানুহ, খিলঞ্জীয়াই সংস্থাপনৰ বাবে ভূমি পট্টা নাপাই, কিন্তু বাহিৰৰ কোটিপটি বেপাৰীৰ বাবে মাটি চৰকাৰে আবন্তন দিব পাৰে, যি খন দেশত পোহৰৰ বাতি নোহোৱাকৈ অন্ধকাৰত থাকিব লাগে, ফুটপাথ বুলি মেনহ’লত সোমাই মানুহ মৰে৷ যি খন দেশত কৃটিম বানত উটি অহা মল-মূত্ৰৰ লগত সহবাস কৰিব লাগে, যি খন দেশত আন্দোলন নকৰাকৈ একো এটা সমস্যাই সমাধান নহয়! যি খন দেশত চোৰক জেলত এচি ৰূম দিয়ে আৰু নিৰ্দোষীয়ে আদালতৰ সন্মুখে সন্মুখে ন্যায় বিছাৰি দৌৰি ফুৰিব লগা হয় সেইখন কি?

★★★★

থুলুকৰ ফাৰ্ষ্ট লাভ


থুলুক তেতিয়া চফল ডেকা৷ চকুত দিনে ৰাতিয়ে গগলচ, টাইট জিনচৰ পেন্ট তাকো আঠুৰ তলত ব্লেডৰে অকিয়াই ফালি লোৱা৷ মানুহৰ লাওখোলাৰ ফটো থকা টি চাৰ্ট৷ ওপৰত দুই তিনিডাল শিকলী ওলমি থকা লেডাৰ জেকেট, ভৰিত মেকানিকচৰ জোটা, কপালত আমেৰিকাৰ ফ্লেগৰ ৰুমাল বান্ধি গাৰ্লচ হোষ্টেলৰ আগত লাইটৰ পষ্টৰ দৰে খাৰা হৈ ৰৈ থাকি অহা যোৱা কৰা ছোৱালীবোৰ চাই৷ কোনোবা এজনীয়ে যদি থুলুকৰ হুলিয়াটো দেখি অকন হঁহা যেন কৰে, থুলুকে তাই পতিল বুলি দুখোজ আগুৱাই যায়৷ পিছে যেতিয়া ছোৱালীয়ে পোন্দোৱাকৈ ৰৈ চাই দিয়ে, থুলুকে আকাশলৈ চাই আকাশৰ তৰা গন্তি কৰা দি আঙুলিৰে কিবা গন্তি কৰা যেন দেখুৱাই দুখোজ পিছুৱাই আহে৷


প্ৰকৃততে থুলুকৰ ভিষণ মন যে তাকো কোনোবাই চাব, কোনোবা তাৰ ভেলেন্টাইন হ'ব৷ বাইকৰ পিছত বহুৱাই ডেটিঙত যাব৷ কিমান যে সপোন৷ ছোৱালী এজনী দেখিলেই মনত থুলুকৰ চিনেমা আৰম্ভ হৈ যায়৷ যেন ছোৱালীজনীয়ে তাৰ ফালে স্ল ম'চনত জানু.জানু..বুলি চিঞৰি দৌৰি আহি সাৱটি লৈছে৷ আই লাভ ইউ থুলুক, আই লাভ ইউ৷ তাৰ পিছত বিয়াৰ ৰিলটো চলে কল্পনাত, তাৰ পিচত হস্পিতাল, বেকগ্ৰাউণ্ডত কেঁচুৱাৰ কান্দোন, তাৰ পিচত কেঁচুৱাই কোঁচত চুচু কৰা.....এইখিনিতে উপৰৰ পৰা কাউৰীয়ে গাত এহ কৰি দিওতেই কল্পনাৰ চিনেমাখন সেইখিনিতে ৰিল চিঙি বাস্তবলৈ গুছি আহে৷

এনেদৰে, দিনৰ পিচত দিন বাগৰিব ধৰিলে, থুলুকৰো চাৰ্ট পেন্ট সোলোক ধোলোক হ'ব ধৰিলে, অ'ত ত'ত দুই এডাল দাড়ীও ৰং সলালে৷ কলা চুলিৰ মাজতো বগা ছুলি বোৰে মূৰ দাঙি ঠিয় হ'ব ধৰিলে৷ তেনে সময়তে এগৰাকীয়ে থুলুকক অলপ পাত্তা দিব ধৰিলে৷ কেই দিনমান মিছকল মিছকল খেলাৰ পাচত লাহেকৈ কল পকিবলৈ ধৰিলে, মানে ৰিচিভড কল হ'ল৷ টপ আপ কাৰ্ড ভৰাই অল কল ফ্ৰী কৰি লৈ শাকে মাছে খোৱাৰ পৰা টইলেতত পানী নোহোৱা কথালৈকে পাতিব ধৰিলে৷ গাঁৱৰ বুঢ়াবোৰে আকৌ কাণত অনবৰতে লাগি থকা ম'বাইলটো আৰু বেকা ডিঙিটো দেখি স্পণ্ডলাইটিছ বেমাৰ ভাল কৰা কিবা মেছিন বঢ়ালে বুলিহে ভাবিছিল৷

যি কি নহওক কলটো সিফালৰ পৰা কটাৰ পিছতে থুলুকে দীঘলকৈ পু..ও...পু...পু ....শব্দ কৰি ম'বাইলটোতে চুমাটো খাই লৈ ম'বাইলটো হাতত লৈ অলপ দুৰলৈ নি এনেকৈ মিচিকিয়া হাঁহি মাৰি চাই যেন গোটেই একেবাৰে প্ৰেমিকাজনীহে৷

বহু দীঘলিয়া কলকলনি আৰু এচ এম এছ কৰি কৰি আমুৱাই যোৱাত এদিন থুলুক আৰু প্ৰেয়সীয়ে ঠিৰাং কৰিলে যে লগ হ'ব৷ কথা মতে কাম৷ দুদিন আগৰ পৰা থুলুকে ডেইলি গা পা ধুই, গাত তেল টেঙা ঘঁহি ৰ'দত বহিব ল'লে, ফেয়াৰ এণ্ড হেণ্ডচাম,এটাও কিনি আনি লেপলেপিয়াকৈ ঘঁহিলে৷ আৰু ডেটিংৰ দিনাই পুৱা মন্দিৰত ধূপ কাঠি এডাল জ্বলাই পাৰ্কলৈ বুলি ঠিক কৰা সময়তকৈ দুঘন্টা আগতে গৈ হাজিৰ৷

লগ পোৱা সময় ওচৰ চাপি আহিব ধৰিলে ইফালে থুলুকৰ কল্পনাত এখনৰ পিচত এখন হিট চিনেমা দৌৰি আছে৷ সময় বোৰ নাযায় নুপুৱাই৷ কাষৰে ডেটিংত যোৱা প্ৰেমিক প্ৰেমিকা এহালক তিনিবাৰ মান দহ মিনিটৰ মুৰে মুৰে "দাদা কেইটা বাজিল" সুধিব ধৰিলে৷ এফালে থুলুকৰ বয়সতকৈ কমেও বিশ বছৰ সৰু ল'ৰাটোক দাদা সম্বোধন কৰা বাবে আৰু দহ মিনিটৰ মুৰে মুৰে ঘড়ীৰ সময় খুজি ডিষ্টাৰ্ব দিয়াত ল'ৰাটোৱে ঘড়িটো খুলি পকেটত ভৰাই বোলে খুড়া আজি প্ৰথম ডেটিং নেকি? থুলুকে বোলে হয় একদম প্ৰথম, মানে আগৰ জনী লগত ডেটিং অহা নহলেই যে, প্ৰেকটিছ ও নাই, ভয় ভয় লাগি আছে৷

এনেতে প্ৰেমিকা আহি ওলাল৷ ফটোত দেখাৰ দৰে ধুনীয়া নহলেও মোটা মুটি ঠিকেই আছে, পাৰ্লাৰৰ পৰা ডাইৰেক্ট পাৰ্ক অহাত যেনিবা থুলুকৰ ভালেই লাগিছে দেখি৷ থুলুকে নিজৰ লেডাৰৰ জেকেটৰ চেইনডাল খুলিব ধৰিলে .....

ছোৱালীয়ে বোলে কি কৰে, কি কৰে?

....থুলুকে লাহেকৈ ভিতৰৰ পৰা দীঘল ঠাৰিৰ সৈতে ৰঙা গোলাপ এটা উলিয়াই এটা ভৰিৰে আঠু কাঢ়ি বোলে

" হুইল ইউ বি মাই ভেন্টালাইন?"

ছোৱালীও ইংৰাজীত চোকা ৷ কৈ দিলে গপচত বোলে

" ইয়েচ আই এম ইউৰ অলৱেজ ভেন্টিলেচন....৷

থুলুকে মনতে বোলে যি দেখিছো মোতকৈও এই ইংৰাজীত অলপ কেঁচা ৷ বেয়া নহয় বেছিকৈ ইংৰাজীত গালি দি থাকিব নোৱাৰিব৷ থুলুকে বোলে আৰু এবাৰ চোৱা যাওক ইংৰাজীতে, এই বুলি বোলে

"আৰ ইউ কমফৰ্ট ফিলিং উইথ মি?"

তাই বোলে "ইয়া ইয়া আই এম কম্পাৰমেন্টেল লাইক ইউ"৷

থুলুকে তাইৰ ইংৰাজিত দিয়া উত্তৰ শুনি ইমান ফুৰ্তি হ'ল যেন টপক কৈ চুমাটোহে খাই দিব৷

এনেদৰে কিছু সময় কথা পতা পিছত প্ৰেমিকাক থুলুকে বোলে ইউ আৰ মাই ফাৰ্ষ্ট লাভ৷ প্ৰেমিকাই বোলে, ইহ সিদিনা দেখোন কৈছিলা তোমাৰ এজনী লগত আগতে ব্ৰেক আপ হৈছিল বোলে বহু দিন আগতে৷ থুলুকে মূৰতো বহুপৰ খজুৱাই বোলে কি নাম কৈছিলো বা তাইৰ৷ প্ৰেমিকাই বোলে কিবা ঝৰ্ণা নে নিজৰা কিবা এটা আছিল৷ থুলুকে বোলে অ নিজৰা...তাই মোৰ থাৰ্ড লাভ আছিল৷ প্ৰেমিকাই বোলে নিজৰা যদি থাৰ্ড চেকেন্ড কোন আছিল৷ থুলুকে বোলে বোধহয় পুৰৱীয়েই আছিল চেকেণ্ড৷ প্ৰেমিকাই বোলে যদি পুৰৱী চেকেণ্ড আছিল তেন্তে ফাৰ্ষ্ট কোন? থুলুকে বোলে ফাৰ্ষ্ট তুমি বুলি কলোৱেই দেখোন৷ প্ৰেমিকাই বোলে হেৰৌ মোক আজিহে লগ পাইছা প্ৰপজ দিছা, সিহঁত দেখোন আগতেই আহিছিল তোমাৰ লাইফত গতিকে মই আজি আহি তোমাৰ লাইফৰ ফাৰ্ষ্ট লাভ কেনেকৈ হ'লো? থুলুকে বোলে ইহ তোমাক মই কিমান দিনৰ পৰা লাইন দিয়েই আছিলো, তুমিহে অলপ বয়স হোৱালৈ ৰৈ আছিলা৷ মইও তোমালৈ ৰৈ ৰৈ আমনি লাগি ইহত দুজনীক মাজতে ভাল পাই পেলালো৷ পিছে ফাৰ্ষ্ট লাভ তুমিয়েই ৷ প্ৰেমিকাই খঙতে গোলাপটো থুলুকৰ গাত দলিয়াই বোলে ব্ৰেক আপ.....

থুলুকে বোলে ধ্যেৎ আজি প্ৰপজ কৰিছোহে, আজিয়েই ব্ৰেক আপ দিলে মানুহে শুনিলে কি ক'ব? প্ৰেমিকাই বোলে ব্ৰেক আপ মানে ব্ৰেকআপ আৰু, মই যাও৷ এই বুলি তাই যাব ওলাল, থুলুকে বোলে কিনো কৰিম আৰু তুমি ব্ৰেক আপ দিলা যেতিয়া, বাৰু যোৱা যদি যোৱা কিন্তু মোক তোমাৰ লগৰ বৰ্ণালীৰ ফোন নম্বৰটো দি যোৱাচোন৷

তাই বোলে কিয়?
থুলুকে বোলে নহয় এক্সুৱেলি চি ইজ মাই ফাৰ্ষ্ট লাভ........
********

বিশ্বকৰ্মা বাবা কি জয়



১) অন্য দেৱ-দেৱীৰ নিৰ্দিষ্ট তিথি আছে গতিকে তিথি মিলাই অগা পিছাকৈ পূজা ল'বলৈ মৰ্ত্যলৈ আহে কিন্তু বিশ্বকৰ্মা বাবা মডাৰ্ণ চিন্তাধাৰাৰ । ইঞ্জিনীয়াৰ প্ৰফেচনত থকা বাবেই নেকি সদায় তেওঁ ফিক্স ডেটত নিজৰ পূজাভাগ ল’বলৈ আহে ।

২) বিশ্বকৰ্মাৰ পূজাৰ দিনা বিশ্বকৰ্মা বাবাকো আপুনি ক’ৰবাত বিচাৰি উলিয়াব পাৰিব কিন্তু বাবাৰ পূজা কৰা দেউসকলক ঔষধত দিবলৈকো নাপাব। এজন দেউ হাজাৰখন পূজাথলী, কিমান চৰ্ট কাট মেনেজ কৰিব লগা হয়, আপুনি কি বুজিব?

৩) বাবাৰ পূজাত মন্ত্ৰৰ উপৰিও কাণ তাল মৰা হিন্দী গানৰ দ্বাৰা অৰ্চনা-বন্দনা কৰা হয় ।

৪) বিশ্বকৰ্মা বাবাই হয়তো তেওঁৰ বক্ত সকলে বজোৱা বাপ্পী লাহিৰীৰ গীত “আই এম এ ডিস্কো ডেন্সাৰ” বা “জিলে লে জিলে লে” শুনি বৰ আমোদ পায়। উষা উথুপৰ গীতো প্ৰিয়, পিছে যোৱা কেইবছৰমানৰ পৰা “ শ্বিলা কি জৱানী” আৰু “মুন্নী বদনাম হুয়ি” "পানী পানী" গীতৰ ফৰমাইচ দিয়া বুলি ভক্ত সকলে জানিবলৈ দিছে ।

৫) মূৰ্ত্তি বিসৰ্জনৰ দিনা তেওঁৰ ভক্তসকলৰ দ্বাৰা উক্ত গীতৰ তালে তালে পৰিবেশন কৰা “অদ্ভুত নৃত্যত” সন্তুষ্ট হৈ পিছৰ বছৰ একেটা দিনত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি বিদায় লয় ৷

৬) বহু ভক্তই বাবাৰ পুৰণি মূৰ্তিসমূহ নদীত বিসৰ্জন নিদি ৰাষ্টাৰ ডিভাইদাৰত থৈ আহি সন্তুষ্টি লাভ কৰে আৰু জহি খহি নোযোৱা পৰ্য্যন্ত উপায়হীন বাবাই ট্ৰেফিক ডিউটি সুচাৰুৰূপে পালন কৰে।

৭) ৰাষ্টাৰ কাষত ট্ৰেফিক পুলিচৰ দৰে এটা হাত দাঙি ৰৈ থকা বস্ত্ৰহীন বাবাৰ অৱস্থা দেখি নেক্সট আহিবলগীয়া দূৰ্গা দেৱী আৰু তেওঁৰ এচিটেণ্টসকলে আগতেই ৰিটাৰ্ণ ৰিজাৰ্ভেচন টিকট বুকিং কৰি ৰাখে। আজিকালিটো তেওঁলোকে বিজি চিডিউল অৰ্থাৎ তিথি এনেদৰে মিলাই লয় যে দুদিনৰ পূজা একেদিনাই সম্পূৰ্ণ কৰি দৌৰাদৌৰিকৈ ৰিটাৰ্ণ হয়৷ তাকে দেখি বহু ভক্তই পূজাৰ ছুটি কম হোৱা বাবে ইনাই বিনাই থকাও পৰিলক্ষিত হয়৷

৮) বাবাৰ ভক্ত সকলে দিনত খিচিৰি আৰু ৰাতিলৈ ফূৰ্তি পানীকণৰ ব্যবস্থা সুন্দৰকৈ আয়োজন কৰা দেখা যায় আৰু ইমানেই অধিক ফূৰ্তি হৈ যায় যে ৰাতি লৈ বাবাৰ “জেণ্ডাৰ” চেঞ্জ হৈ “বিশ্বকৰ্মা মাইকি জয়” হৈ যায় ।

৯) কিছুবছৰ আগলৈকে বাবাৰ হাতীটোৰ বৰ ডিমাণ্ড আছিল, বাবাক হাতীৰ পৰা নমাই হাতীটোক কিছুসংখ্যকে নিজৰ কাৰ্য্যালয় বা ঘৰত স-গৌৰৱৰে সজাই ৰাখিছিল।

১০) নতুনকৈ আকৌ সেই একেই ডিমাণ্ড পুনৰ অ'ত তত বাঢ়িবলৈ লৈছে, মাত্ৰ বাবাৰ হাতৰ পদুম ফুলটোও হাতীৰ শুঁৰত লগাই থোৱা ট্ৰেণ্ড এটাহে নতুনকৈ দেখা পোৱা গৈছে৷ চকুচৰহা সকলে কোৱা মতে তেওঁলোকে গ্ৰাহ গজেন্দ্ৰ উপাখ্যানত ৰজা গজেন্দ্ৰ নামৰ হাতীটোৱে পত্নী সকলৰ লগত জল ক্ৰীড়াত মগ্ন হৈ থাকোতে গ্ৰাহ নামৰ ঘৰিয়ালটোৱে কামুৰি টানি পানীলৈ নমাই দিয়াত পৰিত্ৰাণৰ বাবে উপায় নাপাই পদুম ফুলটোকে শুঁৰত লৈ নাৰায়নক স্তুতি কৰি জীৱন ৰক্ষা কৰা কাহিনী ভাগৰ পৰা ইঞ্চপায়াৰ্ডহৈ হে নতুন ট্ৰেণ্ডটো লৈছে৷

যি কি নহওক ১৭ তাৰিখে ঘৰত থকা আন যন্ত্ৰ সমুহ ধুই পখালি ৰঙা ফোঁট দিবলৈ লওঁতে হাতত লৈ বৰ্তমান আপুনি ফেচবুক কৰি থকা যন্ত্ৰ বিধকো যাতে ধুই পখালি ৰঙা ফোঁট দিবলৈ নাপাহৰে৷ লগতে কোনোবাই নতুন মোবাইল লেপটপ লৈছে যদি তাৰ ওপৰত নাৰিকল ভাঙিবলৈ নাপাহৰিব৷

**********

জয় ভোলে ভেলেন্টাইন...



হেৰি গাটো ধুই যাওঁক নেকি?

নন্দ ভৃংগীৰ লগত মণিপুৰী ভাং কটাত ব্যস্ত কৈলাশপতিক দেৱী পাৰ্বতীয়ে ভিতৰৰ পৰা মাত দিলে৷
গা ধোৱাৰ কথা শুনি নন্দিয়ে ভৃংগীৰ ফালে আৰু ভৃংগীয়ে নন্দিৰ ফালে চাই মিচিককৈ হাঁহিটো মাৰিলে৷ শংকৰৰ কাণসাৰ নাই, একান্তমনে পুৰীয়া কটাত ব্যস্ত৷ ভিতৰৰ পৰা নতুন বাঘৰ চাল এখন আনি দি পাৰ্বতীয়ে বোলে এইখন সলাওক আৰু ধুলা ভষ্মবোৰ আতঁৰাবলৈ ভোলৰ জিম আৰু কাপোৰধোৱা চাবোনটুকুৰা বাথৰুমতে থৈ আহিছো অলপ ঘঁহি মাজি ধুই যাওক৷

মহেশ্বৰে বোলে থৈ দিয়া হে তোমাৰ কাপোৰধোৱা চাবোন, আজি গোটেই ভাৰতৰ মানুহে মোক গেলনে গেলনে গাখীৰ দি ধুৱাব৷ সুন্দৰী কন্যাসকলে মোৰ দৰে পতি এজন পোৱাৰ আশাত সোমবাৰে সোমবাৰে গাখীৰ দি পুৱাই লঘোনে ভোকে আহি স্নান কৰোৱাবোৰটো আছেই৷ হেৰৌ বাঘৰ লেংটি শুকাবলৈকে নাপাই, ইটো সোমবাৰ পায়েহিয়েই৷ শিৱশম্ভুৱে ভোৰভোৰাই উঠিল৷

পাৰ্বতীয়ে বাঘৰ চালখন থেকেচকৈ থৈ বোলে এই জনৰ দ্বাৰা নহ'ব আৰু৷ ভাৰতৰ মানুহবোৰৰো কাম নাই, কেচুৱাক খুৱাবলৈ গাখীৰ নাই, আমুল তাজা নহলে চাহ নিসিজে, খাটি গাখীৰ বুলি পানীকে খাব, তথাপি হাজাৰ হাজাৰ লিটাৰ গাখীৰ দি এইজনক গা ধুৱাব৷ ৰুদ্ৰই বোলে এইয়া মৰম বুজিছা মৰম৷ মোৰ ভক্তসকল মোৰদৰেই দিলদাৰ হয়৷ মই যিমান সোনকালে ভক্ত সকলৰ মনোবাঞ্ছা চেংচন কৰি দিওঁ, মৰ্তত থকা বেংকেও ইমান সোনকালে ল'ন চেংচন নকৰে৷

পাৰ্বতীয়ে বোলে জানো, ভস্মাসুৰক বৰ দি কি হৈছিল এবাৰ মনত পেলাব৷ আৰু ভাঙৰ নিচাত মতাবোৰক ভুলতে পুত্ৰৱতী ভৱ কৈ নিদিব৷ ত্ৰিনয়নে বোলে সেইটোৱে আজি কালি এটা ডাঙৰ সমস্যা হ'ল হে, মৰ্তৰ মতাবোৰে কিয়নো জানো দীঘল দীঘল চুলি, খাৰুমণি, নাকফুলি, কাণফুলি পিন্ধিব ল'লে৷ সেইটো ৰূপত আহি তলমুৰকৈ সেৱা কৰি দিলে, মইনো কেনেকৈ গম পাম, মতাই নে মাইকীয়েই৷ তাতে ভাঙৰ নিচাত এনেও মোৰ চকু আধাহে মেল খাই, বৰ প্ৰব্লেম বুজিছা৷

পাৰ্বতীয়ে বোলে কাপোৰজোৰটো চাব পাৰে৷ ভোলানাথে বোলে থোৱা হেৰৌ, আজিকালি সকলোৱে জীনচ আৰু টি চাৰ্ট পিন্ধে ৷ ব্ৰহ্মাদেৱে স্ৰজন কৰোতে ঠিকেই কৰিছিল, পিছে শ্ৰী বিষ্ণুৱে এইসোপা কি পালন কৰিছে নাজানো আৰু৷ বাৰু যোৱা ত্ৰিশূলপাত আৰু ডম্বৰুটো লৈ আনা, সোনকালে গৈ আহো, ভক্ত সকলে মন্দিৰৰ আগত ভিৰ কৰিলেই চাগৈ, এই বুলি দিগম্বৰে ভাঙৰ চিলিমটো মোনাত ভৰাই কৈলাশৰ পৰা মৰ্তলৈ নামিল৷

আহোতে ঠিকেই আহিল পিছে দেখিলে আগৰ দৰে মন্দিৰৰ সন্মুখত ভিৰ নাই আৰু ডেকা ডেকেৰীবোৰ দেখোন নাই৷ ৰঙাকাপোৰ পাৰি জটাধাৰী বাবাবোৰ আৰু বুঢ়া থেৰা কেইটামানেহে লাইন পাতি আছে৷ পশুপতিয়ে বোলে নন্দী কেলেণ্ডাৰখন চাছোন ভাঙৰ নিচাত কিবা ভুল হ'ল নেকি? নন্দীয়ে বোলে দেউতা দত্তবৰুৱাৰ অসমীয়া কেলেণ্ডাৰখন পাকঘৰতেই থাকি আহিল, নেটত চাৰ্চ কৰি চাও নেকি? ভিংগীয়ে বোলে নালাগে, মই এজনক সুধি লও৷ এই বুলি ল'ৰা এটাক মাতি বোলে আজি কেই তাৰিখ৷ ল'ৰাজনে বোলে আজি ফৰ্টিন ফেব্ৰুৱাৰী আকৌ, ভেলেন্টাইন ডে , নাজানে নেকি? মুৰটো খজুৱাই খজুৱাই ভিংগীয়ে বোলে দেউতা আজি বোলে কিবা ভেলেন্টাইন ডে হে ৷ সদাশিৱই বোলে এইজন আকৌ কোন ওলাল৷ নন্দিয়ে নেট খুচৰি বোলে প্ৰভু আজি প্ৰেমিক প্ৰেমিকাবোৰৰ দিন৷ সকলোৱে পাৰ্ক, ৰেষ্টুৰেন্ট,নদীৰ কাষত, জোপোহাৰ তলত, হাবিয়ে জংঘলে প্ৰেম নিবেদনত মচগুল থাকিব৷ ইজনে সিজনক ৰঙাগোলাপ, টেডি বিয়াৰ গিফ্ট দিব৷ বৰলাবোৰৰ বাহিৰে আপোনাক ধতুৰাফুল আৰু ভাঙৰ চিলিম দিয়া মানুহ আজি কম হ'ব৷ আৰু বহুতে মন্দিৰ নহাকৈয়ে ৱাটচএপ, ফেচবুকতে ঔম নম: শিৱায় বুলি লিখা ভিডিঅ আৰু ফটো এজনে আনজনক পষ্ট কৰিয়েই কটাব৷ দুই এজনে অৱশ্যে আপোনাক দৰ্শন নকৰাকৈয়ে বাহিৰে বাহিৰে শিৱৰাত্ৰি মেলা চাবলৈ আহিব আৰু কোনো কোনোৱে শিৱৰাত্ৰিৰ নামত পুৰীয়া, ঘোটা, লাডু খাবলৈকো আহিব৷ ত্ৰিনয়নে বোলে বৰ বেয়া দিনত তিথিটো পৰিল অ'৷ এটা কাম কৰ মোলৈকো ৰঙাগোলাপ এটা আনি দে, এই সুযোগতে পাৰ্বতীকো গোলাপ এটা সাউতকৈ দি আহি পুজাত বহো৷
*******

চ'টি চি লাভ ষ্টৰি..



বায়ন আৰু পাঠকৰ মাজত কিছুদিনৰ পৰা মাতবোল বন্ধ হৈ আছে৷ পাঠকৰ ঘৰৰ কঠিয়া বায়নৰ দমৰাই গুৰি চপাই খোৱাত খাৱৰিত দিছিল৷ বায়নে নগদ পোন্ধৰশ দি হে গৰু খাৱৰি পৰা মোকলাই নিছিল৷ ঘৰৰ ল'ৰা ছোৱালী দুটাইও কৈ মেলি দুই বুঢ়াক সৈমান কৰিব নোৱাৰিলে৷

চুৰিয়া কোচাই পাঠক দাইতিয়ে বায়নক ঘৰতে একঠা ভালকৈ শুনাব গৈছিল বোলে ঘৰৰ গৰু চম্ভালি ৰাখিব যাতে লোকৰ ঘৰৰ কঠিয়া খাব নোৱাৰে৷ বায়নৰো ঘনাই সৰুপানী চুব লগীয়া হোৱা বেমাৰটোৱে ধৰা দিন ধৰি অলপতে খঙটোৱে টিঙিচকৈ মাৰে৷ পাঠকৰ কথাত কৈ দিলে বোলে দুনাই মোৰ ঘৰৰ দমৰাৰ বদনাম গাবলৈ আহিলে চিধাই পোন খুলি পঠাম৷ বচ, কথা সিমানেই আছিল৷ তাৰ পিচত দুইঘৰৰ জুই পানী বন্ধ৷ দুই গৃহিনীয়ে বোলে এই ভাটি বয়সত লাগি মৰক দুই বুঢ়াই, আমিনো কিয় মাতষাৰ নিদিম, তাতে একে গাৱৰে পৰা অনা, বাই ভনী নিছিনা , এই বুলি পিছ চোতালেদি ইজনীয়ে সিজনীৰ ঘৰলৈ বাট পোনাই৷

পাঠকৰ সৰুজনী মানে ৰাধা আকৌ বায়নৰ মাজুটো মানে প্ৰাণেশ্বৰতকৈ তিনিবছৰ সৰু৷ মাজে সময়ে প্ৰানেশ্বৰে ৰাধাক দুই এটা অংক শিকাবলৈ গধুলি খুড়াদেও ঘৰত আছেনে বুলি পাকটো মাৰিছিল৷ পিছে সিদিনা সন্ধিয়া আবেলি চাইকেলখন পদুলিতে ৰখাই নঙলা খুলিব লওতেই প্ৰানেশ্বৰক পাঠকে বোলে খবৰদাৰ মোৰ ঘৰত দমৰা আৰু উদঙীয়া ল'ৰাৰ প্ৰবেশ নিষেধ বুলি যিটো হুংকাৰ দিলে প্ৰানেশ্বৰ অহা বুলি দৌৰ মাৰি অহা ৰাধাইও দৰ্জা মুখতে পৰ্দাত ধৰি ব্ৰেক মাৰি ৰখি দিলে৷

ৰাইজৰো চিন্তা হ'ল, গাওঁৰ দুইজন মুল মানুহ যেতিয়া পিঠিয়া পিঠি হ'ল, ৰাজহুৱা কামবোৰ কি দৰে সিজিব? তাতে আগত ভাওনা আহি আছে৷ এই বুলি দুইজনকে গাওবুঢ়াই মাতি নি বোলে তহতি এৰা ধৰা কৰ, কালিলৈ ৰাতি মোৰ ঘৰতে নাম এভাগ আগ কৰিছিলো, দুয়োতাই কামভাগ আগুৱাই নিয়া লগতে ইটোৱে সিটোক বান্ধৱ কৃষ্ণৰ নাম লৈ আগৰ দৰে উদ্ধৱ কৃষ্ণৰ দৰে যাতে সখা পাত৷ গাওবুঢ়াৰ কথা, পেলাবও নোৱাৰে, তাতে বহুদিন হ'ল ইজনে সিজনৰ পদুলী নগছকা৷ সন্ধিয়া বানবাতিত দিয়া ফিকা চাহকন দুয়ো বহি পিৰালীত মুঢ়া পাৰি একে লগে নোখোৱা৷ মুখৰে একো নকলেও দুয়ো বুঢ়াই নিজা ববিয়াকৈ হ'ব বুলি কৈ ঘৰলৈ উভতিল৷

পিছদিনা দুই বুঢ়াৰ দিনৰে পৰা ফুৰ্তি কি চাবা? দুপৰীয়াই গাটো তিয়াই এজনে তালজোৰৰ নতুন গুনা লগালে আনজনে আকৌ নতুন নাম এফাঁকি দিম বুলি কাগজত বৰ বৰ আখৰৰে বহি এখনত লিখি থলে৷ বিতচকু লগোৱাৰে পৰা কীৰ্তনভাগৰ সৰু আখৰবোৰ চাকীৰ পোহৰত ভালকৈ নমনা হ'ল৷ সন্ধিয়া লাগিলত প্ৰসাদৰ ঘৰ মুৰি পাত আনিবলৈ আহল বহল ৰূমালখন আৰু মোনাটোত তালজোৰ ভৰাই বায়ন ওলাল৷ পাঠকেও ৰাধাৰ বহীৰ মাজত দিনতে লিখি থোৱা নামফাঁকিৰ পাতটো ফালি পা়ঞ্জাৱীৰ পকেটত লৈ গাওবুঢ়াৰ ঘৰ পালেগৈ৷

তেতিয়ালৈকে দুই বুঢ়াৰ মাতবোল হোৱা নাই৷ ৰাইজে বোলে পাঠক আজি ভাল নাম এফাঁকি ধৰা৷ বায়নেও আঙুলীত তালৰ ৰচী মেৰিয়াই ল'লে৷ পুথিৰ মাজত কাগজখিলা ভৰাই পাঠকেও পাঠ কৰিব আৰম্ভ কৰিলে৷

মৰমৰ সোণ
তুমি মোৰ পুৰ্নিমাৰ জোন,
পানখাবা চুন খাবা আৰু খাবা লোন
ৰাধাক যেনে তেনে লগধৰিবা সোন৷৷

পাঠকে মনতে বোলে দিনত লিখাফাঁকিৰ লগত নিমিলেচোন৷ তথাপি পাঠক যেতিয়া সুৰ দি টানি পদফাঁকি আগুৱাই লৈ গ'ল৷ কাষতে পদ ভাঙনী কৰিবলৈ বহি থকা থোলোক বৰ্তাই বোলে ৰাইজ সুন্দৰ, সুন্দৰ ৷ ৰাসৰ পুৰ্ণিমাৰ জোন আকাশত, সোন হেন মুখনীৰ কৃষ্ণক ৰাধাই কৈছে যে পান খাবা, চুন খাবা, আৰু খাবা লোন৷

এজনে বোলে ৰাসৰ দিনা কৃষ্ণকনো ৰাধাই কিয় পান খাবলৈ দিলে?
থোলোক বৰ্তাই বোলে হেৰৌ তইনো সন্ধিয়া সন্ধিয়া হৰেণৰ দোকানত বাংলাপত্তি একশ বিশ খননো কিয় খাও?

আন এজনে বোলে সজ সজ৷ তামোল হ'ল স্বৰ্গৰ ফল৷ নাৰদে সেইভাগ হেৰিয়াত ভৰাই আমাৰ মৰ্তলৈ আনিলে বুলিহে৷ বৰ সুন্দৰ বৰ সুন্দৰ আগবাঢ়ক ৷

এনেতে ডিম্বেশ্বৰ কলাৰ ঘৈণিয়েকে বোলে কৃষ্ণক লোন খাবলৈ কিয় ক'লে৷
থোলোক বৰ্তাই বোলে হেৰৌ মৰতি, মাজত কিয় মাত? শাস্ত্ৰত কৈছে বোলে শাকত নাখাই লোন পিতিকাত যায় তিনিগুন৷ কিবা খালে লোন দি খাব কৈছে , নহলে সেৰসেৰিয়া হ'ব৷

পাঠক আপুনি আগবাঢ়ক

পাঠকে বোলে কৃষ্ণ, আগবাঢ়িছো

বহাগত ফুলে কপৌফুল
মই তোমালে ব্যাকুল,
নকবা প্ৰানেশ্বৰ মোক বাই বাই চি ইউ
বিকজ ৰাধা মিছ ইউ লাভ ইউ৷

থোলোক বৰ্তাই বোলে আহ, আহ ৰাধাকৃষ্ণৰ প্ৰেমৰ লিলা, পৰম সন্তোষে হৰিষে মন, বহাগত কপৌ ফুল, তোমালৈ মোৰ মন বিয়াকুল৷ বাই বাই দি বাকী গোপীৰ ওচৰত নাযাবা বিকজ ৰাধা লাভ ইউ৷

এজনে বোলে থোলোক দাইতি পদফাঁকি ইংৰাজীত ক'লে যে ৰাধাই?
থোলোক বৰ্তাই বোলে হেৰৌ মুৰ্খ, তেওঁলোক সৰ্বজান্তা, কৃষ্ণ কেৱল অসমৰ ভগৱান বা ভাৰতৰ ভগবান নহয় নহয়৷ সমগ্ৰ বিশ্বৰ ঈশ্বৰ, তেওঁ সকলো ভাষা জানে৷ পাঠক আগবাঢ়া...

ঠাণ্ডা দিনত ৰ'দত দিবা তুলি
মনৰ কথা মোক কৈ দিবা খুলা খুলি

কিহ'ল ৰৈ গ'লা যে পাঠক৷ আগবাঢ়া, আজি পাঠভাগহে ভাল লাগিছে৷ আগবাঢ়া আগবাঢ়া

পাঠকে আগলৈ নপঢ়ে৷ এবাৰ বায়নলৈ চাই, এবাৰ থোলোক বৰ্তালৈ চাই বোলে ৰাইজ পাঠ ইয়াতে সামৰো৷ ঔ আ হৰি
ৰাইজে বোলে নহব নহয়৷ আৰম্ভ কৰিলা যেতিয়া অধ্যায়টো শেষ কৰিবই লাগিব৷ পাপে চুব৷ তুমি জনা শুনা মানুহ হৈ ভুল কৰানে?

পাঠকে উপাই নাপাই একে উশাহে গাই গ'ল

বায়ন বৰ্তাক বুজাবা তুমি
নাপালে ৰাধাই তোমাক যাব মৰি৷
পকা অঙঠা যিমান গৰম
তোমালৈ মোৰ সিমান মৰম৷
মৰমৰ' প্ৰানেশ্বৰ মৰম ল'বা ৷
ৰাধাৰ পত্ৰৰ উত্তৰ সোনকালে দিবা৷৷

অতপৰে তাল বজাম বজাম কৈ থকা বায়নে বোলে থোলোক, ভাঙনী নিস্প্ৰয়োজন৷ ৰাধা কৃষ্ণৰ ৰাস পিছত হ'ব৷ মোৰ ঘৰৰ দমৰাই পাঠকৰ ঘৰৰ কঠিয়াই নহয় মোৰ ল'ৰাই পাঠকৰ কঠিয়া মানে ৰাধাতো চকু দিলে যেতিয়া খোৱাৰীত দিয়াৰ আগতেই সিহতৰ বিয়াখন পাতি দি খোবাৰি ভোজ দি আমি দুয়ো বিয়ৈ হোৱা হে কথা৷ মোৰ দমৰাটোলৈ মানে ল'ৰাটোলৈ পাঠকৰ ছোৱালী দিবনে নাই ইয়াতে ফাইচেলা কৰক৷ পাঠকে আনন্দতে বোলে বিয়ৈ.....৷ ৰাইজে হৰিধ্বনি দিলে .......ঔৱা হৰি ঔৱা ৰাম৷
********

ভোগালীৰ ইটো সিটো


স্নেপশ্বট – ১
ওচৰ চুবুৰীয়া কেইজনক ক’লো, বোলো এইবাৰ মাঘ বিহুত মেজিৰ লগতে ভেলাঘৰ এটাকে সাজো আহক৷ কলিতাই বোলে, মেজি বনাবলৈ খৰিৰ কুইন্টল ছশ টকা আৰু ভেলাঘৰ সাজিবলৈ নৰা ক’ত পাবাহে? আজি কালি মডাৰ্ণ ফেচনত লেডিজ কাপোৰ দিনে দিনে চুটি হোৱাৰ দৰে হাইব্ৰীড ধান সোপাও চুটি চাপৰ৷ তাতে মালিকে মাটিত কাঁচি লগাই কাটে আৰু পথাৰতে মেচিনৰে মাৰি তাতেই বিক্ৰী কৰে আৰু বাঁহৰ যিহে দাম, তাতকৈ বৰুৱাৰ গেৰেজটো ডাঙৰ, আহল বহল, তাতেই যোৱাবাৰৰ দৰে ৰাতি ভোজ খোৱাই ভাল হ’ব৷ হাজৰিকাই বোলে, মই আব্দুল আৰু খালেকক কৈছো টকা পোন্ধৰশ দিলে আঠ ফুট বাই দহ ফুট ভেলাঘৰ এটা সাজি দিব বোলে৷ আব্দুলক চিনি পাও, এইবাৰ দেৱালীত তাৰ পৰা দুজোপা কলগছ কিনিছিলোঁ৷ ঘৰত আহি পুতি মেলি দি থৈ গৈছিল৷ বৰ ভাল ল’ৰাটো৷ সকলোৱে বোলে পোন্ধৰশ বেছি নহয়, তাকেই অৰ্ডাৰটো দি দিয়ক৷ কন্ট্ৰেকটো দিবহে পালোঁ৷ মেজিকত ৰেডিমেড নৰাৰ বেৰ, চালি, খুঁটা লৈ আহি হাজিৰ৷ দত্তৰ ঘৰৰ পিছ চোতালত আধা ঘন্টাত ভেলাঘৰ ৰেডি।

স্নেপশ্বট – ২
উৰুকাৰ পুৱা। শ্ৰীমতীয়ে হাতত বজাৰৰ মোনা আৰু গাড়ীৰ চাবিটো দি বোলে ব’লা৷ মই বোলো ক’লৈ? এওঁ বোলে চিনেমা চাই আহোঁ৷ মই বোলো বজাৰৰ চটি বস্তাৰ মোনালৈ চিনেমা চাব যাবানে? তেওঁ বোলে তেনেহ’লে সুধিছা কেলেই? ব’লা, সোনকাল কৰা৷ মই বোলো হেৰা বজাৰহে যাবা, এই নতুন চাদৰখননো কেলই পিন্ধিলা লেতেৰা হ’ব৷ এওঁ বোলে নহয় ব’লা৷ মনতে ভাবিলোঁ সদায় কুৰ্টি পিন্ধি স্কুটি চলাই ফুৰা আই গোঁসানী আজি চাদৰ মেখেলা পিন্ধি মোৰ লগত বজাৰলৈ ওলাইছে, কথা কি! আকৌ সুধিলোঁ, হেৰা বজাৰৰ পৰা বাহিৰে বাহিৰে মন্দিৰ বা ক’ৰবাত সোমাবা নেকি? এওঁ বোলে হেই মাছৰ বজাৰৰ পৰা আহি কোনোবাই মন্দিৰত সোমাই নেকি? ব’লা মাছ কিনিম আৰু চিধা ঘৰ আহিম৷ অঁ তেতিয়াহে মোৰ ব্ৰেইনটোৱে মাত দিলে, অঁ বজাৰ নহয় আজি শ্ৰীমতীয়ে বজাৰত ডাঙৰ ডাঙৰ ৰৌ বৰালি চিতলৰ কাষত চেলফি উঠিব৷ মানে ফিলিং ভোগালী বজাৰ৷

স্নেপশ্বট – ৩
ডাঙৰ বৰালি দুটা দুহাতে দাঙি হনুমানে পাহাৰ দঙা দি দুটামান পজ দিলে, মই ক্লিকাই দিলোঁ ৷ দেখিলোঁ মোৰ দৰে ফটোগ্ৰাফাৰৰ বজাৰত ভিৰ লাগিছে৷ হওঁক, শ্ৰীমতীক বলিয়ামি নকৰিবা বুলি এনেই ক’লো৷ ফটো উঠি শ্ৰীমতীয়ে মাছ তাতে এৰি গাড়ীত৷ মই বোলো, হেৰা ইমান সোপা মাছৰ পিচ কোনে খাব? কোনে ভাজিব?

এওঁ বোলে, বাহিৰতে জুই অকন ধৰি অলপ পিছৰ পৰা ভজা আৰম্ভ কৰি দিবা, মই আজি নাভাজো, বৃহস্পতি বাৰ মোৰ ফাস্টিং৷ মোৰ চকু কপালত উঠোতেই যেনিবা তেওঁৰ এষাৰ কথাই মনটো ভাল লগাই দিলে বোলে, হাজৰিকাক মাতি দিবা আৰু লগত কিবা এটা লৈ ল’বা। মাছো ভজা হ’ব আৰু তোমালোকে চুৰকৈ কৰা কামটোও কৰা হ’ব৷ মইও বোলো পিছত দেৱী আইৰ ডিচিচন চেঞ্জ হোৱাৰ আগতেই হাজৰিকাক ফোন লগোৱাই ভাল৷

স্নেপশ্বট – ৪
ঘৰৰ যিমান কেইটা চাউণ্ড বক্স আছিল চব উলিয়াই জোৰা দিলোঁ, হনী সিঙৰ গান এটা লগাই অলপ দূৰ খোজ কাঢ়ি ওলাই গৈ শুনি আহিলোঁ ৷ গৈছে, চাউণ্ড বক্সৰ মাত প্ৰায় দহ পোন্ধৰ ঘৰ পাৰ হৈছে ৷ মনটো ভাল লাগিল৷ গান কোনে অকলে শুনে, গান হৈছে আনক শুনোৱা বস্তু৷ মানুহে শুনি ক’ব লাগিব যে শইকীয়াৰ বিহু লাগিছে, তেতিয়াহে৷ বিহুৰ দিনা যদি আনৰ টোপনিয়েই ক্ষতি নকৰোঁ, কিহৰ বিহু পাতিলোঁ৷ লগাই দিলোঁ বাপ্পেকে ইয়’ ইয়’ হনী সিং৷ কি গাইছে সিয়েই জানে আৰু হাজৰিকা মই মুঠতে ডেঞ্চ ৷

স্নেপশ্বট – ৫
হাজৰিকাই বোলে, খৰি শেষ মেজিটোকে জ্বলাই দিওঁ৷ মই বোলো, হেৰি হাজৰিকা পুৱা অগ্নি সেৱা ক’ত কৰিব। হাজৰিকাৰ পাচ নম্বৰ গিয়েৰ, মোৰ চাৰি নম্বৰ৷ মই পিক আপেই ল’ব পৰা নাছিলোঁ। বেটাই চাঞ্চ পাই মোক অভাৰটেক কৰি বুজাই দিলে বোলে,” অগ্নি ইচ অগ্নি৷ হোৱেদাৰ ইট ইচ মেজি অৰ গেচৰ স্টভ। আগতে বাফেল’ মিল্কৰ দৈ খাইছিলে পিছে এতিয়া পুৰৱী ডায়েৰিৰ দৈ৷ আগতে ঘৰত ঢেকীত পিঠা বনাইছিলে আৰু এতিয়া আত্ম সহায়ক গোটৰ পৰা কিনা পিঠাৰে বিহু৷ আগতে ঘৰত বিহুৱান বৈছিলে আৰু এতিয়া মাদ্ৰাছৰ পৰা অহা গামোছা৷ সকলো ৱানচ আপন এ টাইম হৈ গ’ল অ’ শইকীয়া৷ দুখ নকৰিব নাও ইটচ গেচৰ জামানা৷ উই হেভ টু প্ৰে গেচ দেৱতা৷ চ’ বাৰ্ন ডা মেজী।মৰ্নিং উই উইল প্ৰে অগ্নি দেৱতা ইন গেছৰ স্টভ৷ ক’বলেহে পালে, ৰাতি বাৰটাতে মেজি জ্বলাই দিলে বাপ্পেকে৷ মই মেজিৰ কেইডালমান খৰি চাইড কৰি থৈ দিলোঁ জুই পুৱাবলে ৷ সকলোৱে চিঞৰি উঠিল ” হেপ্পী বিহু”।

☆★☆★☆

মহিষাসুৰৰ সংবাদ


দুৰ্গা পূজা মণ্ডপত ৰাতি শুই থকা বিশ্ব দেউৱে সৰুপানী চুবলৈ গৈ ঘূৰি আহি দেখে যে মণ্ডপত দেখোন মহিষাসুৰ নাই৷ চকুদুটা ভালদৰে মোহাৰি চাই দেখে হয়তো, এইয়া কি হ’ল? পূজা কমিটিৰ ল’ৰা কেইটাই ৰাতি পানীৰ লগত কিবা মিহলাই দিয়া নাছিলটো? পেটে পেটে অলপ ভয়ো খাইছিল পিছে যিমান বোৰ ভগৱানৰ নাম দেউৱে জানে সকলোৰে নাম লৈ ইফালে সিফালে মহিষাসুৰক বিচাৰিব লাগিল৷

এনেতে দেখিলে খালি গা, ৰঙা হাফপেণ্ট পিন্ধি মহিষাসুৰ দেউৰ আগত হাজিৰ৷ ভাগ্য ভাল দেউৱে অলপ আগত সৰুপানী চুই আহিছিল, ন’হলেতো?

দেউৱে মহিষাসুৰক অসমীয়াত নে সংস্কৃত ভাষাত সম্বোধন কৰিব একো ভাবি নাপালে৷ সংস্কৃত বুলিবলৈ পূজাত লাগি থকা শ্লোককেইটা হে জানে, তাকো মুখস্ত নাই, জোতাই জোতাই পঢ়িব লাগে তাকো বলে নোৱাৰা বানানটো নমতাকৈয়ে বাং বিং স্বাহা বুলি কৈ পাৰ হৈ যাই, তেনেক্ষেত্ৰত মহিষাসুৰৰ লগত সংস্কৃত ভাষাত কিদৰে কথা পাতিব ভাবি সৰ্ব শৰীৰত ঘামৰে জোল ব’ব ধৰিলে৷ এনেতে কিবা কোৱাৰ আগতেই দেউৰ অবস্থাটো দেখি মহিষাসুৰে মাত ল’গালে “বোলে দেউ ভয় নাখাবা, তোমাৰ প্ৰব্লেমটো মই বুজি পাইছো আৰু এটা কথা তোমালোকে ভবাৰ দৰে আমি অসুৰবোৰ ইমান বেয়া নহয়৷ আমাতকৈ বহুত বেয়া অসুৰ মানুহৰ ছদ্মবেশ ধৰি এই মৰ্তত্যত টিঘিল ঘিলাই ফুৰিছে৷ দেৱতা বোৰৰ লগত আমাৰ অলপ মতানৈক্য আছে সেইবোৰ আমাৰ পাৰ্চনেল প্ৰ’ব্লেম৷ আৰু মতানৈক্য ক’ত নাই দিছপুৰতো আছে, আমাৰ স্বৰ্গতো আছে৷ এইবোৰ কণ্টিনোৱাছ প্ৰছেচ৷ মই সেই বুলি কাকো বেয়া বুলি কোৱা নাই, ডেট ইচ অলচ’ ইম্পৰটেণ্ট মেটাৰ৷ মানুহক আমি ইমান বেয়া নাপাঁও, বিশেষকৈ কলি যুগৰ মানুহক আৰু তাতে আচামৰ মানুহক৷

বিশ্ব দেউৱে এইবাৰ সঁচাকে কনফিউছড হৈ গ’ল৷ এনেকুৱা ডাইলগটো আমাৰ পুৰণা চাৰেহে কৈছিল৷ কিবা সোধাৰ আগতেই মহিষাসুৰে ক’লে হাঃ হাঃ হাঃ দেউ তুমি মোৰ কথাবোৰ শুনি আচৰিত হৈছা, নহয় জানো? যোৱা ইমান বছৰে অসমত আহি কামৰ নামত কেৱল চৰকাৰী ডাইলগেই শুনি আছো, এইবোৰ শুনি শুনি এতিয়াটো মোৰো কথা বতৰা সলনিয়েই হৈ গৈছে৷

এইবাৰ দেউৰ অলপ মনতো পাতল পাতল লাগিল৷ মহিষাসুৰ মাটিতে বহি ক’বলৈ আৰম্ভ কৰিলে বোলে দুৰ্গা মেডামৰ জহতে প্ৰত্যেকবাৰ অসম অহাৰ সৌভাগ্য ঘটে৷ আচলতে আমাৰ মাজত এটা আন্দাৰষ্টেণ্ডিং আছে৷ তেওঁ ভালদৰে জানে যে মোক প্ৰদৰ্শন নকৰিলে তোমালোকে তেখেতৰ শক্তিৰ ওপৰত সন্দেহ কৰিবা৷ তোমালোকে নহলেনো দেৱীমাক এৰি অলৌকিক ভণ্ড বাবাৰ ভক্ত হোৱাগৈনে? বছৰত চাৰিদিন মেডামক পূজা কৰিবা আৰু তিনিশ ষাঠি দিনেই অলৌকিক বাবা, ভণ্ড বাবাক ঈশ্বৰ বুলি ভৰিয়ে হাতে ধৰি তাবিজ কবজ ডিঙিৰ পৰা কঁকাললৈকে লৈকে ওলোমাই ৰাখিবা৷ সেইয়াহে তোমালোকৰ ভগৱানৰ প্ৰতি বিশ্বাস৷

দেউৱে এটা হাতেৰে কঁকালৰ তাবিজটো পোনৰ তলত লুকুৱাই কিবা ক’ব লওতেই পুনৰ মহিষাসুৰে মাত দিলে বোলে এটা কথা কি জানা দেৱীয়ে মোক বধ কৰা দেখিছা জানো? ত্ৰিশুলৰে মোক আঘাত কৰে হয় কিন্তু মই দেখোন দা জোকাৰি ৰখিয়ে থাকো? আৰু ৰাইজে পূজা কৰোতে ফুল-তুলসী দেৱীৰ গাত নপৰি মোৰ গাত হে পৰে, তুলসীৰ লগতে কলপটুৱাৰো মুক্তি বুজিছা৷ হাঃ হাঃ হাঃ এতিয়া তুমিয়েই কোৱাচোন মইনো মৰো কি দৰে? তোমালোকেই চোন মোক জীয়াই ৰাখিছা৷

দেউৱে ভাবিলে ঠিক ঠিক, হয়তো কথাটো৷ মহিষাসুৰে আকৌ মাত দিলে, বোলে বুজিছা দেউ, দেৱী পূজা হাজাৰ পাতক, নাৰীক দেৱীৰ লগত হাজাৰ তুলনা কৰক পিছে এই মৰ্ত্যত মহিষাসুৰৰ মৃত্যু নহয় নিতৌ ক’ৰবাত নহয় কৰবাত দেৱীৰহে মহিষাসুৰৰ হাতত মৃত্যু হৈ থাকে৷ সেয়ে মই ক’বলৈ আহিছো যে দেৱী পূজা কৰিলেই নহয় প্ৰতিগৰাকী নাৰীযেই যে দুৰ্গাৰ ৰূপ সকলোৱে ভাবিবা৷

মহিষাসুৰে বোলে আৰু এটা কথা লক্ষ্য কৰিবা আমাৰ মাজতো বিসংবাদী বহুত আছে৷ মেডাম আৰু মোৰ বাহিৰে বাকী সকলক বিশ্বাসত ল’ব নোৱাৰি কিয়নো আমাৰ লগত তেওঁলোক থাকিও বিনা কাৰণত নিজৰ নিজৰ পূজাভাগ লবলৈ লক্ষ্মী, সৰস্বতী, গণেশ, কাৰ্তিক সকলোৱে অকলে অকলে আকৌ মৰ্ত্যলৈ আহে৷ তেওঁলোকক বিসংবাদী নকৈ কি ক’ম দেউ তুমিয়ে কোৱাচোন?

আমাৰ গণেশ ইমানেই খকুৱা যে কেইদিনমান আগত বুণ্ডিয়া লাডু এগালমান খাই গৈ আকৌ মাকক কয় “নাই মা মই আকৌ যাম প্লিজ, প্লিজ, প্লিজ মোৰ হেল্থটো চোৱা, ভালদৰে খাবলৈকে পোৱা নাই৷”

লক্ষ্মীৰ টো কথাই নকও, পূজাৰ এমাহ হ’বলৈকে নাপাই আকৌ অকলশৰে আহে৷ আৰু সৰস্বতীটো এখোপ চ’ৰা, কণ কণ লৰা-ছোৱালীবোৰৰ মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰি পৰীক্ষাৰ আগত ভয় দেখুৱাই পূজা এভাগ দকচি খাই যায়হি৷

কাৰ্তিকৰ কথা নকও, ধূনীয়া ল’ৰা, এনাৰজেতিক ল’ৰা, এনেও বেচেৰাক কোনেও বেলেগে পূজা পাতল নিদিয়ে, গতিকে এই চেগতে মেডামৰ লগতে অলপ চাল(দেহ-ৰূপ) দিবলৈ আহে, সেয়ে বেয়া নাপাও৷

কিন্তু কি ক’ম দুখৰ কথা পূজা খাই মেলি যেতিয়া আমাক ভাসানত লৈ যায় তেতিয়া জীৱটো কেলধোপ কেলধোপ কৰি থাকে৷ ঠিক ৰাজনীতিত নিৰ্বাচনৰ কাউণ্টিংত হোৱা অবস্থাৰ দৰে৷ ৰাইজে কোনে কাক কেতিয়া কেনেকৈ ভাসানত বিসৰ্জন দিয়ে বা মোৰ লেঙুটিখন টান মাৰি দিয়ে সেয়া ভাবি ভয়েই লাগে৷

ইমানপৰে মহিষাসুৰে বহু কথাই কলে৷ আমাৰ বিশ্ব দেউৱে কিবা এটা সুধিম বুলি ভাবি ৰৈ গ’ল, মহিষাসুৰক কি বুলি সম্বোধন কৰিব ভাবিকে নাপালে৷ প্ৰভু বুলি মাতিলেও লাগিব দেৱতাৰ জগৰ আৰু অসুৰ বুলি কলেও যদি জাঙুৰ খাই উঠে? সেয়ে বহু ভাৱি চাৰ বুলিয়ে মাতি দিলে, এনেয়ো চাৰ বুলি মাতিলে সকলোৱেই ভাল পায়৷

বিশ্ব দেউৱে বোলে চাৰ আপুনি এইদৰে হঠাৎ মোৰ আগত প্ৰকট হ’ল যে? মহিষাসুৰে বোলে ন’হম কিয় হে? এম এল এ, মিনিষ্টাৰে যদি হ’কে বিহকে সকলোতে বিনা কাৰণত নিউজ চেনেলত প্ৰকত হৈ যি ইচ্ছা বকি থাকিব পাৰে আমি কিয় নোৱাৰিমহে?

আৰু তোমালোকে আজিকালি আমাতকৈ তেওঁলোককহে বেছি গুৰুত্ব দিয়া৷ নিজে পূজা দিব নাহি লাইভ টিভিতে পূজা কৰা, পূজাৰ ৰিল কাটি কাটি পূজা দিয়া, তাৰ প্ৰতিবাদ কৰিবলৈকে মই প্ৰকট হৈছো৷ লাগিলে মই আন্দোলন কৰিম, তোমালোক অসমীয়াকেইটাই হে কেবল হকে বিহকে আন্দোলন কৰিব জানা নেকি?

বিশ্ব দেউৱে বোলে হয় চাৰ আপোনালোকৰ লীলা অপাৰ পিছে দেৱতা অসুৰৰ যুদ্ধত আমাৰ নৰমনিচ বোৰৰহে বৰ বেয়া অবস্থা হয়৷

মহিষাসুৰে বোলে বহু হ’ল আজিলৈ এৰিছো, কোন সময়ত নিউজ চেনেলৰ মানুহ আহি যায় ঠিক নাই, ন’হলে কালিলৈ আমাৰ পূজা এৰি সকলোৱে ব্ৰেকিং নিউজ চাইহে থাকিব, দেউ তুমিও যোৱা সাউতকৈ গাটো তিয়াই আহি পূজাত বহা৷ ময়ো মেডামৰ ওচৰলৈ যাঁও৷

বিশ্ব দেউৱে সেৱা এটা ল’বলৈ খোজোতেই জানো কি হ’ল ইলেক্চনত জয়হৈ এম এল এ, এম পি অন্তৰ্ধ্যান হোৱাৰ দৰে মহিষাসুৰ অদৃশ্য হৈ গ’ল …..

যি কম মিছা কম মিছাৰ বাহিৰে একো নকওঁ


মানুহে কয়, “মিছা কথাৰ ঠেং চুটি” সেইটোও এটা গোকাট মিছা। আপুনিয়েই কওকচোন মানুহৰ ঠেং থাকে নে ভৰি? আৰু এনে এজন মানুহ মোক দেখুৱাই দিয়ক যাৰ মিছা কথা কোৱাৰ বাবে ঠেং চুটি হৈছে?

আচলতে মিছাৰ লগত আমাৰ সম্বন্ধ জন্মৰ আগৰ পৰাই। মোৰ জীৱনত শুনা প্ৰথম মিছা কথাটো আছিল, মই জন্ম পোৱা নাৰ্চিংহোমৰ ডাক্তৰজনৰ। “নৰ্মেল নহয় ছিজাৰিন কৰিব লাগিব” বুলি মিছাকৈয়ে মাৰ পেটটো ফালি মোক উলিয়াই আনিলে। নাৰ্চিংহোমত মোৰ জণ্ডিজ হৈছে বুলি মিছাকৈয়ে এসোপামান মোক চেলাইন খুৱালে।

খুৰা এজনে হস্পিতালত দেউতাক সুধিলে “কিমান খৰছ পৰিল?” দেউতাইও লেবেল দিবলৈ কৈ দিলে নহয় মিছাকৈয়ে ৪০ৰ ঠাইত ৫০ হাজাৰ বুলি। ঘৰ আহি পাইছো ডাঙৰ দাদাই মাক সুধিলে “মা মা ভাইটি কেনেকৈ জন্ম হ’ল?” কৈ দিলে নহয় বেচেৰাক মায়ে গোকাট মিছাকে, “হস্পিতালৰ পৰা কিনি আনিছো” বুলি। মুঠতে সৱ মিছা মিছা মিছা।

বুট চোবাব নোৱাৰা মোক ককাই নামঘৰলৈ লৈ যায় মিছাকৈয়ে। এখন প্ৰসাদৰ পাত বেছিকৈ লয়। মোক শুৱাব আৰু ভাত খুৱাবৰ সময়ত কাণখোৱা আহিব বুলি, শিয়াল আহিব বুলি সৰুতে আইতাই কমবোৰ মিছা কথা ক’লে নে? হেৰৌ বাকী বাদ দিয়ক- আকাশৰ জোনটোকো মামা পাতি দিলে। এতিয়া যাওক আপুনি স্পেচ চুট পিন্ধি মোমাইৰ ঘৰলৈ৷

স্কুলত নাম লগাবলৈ গৈ দেউতাই মোৰ আৰু ককাইদেউৰ বয়স এনেকৈ বঢ়া টুটা কৰিলে যে এতিয়া ককাইদেউ মোতকৈ চাৰি বছৰ পিছত হে ৰিটায়াৰ্ড হ’ব ৷ স্কুলতো পেট বিষাইছে বুলি মিছাকৈয়ে কম ছুটিৰ দৰ্খাস্ত দিলোনে? আৰু যে কত কি মিছা কথা মাতিলো ছাৰ বাইদেউৰ আগত হোমৱৰ্ক নকৰাৰ বাবে। আৰু পৰীক্ষাত? লগৰ বোৰৰ মোতকৈ কম নম্বৰ পাইছে বুলি ঘৰত কোৱা মিছাবোৰ? সেইবোৰ ক’ত গ’ল?

যৌৱন কালত প্ৰেয়সীৰ আগত কম মিছা মাতিলোনে? মিছা শপত-কচম কম খালোনে? আৰু বিয়া পাতিবলৈ গৈ ছোৱালীক আগতে কাকো ভাল পোৱা নাই, তোমাকে প্ৰথম ছোৱালী চাইছো বুলি কম গোকাট মিছা মাতিছিলোনে ?

মই মৰাৰ পিছতো মানুহে শ্মশানত মই ভাল মানুহ আছিলো বুলি তথা মেলে-মিটিঙে কম মিছা মাতিবনে? মোৰ কথা বাদ দিয়ক মইতো সৰু সুৰা মিছা কথা কোৱা মানুহ, ডাঙৰ ডাঙৰ নেতা, মন্ত্ৰী বিধায়ক সকলৰ কথা ভাবকচোন, কিমান মিছলীয়া!

বাৰু বাদ দিয়ক সেইবোৰ, বজাৰত গৈ আপুনি বস্তুৰ দাম কিয় কমায়? কাৰণ আপুনিও জানে বেপাৰীয়ে মিছাকৈ দাম বঢ়াই কৈছে বুলি। পুৱাতে আপোনাৰ ঘৰত গাখীৰ দিয়া গুৱালটোৰ পৰা মাছ-শাক পাচলিৰ বেপাৰীটোলৈকে কিমানে আপোনাক মিছা মাতে আৰু কিমানক দিনটোত আপুনি মিছা কথা ক’বলগীয়া হয় ভাবি চাইছেনে?

পাব্লিচিটিৰ বাবে বা বিজ্ঞাপনত কোম্পানীবোৰৰ হৈ অভিনেতা–অভিনেত্ৰীসকলে কম মিছা কথা কয়নে? সাত দিনত ফেয়াৰ এণ্ড লাভলী সানি আপুনি বাৰু এয়াৰ হোষ্টেজৰ চাকৰি পাইছেনে বা ফিল্ম ফেয়াৰ এৱাৰ্ড লৈ পাইছেনে? অমিতাভ বচ্চনে বাৰু হাজমোলা খাইনে আৰু গায়ত্ৰীৰ পেট ইমান বেয়ানে যে লিভোচিন নাখালে একো হজমেই নহয়?

আচলতে মানুহৰ জীৱনটো চলি থাকে মিছাৰ ওপৰতেই৷ এই ধৰক পুৱা আপোনাৰ শ্ৰীমতীৰ লগত কাজিয়া লাগি মনটো বেয়া হৈ আছে, বন্ধু এজনৰ ফোন আহিল, কৈ দিলে নে পুৱাই পুৱাই ভালে আছো বুলি মিছা কথাষাৰ ।

ধৰক আপোনাৰ আজি অফিচলৈ যাবলৈ মন যোৱা নাই, এপ্লিকেচনত লিখিব লাগিব, জ্বৰ হৈ আছে বা শ্ৰীমতীৰ বেমাৰ, বা ৰুটিন মেডিকেল চেক আপ। সঁচা কথা লিখি দিবচোন, “এনেই মন নগ’ল, নাযাওঁ যা, কি ডাল কৰিবি বুলি।”

আপোনালৈ অহা ফোনটো কাৰ বুলি শ্ৰীমতীয়ে সুধিলে কৈ চাবচোন, মোৰ লগৰ ধুনীয়া ছোৱালী এজনীৰ বুলি। মোবাইলৰ কচম, মোবাইল এঠাইত চিম এঠাইত নহ’লে মোৰ নামত মেকুৰী পুহিব।

ঘৰতে বহি আড্ডা দি থাকোতে যদি অপ্ৰয়োজনীয় এজনৰ মোবাইল বাজে মিছাকৈয়ে কৈ নিদিয়েনে মিটিঙত ব্যস্ত আছো, পিছত কৰিব বুলি। গুৱাহাটীত থকাজনক, আপুনি তেজপুৰত থাকোতেই নগাওঁ পালোহি আৰু অলপ সময় পিছত পাই আছোগৈ বুলি নকয়নে ?

মহিলা এগৰাকীক বয়স সুধি চাওকচোন। হেৰৌ, এল আই চি এজেণ্টও অংক কৰি কনফিউজদ হৈ যায় যে গিৰিয়েকতকৈ যদি ঘৈণীয়েকৰ বয়স বিছ বছৰ সৰু আৰু পুতেকতকৈ মাকৰ বয়স পাঁচ বছৰ ডাঙৰ হয়, মাকৰ প্ৰকৃত বয়স কিমান?

বাৰু আপোনাক কোনোবাই নিমন্ত্ৰণ জনালে, আপোনাৰ যাবলৈ মন নাই, আপুনি শ্ৰীমতীৰ অসুবিধা বুলি মিছাৰ আশ্ৰয় নলয়নে? এৰাব নোৱাৰা পৰিস্থিতিত আপুনি গ’ল আৰু আলহীৰ ঘৰত দিয়া চাহকাপ আপোনাৰ পছন্দ হোৱা নাই, তথাপি আপুনি নকয় জানো বৰ ধুনীয়া হৈছে বুলি মিছা মাতি?

আচলতে কি জানে মিছাৰ আশ্ৰয় নোলোৱাকৈ বা সত্য কথা কৈ আপুনি পাঁচ মিনিটও চলিব নোৱাৰে। মিছা কথা ক’ব পৰাতোও এটা আৰ্ট, যি মিছা কৈ ধৰা পৰে তেনে মিছলীয়াক ধিক্কাৰ।

প্ৰকৃততে মিছা মতাত সিদ্ধহস্ত হ’বলৈ একো ডিগ্ৰীৰ প্ৰয়োজন নহয়, কিতাপ পঢ়াৰ প্ৰয়োজন নাই। মুঠতে মিছাবোৰ আমাৰ জিভাৰ আগতেই থাকে, ভাবিবলৈ মগজুৱে কষ্টই নাপায় ।

আৰু বহু মিছা কথা ক’বলৈ থাকিয়ে গ’ল। সময় সুবিধা পালে আপোনাৰ শপত (মিছাকৈয়ে খাইছো, ভয় নাখাব) আকৌ কেতিয়াবা মিছা কথা ক’ম, পিছে যি কম মিছা কম মিছাৰ বাহিৰে একো নকওঁ। কাৰণ সৰুৰে পৰা মানে জন্মৰে পৰা জীৱনত ইমান হকে বিহকে মিছা শুনিলো, মিছা মাতিলো, এতিয়ানো সঁচা মুখৰ পৰা ওলাব কিদৰে ?

আৰু সঁচা কৈনো জটায়ু পক্ষীৰ কি হ’ল? সীতাই সত্য প্ৰতিপন্ন কৰিবলৈ অগ্নিপৰীক্ষা দি কি হ’ল? হেৰৌ খোদ ধৰ্মৰাজ যুধিষ্ঠিৰেও মিছাৰ আশ্ৰয় লৈছিলহে৷ ৰজা হৰিশ্চন্দ্ৰৰ কথা নকলোৱেইবা৷ আমাৰ চৰকাৰে ক’লা ধন বিদেশৰ পৰা ৬০ দিনত অনাৰ কথা, স্কুটী দিয়াৰ কথা এইবোৰনো কি? বাৰু, সদৌ শেষত প্ৰকাণ্ড মিছা কথাটো,

“মই কেতিয়াও মিছা কথা কৈ পোৱা নাই আৰু নকওঁ।”

★★★★

গৰু গাড়ীৰ ড্ৰাইভাৰ



মই জীৱনত প্ৰথম চলাবলৈ শিকা গাড়ীখন আছিল গৰু গাড়ী ৷ সৰুতে চাইকেলৰ টায়াৰ সৰু লাঠি এটুকুৰাৰে মৰিয়াই দৌৰি দৌৰি চলাইছিলো তাৰ পিছত "তলত" চাইকেল শিকিলো, কিন্তু গাড়ী হিচাপে প্ৰথম হাত দিছিলো গৰু গাড়ীত ৷ ককা হঁতৰ ঘৰত পথাৰৰ পৰা ধান আনিবলৈ এখন গৰু গাড়ী আছিল, অৱশ্যে সেই সময়ত প্ৰায় সকলোৰে ঘৰৰ ভৰাঁলৰ কাষত বা পদুলী মুখত এখন গৰু গাড়ী পাৰ্কিং কৰা থাকেই ৷

সৰুতে শান্ত শিষ্ট স্বভাৱৰ বুলি মোৰ এটা বিশেষ নাম আছিল ৷ বন্ধত চহৰৰ পৰা গাঁৱৰ ককাহঁতৰ ঘৰলৈ গ'লে গৈ পোৱা দিনা ককাই বৰ আঠে বেঠে মৰম কৰে, দ্বিতীয় দিনা সামান্য পৰিমানে দুই এটা ধমক দিয়ে কিন্তু তিনি বা খুব বেছি চাৰি নম্বৰ দিনা মা দেউতা সমন্বিতে মোক গালি বৰ্ষণ কৰি কাপোৰ কানি টালি টোপোলাত ভৰাই আইতাৰ হাতত পাৰ্চেল কৰি মোক চহৰলৈ পঠিয়াই দিয়ে ৷
সঁচা কবলৈ হ'লে ককাহঁতৰ তাত যাম বুলি ভাবিলেই নেগুৰ ডাল ঘৰতেই কাটি পেলাই থৈ যাও ৷ নেগুৰ কটা বাঘ, বাঘৰ আগ তেল খোৱা, বাঘৰ নেগুৰৰে কান খজুৱা ইত্যাদি বাঘৰ লগত জড়িত উপমা বোৰৰ বাবেই নেকি নিজকে সেই দিন কেইটাত বনৰ ৰজা বাঘৰ দৰেই অনুভৱ হয় ৷ সাঁতুৰিব নাজানো, কিন্তু গছত উঠি পুখুৰীত জপিয়াও, বাঁহনিত গৈ দুপৰীয়া বাঁহ কাটো, গছত উঠো, কাঁচি চলাব নাজানো কিন্তু নৰা কাটো ইত্যাদি ইত্যাদি সৰু সুৰা নমুনাৰে সৰ্বমুঠ ক'বলৈ গ'লে ককাদেউতাক বাৰুকৈয়ে জ্বলা কলা কৰি মাৰো ৷ সেই তিনি বা চাৰি দিনতে মোৰ বিৰুদ্ধে কমপ্লেইনৰ এক ইতিহাস ৰচনা কৰি অহাতো মোৰ বাবে এক গৌৰৱৰ বিষয় আছিল ৷ মই যোৱা মানেই এজাক ধুমুহাৰ আগমন ৷ কথাতে কয় নহয় শিয়ালৰ এজাক, সিংহৰ এটা, তেনেদৰে ককা আইতাৰ খঙত পকা চুলি গোটেই কেইডাল চৌব্বিশ ঘন্টাই ডাং খোৱাই ৰাখিবলৈ মই এটায়েই যথেষ্ট আছিলো ৷
মোৰ দৰে বিশাৰদ সকলে জানিব যে অঘাইটং কামবোৰ কৰিবৰ বাবে আটাতকৈ সুন্দৰ সময়কন হৈছে দুপৰীয়া ককাহঁতে ভাত ঘুমটি মৰা সময়কন ৷ তেনে এটা দুপৰীয়াতে এদিন লগৰ এটাক লৈ জীৱনৰ প্ৰথম ষ্টেয়াৰিং, ব্ৰেক, ক্লাচ এক্সিলেটাৰ, ইঞ্জিন একোৱেই নোহোৱা গাড়ী খন চলাবলৈ হাত দিছিলো ৷ আগবেলাতেই লগৰ এটাৰ লগত সম্পুৰ্ণ প্লেনিং কৰি থোৱা হৈছিল ৷ মাত্ৰ অসুবিধাটো হৈছিল ককাহঁতৰ গৰু গাড়ী আছিল কিন্তু বলধ নাচিল ৷ গতিকে বলধৰ আশাত লগৰটোক হেন্দিমেন হিচাপে লগত লব লগিয়া হৈছিল ৷ দুপৰীয়া দুয়োয়ে গৰুগাড়ী কোনেও গম নোপোৱাকৈ টানি পকা ৰাষ্টালৈ লৈ যোৱা হ'ল ৷ যুৱলী ডালকো কান্ধত কঢ়িয়াই আনি গৰু গাড়ীত ফিটিং কৰি ল'লো ৷ লগৰটোৰ ঘৰৰ বাৰিৰ পিচফালে থকা পথাৰৰ পৰা যুটি লগাই এৰাল দি থোৱা নতুনকৈ কিনি অনা বলধ দুটাকো খুলি অনা হ'ল ৷ গৰুৱে দুপৰীয়া দানা দিবলৈ অনা বুলি ঘোলনি চেলেকিবলৈ লাগিল ৷ যেন তেন আগে পিছে টানি আজুৰি দুয়োতাই বলধ হালক
যুৱঁলীত লগালো ৷
গৰু গাড়ী ৰেডি ৷ তাক পিছপালে বহিবলৈ কৈ নঙলাৰ দৰে বাঁহ কেইডালত ভালকৈ ধৰি ল'বলৈ ক'লো ৷ মইও ড্ৰাইভিং চিটত বহি পৈনত চাই এচাৰি ডালৰে গৰুৰ টিকাত ভালকৈ দুপিটন দি গাড়ী ষ্টাৰ্ট কৰিলো ৷ গৰুৱেও তপিনাৰ চাটৰ কোৱত তললৈ মূৰ কৰি চোচা লৈ আগবাঢ়িল ৷ এচাৰি ডালেই ক'বলৈ গ'লে স্টেয়াৰিং ৷ সোফালে চাইড ল'বলৈ বাওফালৰ গৰুৰ টিকাত হুৰ হুৰ কৰি চেটেপ কৈ দিয়া আৰু বাওফালে চাইড ল'বলৈ হ'লে সোফালৰ গৰুটোক দুচাট লগাব লাগে ৷ বচ, ইমানেই ৷
সেইখিনি লৈকে ঠিকেই আছিল ৷ কিন্তু তিনিয়ালি পোৱা পিছত গৰুৱে মোৰ অৰ্ডাৰ ফ'ল' নকৰা হ'ল ৷ মোৰ ইচ্ছাৰ বিপৰিত দিশৰ ৰাষ্টাত খোজ কাঢ়ি যোৱা গৰুৱে লাহে লাহে স্পীড নিজেই বঢ়াই দিলে ৷ এটা সময়ত স্পীড ইমানেই বাঢ়িব ধৰিলে যে কাষৰে চলাই যোৱা চাইকেল বোৰো লাহে লাহে পিছ পৰিব ধৰিলে ৷ ইফালে চিট বিহীন গৰু গাড়ীৰ জোকাৰণিত মোৰ টিকাও চেকচেকাব ধৰিলে ৷ উপাই নাপাই দুই ভৰি উঠাই ৰখ গৰু ৰখ...... হ গৰু হ.....ৰঙি ৰখ..... বগি হ ...হ ....বুলি উৰাই ঘুৰাই পিটিবলৈ ধৰিলো ৷ যিমানে পিটো গৰুৰ স্পীডো সিমানে বাঢ়ে ৷ উপাই নাপাই পদুলী মুখত ৰৈ থকা দুই এজন খুড়া বৰদেউতাক "দাদা গাড়ী খন ৰখাই দিয়ক" বুলি কাকুতি কৰিলো , কিন্তু কি হ'ব, মই কি কৈছো মানুহে বুজি পাই মানে গৰুৱে কাষৰ ঘৰৰ পদুলী পাৰ কৰে ৷ এটা সময়ত ব্ৰেক ফেইল হোৱা গাড়ীৰ দৰে নিজকে এৰি দিলো ৷ মোৰ অৰ্থাৎ ড্ৰাইভাৰৰ অৱস্থা দেখি হেন্দিমেনৰ ভয়ত জীৱ যাও যাও ৷ সি বোলে গৰু গাড়ী এক্সিডেন্ট কৰি মৰি জীৱনলৈ লাজ পোৱাতকৈ জপিয়াই দিয়াই ভাল বুলি "জয় চিয়া ৰাম" বুলি কৈ জপিয়াই দিলে ৷
মইও এবাৰলৈ জপিয়াই দিম ভাবিছিলো কিন্তু গাড়ীখনলৈ চিন্তা কৰিলো, লগতে গৰুৰ টিকাত দিয়া পিতন কেইটা যে মোৰ টিকাতো পৰিব ভাবি ৰৈ দিলো ৷ এটা সময়ত গৰুৱে এঘৰ মানুহৰ জপনা ভাঙি সোমাই দিলে ৷ ঘৰৰ মালিকেও অই কোনে জপনা ভাঙিলি বুলি লুঙি কোচাই দৌৰ মাৰি ওলাই আহিল ৷ পিছে আহি ইতিমধ্যে নিউট্ৰেল হোৱা গৰুগাড়ীখন আৰু মোক দেখি কিছু সময় ভেবা লাগি চাই বোলে এইকেইটা দেখোন আমাৰ পৰা পুৰ্ণেশ্বৰে কিনি নিয়া গৰু ৷ বোলে হওঁক বলধৰ পাব লগিয়া টকা কেইটা বিছাৰি গলে সদায় আজি দিম কালি দিম কৰে নহয়, ঘৰৰ গৰু আহি ঘৰ পালেহি, আহক বাপ্পেকে এতিয়া পুৰ্ণেশ্বৰে গৰু নিবলৈ ....

মই মনতে ভাবিলো ডাৰ বাৰীত মেলি দিয়া কাপোৰ কেইটা শুকাল নে নাই বা? চেহ এইবাৰ দুদিন হে থাকিব পালো .....

**************

নিমন্ত্ৰিত অতিথি



গেটখনত লিখি থোৱা "কুকুৰৰ পৰা সাৱধান" বৰ্ড খন দেখি কিছু সময় ৰৈ থাকিলো ৷ কুকুৰ বুলিলে মোৰ এনেও অলপ ভয়টো বেছি ৷ তাতে মাহ টো বেয়া, বান্ধি থোৱা কুকুৰ, কি বা কৰে? ইফালে সিফালে চাই মৰনত শৰন দি গেটখন জোৰ কৈ শব্দ কৰি খুলিলো ৷ ভাবিলো যদি গেটৰ শব্দত কুকুৰৰ মাত শুনো ফোন কৰি কম বোলো গেটৰ সন্মুখত ৰৈ আছো ৷ নাই, কুকুৰৰ মাত নুশুনি পদূলিৰ পৰা পিৰালিলৈ আগবাঢ়িলো ৷ বাৰাণ্ডাত দেখিলো একান্তমনে সৰু ল'ৰা এটাই ম'বাইলত ব্যস্ত হৈ আছে ৷ হয়তো তেখেতৰ ল'ৰাই হ'ব ৷ মই মাত দিলো
বাবা, দেউতা ঘৰত আছেনে?
ল'ৰা জনে কোনো কানসাৰ নকৰিলে ৷
আকৌ একেটা প্ৰশ্নকে পুনৰাই কৰিলো ৷
ওহো, কেতকুতেই নকৰে ৷
উপাই নাপাই কলিং বেলটো বজাই দি মনতে ভাবিলো, ল'ৰাটোৱে বোধ হয় কানেৰে নুশুনে, নহ'লে বৰ মনোযোগী, নহ'লেনো মোৰ মাতটো নুশুনিবনে? বেয়াও লাগিল ৷ হয় দেই ভগৱানৰো কি লীলা ৷ ইমান ধুনীয়া ল'ৰাটো ৷ বেয়াই লাগিল ৷
কোনো ওলাই নহা দেখি আকৌ কলিং বেল টিপিলো ৷
ভিতৰৰ পৰা " বিটু কোন আহিছে ৰখিব ক' গৈ আছো" বুলি মহিলা কন্ঠ এটা ভাঁহি আহিল ৷
হঠাৎ ল'ৰাটোৱে মূৰটো সামান্য লৰাই ইংগিতৰে মোক খালি থকা চকীখন দেখুৱাই দিলে ৷
নাই কলা নহয়, বোবা হে হ'ব চাগৈ ৷ এনেতে তাৰ হাতত থকা ম'বাইলটো বাজি উঠিল ৷
" মৰ্ণিং প' ... না, জাষ্ট...অকে...গিমি টেন মিনিটচ"
ম'ম আই হেভ টু গ'
নাই বোবাও নহয় ৷ হয়তো অসমীয়া ভাষা বুজি নাপাই ৷
এনেতে ভিতৰৰ পৰা মানুহ এগৰাকীৰ দৰে কিবা এটা ওলাই আহিল ৷ মুখত , আমাৰ গাৱঁত ভাৱৰীয়াক সজাবলৈ ব্যৱহাৰ কৰা ফাউণ্ডেশ্চনৰ দৰে বগা ৰং আৰু চুলিত এসোপা মান ৰঙা সেউজীয়া খাৰুৰ দৰে কিবা চুলিৰে পাক খোৱাই বন্ধা আছিল ৷ মই ঠিয় হৈ দিলো ৷
কাক লাগে?
(কাক লাগে কথাষাৰ শুনি নিজকে পাতল যেন অনুভৱ হ'ল যদিও একো নক'লো)
মই বোলো দাদা আছেনে?
টুনু, চাহাবক মাতি দে বুলি কৈ মানুহ গৰাকী ভিতৰলৈ সোমাই গ'ল ৷
দহ মিনিট, পোন্ধৰ মিনিট .. নাই কোনো ওলাই নাহে ৷ বিশ মিনিট মান পাৰ হোৱা পিছত ভাবিলো নাই উভতি যোৱাই ভাল হ'ব ৷ এনেতে দহ বাৰ বছৰীয়া বয়সৰ বনকৰা ছোৱালী এজনীয়ে ট্ৰে এখনত পানী এগিলাছ লৈ আহি মোৰ আগত থলে ৷ লগতে ওলাই আহিল সৰু ল'ৰা এটা ৷ মই বোলো দাদাৰ দেৰি হ'ব নেকি ?
চাহাব ব্ৰেকফাষ্ট কৰি আছে, আপুনি বহক ৷
মই ঘৰৰ পৰিবেশটো চালো, হয়, চাহাব বুলিব পাৰি ৷ বনকৰা ছোৱালী জনিয়ে পানীৰ গিলাছটো লৈ ভিতৰলৈ সোমাই গ'ল ৷ ল'ৰাটোৱে চকী এখনত বহি মোক নিৰীক্ষন কৰা আৰম্ভ কৰিলে ৷ মইও সময় পাৰ কৰিবলৈ দুই এটা কথা আৰম্ভ কৰিলো ৷
বাবা, তোমাৰ নাম কি?
ল'ৰা নিমাত ৷ মনতে ভাবিলো ককায়েকৰ দৰেই, অসমীয়া হয়তো নুবুজিব ৷ সেয়ে ভঙা ভঙা ইংৰাজীতে সুধিলো ৷
হোৱাট ইজ ইয়ৰ নেম?
চেন্দ'
ধুনীয়া নাম?
হুইজ ক্লাছ ডু ইউ ৰিড?
ক্লাচ ফ' ৷
ভেৰি গুড ৷
ইয়াৰ পিছত কিবা প্ৰশ্ন কৰিবলৈ ইংৰাজীয়ে লগ এৰা দিলে ৷ গতিকে মনে মনে থাকিলো ৷ ইফালে সিফালে চাই দেখিলো বিদেশী মেগাজিন কেইখনমান ৷ এনেতে হাতত মোবাইল ফোনটো লৈ মানুহ এজন ওলাই আহিল ৷ মই ঠিয় হৈ দিলো ৷
বহা বহা (মোৰ ফালে নোচোৱাকৈয়ে বহিবলৈ দি মোবাইলত কাৰোবালৈ নম্বৰ লগালে)
এই টাৱাৰ বোৰ বুজিছানে?
হয়, বৰ দিগদাৰ দিয়ে ৷
বাৰু, দেৰি নকৰো, তোমাৰ লগতটো ফোনত কথা পাতিছিলোৱেই , তোমালোকৰ মিটিংখন কেতিয়া আছে কৈছিলা ?
দাদা, পচিশ তাৰিখে ৷ মই নিমন্ত্ৰনী পত্ৰ খন আগুৱাই দিলো ৷
টুৱেন্টি ফিফ্ট ৷
অহ, নহ'ব, বুজিছা মোৰ সেইদিনা বেলেগ এটা এপইন্টমেন্ট আছে ৷ মই তোমালোকৰ অৰ্গেনাইজাৰ জনক কৈছিলো, দুদিন পিছুৱাই দিবলৈ ৷
কিবা এটা যদি মিলাব পাৰিলে হয়, আপুনি আহিলে গাৱঁৰ ৰাইজে ভাল পালে হয় ৷
ইম্পচিবল বুজিছা ৷ বাৰু মইও সেইখন গাৱঁতে জন্ম, চ' নিৰাস নকৰো ৷ টুনু (হয়তো বনকৰা ছোৱালীজনিৰ নাম) ৷ মোৰ টেবুলতে এনভেলপ এটা আছে লৈ আহ ৷ টুনুৱে এনভেলপটো লৈ আনি দিলে, ভিতৰৰ বগা কাগজ এখিলা উলিয়াই "এই খন আচলতে মোৰ বেলেগ এখন মিটিংত দিয়া স্পীছ আছিল, তথাপি জাতীয়তাবাদ, অসমীয়া ভাষা আৰু ভৱিষ্যতৰ ওপৰত এই স্পীচটো বহুতে আদৰি লৈছিল ৷ মই অলপ এডিট কৰি দিছো, তোমালোকে মিটিংত মোৰ শুভেচ্ছাবাণী হিচাপে পাঠ কৰি দিবা আৰু তোমালোকে উলিয়াব খোজা মেগাজিন খনতো দিব পাৰিবা , আই ডন্ট মাইণ্ড ৷ মইও বাৰু হ'ব বুলি কৈ বহাৰ পৰা উঠিলো ৷
গেট খন জপাবলৈ লৈ আঁৰি থোৱা বৰ্ড খন আকৌ এবাৰ পঢ়িলো "কুকুৰৰ পৰা সাৱধান"......

********

গৰুৱে মানুহৰ বিষয়ে লিখা ৰচনা খন



মানুহ

আৰম্ভনী:

মানুহ এবিধ অপকাৰী ঘৰচীয়া জন্তু ৷ ইহঁত দুঠেঙীয়া যদিও পুৰ্বপুৰুষ সকল চাৰিঠেঙীয়া আছিল বুলি নিজকে গৰ্ব কৰে ৷ ইহতঁৰ ঠেং দুখনক ভৰি বুলি কয় আৰু ভৰিৰে খোজ কঢ়াৰ ওপৰিও ভুল কৰি উঠি ভৰিত ধৰি মাফ খোজা কামতো ব্যৱহাৰ কৰে ৷ ইহঁতৰ নিজৰ মাজতে লাট মৰা তথা লেং মৰা ইত্যাদি কাৰ্যত অতি নিপুন ৷
আগফালৰ ঠেংদুখন ভৰিৰ তুলনাত পয়া লগা যাক হাত বোলা হয় ৷ হাতেৰে ইহঁতে খোৱা আৰু হেৰি ধোৱা দুয়োতা কাৰ্য সম্পাদন কৰে ৷ কিছুমান মানুহৰ হাত লৰ থাকে আৰু কিছুমান মানুহ হাত দীঘল হোৱাও দেখা যায় ৷
মানুহৰ চকু দুটা ৷ বহুতো মানুহক চকুৰ ওপৰত বিটচকুও পিন্ধা দেখা যায় ৷ ইহঁতে সকলোকে সমান চকুৰে চাব নোৱাৰে তথা সুবিধা পালেই বেয়া চকুৰে চায় তথা চকু টিপিয়াই বেয়া ইংগিত দিয়াও দেখা পোৱা যায় ৷ কম বেছি পৰিমানে সকলো মানুহ একেই যদিও কিছুমান মানুহক আকৌ চকু চৰহা বুলিও কোৱা হয় ৷
মানুহৰ লৰ চৰ কৰিব নোৱাৰা দুখন কাণ থাকে আৰু কাণ দুখনৰে কথা শুনাৰ উপৰিও মিছা কথা কৈ শপত খোৱা কাৰ্যত ব্যৱহাৰ কৰে ৷ মানুহৰ নাক এটা ৷ নাক ভেহেলা অথবা বামুন ভেকুলী নকীয়া হোৱা দেখা যায় ৷ ইহঁতে নিজৰ নাক কাটি আনৰ যাত্ৰা ভংগ কৰিব পাৰে তথা নাক কান কটা যোৱা কৰ্মবোৰ কৰি ভাল পায় ৷

ইহঁতৰ নেজ নাথাকে ৷ তথাপি আনৰ নেগুৰ টানি ভাল পোৱা, নেগুৰত ধৰি পাছ কৰা আদি কথাবোৰে অদৃশ্য নেগুৰ থকা কথাটোকে প্ৰমানিত কৰে ৷

ইহঁতৰ শিং নাথাকে যদিও তাতোকৈ ভয়ানক দুপাৰী দাঁত থকা এখন মুখ থাকে ৷ মুখৰ কথাৰেই ইহতে খোছা বিন্ধা কৰিব পাৰে ৷ মানুহৰ মুখখন দেহৰ এক ভয়ানক অংগ ৷ মুখখন আছে বাবেই ইহঁতে যা তা কথাকৈ ভাল পায় আৰু বেছিভাগ মানুহেই মানুহৰ মুখখনলৈহে ভয় কৰা দেখা যায় ৷ ইহঁতৰ কথাবোৰো মুখত এটা আৰু পেটত এটা হয় ৷ মানুহৰ মুখৰ কথাত খোদ মানুহেই বিশ্বাস নকৰে ৷ মুখ খন আছে বাবে আৰু কথা ক'ব পাৰে বাবেই ইহঁতে নিজকে জীৱ শ্ৰেষ্ঠ তথা জ্ঞানী জীৱ বুলি প্ৰতিপন্ন কৰিব খোজে ৷

মানুহে সমাজ পাতি বাস কৰে আৰু নিজকে "মানুহ সামাজিক জীৱ" বুলি পৰিচয় দিয়ে যদিও সমাজতকৈ নিজৰ ঘৰখনক বা নিজক হে বেছিকৈ গুৰুত্ব দিয়ে আৰু খুৱ কম সংখ্যক মানুহে হে সামাজিক কথাত মাত মাতে আৰু সমাজৰ উন্নতিৰ বাবে অৱদান আগবঢ়াই ৷ বেছি সংখ্যকেই আকৌ সমাজত বিষয়বাব বা পদৱী বা ক্ষমতা পোৱাৰ আশাত লালায়িত হৈ সমাজৰ হকে কাম কৰিছো বুলি জহায় ফুৰাও দেখা পোৱা যায় ৷

মানুহ আমাৰ দৰে কেৱল তৃণভোজী বা আন জন্তুৰ দৰে কেৱল মাংসাহাৰী নহয় ৷ ইহঁতে কি নাখায় সেইটোহে চিন্তাৰ বিষয় ৷ মানুহে মানুহক কথাই প্ৰতি মোৰ মূৰটো খালি, কলিজা খালি বা তেজ খালে, জীৱন খালে ইত্যাদি কোৱা কথাৰ পৰাই ক'ব পৰা যায় যে ইহঁতে সকলো বস্তুৱেই খাব পাৰে, আনকি কিছুমানে আনৰ চুৱা চেলেকাও দেখা যায় ৷ এইবোৰৰ উপৰিও ইহঁতে ঘোঁচা, চৰ, লাঠি, কোৱ, ভুকু, গোৰ, পিটন, ঔ কিল ইত্যাদিও খোৱা দেখা যায় ৷ ইহঁতৰ প্ৰিয় বস্তু ঘোচ, প্ৰসংসা আৰু তোষামোদ ৷
মানুহৰ ঈৰ্ষা, ঘৃণা, লোভ, মোহ, ইত্যাদি আন জীৱ জন্তুৰ গাত নেদেখা বিভিন্ন প্ৰকাৰৰ বেয়া গুনবোৰ সহজে দেখা পোৱা যায় ৷

মানুহে ভগৱান নামৰ কিবা এটা নেদেখা বস্তুক বিশ্বাস কৰে আৰু মৰাৰ পিছত কি হ'ব সেই বিষয়ে ভয় কৰাও দেখা যায় ৷ মৰাৰ পিছত ইহঁতে বছৰত এদিন অৰ্থাৎ শ্ৰাদ্ধৰ দিনা মাছে মঙহে দকচি খাবলৈ আহে বুলি মানুহৰ মুখত কোৱা শুনা যায় ৷ মৰাৰ পিছত ইহঁত হয় ভূত হয় নহলে ভগৱান প্ৰাপ্তি হয় ৷ অৱশ্যে ভগৱান বিশ্বাসী সকলৰ হে বোলে ভগৱান প্ৰাপ্তি হয় আৰু বাকি পাপী বোৰ যমৰ গৰম তেলৰ কেৰাহীত ড্ৰাই ফ্ৰাই হয় বা ভূত প্ৰেত ডাইনী যখিনী হৈ ঘুৰি ফুৰে বুলি বিশ্বাস কৰে ৷

মানুহ কিমান বছৰ জীয়াই থাকে ক'ব পৰা নাযায় ৷ ইহঁতৰ আন জীৱজন্তুৰ তুলনাত যথেষ্ট বেছি বেমাৰ হয় আৰু বেমাৰ ভাল কৰি জীয়াই থাকিবৰ বাবে হস্পিতালৰ দুৱাৰে দুৱাৰে ঘুৰি ফুৰা দেখা যায় আৰু এজনে আনজনক দীৰ্ঘায়ু হোৱাৰ আশীৰ্বাদ দিয়াও পৰিলক্ষিত হয় ৷
মানুহ দুই প্ৰকাৰৰ ক্ৰমে মতা আৰু মাইকী ৷ আজি কালি আৰু বহুতো ভাগ ওলাইছে যদিও পোৱালী জন্ম দিব পৰা জাতি মুলত এই দুটাই ৷ ইহঁতে বিয়া নপতাকৈ পোৱালী জন্ম নিদিয়ে তথা গোটেই জীৱন কালত গড় হিচাপত দুটা বা এটাহে পোৱালি জগাব পাৰে ৷

উপকাৰিতা ::
কোনো জীৱ জন্তুকে জীৱনধাৰনত মানুহৰ প্ৰয়োজন নহয় ৷ তথাপি বছৰত এদিন অৰ্থাৎ গৰুবিহু দিনা আমাক পূজা কৰে আৰু কিছুমানে আমাক গো মাতা বুলিও মান্যতা দিয়ে ৷

অপকাৰিতা::
মানুহৰ অপকাৰিতাৰ বিষয়ে লিখি শেষ কৰিব নোৱাৰি তথাপি প্ৰধান অপকাৰিতা সমুহ বৰ্ননা কৰা হ'ল ৷
১, আমাৰ গাই সমুহৰ গোপনীয় অংগত অনাধিকাৰ হাত দিয়ে তথা আমাৰ পোৱালীৰ মুখৰ আগৰ গাখীৰকনো কাঢ়ি নি নিজৰ পোৱালীক খুৱাই ৷ এই কৰ্ম মানুহৰ বাহিৰে আন কোনো জীৱই নকৰে ৷
২, মানুহৰ নিজৰ মাজতে পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত লিংগ বৈষ্যমতা ৰখাৰ দৰে আমাৰ চেউৰী আৰু দমৰাৰ ক্ষেত্ৰতো পৃথক ভাব পোষন কৰে ৷
৩, নিজৰ সুবিধাৰ বাবে আমাক ক্ৰচ কৰি কৰি আমাৰ প্ৰজাতিক বিপদাপন্ন কৰি তুলিছে ৷

সামৰনী: ::
মানুহ এক এনে ধৰনৰ জীৱ যাক বিশ্বাস কৰাতো বৰ টান ৷ মানুহে নিজৰ স্বাৰ্থত আন সকলো জন্তুক ব্যৱহাৰ কৰে তথা পৰিবেশ ধংস কৰে ৷ মানুহ কুকুৰৰ দৰে প্ৰভুভক্তও নহয় তথা গাধৰ দৰে বিনা স্বাৰ্থত কোনো কামো নকৰে ৷ বাঘৰ দৰে সাহসীও নহয় কাৰন পিছফালৰ পৰাহে আক্ৰমন কৰে ৷ পাৰ চৰাইৰ দৰে শান্তি প্ৰিয়ও নহয় ৷ এই উদাহৰনেই প্ৰমান কৰে যে মানুহৰ লগত বন্ধুত্বও বেয়া আৰু শত্ৰুতাও বেয়া ৷
********

সীতাৰামৰ ফেচবুক



কানৰ কাষৰ চুলি কেইডাল যেই উৰিব লাগিল, আৰু
পিচ ফালৰ কেইডাল কেঁকুৰা কেঁকুৰি হৈ ভাওনাৰ
ভাৱৰিয়াৰ মুকুটৰ পিচফালে লাগি থকা চুলি কেইডালৰ দৰে ওলমিবলৈ লাগিল মই বোলো এই কথাই কথা নহয়, সীতাৰামৰ দ্বাৰা গুৰি চপায় কটাই
লোৱাই ভাল ।কথামতে কাম, গৈ বহি দিলো সীতাৰামৰ ওখ চকি খনত ।
সীতাৰামে বোলে চকীয়াবাবু আজকলটো আপনি
ফেচবুকত দে ধনা ধন কাহানি কে কাহানি লিখি আছে ।মই বোলো তই কেনেকৈ জানিলি ?
খৈনি খিনি মুখত ভৰাই সি ক’লে, হামৰাভি একাউন্ট
আছে না ।
মই বোলো তই ফেচবুকত কি কৰ’ ?
সি ক’লে চকীয়াবাবু জমানা বহুত চলনি হৈ গ’ল,
আজকল পেপাৰ উপাৰত নিউজ পঢ়ি কুচ লাভ নাই আছে , ফেচবুক মে চব চে আগে খবৰ আহি যাই ৷ টিভি নিউজকাটো কথাই নাই ক’হিব, চিৰিয়েল মাফিক
মুজিক দি কেনে একতা কথা চিল্লাই চিল্লাই দচ
বাৰ ক’হিব, চুন চুন, হামাৰ নিউজ চুন৷ উনচেটো
আটছা হামাৰ ফেচবুক আছে, গ’হাটি মে ভুকম্প
আহিব টো তেজপুৰ পহিচনে চে পহিলে পহিলে ফেচবুকমে পাই যাব কি “ভুকম্প আগেল’ হ’,আৰু কিচ কা ঘৰ মে চুড়াকৰন হে, মুণ্ডন হে চব টাজা খবৰ পাই যাও না ।অউৰ চুল কে ডিজাইন কোন চা মাৰকেটমে চলি আছে ফেচবুকমে ফটো দেখি কিনে চমজি যাও ৷ টেকন’লজি আছে ভাই ইচটেমাল
কৰিব লাগে ৷ মই বোলো বাহ দুনিয়া বাহ, বাৰু
সীতাৰাম তই মোৰ কাহানি লিখা কথা কেনেকৈ
জানিলি ? সি বোলে হাৰে আপনি কি মানুচ আছে হ’?
দু মহিনা পহিলেটো আপনিয়ে মোক ফ্ৰেন্দ ৰিকুৱেষ্ট
ভেজিছিল । মই ভেবালাগি মুৰটো বেকা কৰি
তাৰ ফালে চালো, সি আকৌ জোৰৰে মোৰ মুৰটো
চিধা কৰি চুলি কতাত লাগিল ।মইবোলো কিন্ত মোৰ কোনো সীতাৰাম বুলি বন্ধু নাই । সিক’লে অ’ চেই কথা…. আপনি হামনিকে ধৰিবনাই পৰা ৷ অই যে একটা ছোৱালী ফুল লৈ কিনে দিয়া
পষ্টাৰটো ( প্ৰফাইল পিকচাৰ) আছে, “চুইট ৰিয়া”,
সেইটো টো হামনিয়েই হয় । একটা দষ্ট বনাই দিছে । হামি ইমান কহিছে কি ভাই লড়কি কে ফটো
কিয় দিছ’ আৰু দিছ দিছ ভাই হামাৰ সীতাৰাম নাম দে,…. সি কহিছে কি...... লড়কি কে ফটো না দিলে আৰু তোৰ সীতাৰাম নাপিত নাম দিলে তোৰ মাইকি ভি
তোক অংগুঠা (লাইক) নাই মাৰিব, তেতিয়া তই
চমজিভি । মৰদ হৈ কিনে ফেচবুকমে ঔৰত বনি হামনিকে পহিলে পহিলে অলপ খাৰাব ভি
লাগিছিল ৷ মৰদ বোৰ মচেজ কি মচেজ দি থাকে, হামনিকে বহুত খাৰাব খাৰাব ইচাৰা ভি কৰে ৷ আই লাভ ইউ কহে, পৰন্ত বাদ মে দেখিলো বহুত
আটচা আচে, এক দিন বৰুৱা কে ছোতা ৱালা লড়কা
হামনিকে আই লাভ ইউ কহিছিল, ঘৰ মে গৈ কিনে কানকে নিছে এ বৰা বৰা দুটা দিছো নহয়
চকীয়া বাবু, হমনিকে বোলে বাবাকে মেহনত কৰি পোৱা হাজাৰ ৰুপিয়া ম’বাইলকা ই ইস্টেমাল কৰিছ ?
মইও তাৰ কথা শুনি অলপ পেটেপেটে ভয় খালো ।অসমীয়াত কবিতা লিখি লিখি ইমান “চুইট ৰিয়া”ক
টেগাই থাকো, উত্তৰ নোপোৱাৰ কাৰনটো আজিহে
গ’ম পালো ।তাৰ কেচি খন আনি তাৰেই চুলিকেইডাল গুৰিতে কাটি দিব মন গৈছিল পিছে তাৰ আগতেই তাৰকথা
খিনিৰেই মোৰ নাকটো কটা গ’ল৷ বাকী থকা নাকটো
মোহাৰি মই ক’লো মই নহয় অ’ টোৰ ভৌজিয়ে
ছোৱালী বুলি তোলৈ ৰিকুৱেস্ট পঠাইছিল চাগৈ
আৰু তেঁওৱেই কবিতা লিখি প’ষ্ট কৰে মোৰ
একাউন্টত । সি বোলে ঝুথ কিয় কয় চকীয়া বাবু ভৌজি কবিতা উবিতা ভাল ন পাই, হামনিকে জানেটো ৷ মোৰঅউৰ একটা “এচ. ৰাম” নাম কে মৰদৱালা
একাউন্ট আচিল পহিলে পহিলে, , ভৌজি হামাৰ ফ্রেন্ড আছিলটো, একবাৰ একটা ইংলিছ মে লিখা কবিতা লাল গোলাপকে চাথ ভৌজিক দিছিলো, ইটনা গালি দিলে, ইটনা গালি দিলে, হামনি উচ দিন
চে আজটক অ’ একাউন্টইস্টেমাল কৰা নাই ।বাদ মে কই হামনিকে ব’লা কি উচদিন জৱান লড়কা লড়কিকা কই ট্যহাৰ থা । মই বোলো কটা নিধক, শ্ৰীমতিক ভেলেন্টাইন ডেট প্ৰপজ দিয়া মানে তইয়েই আছিলি সেইতো????? আৰু মই যি জনী গাভৰুৰ ফটো চাই কবিতা লিখিলো সেইজনীও তইয়েই …ফেচবুকত লগত লগত এটা স্টেটাচ আপডেট কৰিলো “সকলো ধুনীয়া ছোৱালী সীতা নহয় সীতাৰামও হব পাৰে" ……..
*********

অচমীয়া মানুচ ....( ব্যংগ ৰছনা, খন্ড ২)



বহাক হৌ য়া বৈছাখ
কন' নৈখে বাত
লেকিন বিহু বিহু
লাগিচে হমনিকে ভি গাত ....
চকীৰ ওপৰত ভৰি উথাই বিহু গাই থকা সীতাৰামক দেখি মাত দিলো বোলো বহাগ গ'ল, তোৰ এতিয়াও গাত বিহু লাগি আছেইনে? সি বোলে আপনি কি কহে অ' চকীয়া বাবু, অচমীয়া হৈ কিনে বিহু কতিয়া লৈকে থাকে নজানে? বৈচাখ মহিনে মে ত' বিহুতো আদৰে, জেঠ মহিনা মে বিহুতো বিদায় দিয়ে ৷ মই বোলো ঠিকেই কৈছ' তই বহাগী বিদায় মে জুন মাহতেই পতা হয় ৷ ওখ চকী খনত বহি দিলো ৷ সীতাৰামে মোৰ গাত সাত পুৰনী কাপোৰখন মেৰিয়াই দি মুৰত পানী অলপ চটিয়াই দিলে ৷ চকীয়া বাবু, আপনাৰ চুলটো পতলা হৈ যোৱা কাৰনটো কি আছে জানে? আপনি পিউৰ অচমীয়া মানুচ ৷ আপনালোকে মুৰৰ চুল চিংগি চিংগি যে আচিৰবাদ কৰিছো গিহস্ট কুচলে থাক কহিচে , চে কাৰনে চুলটো নকীয়া হৈ গৈছে ৷ মই বোলো পথালিয়ে বঢ়া পেট আৰু তালু ওলোৱা চুলি বিবাহিত পুৰুষৰ লক্ষণ ৷ তোৰ দৰে দেশত ঘৈনীয়েৰক থৈ এনেকৈ হাফ বেচেলৰ হৈ থাকিব পৰা হয় মোৰো তোৰ দৰে আজি চুলি থাকিল হয় ৷ সি বোলে ভৌজিকে কহিব লাগিব কি চকীয়াবাবুকে ফিন চে বেচলাৰ হ'বকে মন কৰিচে ৷ মই বোলো তই এইষাৰ গৈ বৌৱেৰক ক'বলৈ হ'লে তোৰ ওচৰত দুনাই চুলি কটাবলৈ অহা আৰু প্ৰয়োজন নহ'ব, মোৰ সোপাকে চুলি গুৰিতে ওঘালিব ৷ তাতে বন্ধ পালে শহুৰৰ ঘৰত দুদিনমান থাকি আহিম বুলি কোৱা প্ৰতিশ্ৰুতিও ৰাখিব পৰা নাই, বৌয়েৰ ৰণচন্ডী হৈ আছে ৷ কিবা বন্ধ চন্ধ আছে নেকি খবৰ ল'বিচোন ৷ ক'বলৈহে পালো সীতাৰাম জাঙুৰ খাই উথিল ৷ সি বোলে আপনাৰ নিচিনা মানুচ বাবেটো অচমটো খটম হৈ গৈছে ৷ অচমীয়া মানুচ এলহুৱা আছে চব জানে আৰু ই অচম বন্ধই আপনাৰ নিচিনা মানুচ বোৰক আৰু এলহুৱা কৰি দিছে ।অচম বন্ধ যদি চুকুৰবাৰ হ’ল, চনিবাৰ আউৰ ৰবিবাৰ তিন দিন বন্ধ মানি লয় । চাৰে দচ -গ্যাৰ বজে অফিচ পহুচিব, ফিন চে দ' বজে বাট্চা স্কুল চে ঘৰ থব যাব , চাম পাঁচ বাজিব কি নাই বাজিব কাম ছুটি ৷ কাহা চে দেচ কে উন্নতি হ'ব ৷ মোৰ মুৰটো জোৰৰে তললৈ নমাই কাণখনত ধৰি কাষৰ চুলিবোৰ কাটিবলৈ লাগিল ৷ সি বোলে চকীয়া বাবু পহিলে পহিলে আচামবন্ধ
মানে পুৰা আচাম বন্ধ হৈছিল , তিৰাশী চন চে লেকৰ তিৰান্নবে মানকে কথা কহিছু, আজকল
আচাম বন্ধ হ’লে আপনি ফিৰ ফোন লগাই কিনে সুধিব লাগিব “ভাই কোন খন অচম বন্ধ আছে
হ'? কতিয়াবা কতিয়াবাটো আপনি আধা ৰাষ্টাৰ
পৰাই ফিৰি আহিব লাগিব, বোলে “আগত
আচাম বন্ধ আছে" হাৰে ভাই হামি ত' আচামৰ পৰাই আহি আছো, আগত ফিৰ কোনখন
আচাম আছে ? হামনিকেটো কনফিউচড হৈ
যাঁও ভাই কি কোনখন অচম আছে আৰু
কোনখন অচম নাই আছে পহিলে যেতিয়া
অচম বন্ধ দিয়ে পুলিচ আহি কেনে দোকানকে তলা ভাঙিছে, দোকানী কহে
কি ভাই অচমবন্ধ আছে হামি মৰি গ’লে ভি
দোকান নাই খুলিব, অউৰ আজকল বাইকমে
১০ -১২ লড়কা আহি ক’ব এই দোকানী তলা
বন্ধ ক’ৰ হামি অচম বন্ধ দিছো ত’হত নাজান’
নেকি ?পহিলে যেতিয়া অচমীয়া আন্দোলন
কৰিছে চিহত পৈদাই হোৱা নাচিল, চিহতৰ
পিতাজি হামাক কহিছে কি হাত মে মচাল লৈ
কিনে প্ৰতিবাদ কৰিচিলে, জেল গৈছিল,
পুলিচকে মাৰ খাইচিল, মানুচ ছহিদ হৈছিল ।
অউৰ আজকল এৰা গেৰা পাৰ্টি
যি ভি বন্ধ দিব নেতা বনি যাব ৷ পহিলে একটা
কাৰন আচিল, অচম বন্ধ কৰাৰ, আজকল কোনো কাৰন নাই হ’লে ভি অচম বন্ধ হৈ যায় । ফেচবুকমে কোনোবা ছোৱালীকে বেয়া কমেন্ট কৰিব অচম বন্ধ, কৰবাত চুলাই খাই কিনে ১০ আদমি মৰিব অচম বন্ধ ।।কতিয়াবা ডিমাগ ফিন যাব হামাৰ হামনিকে ভি চব নাপিত মিল কেনে দ' তিন মহিনেকে লিয়ে অচম বন্ধ দি দিম ৷ য'ব অউৰত মাফিক লম্বা চুল লৈ কিনি মৰদ বোৰ ঘুৰিব তব চমঝিব কি অচম বন্ধ দেনে চে হামাৰ নিচিনা চ'টা ম'টা কাম কৰি খোৱা মানুচ বোৰকে কি প্ৰব্লেম হয় ৷ হাৰে ভাই কান্ধ মে বেগ লৈ কিনে মাইক কে চামনে চিল্লাই চিল্লাই যি নেতা অচম বন্ধ কৰে ও চব কেটো গৌহাটি মে বৰা বৰা মকান, গাড়ী চব আছে ৷ দিন মে কাম নিমিল তু ৰাত মে চৌকা হামাৰ নজলে, ও বন্ধ দেনেৱালা লিডাৰ কে তু পকেট গৰম হৈ যায় বন্ধ দেনে চে ৷ ফিৰ ভি মানুহ না চমঝে ৷ নিউজ চেনেল পেপাৰ কুচ দিন পহিলে কহিছিল কি যি ভি পাৰ্টি বন্ধ দিব, হামনি নিউজ নাই দেখাব ।চব ফুটুকাকে ফেন ভৈল ।গৰ্মেন্ট ক’হিছিল খি যি ভি পাৰ্টি বন্ধ দিব, ঐ পাৰ্টিকে লিডাৰক ধৰি কিনে তপিনা লাল কৰিব ।চেইটো ভি ফুটুকাকে ফেন ভৈল । আপনি চমঝিচেটো হামনি কি কহিব খুজিছে? মই বোলো বুজি আছো কৈ থাক পেটে পেটে বোলো বন্ধ এটা হঁওক হঁওক বুলি কিমান ভাবি আছো তই ক’ত বুজিবি? অফিছৰ কামত লাগি থাকোতে শ্ৰীমতিৰ নামত খোলা ইঞ্চুৰেঞ্চৰ এজেঞ্চিৰ কামত লাগিবই পৰা নাই, তাতে মাৰ্চ এন্ডিং পালেহিয়েই ।
মুৰত পানি অলপ চতিয়াই সি আকৌ আৰম্ভ কৰিলে বোলে চকীয়া বাবু আপনিকে এটা কথা কহকচোন, ই আন্দোলন কা নিচা কি অচমীয়া জাতি কে খুন মে আছে নেকি হ'? জাহা দেখিব আন্দোলন ৷ ইতিহাচ কহিছে কি অচম মে কোনো ভি আন্দোলন কা এক ভি লাভ না হৈছে ৷ অচম মে অচমীয়া ভাচা কে লিয়ে আন্দোলন হৈছে, তেজ দিম তেল নিদিম আন্দোলন হৈছে, বিদেচি ভগাৱলে আন্দোলন হৈছে ৷ ই চব আন্দোলন কে কিবা লাভ হৈছেনে চকীয়া বাবু ৷ ই চব আন্দোলন মে যিমান মানুচ মৰিছে সিমান ভি বাংলাদেশী আচাম চে বাহাৰ নিকালিব পৰা হয় ভি ক'লো হয় ৷ অচমীয়া ভাচা কে হালত দেখিচেই, তেল ভি বিক্ৰীয়ে কৰি দিলে ৷ চব ফুটুকা কে ফেন ভৈল ৷
মই বোলো তই যে আজি ইমান অসম বন্ধৰ ওপৰত লেকচাৰ দিলি কি অচম বন্ধ আছে নেকি এই কেইদিনত ? সি বোলে একটা নাপিত হামনিকে কুচদেৰ পহিলে ফোন কৰিছে কি একটা পাৰ্টি এইমচ নাম কে হস্পিতাল কে লিয়ে ৩৬০০ ঘন্টা বন্ধ দিছে হামনিকে কব লাগে ৩৬০০ ঘন্টাকে কিমান দিন হয়? আঙুলি মুৰতে হিচাপ এটা মাৰি লগে লগে শ্ৰীমতিলৈ ফোন কৰিলো বোলো হেৰা চাউথত ফুৰিব যাম বুলি কৈ আছিলা যে ভগবানে কৰিলে হৈ যাব পাৰে দেই কৈ থলো । সীতা ৰামৰ দোকানত আৰি থোৱা ৰামদেৱ, হনুমান, শিৱ দূৰ্গা, ৰেখা, কাজল , চলমান খান, আমিৰ খান সকলোৰে ফটোবোৰত মুৰটো দোঁৱাই দিলো .........

******

অচমীয়া মানুচ.........(1)

অচমীয়া মানুচ.........(1)

দেওবাৰ..চুলি-দাড়ি খিনি কটাওঁ বুলি সীতাৰামৰ ওখ চকীখনত বহি দিলো…মই বোলো পইচা দিছো, কৃপণালী নকৰিবি..কেঁচিৰে ধুকি পোৱালৈকে কাত যাতে দুই তিনিমাহলৈ তোৰ তাত আহিব নালাগে ৷ সি বোলে অচমীয়া মানুহ এলেহুৱা আছে জানো পৰন্ত ইমান কনজুচ আপনাকে পাইছো…মই বোলো তই অসমীয়া মানুহৰ বিষয়েনো কি দাল জান..?
সি মুৰত পানী অলপ ধালি কেঁচি আৰু মুখ সমানে চলাই গল…তাৰে মোৰ হাৰ্ড ডিস্কৰ মেমৰিত যি চেভ হল আপোনালোকৰ ওচৰত ৰিপ্লে কৰিছো…মই মাজে মাজে কৰি যোৱা ও..আ..বোৰ বাদ দিছো… (অসমীয়া ভাষাৰ ৰুপ দেখি বেয়া নাপাব ৷ মনত ৰাখিব মই ৰিপ্লেহে কৰিছো…….)
অচমীয়া মানুহ কোন আছে সেইটো অচমীয়া ভি কহিব নোৱাৰে ।অচম চাহিত্য চভা ভি কহিব নোৱাৰিলে ৷ আমি ভি অচমীয়া..চিহত ভি অচমীয়া..মুঠতে চব মিলিকেনে এটা ডাঙৰ জাতি আছে অচমীয়া জাতি। মিছা কলে কি হব আমি ভি অচমকে হাৱা পানী খাইছে…ইমান দিন ইয়াতে বচবাচ কৰিছে..আমিটো পুৰা অচমীয়া আছে..হামি যিমান পিউৰ অচমীয়া কহিব..আজকালকে অচমীয়া ভি ইতনা পিউৰ অচমিয়া কহিব নৱাৰে…মোৰ মুৰটো তললৈ সি জোৰ কৰি নমাই দিলে…চকীয়াবাবু আজকল অচমীয়া আগৰ নিচিনা নাই আছে..হামি যেতিয়া পথম পথম অচম আহিছে…কি দেথিছে..কি বিহু পথাৰত হৈছে..মানুহ হামনিকে মাতি কিনে চিৰা উৰা দহি চাথ খাব দিছে..আজকল নাই..চব পেকেটমে আত্মচহায়ক গোট পিঠা-উঠা বিক্ৰি কৰিছে..তাৰ দুই পেকেট নি কেনে বিহু কৰিছে..জোৰজবৰদষ্টি চান্দা লইছে..বহুত খাৰাব লাগে..পহিলে পহিলে মুগাকে মেখলা চাদৰ পিন্ধিকেনে যতিয়া নাচনি নাচি দিয়ে না মনতো একদম পিৰতি পিৰতি লাগি যায়। আজকল একতা ৰচিদ দি কিনে কব অই বিহাৰী হাজাৰ টকা দে, ফানচন আছে , দামী আৰ্টিস্ট কে মাতিছো ৷ ফানচন গৈ কিনে দেখিব কি ডিস্ক ভন্টী, ৱাচিং পাউদাৰ ৷ বহুত খাৰাব লাগে ৷ কাতি বিহু ভি আজকল নকিয়াই হৈ গল..কেবল ঠান্ডাদিন ৱালা বিহুটো অলপ আছে…পহিলে পহিলে যেতিয়া হামি অচম আহিছে কি দেখিছে কি পথাৰমে এ বৰা বৰা খেৰকে ঘৰ বনাইকিনে চব ৰাইজ একচাথ ভাত খাইছে…আৰু চুবহ হৈছে কি নহৈছে ঘৰটো জ্বলাই দিছে…আজকল চব অকেলা অকেলা নিজৰ ঘৰত টেন্ট-উন্ট দিকেনে পাৰ্টি-উৰ্টি কৰে..নিচা উচা কৰি কিনে ঘুমাই থাকে ৷ ই ঘৰ কে মানুচ চি ঘৰকে চাথ নখাই ৷ মুৰটো অলপ ওপৰ কৰোতে সি আকৌ তললৈ জোৰ কৰি নমাই দিলে…
অচমীয়া মানুচকে টেম্পাৰটো (আবেগ বুলি বুজিলো)অলপ বেছি আছে..আৰু ঠান্ডা ভি জলদি হৈ যায়..এক মহিনা হল কি নহল চব পাহৰি যায়..গৰমেন্টভি জানে....কিবা লফৰা হলে.টিভি..পেপাৰ-উপাৰ গৰম হলে...অচম বন্ধ হলে..গৰমেন্ট একটা কমিটি বনাই দিয়ে…চব ঠান্ডা হৈ যায়। জব ভূপেনদা মৰিছে...যাহা যাব আপনি চবফালে ভূপেনদাকে গান …আৰু এতিয়া…

আৰু কিবা কিবি কৈছিল..মুৰটো তললৈ নমাই দি পানী অলপ দি মুৰত দুটামান জোৰে জোৰে থপৰিয়াই দিলে চব পাহৰি গলো…অচমীয়া মানুচ কাৰনেই নেকি সোনকালে পাহৰি যাও।পইচাকেইটা দি আইনাত চাই দেখো..চব দাড়ী –চুলি গায়ব..মাত্ৰ চেলাউৰি কেইডাল অসমৰ মেপখনৰ দৰে জিলিকি আছিল…সীতাৰামক বিদায় দি গুছি আহিলো..পিছফালৰ পৰা তাৰ পুৰণা গানশুনা যন্ত্ৰটোত বাজি আছিল…আমি অসমীয়া নহও দুখীয়া….আজিৰ অসমীয়াই……
****************